জিকিৰ

― অজান ফকিৰ

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

1. অতি চমু উত্তৰ দিয়া।

(ক) জিকিৰ ৰচক কোন ?

(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?

উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান।

(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?

উত্তৰঃ জিকিৰ শব্দটি ‘জিক্‌ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা।

(গ) জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি ?

উত্তৰঃ ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্ত্বই ইয়াৰ অন্তর্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।

(ঘ) জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় ?

উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।

(ঙ) জাৰী গীতত কিহৰ ঘটনা বর্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অর্থ কি ? 

উত্তৰঃ জাৰীসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান-হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে।

(চ) জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে ?

উত্তৰঃ জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে।

(ছ) জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে ? 

উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।

(জ) আজান ফকিৰৰ আচল নাম কি ?

উত্তৰঃ হজৰত শ্বাহ মিলন।

(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল ?

উত্তৰঃ ৰূপাই দাধৰাই চকু কাঢ়িছিল।

(ঞ) আজান ফকিৰক ক’ত সংস্থাপিত কৰা হৈছিল ? 

উত্তৰঃ সৰাগুৰি চাপৰিত।

Group – A পদ্যাংশ

১। জিকিৰৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ।

২। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ হিন্দুৰ ভক্তিমূলক-প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

৩। ‘জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উত্তৰঃ ‘জিকৰ’ শব্দৰপৰা ওলাইছে।

৪। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

উত্তৰঃ ৰছুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

কুটুব – ধ্রুব নক্ষত্র।

৫। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান।

উত্তৰঃ চিন্তো – ভাবোঁ।

ঘাট – পাৰ।

পীৰিতি – প্রেম।

আচমান – আকাশ।

৬। অজান ফকীৰৰ আচল নাম কি?

উত্তৰঃ হজৰত শ্বাহ মিলন।

৭। পোন প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক কোনে শিকাইছিল?

উত্তৰঃ জনশ্ৰুতি অনুসৰি অজান ফকীৰে শিকাইছিল।

৮। চাহ মিলনকে কিয় অজান ফকিৰ বুলি কোৱা হয়?

উত্তৰঃ জনশ্ৰুতি অনুসৰি অজান ফকীৰেই পোন প্রথমে অসমত অজান দি নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম অজান ফকীৰ হৈছিল।

৯। অসমৰ মানুহে তেওঁক কিয় অজান ফকীৰ বুলি গণ্য কৰিছিল?

উত্তৰঃ অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকেই তেওঁ অজান ফকীৰ বুলি অভিহিত কৰিছিল।

১০। ত্রিবেণী বুলি কাক কোৱা হয়?

উত্তৰঃ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্রিবেণী বুলি কোৱা হয়।

১১। ‘দৰিয়া’ শব্দৰ অৰ্থ কি?

উত্তৰঃ সাগৰ, নদী।

১২। জিকিৰ শব্দটোৰ আৰবী শব্দ কি?

উত্তৰঃ ‘চিকৰ’।

১৩। কুটুৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ ধ্রুব নক্ষত্র।

১৪। আহোম ৰজাই কাৰ হতুৱাই অজান ফকীৰৰ চকু কাঢ়িছিল?

উত্তৰঃ ৰূপাইদা ধৰা নামৰ মুছলমান বিষয়াৰ হতুৱাই চকু কঢ়াইছিল।

১৫। আহোম ৰজাই কিয় অজান ফকীৰ চকু কঢ়াইছিল?

উত্তৰঃ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ অপৰাধত।

১৬। অজান ফকীৰ মহাত্ম্য বুজি পাই আহোম ৰজাই তেওঁক কত মাটিবাৰী দি মছজিদ সজাই দিছিল?

উত্তৰঃ দিখৌমুখৰ ম’ৰাগুতি চাপৰিত।

১। চমু উত্তৰ দিয়া :

( ক ) জিকিৰৰ ৰচক কোন ?
উত্তৰ:
 জিকিৰৰ ৰচক হ’ল-আজান ফকিৰ ।
( খ ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ:
 জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।
( গ ) “ জিকিৰ ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ :
 ‘জিকিৰ ’ শব্দটো আৰবী ‘ জিক ’ শব্দৰ পৰা ওলাইছে ।

২। তলৰ শব্দবােৰৰ অৰ্থ লিখা :

ৰছুল , মােমিন , ৰহম , কুটুব , বান্দা ।
উত্তৰ :
 ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।
মােমিন ― বিশ্বাসী মুছলমান ।
ৰহম ― দয়া ।
কুটুব ― ধ্রু , নক্ষত্র ।
বান্দা ― ভৃত্য ।

৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷

― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।

উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।

উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা । দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া , প্রেম । নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও । আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ ।

এই দুনিয়াত মানুহে কিন্তু পাপ – পুণ্যৰ সঠিক । বিচাৰ কৰিব নাজানে । বহুতে ভাবে মক্কা দর্শন কৰিলে পুণ্য অর্জন কৰি বেহেস্তত জীৱই স্থান পায় । কিন্তু সেয়া এক ভ্রান্ত ধাৰণা । যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ’ল অভক্ষ বা অখাদ্য ঠিক একেদৰে গােটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দর্শন কৰি পুণ্য অর্জন কৰা ধাৰণাও অৱস্তৱ ।

৪। ব্যাখ্যা কৰা:

( ক ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷৷

উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কবিতাৰ অন্তর্গত ।
উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।

পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।

( খ ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷

উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কাব্যাংশৰ অন্তর্গত।
কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে ।

আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।

গ ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।

উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাৰ অন্তর্গত ।
সংসাৰ মায়াৰে আৱৰা । সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাৰ চিন্তাতকৈ পাৰ্থিৱ সুখ – ভােগতহে জীৱ ব্যস্ত হৈ পৰে । মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায় । কিন্ত মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলাে বস্তুৱেই হৈ পৰে মূল্যহীন ।

মৃত্যুৰ লগে লগে আত্মাই । শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাৰ ওচৰলৈ গুচি যায় । আত্মা দেহত থকালৈকেহে আমি জীৱন্ত । আত্মাহীন শৰীৰ মূল্যহীন । সেয়ে ক্ষন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্রধান কর্তব্য ।

ভাব বিষয়ক

সমার্থক শব্দ লিখা:

চিন্তো , ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল ।

উত্তৰ : চিন্তো ― ভাৱাে ।
ঘাট ― নদীৰ পাৰ
পীৰিত ― প্রীতি
আচমান ― আকাশ , গগণ ।
দৰিয়া ― সাগৰ , নদী
পিয়াহ ― তৃষ্ণা ।
বাট ― ৰাস্তা ।
ভেল ― মৃতদেহ ।

অতিৰিক্ত প্রশ্নোত্তৰ

ভাব বিচাৰ আৰু ব্যাখ্যা :

প্রশ্ন ১। চমু উত্তৰ দিয়া :

(ক) ‘ৰহমৰ গিৰিহঁত’ শব্দ দুটাই কি বুজাইছে?

উত্তৰঃ ৰহম’ শব্দৰ অৰ্থ ‘দয়া’ আৰু ‘গিৰিহঁত’ শব্দৰ অৰ্থ ‘গৰাকী”। ইয়াত ‘দয়াৰ গৰাকী’ অর্থাৎ আল্লাহ্ বা ভগৱান বুলি কোৱা হৈছে। আল্লাহ্ মানুহক দয়া কৰিব পাৰে। সংসাৰৰ যাতনাৰ পৰা দয়া কৰি আল্লাহ মানুহক সংসাৰ নদী (দৰিয়া) পাৰ কৰাই দিব পাৰে। এই কাৰণে ‘ৰহমৰ গিৰিহঁত’ শব্দ দুটা ব্যৱহাৰ কৰা হৈছে।

(খ) ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’

—এই ফাঁকি কথাৰ ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ ‘ৰছুল’ শব্দৰ অৰ্থ আল্লাহৰ ‘দূত’ বা ‘পয়গম্বৰ’ বা ‘সাধু লোক’। ‘মোমিন’ শব্দৰ অৰ্থ ‘বিশ্বাসী মুছলমান’। খোদা বা আল্লাহৰ দূত বা পয়গম্ববজন বিশ্বাসী মুছলমানজনৰ লগত আছে। গতিকে খোদাক বাহিৰত বা দূৰত বিচাৰিব নালাগে কাৰণ আল্লাহৰ দূত বিশ্বাসী মুছলমান সকলৰ লগত আছে।

(গ) মক্কাৰ দূৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
উত্তৰঃ মক্কাৰ দুৱাৰত তিৰবেণীৰ (ত্রিবেণীৰ) ঘাটৰ কথা কোৱা হৈছে। মুক্তিধাম মক্কালৈ যোৱা সহজ নহয়। মক্কাৰ দুৱাৰ মায়া-মোহৰ জালেৰে ভেটি ৰখা আছে। মায়া-মোহৰ জালত নপৰাজনহে মক্কালৈ বা মুক্তিধামলৈ যাব পাৰে।

(ঘ) তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট-ভেটা দিয়ে (বাধা দিয়ে)?

উত্তৰঃ তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট-ভেটা দিয়ে। মুক্তিধাম মক্কালৈ যোৱা বাটত থকা তিৰবেণীৰ ঘাট অর্থাৎ‍ সংসাৰৰ মায়াজালে মানুহক বাট ভেটা দিয়ে— মুক্তিলাভত বাধা দিয়ে। মোহ-মায়া মুক্তজনহে মক্কাৰ দুৱাৰত বা মুক্তিধামত উপস্থিত হব পাৰে।

(ঙ) ‘জিকিৰ’ বোৰক কি গীত বুলি কব পাৰি?

উত্তৰঃ ‘জিকিৰ’ বোৰক ধৰ্মমূলক ‘জনপ্রিয় জনগীত’ বুলি কব পাৰি। আজান ফকিৰে সাধাৰণ মানুহেও সুৰ ধৰি গাব পৰাকৈ সহজ-সৰল ভাষাত গীতবোৰ ৰচনা কৰিছিল। (শব্দার্থত চোৱা।) 

প্ৰশ্ন ২। দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই॥

—দেও মাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। 

উত্তৰঃ সজাত বন্দী ম‍ইনা চৰাই সজাৰপৰা মুক্ত হব পাৰিলে আনন্দ পায়। মানুহৰ জীৱনটোও সজাস্বৰূপ মানৱ দেহত আৱদ্ধ হৈ থাকে। জীৱৰ মুক্তিৰ বাবে মানুহে মক্কাৰ দুৱাৰত বা আল্লাহৰ ওচৰত উপস্থিত হোৱাৰ যত্ন কৰে। দুখ- কষ্ট-লাঞ্ছনাৰ ওৰ পেলাই সংসাৰ দঁৰিয়া বা সংসাৰ নৈ পাৰ হবলৈ মানৱ জীৱই সদায় আশা কৰে। সংসাৰ দৰিয়া ‘দেও মাৰি’ অর্থাৎ অতিক্ৰম কৰি যোৱা মানুহেই মুক্তি লাভ কৰে। জীৱ (প্রাণ) মানৱদেহৰ পৰা ওলাই যোৱাৰ পিছত সেই মানৱদেহ হৈ পৰে মূল্যহীন যাক কোৱা হয় ভেল বুলি। সংসাৰৰ দৰিয়াৰ দুখ-কষ্ট-লাঞ্ছনাৰ হাত এৰাই মুক্তি লাভ কৰা জীৱই সংসাৰত ৰৈ যোৱা জীৱসমূহক সযত্নে সজাই ৰখা মানৱ শৰীৰটো ত্যাগ কৰাৰ পিছত কেনে নিৰৰ্থক আৰু মূল্যহীন আবৰ্জনা স্বৰূপ হৈ পৰে তাকে সকিয়াই দিছে। জীৱৰ বাবে শৰীৰ যে সময়ত মূল্যহীন অলাগতিয়াল বস্তু হৈ পৰে সেই সত্যকে উক্ত পদত বুজোৱা হৈছে।

প্রশ্ন ৩। ভাব-সম্প্ৰসাৰণ কৰা 

(ক) “শালে শ’লৰ লগত দৰিকাৰ টপালি।”

উত্তৰঃ সমানে সমানৰ লগত কাম-কাজ কথা-বতৰাত ভাগ লব লাগে। ডাঙৰৰ লগত ডাঙৰে সমানে আচৰণ কৰিলে শুৱায়। কিন্তু সৰুৱে ডাঙৰৰ লগত সমানে আচৰণ কৰাটো শোভা নাপায়। ওপৰৰ বাক্যটিত শাল, শ’ল আদি ডাঙৰ জাতৰ মাছৰ কথা কোৱা হৈছে। শাল, শ’ল সমনীয়া। সিহঁতৰ চাল-চলন, কথা – বতৰাত সমানে সমানে আচৰণ কৰিব পাৰে। কিন্তু সেই ডাঙৰ জাতৰ শাল শ’লৰ সৈতে সৰু জাতৰ দৰিকণাৰ আচৰণ মিলিব নোৱাৰে। দৰিকণাই যদি শাল-শ’লৰ নিচিনাকৈ সমান আচৰণ দেখুৱাব খোজে তেনেহলে শোভা নাপায় আৰু গণ্যও নকৰে।

প্রশ্ন ৪। ৰহমৰ গিৰিহঁত           

তুমি আল্লা চাহাব         ‌                   

যদি কৰা দৰিয়াৰ পাৰ।।

—পদ ফাঁকিত উল্লেখ কৰা ‘ৰহমৰ গিৰিহঁত’ কোন? ‘দৰিয়া’ কি? পদ ফাঁকিত নিহিত থকা কথাখিনি ফঁহিয়াই লিখা।

উত্তৰঃ পদ ফাঁকিত উল্লেখ কৰা ‘বহমৰ গিৰিহঁত’ কথাই আল্লাহক বুজাইছে। ৰহম বা দয়াৰ গৰাকী আল্লা বা ভগৱান। ‘দৰিয়া’ মানে সাগৰ বা নদী। পদ ফাঁকিত উল্লেখ কৰা মতে সংসাৰখন এখন সাগৰ অথবা নদীৰ দৰেই। এই সংসাৰ সাগৰ আল্লাহৰ দয়া অবিহনে পাৰ হৈ যোৱা সম্ভৱ নহয়। সংসাৰ সাগৰ পাৰ হোৱা মানেই মৃত্যুৰ মাধ্যমেৰে জীৱই মুক্তি বা পৰামাত্মা আল্লাহ্ বা ভগৱানৰ লগত মিলি যোৱা। ভক্ত কবিয়ে জীৱৰ এই মুক্তিৰ বাবে দয়াৰ গৰাকী আল্লাহৰ ওচৰত ভক্তিভাৱে মিনতি জনাইছে সংসাৰ সাগৰ পাৰ কৰি দিবলৈ। এয়েই উক্ত পদ ফাঁকিৰ নিহিত অর্থ।

প্রশ্ন ৫। আচ্‌মানৰ কুটুব তৰা আদমৰ জাত।

  সজাত মইনা আছে, ঘনে লগায় মাত।।

—পদ ফাঁকিৰ অন্তর্নিহিত কথাখিনি বুজাই লিখা।

উত্তৰঃ ‘আচ্‌মান’ পদে আকাশ বা স্বৰ্গক বুজাইছে। ‘কুটুব তৰা পদে আকাশৰ স্থিৰ আৰু উজ্জ্বল ধ্ৰুৱ নক্ষত্ৰক বুজাইছে। আদম আৰু ইভ্ পৃথিৱীৰ আদিম বংশ। স্বর্গ বা আচ্‌মানত ধ্ৰুৱ তৰাৰ দৰেই উজ্জ্বল হৈ থকা আদমৰ বংশধৰ বাবে মানুহৰো এটা বংশ মর্যাদা বা সন্মান আছে, মানুহৰ এটা গুণ আছে। মানুহৰ দেহটো এটা সজাৰ দৰে। মইনা চৰাইক সজাত আবদ্ধ কৰি পুহি ৰখাৰ দৰে মানুহৰ দেহৰ ভিতৰতো মইনা চৰাইৰ দৰে আবদ্ধ হৈ আছে এটি জীৱ। সজাৰ মইনাই মাত মতাৰ দৰে মানৱৰ দেহ সজাৰ ভিতৰৰ মইনা চৰাইৰ দৰে জীৱটিয়ে মাত মাতে— কথা কয়। দেহ সজাত আবদ্ধ হৈ থাকিলেও জীৱৰ এই দেহৰ প্ৰতি কোনো মায়া মোহ নাই। কেতিয়া সজা এৰি যাব পাৰে অহৰহ তাৰেই যত্ন কৰে—সজাৰপৰা মুক্ত হব বিচাৰে। সুযোগ পালেই দেহ সজাৰ মায়া-মোহ এৰি গুচি যায়।

প্রশ্ন ৬। চমু প্ৰশ্নৰ উত্তৰ :

(ক) আজান ফকিৰৰ প্ৰকৃত নাম কি?

উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম ছৈয়দ মইনুদ্দিন বা ছৈয়দ ছাহ মিলান বা মীৰাণ ছাহ্।

(খ) খোদা বছুল কত লুকাই থাকে? 

উত্তৰঃ খোদা বছুল দয়ালু মোমিনৰ আঁৰত লুকাই থাকে।

(গ) মক্কাৰ দুৱাৰত কি ঘাট আছে? 

উত্তৰঃ মক্কাৰ দুৱাৰত তিৰবেণীৰ ঘাট আছে।

(ঘ) মক্কাৰ দুৱাৰত কিহে বাট ভেটা দিয়ে? 

উত্তৰঃ মক্কাৰ দুৱাৰত মায়াই বাঁট ভেটা দিয়ে।

প্রশ্ন ৭। পাঠটোত থকা আৰবী-পাৰ্চী মূলৰ শব্দবোৰ বাছি উলিয়াই তালিকা এখন প্রস্তুত কৰা।

উত্তৰঃ তলত আৰবী পাৰ্চী মূলৰ শব্দৰ এখন তালিকা দিয়া হ’ল– ৰহম, দঁৰিয়া, খোদা, ৰছুল, মোমিন, চাহাব, আচ্‌মান, কুটুব।

প্রশ্ন ৮। সমার্থক শব্দ লিখা :

অগ্নি,  পানী,  বাট,  পিৰীতি।

উত্তৰঃ 

শব্দসমার্থক শব্দ
অগ্নিজুই, অনল, বহ্নি।
পানীজল, নীৰ, বাৰি।
বাটপথ, ৰাস্তা।
পিৰীতিমৰম, স্নেহ, আদৰ।

প্রশ্ন ৯। শব্দৰ অৰ্থ লিখা :

ৰহম,  দৰিয়া,  আচমান,  কুটুব তৰা,  যুগুতি,  ভেল।

উত্তৰঃ

শব্দঅৰ্থ
ৰহমদয়া।
দৰিয়াসগাৰ, নদী।
আচমানআকাশ, স্বর্গ।
কুটুব তৰাধ্ৰুৱ তৰা।
যুগুতিযত্ন, প্রস্তুতি।
ভেলজীৱই এৰি যোৱা দেহ, শৱদেহ।
 

 

Leave a Reply

Your email address will not be published. Required fields are marked *