প্রাচীন ভাৰতীয় শিক্ষা

প্রাচীন ভাৰতীয় শিক্ষা

-হেমচন্দ্র গােস্বামী

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

(ক) অতি চমু উত্তৰ দিয়া– 

১। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্রবন্ধটিৰ লিখক কোন ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী। 

২। হেমচন্দ্ৰ গোস্বামীৰ জন্ম ক’ত হৈছিল ?

 

৩। হেমচন্দ্র গোস্বামীৰ পিতৃৰ নাম কি ?

 উত্তৰঃ ডম্বৰুধৰ গোস্বামী।

৪। প্ৰথম অসমীয়া চনেট কবিতা কোনে লিখিছিল ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীয়ে। 

৫। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি ?

উত্তৰঃ ‘প্ৰিয়তমাৰ চিঠি’।

৬। হেমচন্দ্ৰ গোস্বামীৰ ৰচিত প্ৰথম অসমীয়া চনেট কবিতা ‘প্ৰিয়তমাৰ চিঠি’ প্রথমে ক’ত প্ৰকাশ পাইছিল ?

উত্তৰঃ ‘জোনাকী’ কাকতত।

৭। হেমচন্দ্ৰ গোস্বামীয়ে কি কাকতৰ সম্পাদকৰ দায়িত্বত আছিল ?

উত্তৰঃ ‘জোনাকী’ কাকতৰ।

৮। ‘ফুলৰ চাকি’ কবিতা সংকলনখনৰ কবি কোন ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

৯। হেমচন্দ্ৰ গোস্বামীৰ যত্নত ছপা হোৱা অভিধানখনৰ নাম কি ? 

উত্তৰঃ ‘হেমকোষ’।

১০। অসম সাহিত্য সভাৰ কোন অধিৱেশনত হেমচন্দ্র গোস্বামীয়ে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অধিৱেশনত।

 

 

 

 

Group – B গদ্যাংশ

১। তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম হ’ল—জীৱক, পাণিনি, চাণক্য।

২। তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?

উত্তৰঃ তক্ষশীলালৈ পশ্চিমৰ পাৰস্য, বেকট্ৰিয়া, মগধ দেশৰ লগতে হিন্দু বিশ্ববিদ্যালয় গুছি বুদ্ধ বিশ্ববিদ্যালয় হোৱাৰ লগে লগে চীন দেশৰ পৰাও ছাত্ৰ আহিছিল।

৩। নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

 
 

উত্তৰঃ নাগার্জুন আছিল শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক। নাগার্জুন আৰু তেওঁ শিক্ষকতা কৰা বিশ্ববিদ্যালয়খন অম্রাৱতী নগৰত আছিল। নাগার্জুনে শ্রীধান্যকটক বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল।

৪। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন আছিল?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্রণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল সপ্তম শতিকাৰ কামৰূপৰ প্ৰখ্যাত ৰজা ভাস্কৰ বৰ্মা।

৫। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিছিল?

 

 

 

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ত এটা বহুমূলীয়া পুথিভঁৰাল আছিল সালেই পুথিভঁৰালটো মুছলমান বিলাকে ১২০২ খৃষ্টাব্দত ধ্বংস কৰিছিল।

৬। কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল?

উত্তৰঃ বিক্রমশীলা দেৱবিহাৰ বিশ্ববিদ্যালয়, ৰজা বিক্রমাদিত্যৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্র আছিল।

৭। বাক্য ৰচনা কৰা।

(ক) স্বাধীন চিন্তা: বর্তমান কালত স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা কম।

(খ) জ্যোতিষ শাস্ত্ৰ: জ্যোতিষ শাস্ত্র প্রাচীন ভাৰতীয় শিক্ষাৰ এটা অন্যতম প্রধান বিষয় আছিল।

 

(গ) পোৰা মাটি: পোৰা মাটি মোহৰে প্ৰাচীন কালৰ

ভাৰতীয় সভ্যতাৰ বহুতো নজনা কথাৰ সম্ভেদ।

(ঘ) বাহিৰে ভিতৰে: নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়নত ৰত আছিল। 

৮। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা।

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

উত্তৰঃ শিক্ষাগাৰ – শিক্ষা আগাৰ।

 

 

 

 

বিদ্যালয় – বিদ্যা আলয়।

পুৰুষাৰ্থ – পুৰুষ অর্থ।

৯। হেমচন্দ্ৰ গোস্বামীৰ ক’ত আৰু কিমান চনত জন্ম হয়?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ গোলাঘাট জিলাৰ ঢেকিয়ালত ১৮৭২ চনত জন্ম হয়।

১০। হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম লিখা।

উত্তৰঃ ডম্বৰধৰ গোস্বামী।

১১। প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি? কবিতাটোৰ ৰচক কোন?

উত্তৰঃ প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম প্ৰিয়তমাৰ চিঠি কবিতাটোৰ ৰচক হেমচন্দ্ৰ গোস্বামী।

১২। হেমচন্দ্র গোস্বামীৰ একমাত্ৰ কবিতা সংকলনখনৰ নাম লিখা।

উত্তৰঃ ফুলৰ চাকি।

১৩। হেমচন্দ্র গোস্বামীয়ে ৰচনা কৰা চাৰিখন গদ্য পুথিৰ নাম লিখা।

উত্তৰঃ (ক) কথা গীতা। 

(খ) পুৰণি অসম বুৰঞ্জী।

 

 

 

 

(গ) অসমীয়া সাহিত্যৰ চানেকি আৰু 

(ঘ) কামৰত্ন তন্ত্ৰ।

১৪। হেমকোষ কি? হেমকোষ কাৰ দ্বাৰা ৰচিত হয় আৰু কিমান চনত ৰচিত হয়?

 

 

উত্তৰঃ হেমকোষ হ’ল এখন অসমীয়া ভাষাৰ অভিধান। ইয়াৰ ৰচক হ’ল হেমচন্দ্ৰ গোস্বামী। হেমকোষ ১৯০০ চনত প্ৰকাশ হয়।

১৫। হেমচন্দ্র গোস্বামীয়ে কিমান চনত মৃত্যুবৰণ কৰে?

উত্তৰঃ ১৯২৮ চনত।

১৬। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰিছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশন (১৯২০) চনত হেমচন্দ্র গোস্বামীয়ে সভাপত্তিব কৰিছিল।

১৭। হেমচন্দ্র গোস্বামীয়ে সম্পাদনা কৰা কাকতখনৰ নাম লিখা।

উত্তৰঃ জোনাকী।

১৮। আৰ্যশিক্ষাৰ মূলমন্ত্র কি?

উত্তৰঃ মোক্ষ প্রাপ্তি।

১৯। প্রাচীন ভাৰতৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰিছিল? ভাগ কেইটা কি কি?

উত্তৰঃ প্রাচীন ভাৰতৰ পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰিছিল। ভাগকেইটা হ’ল—ধর্ম, অর্থ, কাম, মোক্ষ।

২০। জীৱক কোন আছিল?

 

 

উত্তৰঃ জীৱক তক্ষশীলা বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ শিক্ষক অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। তেওঁ বুদ্ধদেৱৰ চিকিৎসক আছিল।

২১। নাগার্জুন কোন?

উত্তৰঃ নাগার্জুন আছিল শ্রীধান্যকটক বিশ্ববিদ্যালয় প্রধান শিক্ষক।

২২। আৰ্য শিক্ষাৰ কলাবিদ্যাৰ সংখ্যা কিমানটা?

উত্তৰঃ ৬৪ টা।

২৩। মোক্ষ মানে কি?

 

 

উত্তৰঃ মোক্ষ মানে সংসাৰ বন্ধনৰ পৰা ৰেহাই পোৱা অৱস্থা বা নিৰ্বাণ প্রাপ্তি বা মুক্তি। 

২৪। পুৰুষৰ প্ৰয়োজনীয় চতুৰ্গ কি কি?

উত্তৰঃ ধৰ্ম, অর্থ, কাম আৰু মোক্ষ হ’ল পুৰুষৰ প্রয়োজনীয় চতুর্বর্গ।

২৫। পাণিণি কোন? তেওঁ ৰচনা কৰা ব্যাকৰণখনৰ নাম লিখা।

উত্তৰঃ পাণিণি আছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্রমেতা। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ৰচনা কৰা ব্যাকৰণখনৰ নাম হ’ল অষ্টাধ্যায়ী। ব্যাকৰণখন আঠটা অধ্যায়ত বিভক্ত।

২৬। চাণক্য কোন? তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা ৷ তেওঁক আৰু কি কি নামেৰে জনা যায়।

উত্তৰঃ চাণক্য আছিল মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল৷ তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল অৰ্থশাস্ত্ৰ। তেওঁক বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰেও জনা যায়।

ভাববিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ লিখা – 

( ক ) তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা । 

 

 

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম হ’ল- বুদ্ধদেৱৰ চিকিৎসক জীৱক , পাণিনি আৰু চাণক্য ।

( খ ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ? 

উত্তৰঃ তক্ষশীলালৈ পাৰস্য , বেকট্রিয়া , মগধ আৰু চীন দেশ আদিৰ পৰা আহিছিল ।

( গ ) নাগার্জুন কোন ? ক’ত আছিল আৰু কি কৰিছিল ? 

উত্তৰঃ নাগার্জুন শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল । 

( ঘ ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্রণ কৰা ৰজাজন কোন ? 

 
 

উত্তৰঃ চীনা ছাত্ৰজন আছিল য়ুয়ানচাঙ আৰু নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰ বর্মা । 

 
 

( ঙ ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে , কেতিয়া ধ্বংস কৰিলে ? 

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সেই সম্পদটো হ’ল — এটা বহুমূলীয়া পুথিভঁৰাল । এই পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিলে । 

( চ ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল ? 

উত্তৰঃ মহাজাৰ বিক্রমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলাে পণ্ডিতৰ মিলনক্ষেত্র আছিল উজ্জয়িনী বিশ্ববিদ্যালয় । 

প্রশ্ন ২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা । 

উত্তৰঃ আর্য শিক্ষাৰ মূলমন্ত্র মােক্ষ লাভ হলেও তাক কর্ম , ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে লাভ কৰাৰ বিধান আছে । প্রতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভাগ কৰিছিল— ধর্ম , অর্থ , কাম , আৰু মােক্ষ । মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ বাবে বাকী তিনি বর্গৰ সাধনা বিধান কৰিছিল । ত্যাগ শিক্ষাৰ চৰম উদ্দেশ্য হলেও অনাসক্ত ভােগকহে প্রকৃত ত্যাগ বুলিছিল । 

এনেবােৰ শিক্ষাৰ কাৰণে প্রাচীন ভাৰতত ছয়টা বিশ্ববিদ্যালয় আছিল । এই ছয়টা হ’ল— তক্ষশীলা , শ্রীধান্যকটক , নালন্দা , উদান্তপুৰী , দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী । 

তক্ষশীলা বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনাে চতুষ্পঠি আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল । তাত ভাস্কৰ – বিদ্যা , চিত্রাংকন , মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল । ইয়াত অত্রেয় ঋযিয়ে আয়ুর্বেদ শিক্ষা দিছিল । এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ’ল বুদ্ধদেৱৰ চিকিৎসক জীৱক , পাণিনি আৰু চাণক্য ।

এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পাৰস্য , বেকত্রিয়া , মগধ , চীন আদি দেশৰ পৰাও ছাত্র আহিছিল । ই হিন্দু বিশ্ববিদ্যালয় শুচি  বুদ্ধবিশ্ববিদ্যালয় হ’ল । 

শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষা দিয়া হৈছিল । নাগার্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক । খ্রীষ্টপূর্ব এক শতিকালৈ এই বিশ্ববিদ্যালয় আছিল । 

প্রশ্ন ৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া । 

উত্তৰঃ প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল । এই ছয়খনৰ চমু পৰিচয় তলত দিয়া হ’ল— 

( ১ ) তক্ষশীলা বিশ্ববিদ্যালয় :- এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুম্পাঠী আছিল । তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল । তাত ভাস্কৰ – বিদ্যা , চিত্রাংকন , মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল । ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল ।

এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত অত্র হ’ল — বুদ্ধদেৱৰ চিকিৎসক জীৱক , পাণিনি আৰু চানক্য । এই বিশ্ববিদ্যালয়লৈ পাৰস্য , বেকত্রিয়া , মগধ , চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল । ই প্রথমে হিন্দু বিশ্ববিদ্যালয় । আছিল যদিও পিছলৈ ই বুদ্ধবিশ্ববিদ্যালয় হ’ল ।

( ২ ) শ্ৰীধান্যকটক বিশ্ববিদ্যালয় :- অম্ৰাৱতীনগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল । ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল । নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক ।  

( ৩ ) নালন্দা বিশ্ববিদ্যালয় :- খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বর্তি আছিল । ইয়াত বেদ , চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল । বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল । ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল । পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্রেণী বহিছিল ।

ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নাদধি’ । চীন পৰিব্রাজক য়ুয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল । য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যােগশাস্ত্র পঢ়িছিল । এই বিশ্ববিদ্যালয়ত ছাত্ৰক কোনাে খৰচ নোলােৱাকৈ শিক্ষাদান কৰা হৈছিল । 

 

 

( ৪ ) উদাস্তপুৰ বিশ্ববিদ্যালয় :- পাল ৰজাসকলৰ আগৰ পৰাই এই বিশ্ববিদ্যালয় আছিল । যদিও খ্রীষ্টীয় ৮ ম শতিকাতহে ই খ্যাতি লাভ কৰে । ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে নষ্ট কৰিলে । 

( ৫ ) দেৱবিহাৰ বা বিক্রমশীলা বিশ্ববিদ্যালয় :- এই বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত কোনাে খৰচ নােহােৱাকৈ ছাত্রক শিক্ষাদান কৰা হৈছিল আৰু খাবলৈ , থাকিবলৈ দিয়া হৈছিল । ছাত্র থাকিবৰ বাবে ইয়াৰ গাতে লগাকৈ চাৰিখন সত্র বা ছাত্রাবাস আছিল । ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয় । 

( ৬ ) উজ্জয়িনী বিশ্ববিদ্যালয় :- উজ্জয়িনীত অৱস্থিত এই বিশ্ববিদ্যালয় ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰত্বৰ্যৰ সকলাে পণ্ডিত মিলন ক্ষেত্র আছিল । ইয়াত ঘাইকৈ জ্যোতিশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । বুদ্ধদেৱৰ দিনতো ই প্রখ্যাত হৈ পৰিছিল । ১১ টা বিভাগত  আর্যশিক্ষাত ৬৪ কলাবিদ্যাৰ শিক্ষা ইয়াত দিয়া হৈছিল । এই ১১ টা বিভাগ হ’ল- 

( ১ ) সাহিত্য  

( ২ ) গৃহপাল বিদ্যা  

 

( ৩ ) ৰন্ধন বিদ্যা 

( ৪ ) সাজ – সজ্জা আৰু পৰিচ্ছদ বিদ্যা 

( ৫ ) হাতেৰে কাম কৰা বিদ্যা 

( ৬ ) শিল্পবিদ্যা 

( ৭ ) বিজ্ঞান 

( ৮ ) নাট্য বিদ্যা 

( ৯ ) সংগীত বিদ্যা 

 

( ১০ ) শিষ্টাচাৰ বিদ্যা আৰু

( ১১ ) শাৰীৰিক ব্যায়াম বিদ্যা । 

প্রশ্ন ৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ? 

উত্তৰঃ আর্যশিক্ষাৰ কলাবিদ্যা আছিল ৬৪ টা । সাহিত্য , গৃহপাল বিদ্যা , ৰন্ধন বিদ্যা , সাজ – সজ্জা আৰু পৰিচ্ছদ বিদ্যা , হাতেৰে কাম কৰা বিদ্যা , শিল্পবিদ্যা , বিজ্ঞান , নাট্য বিদ্যা , সংগীত বিদ্যা , শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা — এই এঘাৰটা বিভাগত এই ৬৪ টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল । 

প্রশ্ন ৩। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য কথা বহলাই আলােচনা কৰা । 

উত্তৰঃ প্রাচীন কালত ভাৰতত শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পাৰিছিল । এই কাম সেই সময়ত প্ৰায়বােৰ ছাত্ৰই কৰিব পাৰিছিল । কিন্তু আজিকালিৰ সকলাে ছাত্রই সেইবােৰ ছাত্ৰৰ দৰে শিক্ষা লাভ কৰি তেনেদৰে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই । অৱশ্যে তাৰে মাজতে নিচেই নগণ্য সংখ্যক ছাত্রকেইজনে প্রতিভা দেখুৱাব পাৰিছে ।

ইয়াৰ প্ৰধান কাৰণ হ’ল আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল । আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহ সজ বৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই তেওঁক প্রকৃত মানুহ হিচাপে গঢ়ি তােলা আৰু তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । 

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
 ব্যাকৰণ
 আবেদন আৰু প্ৰতিবেদন লিখন
 ৰচনা
 ভাৱ সম্প্ৰসাৰণ

প্রশ্ন ৬। চমুটোকা লিখ :

( ক ) তক্ষশীলা বিশ্ববিদ্যালয় , ( খ ) বিক্রমশীলা বিশ্ববিদ্যালয় , ( গ ) নালন্দা বিশ্ববিদ্যালয় 

উত্তৰঃ ( ক ) তক্ষশীলা বিশ্ববিদ্যালয় :- বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে বর্তি আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেবাখনাে চতুষ্পদী আছিল ৷ তাত ওঠৰ বিধ বিষয়ৰ শিক্ষা দিয়া হৈছিল । তাত ভাস্কৰ বিদ্যা , চিত্রাংকন , মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল ।

এই বিশ্ববিদ্যালয়ত অত্রেয় ঋযিয়ে আয়ুর্বেদ শিক্ষা দিছিল । ইয়াত অধ্যয়ন কৰা প্রখ্যাত ছাত্ৰ কেইজনমান হ’ল — বুদ্ধদেৱৰ চিকিৎসক জীৱক , পাণিনি আৰু চাণক্য । এই বিশ্ববিদ্যালয়লৈ পাৰস্য , বেকত্রিয়া , মগধ , চীন আদি বিভিন্ন দেশৰ পৰা পঢ়িবলৈ ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বুদ্ধবিশ্ববিদ্যালয় হল । 

( খ ) বিক্রমশীলা বিশ্ববিদ্যালয় :- বিক্রমশীলা বা দেববিহাৰ বিশ্ববিদ্যালয়ৰ তলত ছয়টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল । ইয়াত কোনাে খৰচ নােলােৱাকৈ ছাত্রক পঢ়িবলৈ , খাবলৈ আৰু থাকিবলৈ দিয়া হৈছিল ৷ ছাত্ৰ থাকিবৰ বাবে বিশ্ববিদ্যালয়ৰ গাতে লগা চাৰিখন সত্র বা ছাত্রাবাস আছিল । ৪০০ বছৰৰ পাছত বিশ্ববিদ্যালয়খন নষ্ট হৈ গৈছিল । 

(গ ) নালন্দা বিশ্ববিদ্যালয় :- খ্রীষ্টপূর্ব এক শতিকাৰ পৰা খ্রীষ্টাব্দ ৮ ম শতিকালৈ এই বিশ্ববিদ্যালয়খনি বৰ্তি আছিল ৷ ইয়াত বেদ , চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল । বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰৰে এই বিশ্ববিদ্যালয় ভৰি আছিল । ছাত্ৰৰ পৰা কোনাে খৰচ নােলােৱাকৈ পাঠদান কৰা হৈছিল ।

একেলগে দহহাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল । পাঠাগাৰটোৰ এশটা কোঠাত এশটা শ্ৰেণীত একে সময়তে পাঠদান হৈছিল । ভাৰতৰ আটাইতকৈ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। নতলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নাদধি’ । চীন পৰিব্রাজক য়ুয়ানচাঙে ইয়াত যােগশাস্ত্র পঢ়ি থকাৰ সময়ত কামৰূপৰ পৰা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ , আমন্ত্রণ জনাইছিল । 

 

 

প্রশ্ন ৭। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা ‘ চমুকৈ লিখা । 

উত্তৰঃ ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটো পঢ়ি এই কেইটা মূল্যৱান কথা শিকিলো— 

( ক ) আন আন উন্নত আৰু সজ দেশত শিক্ষাৰ যি সুবিধা আছিল সেই সুবিধা প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বােৰতত আছিল । 

( খ ) আজিকালিৰ শিক্ষাৰ লগত প্রাচীন ভাৰতীয় শিক্ষাৰ যথেষ্ট পার্থক্য আছিল । উদ্দেশ্যও বেলেগ বেলেগ আছিল । আজিৰ শিক্ষাৰ উদ্দেশ্য ছাত্রক মানুহ হিচাপে গঢ়ি তােলাতকৈ চাকৰিৰ উপযুক্ত কৰি গঢ়ি তােলাহে ; কিন্তু প্রাচীন শিক্ষাৰ উদ্দেশ্য চাকৰিমুখী নাছিল ; উদ্দেশ্য আছিল মানুহৰ সজবৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দমাই বা দলিয়াই পেলাই ছাত্ৰক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । 

( গ ) আগৰ ছাত্ৰৰ দৰে আজিকালিৰ বেছিভাগ ছাত্র – ছাত্রীয়ে নতুন নতুন তত্ত্ব আৰু সত্য আবিষ্কাৰত ব্ৰতী নহয় । নতুন নতুন তত্ত্ব আৰু সত্য সন্ধানী হ’লেহে ছাত্র – জীৱন সার্থক হয় , — এই কথাও শিকিলোঁ । 

ভাব বিষয়ক প্রশ্নোত্তৰ :

প্রশ্ন ১। বাক্য ৰচনা কৰা :

( ক ) স্বাধীন চিন্তা , ( খ ) জ্যোতিষশাস্ত্র , ( গ ) পােৰামাটি ( ঘ ) বাহিৰে ভিতৰে 

উত্তৰঃ ( ক ) স্বাধীন চিন্তা :- স্বাধীন চিন্তা কৰিব পাৰিলেহে মন মুকলি হয় । 

         ( খ ) জ্যোতিষ শাস্ত্র :- প্রাচীন ভাৰতৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । 

        ( গ ) পােৰামাটি :- অর্কিয়ােলজিকেল বিভাগে খনন কার্য কৰাত ভাস্কৰ বৰ্মাই য়ুয়ানচাঙলৈ দিয়া চিঠিৰ লগতে এটা পােৰামাটিৰ মােহৰ উদ্ধাৰ কৰিছিল । 

        ( ঘ ) বাহিৰে ভিতৰে :- নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে – ভিতৰে দহ হাজাৰ ছাত্র আছিল । 

প্রশ্ন ২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :

 শিক্ষাগাৰ , বিদ্যালয় , পুৰুষাৰ্থ 

উত্তৰঃ          শিক্ষাগাৰ     =      শিক্ষা+আগাৰ ।

                 বিদ্যালয়      =     বিদ্যা + আলয় ।

                 পুৰুষাৰ্থ       =     পুৰুষ + আর্থ ।

শব্দার্থ আৰু ভাষাচর্চা

উত্তৰঃ মােক্ষ :- সংসাৰ বন্ধনৰ পৰা মুক্ত পােৱা অৱস্থা , নির্বাণ , মুক্তি । 

 

 

পুৰুষাৰ্থ :- ধর্ম , অর্থ , কাম , আৰু মােক্ষ–পুৰুষৰ প্রয়ােজনীয় এই চাৰি বৰ্গ , চেষ্টা বা যত্ন । 

পাণিনি :- সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা । এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায়ত সম্পূর্ণ বাবে নামাে হৈছে ‘অষ্টাধয়ী’ । আদিৰ পৰা অন্তলৈকে ব্যাকৰণখন সূত্ৰৰে বন্ধা । 

চাণক্য :- মৌযবংশীয় ৰজা চন্দ্রগুপ্তৰ ব্রাহ্মণ মন্ত্রী । ৰাষ্ট্র বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লােক । এওঁৰেই অন্য দুটি নাম হ’ল বিষ্ণুগুপ্ত আৰু কৌটিল্য । ‘অর্থশাস্ত্র’ হ’ল এওঁৰ বিশ্ব বিখ্যাত গ্রন্থ । 

অর্থ :- ধন ।

কাম :- কামনা , বাসনা । 

বিধান :- উপায় , ব্যৱস্থা , বীজ , কঠিয়া , সঁচ । 

বর্গ :- শ্ৰেণী ।

চৰম :- শেষ , অন্তিম । 

অত্রেয় :- এজন ঋষি  বা মুনি । তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত ছাত্ৰক আয়ুর্বেদ শিক্ষা দিছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক এওঁৰেই ছাত্র আছিল । 

নাগার্জুন :- শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ এওঁ আছিল প্রধান শিক্ষক । 

 শীলভদ্র :- এজন উদাসীন পণ্ডিত আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ তেওঁ এটা সময়ত অক্ষ্যক্ষ আছিল । 

ৰত্নদধি :- প্রাচীন ভাৰতবৰ্ষৰ সকলােতকৈ ডাঙৰ পুথিভঁৰালটোৰ নাম ৰত্নেদধি । এই পুথিভঁৰালটো আছিল নালন্দা বিশ্ববিদ্যালয়ত । পুথিভঁৰালটো — নতলীয়া আছিল । 

যুয়ানচাঙ :- নালন্দা বিশ্ববিদ্যালয়ত ‘যােগশাস্ত্র’ পঢ়িবলৈ অহা এগৰাকী চীনা ছাত্র আৰু পৰিব্রাজক ।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ :

১। আৰ্য্য শিক্ষাৰ মূল মন্ত্ৰ, আৰু চৰম উদ্দেশ্য কি?

উত্তৰ:- মূলমন্ত্ৰ— মোক্ষ লাভ। উদ্দেশ্য—ত্যাগ।

২। আৰ্য শিক্ষাৰ মূলমন্ত্র মোক্ষ লাভৰ বিধান কি কি?

উত্তৰ:- কৰ্ম, ভক্তি আৰু জ্ঞান।

৩। আৰ্য্য শিক্ষাত সৰ্বসাধাৰণ লোকৰ বাবে কি কি তিনি বৰ্গ সাধনাৰ বিধান আছিল?

উত্তৰ:- ধৰ্ম, অর্থ, আৰু কাম।

৪। আৰ্য শিক্ষাত মানুহৰ পুৰুষাৰ্থক কেই ভাগত ভাগ কৰিছিল আৰু কি কি?

উত্তৰ:- চাৰিটা ভাগত। সেইকেইটা হ’ল—ধর্ম, অর্থ, কাম আৰু মোক্ষ।

৫। আৰ্য শিক্ষাৰ চৰম উদ্দেশ্য কি?

উত্তৰ:- ত্যাগ।

৬। তক্ষশীলাত কেইবিধ শিক্ষা দিয়া হৈছিল?

উত্তৰ:- ১৮ বিধ।

৭। তক্ষশীলা বিশ্ববিদ্যালয় কিমান শতিকালৈ আছিল? 

উত্তৰ:- খ্রীষ্টপূর্ব এক শতিকালৈ। 

৮। তক্ষশীলাত আয়ুর্বেদ শিক্ষা কোনে দিছিল?

উত্তৰ:- অত্রেয় ঋষিয়ে।

৯। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?

উত্তৰ:- জীৱক।

১০। তক্ষশীলালৈ চীন দেশৰ পৰা কেতিয়া ছাত্ৰ আহিছিল?

উত্তৰ:- তক্ষশীলা হিন্দু বিশ্ববিদ্যালয় গুছি বৌদ্ধ বিশ্ববিদ্যালয় হোৱা সময়ত। 

১১। অম্ৰাৱতী নগৰৰ ওচৰত থকা বিশ্ববিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰ:- শ্রীধান্যকটক বিশ্ববিদ্যালয়।

১২। শ্রীধান্যকটক বিশ্ববিদ্যালয়ত কি কি শিক্ষা দিয়া হৈছিল?

 

 

উত্তৰ:- হিন্দু আৰু বৌদ্ধ।

১৩। শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল?

উত্তৰ:- নাগার্জুন।

১৪। নালন্দা বিশ্ববিদ্যালয়ত কি কি শিক্ষা দিয়া হৈছিল?

উত্তৰ:- বেদ, চিকিৎসা আৰু অংক শাস্ত্র।

১৫। নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

উত্তৰ:- শীলভদ্র।

১৬। নালন্দা বিশ্ববিদ্যালয় কেতিয়াৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ চলিছিল?

উত্তৰ:- খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে। 

১৭। নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাগাৰটোৰ নাম কি আছিল?

উত্তৰ:- ৰত্নোদধি (ৰত্নৰ সাগৰ)।

১৮। নালন্দা বিশ্ববিদ্যালয় কিমান বছৰ চলিছিল?

উত্তৰ:- সাতশ বছৰ।

১৯। নালন্দা বিশ্ববিদ্যালয়খন বর্তমানৰ কোন ৰাজ্যত আছিল?

উত্তৰ:- বিহাৰত।

২০। নালন্দাৰ খননকাৰ্য্যত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত থোৱা কি বস্তু পোৱা গৈছে?

উত্তৰ:- পোৰা মাটিৰ মোহৰ ।

২১। উদান্তপুৰ বিশ্ববিদ্যালয়ৰ কি সম্পদ মুছলমান সকলে কেতিয়া নষ্ট কৰিছিল? 

উত্তৰ:- ১২০২ খ্রীষ্টাব্দত উদান্তপুৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমানসকলে পুৰি দিছিল।

২২। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ অন্য নাম কি?

 

 

উত্তৰ:- দেৱবিহাৰ।

২৩। বিক্রমশীলা বিশ্ববিদ্যালয়ত কিমানজন অধ্যাপক আছিল?

উত্তৰ:- ১০৮ জন।

২৪। বিক্রমশীলা বিশ্ববিদ্যালয়খন কিমান বছৰ জীয়াই আছিল?

উত্তৰ:- ৪০০ বছৰ।

২৫। কোন ৰজাৰ ৰাজত্ব কালত উজ্জয়িনী ভাৰতৰ পণ্ডিত সকলৰ মিলন ক্ষেত্ৰ আছিল?

উত্তৰ:- ৰজা বিক্রমাদিত্যৰ দিনত।

২৬। উজ্জয়িনী বিশ্ববিদ্যালয়ত বিশেষকৈ কি শিক্ষা দিয়া হৈছিল ৷

উত্তৰ:- জ্যোতিষ শাস্ত্ৰৰ।

২৭। য়ুয়ানচ্যাঙ কোন দেশৰ লোক?

উত্তৰ:- চীন দেশৰ।

প্রশ্ন ২। ব্যাখ্যা কৰা—

(ক) ত্যাগ আৰ্য্য শিক্ষাৰ চৰম উদ্দেশ্য ……..ত্যাগ বুলি ধৰিছিল। 

উত্তৰ:- ব্যাখ্যেয় কথাষাৰ আমাৰ পাঠ্য পথিৰ অন্তৰ্গত প্রথম অসমীয়া চনেটকাৰ হেমচন্দ্ৰ গোস্বামী দেৱৰ দ্বাৰা বিৰচিত “প্রাচীন ভাৰতীয় শিক্ষা” নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে।

প্রাচীন ভাৰতৰ আৰ্য্য শিক্ষাৰ মূলমন্ত্ৰ আছিল মোক্ষ লাভ। কর্ম, ভক্তি আৰু জ্ঞানৰ মাৰ্গেৰেহে এই মোক্ষ লাভৰ উপায় বিধান কৰা হৈছিল। ধর্ম, অর্থ, কাম আৰু মোক্ষক পুৰুষোচিত গুণ বুলি ধৰি লোৱা হৈছিল। মোক্ষক যদিও সর্বোৎকৃষ্ট গুণ বুলি ধৰা হৈছিল তথাপি সেই মোক্ষ লাভ কৰাতো সর্ব সাধাৰণ লোকৰ বাবে অতিপাত টান আছিল বুলি ধৰ্ম, অর্থ আৰু কাম এই তিনি বিধ সাধনাৰ ক্ষেত্র আছিল। আৰ্য্য শিক্ষাৰ চৰম উদ্দেশ্য আছিল ত্যাগ। আৰ্য্য শিক্ষামতে আসক্তিহীন ভোগেহে আছিল ত্যাগ। ভোগত আসক্তি থাকিলে সি ত্যাগ হব নোৱাৰে। 

(খ) যদিওবা দুই এজনে কৰৱাত……সি ধর্তব্য নহয়।

উত্তৰ:- ব্যাখ্যেয় কথাষাৰ হেমচন্দ্ৰ গোস্বামী দেৱে লিখা “প্রাচীন ভাৰতীয় শিক্ষা” নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। প্ৰাচীন ভাৰতীয় শিক্ষাৰ লগত আজিৰ ভাৰতীয় শিক্ষাক তুলনা কৰিবলৈ গৈ প্ৰৱন্ধকাৰে উক্ত কথাষাৰ প্ৰৱন্ধটিত সন্নিবিষ্ট কৰিছে।

প্রাচীন কালৰ ভাৰতীয় শিক্ষাৰ ঘাই উদ্দেশ্য আহিল কর্মমুখী শিক্ষা প্রবর্তন কৰা। সেয়েহে প্রাচীন কালত ছাত্রক সাহিত্য, গৃহপালিকা, ৰন্ধন বিদ্যা, হাতেৰে কাম কৰা শিক্ষা বিদ্যা, আদিৰ জৰিয়তে নিজৰ ভৰিত নিজে ঠিয় হব পৰা শিক্ষা দিয়া হৈছিল। আগৰ কালৰ ছাত্ৰ সকলে শিক্ষা লাভ কৰাৰ পিছত নানা বিষয়ত সিদ্ধিলাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল। আজি কালি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত লাখ লাখ টকা খৰচ কৰিছে, লাখ লাখ ছাত্রই শিক্ষা লৈছে কিন্তু স্বাধীন চিন্তা কৰি নতুন নতুন তত্ত্ব আৱিষ্কাৰ কৰা ছাত্ৰৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পাৰি। আজিৰ শিক্ষা ব্যৱস্থা চাকৰিমুখী হোৱাটোয়ে ইয়াৰ মূল কাৰণ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। আৰ্য্য শিক্ষাৰ মূল উদ্দেশ্য কি আছিল? আৰ্য্য শিক্ষাৰ দিনত বিভিন্ন কলাবিদ্যাৰ শিক্ষা কিদৰে বিভিন্ন বিশ্ববিদ্যালয়ত দিয়া হৈছিল আলোচনা কৰা।

উত্তৰ:- আৰ্য্য শিক্ষাৰ মূল মন্ত্ৰ আছিল মোক্ষলাভ। কর্ম, ভক্তি আৰু জ্ঞানৰ মাজেৰে এই লক্ষ্যত উপনীত হোৱাৰ নিয়ম বন্ধা আছিল। মোক্ষক পৰম পুৰুষোচিত গুণ বুলি ধৰিলেও সৰ্বসাধাৰণৰ বাবে ধৰ্ম, অর্থ, আৰু কাম এই তিনি শ্রেণীৰ সাধনাৰ নিয়ম বন্ধা আছিল। ত্যাগেই আছিল আৰ্য্য শিক্ষাৰ চৰম উদ্দেশ্য। প্রকৃততে অনাসক্ত ভোগকহে তেওঁলোকে ত্যাগ বুলিছিল। 

আৰ্য্য শিক্ষাৰ দিনত ৬৪ বিধ কলা বিদ্যাৰ শিক্ষা বিভিন্ন বিশ্ববিদ্যালয়ত দিয়া হৈছিল।

সাহিত্য, গৃহপালবিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, বিজ্ঞান, সঙ্গীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, আৰু শাৰীৰিক ব্যায়াম বিদ্যা বোলা বিভাগ সমূহত শিক্ষা দিয়া হৈছিল। এই ১১টা বিভাগৰ শিক্ষা দিয়া হৈছিল— তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰি, বিক্রমশীলা আৰু উজ্জয়িনী বিশ্ববিদ্যালয়ৰ জৰিয়তে।

খ্রীষ্টপূর্ব এক শতিকালৈ চলা তক্ষশীলা বিশ্ববিদ্যালয়ত ভাস্কর্যবিদ্যা, চিত্রাংকন মূৰ্তিকটা আৰু হাতেৰে কাম কৰা বিদ্যা, আয়ুর্বেদ চিকিৎসা আদি ওঠৰবিধ শিল্প দিয়া হৈছিল। খ্ৰীষ্টপূর্ব এক শতিকালৈ চলা আন এটা বিশ্ববিদ্যালয় শ্রীধান্যকটকত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। 

খ্ৰীষ্টপূৰ্ব একৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে প্ৰায় ৭০০ বছৰ চলা বৰ্তমানৰ বিহাৰ ৰাজ্যৰ অন্তর্গত নালন্দা বিশ্ববিদ্যালয়টো প্ৰাচীন ভাৰতৰ উল্লেখযোগ্য শিক্ষা কেন্দ্ৰ আছিল। এই বিশ্ববিদ্যালয়ত দেশ বিদেশৰ প্ৰায় দহ হেজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। নালন্দা 

বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা, অংকশাস্ত্র, ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্ৰ, যোগশাস্ত্ৰ আৰু অধ্যাত্ম বিজ্ঞান শিক্ষা দিয়া হৈছিল। 

তক্ষশীলা, নালন্দা আৰু শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ বাহিৰেও উদান্তপুৰ, বিক্রমশীলা আৰু উজ্জয়িনী বিশ্ববিদ্যালয়ৰ যোগেৰেও আৰ্য্যবিদ্যাৰ ৬৪ কলা বিদ্যাৰেই শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় সমূহত পাৰস্য, বেকট্রিয়া, মগধ, চীন আদি দেশৰ পৰা ছাত্ৰ সকলে আহি অধ্যয়ন কৰিছিল। ছাত্র সকলে এই বিশ্ববিদ্যালয় সমূহত শিক্ষা লাভ কৰাৰ অন্তত সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছিল। এই বিশ্ববিদ্যালয় সমূহৰ পৰাই জীৱকৰ নিচিনা আয়ুর্বেদ চিকিৎসক, পাণিনিৰ নিচিনা বৈয়াকৰণিক আৰু চাণক্যৰ নিচিনা প্রখ্যাত অৰ্থশাস্ত্ৰবিশাৰদৰ সৃষ্টি হৈছিল।

মুঠতে প্ৰাচীন ভাৰতৰ উচ্চমান বিশিষ্ট শিক্ষাৰ নিদৰ্শন এই বিশ্ববিদ্যালয় সমূহে দেখুৱাবলৈ সক্ষম হৈছিল।

২। তলত দিয়া প্রশ্নসমূহৰ চমু আৰু পোনপোটিয়া উত্তৰ দিয়া।

(ক) প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল আৰু কি কি?

 

 

উত্তৰ :- প্রাচীন ভাৰতত ছটা বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয় কেইটা – তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদাত্তপুৰ, বিক্রমশীলা আৰু উজ্জয়িনী।  

(খ) জীৱক কোন? তেওঁ কোন বিশ্ববিদ্যালয়ত পঢ়িছিল? কিমান বছৰ পঢ়িছিল? তেওঁ কি চিকিৎসা বিজ্ঞান শিকিছিল আৰু কাৰ চিকিৎসক আছিল? 

উত্তৰ:- “জীৱক’ অত্ৰেয় ঋষিৰ ছাত্ৰ আছিল। তেওঁ তক্ষশীলা বিশ্ববিদ্যালয়ত সাত বছৰ পঢ়িছিল। জীৱকে আয়ুর্বেদ শিক্ষা লৈছিল আৰু তেওঁ বুদ্ধদেৱৰ চিকিৎসক আছিল। 

(গ) অতীত ভাৰতৰ কোনটো বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো আটাইতকৈ ডাঙৰ আছিল? পুথিভঁৰালটোৰ নাম কি আছিল আৰু কিমান তলীয়া আছিল?

উত্তৰ:- অতীত ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ পুথি ভঁৰালটো আটাইতকৈ ডাঙৰ আছিল। পুথিভঁৰালটোৰ নাম আছিল ৰত্নোদধি আৰু ই এটা ন-তলীয়া অট্টালিকা আছিল।

(ঘ) হেমচন্দ্ৰ গোস্বামীয়ে আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য কি আছিল বুলি কৈছে? আজিকালিৰ শিক্ষা সম্পৰ্কে তেখেতৰ ধাৰণা কেনেকুৱা?

উত্তৰ:- মানুহৰ সজ বৃত্তি বিলাকক বিকশাই তুলি অসজ বৃত্তিবিলাকক দমন কৰাটোৱে আছিল আগৰ কালৰ শিক্ষাৰ ঘাই উদ্দেশ্য। হেমচন্দ্ৰ গোস্বামীৰ মতে আজিৰ ভাৰতবৰ্ষৰ শিক্ষাৰ উদ্দেশ্য চাকৰিমুখী হৈ পৰিছে। সেয়েহে নতুন নতুন তত্ত্ব বা সত্য আৱিষ্কাৰ কৰা ছাত্ৰৰ সংখ্যা আজি নিচেই তাকৰ হৈ পৰিছে।

পাঠভিত্তিক ব্যাকৰণ

১। প্রত্যয় ভাঙা :

উদাসীন=উদাস্ + ঈন।

তলীয়া= তল + ঈয়া।

বহুমূলীয়া = বহুমূল্য + ঈয়া।

সংসাৰী = সংসাৰ+ইন্।

খ্রীষ্টীয় = খ্রীষ্ট + ঈয়।

শাৰীৰিক = শৰীৰ + ষ্ণিক।

কৰণীয় = কৃ + অনীয়।

অধিকাৰী = অধিকাৰ + ইন্‌।

ত্যাগী = ত্যাগ + ইন্‌।

ধর্তব্য = ধৃ + তব্য।

২। সন্ধি ভাঙা :

চিত্রাংকন = চিত্র + অংকন।

উল্লেখ = উৎ + লেখ।

নাগার্জুন = নাগ + অর্জুন।

অন্যান্য = অন্য + অন্য।

শিক্ষাগাৰ = শিক্ষা + আগাৰ।

আয়ুর্বেদ = আয়ুঃ + বেদ।

উজ্জয়িনী = উৎ + জয়িনী। 

বিদ্যালয় = বিদ্যা + আলয়।

স্বাধীন = স্ব + অধীন।

ছাত্রাবাস = ছাত্র + আবাদ।

৩। ব্যাসবাক্য লিখি সমাসৰ নাম লিখা :

অশিষ্টাচাৰ — শিষ্ট আচাৰ — কর্মধা, ন শিষ্টাচাৰ — নঞ তৎপুৰুষ।

স্বাধীন — স্ব(নিজৰ) অধীন যি সি — বহুব্রীহি সমাস। 

সংসাৰত্যাগী — সংসাৰ ত্যাগ কৰে যি সি — বহুব্রীহি সমাস।

অনাসক্ত — ন আসক্ত — নঞ তৎপুৰুষ সমাস।

বিদ্যালয় — বিদ্যাৰ আলয় — যষ্ঠী তৎপুৰুষ সমাস।

পোৰামাটি — পোৰা যি মাটি — কর্মধাৰয় সমাস।

তৰ্কশাস্ত্ৰ — তৰ্কৰ শাস্ত্ৰ — যষ্ঠী তৎপুৰুষ সমাস।

সজ বৃত্তি — সজ যি বৃত্তি — কর্মধাৰয় সমাস।

 

Leave a Reply

Your email address will not be published. Required fields are marked *