মানৱ বন্দনা

প্ৰশ্নৱালীঃ

ভাব-বিষয়ক

১। চমু উত্তৰ লিখাঃ

(ক) ‘মানুহেই পৰাপৰ’  বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ  অৰ্থ হ’লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।

বা

মানুহেই পৰাৎপৰ’ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে  মানুহ সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই।

(খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?

উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক ময়াপী জীৱ বুলি কৈছে  ।

বা 

মানুহক ময়াপী জীৱ’ বোলাৰ অৰ্থটো হ’ল  মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনঃ জনম লৈ আহি থাকে।

(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

উত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।

বা

কবিৰ মতে মানুহ দেৱতাতকৈয়ো শ্ৰেষ্ঠ।কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থকিব নোৱাৰে। সেয়ে পাদ্য-অৰ্ঘ্য পূজাৰ সকলো উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠতৃ প্ৰতিপন্ন কৰিব বিচাৰিব।

২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন  এই পৃথিৱীখনৰ  মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই  মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই  নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।

৩। ‘এই যে পৃথিৱী স্বৰ্গতো অধিক

               মানুহৰ নিজাপী ঘৰ।’

      কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক…..

               মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰণ– মানুহ সদায় এই পৃথিৱী খনতেই থাকিবই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুয়ে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ-দুখৰ অনুভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গত কৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।

৪। তাৎপৰ্য ব্যাখ্যা কৰাঃ

(ক) মানৱী জনম             দিয়া উটুৱাই

                    মানৱী কৰম সোঁতে,

      মানুহৰ মৰম             বুজিবা মানুহে

                     ধৰম যে মৰমতে।

উত্তৰঃ মানৱী জনম…………………..

…………………………………………………

…………………………………………………মৰমতে

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি ‘চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ’ মানৱ বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।

    মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।

          মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ’বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।

(খ) মানুহেই দেৱ                মানুহেই সেৱ

                  মানুহ বিনে নাই কেৱ,

      কৰা কৰা পূজা            পাদ্য অৰ্ঘ্য লই

                    জয় জয় জয় মানৱ দেৱ।

উত্তৰঃ মানুহেই দেৱ মানুহেই সেৱ

            মানুহ বিনে নাই কেৱ

            কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

            জয় জয় জয় মানৱ দেৱ….

উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

          মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।

এই পৃথিৱীত মানুহেই হ’ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই সচৰাচৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান  গাবলৈ কৈছে।

ভাষা-বিষয়কঃ

৫। সমাৰ্থক শব্দ লিখাঃ

মানুহঃ মানৱ, মানুহ

সংগঃ লগ, বন্ধু,

পৃথিৱীঃ ধৰা

সোঁতঃ ঢৌ, লহৰ

স্বৰ্গঃ সৰগ

দেৱঃ দেৱতা

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:

ধৰ্মঃ ধৰম

কৰ্মঃ কৰম

মত্যঃ মৰত

দেৱঃ দেৱতা 

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। মানৱ বন্দনা ‘কবিতাটি কাৰ ৰচনা?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা।

প্রশ্ন ২। চন্দ্ৰকুমাৰ গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত কেইখন কি কি আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰে গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত দুখন আছিল ‘জোনাকী’ আৰু ‘সাদিনীয়া অসমীয়া’।

প্রশ্ন ৩। চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ কোনখন কলেজত পঢ়িছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল।

 

প্রশ্ন ৪। চন্দ্ৰকুমাৰে স্নাতক উপাধি লৈছিলনে?

উত্তৰঃ চন্দ্ৰকুমাৰে স্নাতক পঢ়িও উপাধি পৰীক্ষা দিয়া নাছিল।

প্রশ্ন ৫।  শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে কি কৰিছিল?

 

উত্তৰঃ শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে ছপাশাল আৰু চাহ বাগিচা পৰিচালনাৰ কাম কৰিছিল।

প্রশ্ন ৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

প্রশ্ন ৭। অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ কি কবিৰূপে জনাজাত?

উত্তৰঃ অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ ৰোমাণ্টিক কবিৰূপে জনাজাত।

প্রশ্ন ৮। কাক ‘প্ৰতিমাৰ খনিকৰ’ বোলা হয়?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বোলা হয়।

প্রশ্ন ৯। অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি কোন?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি।

প্রশ্ন ১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ ‘বনকুঁৱৰী’ নামৰ কবিতাটি চন্দ্ৰকুমাৰৰ প্ৰথম ৰোমাণ্টিক কবিতা।

প্রশ্ন ১১৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।

 

উত্তৰঃ ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’ এই দুখন চন্দ্ৰকুমাৰৰ কবিতা পুথি।

প্রশ্ন ১২। ‘প্রতিমা’ কবিতা পুথিখনি পঢ়ি ৰসৰাজ বেজবৰুৱাই দিয়া মন্তব কি?

উত্তৰঃ ‘প্ৰতিমা’ কবিতা পুথি পঢ়ি ৰসৰাজ বেজবৰুৱাই মন্তব্য কৰিছিল— ‘প্ৰতিমাখনি সৰু কিন্তু নিৰ্ভাঁজ সোণৰ।’

প্রশ্ন ১৩। ‘মানৱ বন্দনা’ কবিতাটি ক’ৰ পৰা অনা হৈছে?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিৰপৰা ‘মানৱ বন্দনা’ কবিতাটি অনা হৈছে।

প্রশ্ন ১৪। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাক শ্ৰেষ্ঠ বুলি কৈছে?

 

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহক শ্রেষ্ঠ বুলি কৈছে।

প্রশ্ন ১৫৷ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাৰ জয় বুলি ঘোষণা কৰিছে?

উত্তৰঃ ‘মানব বন্দনা’ কবিতাত কবিয়ে মানৱ-দেৱতাৰ জয় বুলি ঘোষণা কৰিছে।

প্রশ্ন ১৬। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে ধৰম ক’ত থকা বুলি কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহে মানুহৰ মৰম বুজি পোৱাতে ধৰম থকা বুলি কৈছে।

প্রশ্ন ১৭। ‘মানৱ-বন্দনা’ কবিতাটিৰ অন্তৰ্নিহিত সাৰমৰ্মৰ (মূলভাৱৰ) আভাস দিয়া।

উত্তৰঃ মানবাত্মা চিৰাচৰিত ভাৱেই মৃত্যুশীল। পৃথিৱীলৈ মানুহৰ অনন্তসোঁত প্ৰৱাহিত হৈ থাকিলেও মানুহৰ মৃত্যুশীলতাৰ বাবেই পৃথিৱীখনক ‘মৰত’ বোলা হৈছে। মৃত্যুশীল জীৱনত মানুহে মানবোচিত কাৰ্য্য আচৰণৰ দ্বাৰা জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীবাসী সকলো মানুহেই এক পৰমাত্মা ভগৱানৰ অংশসম্ভূত যেতিয়া মৰম-প্ৰীতিৰে বসবাস কৰি মানৱজাতিৰ উন্নতি সাধনৰ যত্ন কৰা কৰ্তব্য। তাকে কৰিবলৈ হ’লে দেৱ-দেৱীক পূজাৰ সলনি মানুহৰ সন্তুষ্টিৰ বাবে মানুহক দেৱতাৰ পূজাৰ সকলো সম্ভাৰেৰে পূজা কৰি মানৱ জাতিৰ জয় ঘোষণা কৰা উচিত।

প্রশ্ন ১৮। তোমাৰ পাঠৰ আধাৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি-প্ৰতিভাৰ পৰিচয় দিয়া।

উত্তৰঃ আমাৰ পাঠ্যপুথিত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ নামৰ কবিতাটি সন্নিবিষ্ট কৰা হৈছে। এই কৱিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ’ৰ ‘প্ৰতিমা’ নামৰ কবিতা-পুথিৰপৰা লোৱা হৈছে। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাৱৰ সোঁত বোৱাওঁতা প্রথম কবি। ‘প্রতিমা’ কবিতা পুথিত ৰোমাণ্টিক কবিতাৰ সকলো লক্ষণ প্রকাশ পাইছে। চন্দ্ৰকুমাৰৰ কবিতাৰ এই নিপুণ ৰচনাৰ বাবেই বেজবৰুৱাই মন্তব্য কৰিছিল যে, ‘প্রতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ’।

‘মানৱ বন্দনা’ কবিতাটিত কবিৰ কল্পনাই ৰোমান্টিক ভাৱৰ প্ৰকাশ ঘটাইছে। পৃথিৱীত মানুহব জন্ম আৰু মৃত্যুক বুজাবৰ বাবে কবিয়ে ‘আহিছে মানুহ গইছে মানুহ’ কথাষাৰ ব্যৱহাৰ কৰিছে। মানুহক ‘দেৱতা’ বুলি মানুহকে পূজা কৰিবলৈ কোৱা কল্পনাও ৰোমান্টিক ভাৱৰেই পৰিচায়ক। পৃথিৱীক সকলো মানুহৰ ঘৰ, পৃথিৱীখন স্বৰ্গতকৈ অধিক বা শ্রেষ্ঠ, মানুহেই শ্রেষ্ঠ দেৱতা, মানুহৰ মঙ্গলৰ বাবে দেৱতা- পূজাৰ সম্ভাৰ লৈ মানুহক পূজা কৰা আদি কল্পনা ৰোমান্টিক-ভাৱৰ কল্পনা। কল্পনা বিলাস, কল্পনাৰ আতিশয্য, সাধাৰণ বিষয়ত বিশেষত্ব আৰোপ আদি ৰোমাণ্টিক ভাৱৰ লক্ষণ। চন্দ্ৰকুমাৰৰ ‘মানৱ বন্দনা’ কবিতাত এই ৰোমাণ্টিক ভাৱবোৰৰ প্ৰকাশ ঘটিছে। এই এটা মাত্ৰ কবিতাৰ পৰাই ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভাৰ পৰিচয় পোৱা যায়।