নৱম শ্ৰেণী
মোৰ দেশ
প্ৰশ্নৱালীঃ
ভাব- বিষয়কঃ
প্ৰশ্ন নং ১।
ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯৩২ চনত যোৰহাটত জন্ম হৈছিল।
খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:– হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল – চিত্ৰবন আৰু মনন।
গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।
প্ৰশ্ন নং ২। ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ
‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য।
সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য দেৱৰ ‘মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়ৱদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যৱদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।
প্ৰশ্ন নং ৩। বাখ্যা কৰা :
ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰঃ
`অনৈক্যৰ মাজত………..
……….. হৈ মই আছোঁ।’
— উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।
আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ’ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।
খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰ:-
‘মোৰ জীৱনৰ…………
………………. কলৰোল।’
– উক্ত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা ‘মোৰ দেশ’ ৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনক প্ৰাণধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
প্ৰশ্ন নং ৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ– ‘মোৰ দেশ’ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য।
কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
প্ৰশ্ন নং ৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ– প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।
প্ৰশ্ন নং ৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে দিছে – ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।
ভাষা- বিষয়কঃ
৭) সমাৰ্থক শব্দ লিখাঃ
দেশ – ৰাষ্ট্ৰ
কাম – কৰ্ম
কলৰোল – কলৰৱ
সাগৰ – সমুদ্ৰ
সপোণ – স্বপ্ন
বন্ধু – মিত্ৰ
শেষ – সমাপ্ত
সম্ভাৰ – সামগ্ৰী
শইচ – শস্য
বুকু – হৃদয়
তৰংগ – ঢৌ
কল্লোল – কলৰৱ
৮। বিপৰীতাৰ্থক শব্দ লিখা:
সপোন – দিঠক
দেশ – বিদেশ
জীৱন – মৰণ
পাহাৰ- ভৈয়াম
ঐক্য – অনৈক্য
সংহতি – বিৰোধ
শয়ন – জাগৰণ
বিশ্বাস – অবিশ্বাস
শত্ৰু – মিত্ৰ।
অতিৰিক্ত প্রশ্নোত্তৰঃ
প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া।
(ক) কবিয়ে মোৰ দেশ বুলি কোনখন দেশৰ কথা কৈছে?
উত্তৰঃ কবিয়ে মোৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে।
(খ) কবিৰ চিন্তাই কেনে সপোন ৰচনা কৰে?
উত্তৰঃ ভৱিষ্যতৰ সোনোৱালী সপোন অর্থাৎ শস্য পথাৰ যেনেকৈ সোনালী ৰঙেৰে ভৰি পৰে সেইদৰে ভবিষ্যত পৰম সুখৰ বুলি কবিয়ে আশা কৰিছে।
(গ) কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে?
উত্তৰঃ দেশৰ উন্নয়নমূলক কামৰ যোগেদি।
(ঘ) ‘দেশে দেশে দেশ আছে’ -বুলি কবিয়ে কি কৈছে?
উত্তৰঃ পৃথিৱীত বহুতো দেশ আছে; মহাদেশবোৰৰ ভিতৰত বহুতো দেশ আছে বুলি কৈছে। অর্থাৎ আন লোকৰ দেশ আছে আৰু সেইবোৰে কবিক আনন্দ দিব নোৱাৰে।
(ঙ) কবিয়ে অৰঙে দৰঙে ফুৰা বুলি কোৱাৰ অৰ্থ কি?
উত্তৰঃ কবিয়ে নিজৰ দেশৰ বাদেও অন্যান্য বহুদেশতেই ভ্ৰমণ কৰিছে। কিন্তু স্বদেশৰদৰে কবিক কোনো এখন দেশেই আকৰ্ষণ কৰিব পৰা নাই আৰু কবি নিজেও সেই দেশবোৰৰ বাবে কোনো দিন কোনো চিন্তা কৰা নাই, কোনো আশা কৰা নাই।
(ছ) কবিক স্বদেশে কি কি দিছে?
উত্তৰঃ বুকুৰ উম, ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ।
(জ) ঋতুবিলাকে কবিকে কি দিয়ে?
উত্তৰঃ জীৱনৰ আশীৰ্বাদ। অর্থাৎ ঋতু পৰিবৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিবৰ্তন আনে।
(ঝ) কবিয়ে কিয় জীয়াই আছে?
উত্তৰঃ স্বদেশৰ উন্নতিৰ বাবে।
(ঞ) কবিয়ে নিজক ক’ত থকা বুলি ভাবে?
উত্তৰঃ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত অর্থাৎ দেশৰ কৰ্মীসকলৰ মাজত।
(ট) কবিয়ে অনৈক্যৰ মাজত ঐক্য হৈ থকা বুলি কিয় কৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত বহুতো ৰাজ্য আছে। সেই ৰাজ্যবোৰৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া ভাষা, সংস্কৃতি আছে। কাৰো ভাষাৰ লগত কাৰো মিল নাই আৰু বুজিও নাপায়। কিন্তু কবিয়ে যিবোৰ কাম কৰিছে সেইবোৰ সকলো ভাৰতীয়ৰ বাবেই কৰিছে। সেইবাবে তেওঁ ঐক্য সাধন কৰিব পাৰিব বুলি নিজকে বিশ্বাস কৰে।
প্রশ্ন ২। মোৰ দেশ কবিতাটিত কবিয়ে ব্যৱহাৰ কৰা প্ৰতীক বোৰ উল্লেখ কৰা।
উত্তৰঃ সোনোৱালী শইচ (সোণবৰণীয়া শস্য) অৰঙে-দৰঙে, সাগৰ, খেজুৰ, পাহাৰৰ তলি, পুৱা-সন্ধিয়া, ঋতু, ৰণুৱা, বনুৱা, হালোৱা শান্তিৰ চৰাই ইত্যাদি।
প্রশ্ন ৩। কবিয়ে মোৰ দেশ কবিতাটিত নিজক কি বুলি পৰিচয় দিছে?
উত্তৰঃ এগৰাকী সৰ্বহাৰা স্বদেশপ্রেমিক কৰ্মী বুলি পৰিচয় দিছে।
প্রশ্ন ৪। কবিয়ে শত্রু-মিত্ৰৰ অন্তৰ কেনেকৈ জিনিছে?
উত্তৰঃ বিশ্বাসেৰে জিনিছে।
প্রশ্ন ৫। কবিতাটিত বর্ণিত কথাখিনি তোমাৰ ভাষাৰে লিখা।
উত্তৰঃ মোৰ দেশখন কবিৰ কাৰণে অতিকৈ আপোন, কবিৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ। কবিৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই তেওঁৰ দেশৰ ভৱিষ্যতৰ শইচ সোনোৱালী সপোন ৰচনা কৰে। কবিৰ জীৱনৰ আঁহে আঁহে, তেওঁৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোন তলবলাই উঠে।
পৃথিৱীৰ বুকুত বিভিন্ন দেশ আছে। এনে বহু দেশৰ অলিয়ে গলিয়ে কবিৰে ঘূৰি ফুৰিছে। বহুত বন্ধুৰ লগত হাতত ধৰা ধৰিকৈ ঘূৰি ফুৰিছে— কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, অথবা পাহাৰ-তলিত ক্ষন্তেক জিৰাইছে। বন্ধুৰ লগত প্ৰাণ খুলি কথা বতৰা পাতিছে। তাৰ পিছতে আকৌ নতুন যাত্রা আৰম্ভ কৰিছে।
তেনে যাত্ৰাৰ শেষ কবিৰ দেশ। যি দেশৰ বুকুৰ উমে দিছে কবিক ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো ৰাতিপুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ৷ প্ৰতিটো সন্ধিয়াই তেওঁলৈ বহন কৰি আনে ফুলৰ অপূৰ্ব সুৰভি। প্ৰতিটো ঋতুই কবিক দি যায় জীৱনৰ আশীৰ্বাদ।
এই দেশখনৰ কাৰণেই কবিয়ে একান্তভাৱে জীয়াই আছে। এই দেশখনৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৃত্যু-পণ কৰিছে। কবিয়ে সকলোৰে মাজত আছে—ৰণুৱা, বনুৱা, হালোয়া সকলোৰে মাজত তেওঁৰ দেশৰ কাৰণে তেওঁ আছে। কবিয়ে বিৰাজ কৰিছে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা লৈ। কবিয়ে জীৱনে মৰণে, শয়নে-সপোনে তেওঁৰ দেশৰ আহ্বান শুনিছে। শত্রু-মিত্র নির্বিশেষে সকলোকে তেওঁ চিনি পাইছে, সিহঁতৰ অন্তৰ কবিয়ে বিশ্বাসেৰে জিকিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই দিছে ভঁৰালৰ এমুঠি ধান আৰু প্ৰাণৰ একোটি গান।
প্রশ্ন ৬। তলত দিয়া বাক্যাংশবোৰ কি কি অৰ্থত ব্যৱহৃত হৈছে আলোচনা কৰি দেখুৱা।
‘শইচ-সোনোৱালী’ ‘সপোনৰ কলৰোল’, ‘অৰঙে-দৰঙে’, ‘ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ’, ‘জীবনৰ আশীৰ্বাদ’, ‘সংহতিৰ সম্ভাৱনা’, শান্তিৰ চৰাইযুৰি’।
উত্তৰঃ শইচ্-সোনোৱালী – শইচ্-সোনোৱালী শব্দটোৱে পকা ধাননি পথাৰৰ চিত্ৰ মনৰ মাজত ফুটাই তোলে। কবিৰ নিজৰ দেশখন হ’ল কৃষিজীৱী মানুহৰ দেশ। বিভিন্ন খেতিৰ ভিতৰত ধানৰ খেতিয়ে প্ৰধান। ‘উজ্জ্বলতা’ কথাটো বুজাবলৈ গৈ কবিয়ে শইচ-সোনোৱালী শব্দটো ব্যৱহাৰ কৰাত কবিয়ে তেওঁৰ দেশৰ কৃষিজীৱী ৰাইজৰ লগত কিমান ঘনিষ্ঠভাবে জড়িত সেই কথাটো ওলাই পৰিছে। শইচ-সোনোৱালী’ শব্দটোত আশা-বাদৰ পৰশ এটাও নথকা ন হয়। কৃষকসকলৰ আশাভৰসাৰ থলি হ’ল শস্য-পথাৰ। সেই আশাবাদেই কবিকো প্ৰভাৱান্বিত কৰিছে। তেওঁ ও ভবিষ্যতৰ আশাবাদী সপোন দেখিছে।
সপোনৰ কলৰোল— ইয়াৰ অৰ্থ সপোনৰ উকমুকনি লগা বুলিব পাৰি৷ স্কুলীয়া অনুষ্ঠানবোৰত ল’ৰাবোৰ আহি উপস্থিত হোৱাৰ লগে লগে কলৰোল লাগি পৰে। সেই কলৰোল লগা অৱস্থাত কাৰো মাত কোনেও বুজি নোপোৱা অৱস্থা হয়। তেনেকৈ কবিৰ মনোজগততো ইমানবোৰ সপোনৰ সমাবেশ হৈছে
যে তাৰ ভিতৰত কোনটো সপোন কি ধৰণৰ, ধৰিব নোৱাৰা অৱস্থা হৈছে। ‘সপোনৰ কলৰোল’ অভিব্যঞ্জনাৰ দ্বাৰা কবিয়ে মনৰ মাজৰ বিশৃঙ্খল অৱস্থা এটা সুন্দৰকৈ ফুটাই তুলিছে।
অৰঙে দৰঙে— দিহিঙে-দিপাঙে। কবিয়ে বিভিন্ন দেশ ভ্রমণ কৰিছে আৰু সেই দেশবোৰৰ অৰঙে দৰঙে ফুৰিছে। অর্থাৎ সেই দেশৰ কোনো ঠাইকে বাদ দিয়া নাই। পাহাৰৰ শিখৰে হ’ক বা বিলৰ বুকুৰে হ’ক, কবিয়ে যাবলৈ বাদ দিয়া নাই। অর্থাৎ দেশখন পাট পাটকৈ ঘুৰিছে। সেই দেশৰ কোনো বস্তু কবিৰ দৃষ্টিৰ পৰা বাদ পৰি যোৱা নাই৷ মস্ত প্ৰকাণ্ড বস্তুৰ পৰা একেবাৰে সূক্ষ্ম বস্তুলৈ সকলোকে তেওঁ নিৰীক্ষণ কৰিছে। অৰঙে-দৰঙে শব্দটোৱে আন্তৰিকতাৰে অৱলোকন কৰা কথাটোৰ অৰ্থ সূচীত কৰিছে।
জীৱনৰ আশীৰ্বাদ— জীয়াই থকাৰ স্নেহাশীষ। জন্মভূমিয়ে হ’ল আমাৰ জননী। জননীৰ স্নেহাশীষ সদায় পুত্ৰৰ মূৰৰ ওপৰত বৰ্ষিত হয়। জন্মভূমিৰো স্নেহাশীষ তেনেকৈ দেশত বাস কৰা প্ৰতিজন লোকৰ শিৰতে নিপতিত হয়। জন্মভূমিৰ সেই স্নেহাশীষ লৈয়েই মানুহে জীৱন-পথত আগবাঢ়ি যাবলৈ নতুন শক্তি লাভ কৰে। সেই কথাটোকে কবিয়ে মর্মে মর্মে উপলব্ধি কৰিছে যে তেওঁৰ দেশৰ প্ৰতিটো ঋতুৱে তেওঁক দি যায় জীৱনৰ আশীৰ্বাদ। কেৱল কবি বুলিয়ে নহয়, দেশৰ সকলোবোৰ অধিবাসীৰ ওপৰতে জন্মভূমিৰ সেই স্নেহাশীবাদ নিপাতিত হয়। সেই কাৰণেইতো প্ৰত্যেকৰে নিজৰ দেশৰ লগত নিবিড় সম্পর্ক থকা উচিত। সেই আদর্শটোকে কবিয়ে অতি সুন্দৰভাৱে উপস্থাপন কৰিছে।
সংহতিৰ সম্ভাৱনা— মিলনৰ আগজাননী। কবিয়ে প্রত্যক্ষভাৱে উল্লেখ কৰা নাই যদিও তেওঁৰ দেশখন ভাৰত, ঘোৰ অনৈক্য, বিৰাট বিৰোধেৰে পৰিপূৰ্ণ। তাৰ কাৰণে দেশবাসীৰ মাজত নানা সংঘর্ষও সংঘটিত হৈ আছে । জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত কিমান মানুহে যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে সেই সম্পর্কে কবি অবিদিত নহয়। সেই কাৰণেই তেওঁ অনৈক্যৰ মাজত ঐক্যবদ্ধ হব বিচাৰিছে আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভৱনা দেখিছে। কবিয়ে কবি-মনেৰে বাঞ্ছা কৰে যে সকলো ধৰণৰ বিৰোধ তেওঁৰ দেশৰ পৰা আঁতৰি যাওঁক আৰু সংহতিত দেশ একগোট হওঁক।
শান্তিৰ চৰাইযুৰি— কবি সকল হ’ল শান্তি-প্ৰয়াসী। সাধাৰণতে বিৰোধ, বা যুদ্ধ-বিগ্ৰহৰ মাজত কবিতা ৰচনা নচলে। সেই কাৰণে কবিসকলে যুদ্ধ-বিগ্রহ নিবিচাৰে, বিৰোধ বা আন্দোলন-সংঘর্ষ আদি নিবিচাৰে ৷ তেওঁলোকে যুদ্ধ-বিগ্রহ বর্জিত, সংঘর্ষ-বিহীন শান্ত, শীতল সমাজ এখন বিচাৰে। সেই কাৰণে কবিয়েও তেওঁৰ দেশৰপৰা সকলো সংঘর্ষ, সকলো দাঙ্গা-হাঙ্গামা আঁতৰি যোৱাটোকে বাঞ্ছা কৰিছে আৰু শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। অর্থাৎ কবিয়ে বাঞ্ছা কৰিছে যেন নিৰিবিল শান্তিয়ে তেওঁৰ দেশখন ভৰাই তোলে।
প্রশ্ন ৭। ‘মোৰ দেশ’ কবিতাটোতে কবিয়ে নিজৰ দেশ খনক কি কাৰণে ভাল বুলি কৈছে, আলোচনা কৰি দেখুৱা।
উত্তৰঃ ‘মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিয়ে নিজৰ দেশৰ উৎকর্ষতা নিৰূপণ কৰিছে। অৱশ্যে তেওঁ তেওঁৰ দেশখন ভাল বুলি প্ৰত্যক্ষভাৱে কবলৈ যোৱা নাই। তাৰ সলনি পৰোক্ষ পদ্ধ তিহে অবলম্বন কৰিছে। তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ গৈছে, নানা দেশৰ অৰঙে-দৰঙে ঘূৰিছে। অকলেও ঘূৰা নাই, অন্তৰঙ্গ বন্ধুৰ লগত, মনখুলি কথা পাতি বিভিন্ন ঠাইত জিৰাইছে— কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, কেতিয়াবা পাহাৰৰ পাদমূলত ৷ কিন্তু তাৰ পিছত আকৌ নতুন নয় যাত্ৰা আৰম্ভ কৰিছে ৷ সেই সকলোবোৰ যাত্ৰাৰ শেষ হ’ল তেওঁৰ নিজৰ দেশ পাই। তাৰ মাজেৰে কবিয়ে এইটো কথাকে প্রতিপাদন কৰিছে যে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ঘুৰি ফুৰিলেও কতো শান্তি নাপালে, শান্তি পালে আহি নিজৰ দেশ ভাৰততহে । তেওঁৰ নিজৰ দেশক ভালোপোৱাৰ কাৰণ হ’ল সেই দেশৰ উমে তেওঁক দিছে ভালপোৱাৰ আনন্দ, যৌবনৰ প্ৰাচুৰ্য্য, জীৱনৰ নতুন অর্থ। কাৰণ, সেই দেশৰ প্ৰতিটো পুৱাই তেওঁলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই লৈ আহে ফুলৰ স্নিগ্ধ সুৱাস আৰু প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। সেই কাৰণেই কবিয়ে তেওঁৰ দেশক ইমান ভাল পায়।
নিজৰ দেশখনক সিমানকৈ ভালপোৱা কাৰণেই কবিয়ে পৃথিৱীৰ বিভিন্ন দেশত ঘূৰিছে, অন্তৰঙ্গ বন্ধুৰ সৈতে মনৰ কথা পাতি বিভিন্ন ঠাইত জিৰাইছে, তথাপি কবিয়ে শান্তি পোৱা নাই৷ পুনৰ নতুন যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ শেষ কৰিছে আহি নিজৰ দেশত। নিজৰ দেশৰ সেই মাধুর্য সেই আপোনত্ব ইমান সুন্দৰকৈ কবিয়ে কবিতাটোৰ মাজেৰে ফুটাই তুলিছে যে তাৰ সীমা নাই। হীৰেন ভট্টাচাৰ্য্যৰ দৰে এনে সুৱদী সুৰীয়াকবি অসমীয়া সাহিত্যত আৰু দ্বিতীয় এজন নাই। তেওঁৰ নিজ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা কেইজনে ইমান প্রাণস্পর্শীভাৱে ফুটাই তুলিব পাৰে? বোধহয় কোনেও নোৱাৰে। কবিয়ে হাড়ে হিমজুৱে, প্ৰতিটোপা বুকুৰ তেজেৰে দেশক ভাল পায় আৰু তেওঁৰ সেই নির্ভেজাল ভালপোৱাটোৱে অন্তৰপৰশা কৰি প্ৰকাশ কৰিছে । তথাপি নিজৰ জৰিয়তে তেওঁ মানুহক এটা আদর্শ দেখুৱাইছে যে প্রতিজন দেশবাসী লোকেই তেনে নিস্পৃহ, নিস্বার্থ নির্ভেজালভাৱে নিজৰ দেশখনক ভালপোৱাটো উচিত। কবিয়ে অৱশ্যে আনক ভালপাবলৈ আহ্বান নকৰি বা উপদেশ নিদি নিজৰ কাৰ্য্যৰ মাজেৰে তাৰ প্ৰকাশ কৰিছে। কাৰণ উপদেশতকৈ আদৰ্শৰ মূল্য অধিক। সেই কাৰণে তেওঁ উপদেশ নিদি দেশ-প্ৰেমৰ আদৰ্শ দেখুৱাইছে । সেই আদৰ্শ দেখুৱাবলৈ যাওঁতেই কবিৰ মহত্ত্ব ফুটি ওলাইছে।
প্রশ্ন ৮। ‘মোৰ দেশ’ কবিতাত কবিয়ে কি কাৰণে জীয়াই থকা বুলি কৈছে, অথবা তেওঁৰ জীয়াই থকাৰ সাৰ্থকতা কি বুলি দেখুৱাইছে আলোচনা কৰা।
উত্তৰঃ ‘মোৰ দেশ’ কবিতাত কবিয়ে কৈছে যে তেওঁ তেওঁৰ দেশৰ কাৰণে জীয়াই আছে আৰু দেশৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে । কাৰণ তেওঁ নিজৰ দেশখনক খুব ভাল পায়, নিজৰ দেশখন তেওঁৰ প্ৰাণতকৈয়ো আপোন আৰু গানতকৈয়ো মধুৰ। এই দেশৰ বুকুতে তেওঁ শইচ-সোনোৱালী ভবিষ্যতৰ আশাভৰা সপোন দেখিব পাৰে। কবিৰ জীৱনৰ আঁহে আঁহে যৌৱনৰ কোঁহে কোঁহে সেই সপোনবোৰেই ব্যাপ্ত হৈ আছে। নিজৰ দেশখন যে ‘পৃথিবীৰ কতো তুলনা নোপোৱা’ সেই কথা কবিয়ে প্রত্যক্ষভাৱে কোৱা নাই। কিন্তু পৰোক্ষ ইঙ্গিতেৰে বুজাইছে যে তেওঁৰ দেশখনেই পৃথিৱীৰ সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ। তেওঁ তাৰ ব্যক্তিগত অভিজ্ঞতা সংগ্ৰহ কৰিছে।
তেওঁ বিভিন্ন দেশৰ ‘অৰঙে-দৰঙে’ ঘূৰিলে। অকলেও ঘূৰি ফুৰা নাই । অন্তৰঙ্গ বন্ধুৰ লগত হাতত হাত মিলাই বিভিন্ন ঠাইত জিৰাইছে— কেতিয়াবা সাগৰৰ পাৰত কেতিয়াবা মৰুভূমিত আৰু কেতিয়াবা পাহাৰৰ পাদমূলত। তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ শেষ হৈছে আহি নিজৰ দেশতহে। তাৰ মানে কবিয়ে বিভিন্ন দেশ চাই জিৰাইছে, ফুৰিছে, যাত্ৰাৰ শেষ কৰিব খোজা নাই; আকৌ যাত্ৰা আৰম্ভ কৰিছে, যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশত আহি ৷ গতিকে কবিয়ে ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখুৱাই দিলে যে পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত কবিৰ দেশ শ্রেষ্ঠ।
নিজৰ দেশখনক— ভাৰতবৰ্ষক ভালপোৱাৰ কাৰণ হিচাবে ভট্টাচাৰ্য্য কবিয়ে কৈছে, যে এই দেশৰ উমে তেওঁক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই কবিৰ কাৰণে বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। আৰু প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধফুলৰ সুৱাস। প্ৰতিটো ঋতুই কবিক দি যায় জীৱনৰ আশীৰ্বাদ।
ৰণুৱা, বনুৱা হালোৱা— সকলোৰে মাজত কবি আছে তেওঁৰ দেশৰ কাৰণে অৰ্থাৎ তেওঁৰ দেশৰ কাৰণে কবিয়ে ৰণুৱাৰ লগতো ৰণ কৰিছে, বনুৱাৰ লগতে বন কৰিছে আৰু হালোৱাৰ লগতো হাল বাইছে। দেশৰ মাজত যদি অনৈক আছে, কবিয়ে হৈছে তাত ঐক্যৰ প্ৰতীক, বিৰোধ যদি আছে কবিয়ে হৈছে তাত সংহতিৰ সম্ভাৱনা।
কবিয়ে জীৱনে- মৰণে, শয়নে-সপোনে দেশৰ আহ্বান শুনিছে । তেওঁৰ দেশত থকা শত্রু-মিত্র সকলোকে তেওঁ চিনি পাইছে আৰু মিত্ৰ সকলৰ অন্তৰতে জিনিছেই, শত্ৰু সকলৰ অন্তৰো কবিয়ে বিশ্বাসেৰে জিনিছে। অর্থাৎ কবি শত্রুৰে প্রীতিভাজন হ’ব পাৰিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ পৰা এমুঠি ধান দিছে আৰু দিছে পৰাণৰপৰা একোটি গান । তাত বাহিৰে সৰ্বহাৰা কবিৰতো দিবলৈ আৰু একো নাই।
কবিয়ে গোটেই জীৱন ধৰি দেশৰ চিন্তাই কৰি আহিছে, দেশৰ মঙ্গল কামনাই কৰি আহিছে। সেই কাৰণেই কবিয়ে জীয়াই আছে আৰু তাতেই বিচাৰি পাইছে জীৱনৰ সাৰ্থকতা।
আঁতি-গুৰি লগাই ব্যাখ্যা কৰা
১। মোৰ প্ৰাণৰো প্ৰাণৰ… ভবিষ্যতৰ সপোন।
এই কবিতাষাৰ শ্ৰী হীৰেন ভট্টাচাৰ্য্যৰ ‘মোৰ দেশ’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে ৷ কবিতাটোৰ মাজেৰে কবিৰ দেশৰ লগত থকা নিবিড় সম্পৰ্কৰ কথাটো সুন্দৰভাৱে ওলাই পৰিছে। একোখন দেশৰ অগণন মানুহ থাকে। কিন্তু নিজৰ দেশৰ লগত, নিজৰ জন্মভূমিৰ লগত ইমান ঘনীভূত সম্পর্ক জানো সকলোৰে থাকে? ইমান গভীৰভাৱে জানো সকলোৱে নিজৰ দেশক ভাল পায়? বোধ হয়, নাপায়। কিছুমান হয়তো দেশৰ প্ৰতি ভালপোৱা অনুভৱ কৰে; কিন্তু কবিৰ দলে মনৰ ভাৱ বাহিৰত প্ৰকাশ কৰিব নোৱাৰে। অৱশ্যে দেশৰ লগত কবিৰ যি গভীৰ ভালোপোৱাৰ ইঙ্গিত ব্যক্ত হৈছে, দেশ-প্ৰেমৰ তেনেকুৱা গভীৰতা হয়তো বহুতৰ নাথাকে। কবিৰ কাৰণে নিজৰ দেশখন হ’ল মধুৰতকৈ মধুৰতৰ বস্তু। কবিয়ে প্ৰতিটো কামকে কৰিছে দেশৰ উদ্দেশ্যে, প্ৰতিটো চিন্তাকে কৰিছে দেশৰ কাৰণে৷ তেওঁৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত শইচ সোনোৱালী ভৱিষ্যতৰ সপোন ৰচে। ভৱিষ্যতে নিজ দেশৰ সৰ্বপ্ৰকাৰ উন্নতিয়েই কবিৰ একমাত্ৰ চিন্তা। নিজৰ দেশক ভাল পোৱাটো প্ৰতিজন দেশবাসীৰে কৰ্তব্য। কিন্তু কৰ্তব্য হ’লে কি হ’ব, বহুতে সেই কর্তব্য পালন নকৰে। কিছুমানে আকৌ দেশক ভালপোৱাৰ বিপৰীতে দেশৰ অন্যায় চিন্তা কৰি দেশদ্রোহিতাৰ আচৰণ কৰে। তেনেলোকৰ কাৰণে ‘মোৰ দেশ’ কবিতাটো বিশেষ আদর্শ। ই দেশদ্রোহীবোৰৰ চকুত আঙ্গুল দি দেখুৱাই দিব যে নিজ দেশক ভালপোৱাটোহে মনুষ্যৰ কৰ্তব্য, দেশৰ অন্যায় চিন্তা কৰাটো পাশৱিকতা। মানুহৰ প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা দেশৰ মঙ্গলৰ হ’কে হ’ব লাগে। যেতিয়া কোনো দেশৰ প্ৰতিজন মানুহৰ চিন্তা দেশৰ মঙ্গলৰ কাৰণে হয়, তেতিয়া সেই দেশ যে প্রগতিৰ বাটৰ খোজে খোজে আগবাঢ়ি যাব তাত কোনো সন্দেহ নাই। সেই কাৰণে ‘মোৰ দেশ’ৰ কবিয়ে যেনেকৈ নিজ দেশক ভাল পাইছে, তেনেকৈ প্ৰতিজনে নিজ দেশক ভালপোৱাটো উচিত। কবিয়ে ইয়াত মন কৰিবলগীয়া ‘মোৰ দেশ’ বুলি ভাৰতবৰ্ষক হে বুঝাইছে।
২। দেশে দেশে দেশ আছে…মই ঘূৰিছোঁ।
এই কবিতা দুশাৰী শ্ৰীহীৰেন ভট্টাচাৰ্য্যৰ ‘ মোৰ দেশ’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে। ‘মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশপ্ৰেমৰ অত্যুজ্জল নিদর্শন ফুটি ওলাইছে। কবিয়ে নিজৰ দেশখনক ভাল পায়, অতি ভাল পায়। তেওঁৰ প্ৰাণে বিচৰা, গানে বিচৰা দেশখনৰ কাৰণে কবিয়ে প্ৰতিটো কাম কৰিছে প্ৰতিটো চিন্তা কৰিছে । কবিৰ জীৱনৰ আঁহে আঁহে যৌৱনৰ কোঁহে কোঁহে দেশৰ সপোন জড়িত হৈ আছে।
এই পৃথিৱীতঅনেক দেশ আছে। সেই বিভিন্ন দেশৰ মাজে মাজে পৰ্বতে কন্দৰে, চুকে-কোণে সকলোতে কবিয়ে ঘূৰি ফুৰিছে। কিন্তু বহু দেশৰ মাজে মাজে কবিয়ে ঘূৰি ফুৰিছে যদিও তথাপি তেওঁৰ মনে শান্তি লাভ কৰিব পৰা নাই। সেই বিভিন্ন দেশবোৰৰ মাজত অকলশৰে ঘূৰি ফুৰা কাৰণেই যে তেওঁ শান্তি নাপালে সেইটো নহয়। বিভিন্ন অন্তৰঙ্গ বন্ধুৰ লগতেই সেই দেশবোৰত ঘূৰি ফুৰিছিল। বন্ধুৰ হাতে হাতে ধৰাধৰি কৰি কেতিয়াবা গৈ সাগৰৰ পাৰত জিৰাইছে কেতিয়াবা মৰুভূমিত খেজুৰ তলিত জিৰাইছে আৰু কেতিয়াবা জিৰাইছে পাহাৰৰ দাঁতিত। সেই জিৰণিকালত বন্ধুৰ লগত প্রাণ খুলি অনেক কথাও পাতিছে। তাৰ পিছতে আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। তেনে বহু যাত্ৰাৰ শেষ হ’ল তেওঁৰ নিজা দেশখন পাই। কবিয়ে প্ৰত্যক্ষভাৱে নিজৰ দেশখনক ভাল বুলি কবলৈ যোৱা নাই, নাইবা আনৰ দেশকো বিদ্রূপ কৰা নাই । পৃথিবৱীত নানা ধৰণৰ সুন্দৰ দেশ আছে। সেই বিভিন্ন দেশবোৰৰ মাজে মাজে কবিয়ে পাট্ পাট্কৈ ঘূৰিছে। কিন্তু বিভিন্ন দেশলৈ যাত্রা কৰি কৰিও তেওঁৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটাব পৰা নাই। পৰিসমাপ্তি ঘটিছে আহি নিজৰ দেশত। তেওঁ বিভিন্ন দেশত ঘূৰি ফুৰিছে যদিও লগত অন্তৰঙ্গ বন্ধু বান্ধব আদিও আছে, যদিও তেওঁ মানসিক তৃপ্তি লাভ কৰি কতো ৰৈ থাকিব পৰা নাই। যাত্ৰাৰ পিছত যাত্ৰা কৰি আছে, সেই সকলো যাত্ৰাৰ পৰিসমাপ্তি হৈছে আহি নিজৰ দেশত। অর্থাৎ তেওঁ যি মানসিক শান্তি বিচাৰে সেই শান্তি লাভ কৰে নিজৰ দেশতহে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি কবি কিমান অন্তৰঙ্গভাবে দেশৰ লগত জড়িত।
৩। যাৰ বুকুৰ উমে…জীৱনৰ নতুন অর্থ।
এই কবিতা দুশাৰী শ্ৰীহীৰেন ভট্টাচাৰ্য্যৰ‘মোৰ দেশ’ নামৰ আধুনিক কবিতাটোৰ পৰা তুলি দিয়া হৈছে । কথাষাৰৰ মাজেৰে কবিৰ দেশৰ লগত থকা গভীৰ সম্পৰ্কৰ কথাটো ফুটি ওলাইছে। কবি দেশপ্রেমিক। দেশখন তেওঁৰ অতিকৈ আপোন৷ তেওঁৰ নিজৰ প্ৰাণতকৈও আপোন, গানতকৈও মধুময়। কবিৰ সকলো কৰ্ম, সকলো চিন্তা পৰিচালিত হৈছে দেশৰ কাৰণে। সেই দেশৰ কাৰণে ভবিষ্যতৰ কত সোনালীসপোন কবিৰ মনত জিলিকি আছে। কবিয়ে অনুভব কৰিছে যেন তেওঁৰ জীৱনৰ আঁহে আঁহে যৌৱনৰ কোঁহে কোঁহে সেই দেশৰ সপোনে চলবলাই ফুৰিছে। কবিয়ে বিভিন্ন দেশত ভ্ৰমণ কৰিছে, অন্তৰঙ্গ বন্ধুৰ লগত মিলিজুলি কিমান বিভিন্ন ঠাইত জিৰাইছে। কিন্তু কতো ৰোৱা নাই, আকৌ যাত্ৰা আৰম্ভ কৰিছে। সেই বিভিন্ন যাত্ৰাৰ শেষ হৈছে আহি তেওঁৰ নিজৰ দেশত। তেওঁৰ সপোনৰ-গোপনৰ আৰাধনা সেই নিজৰ দেশ। এই দেশত প্ৰতিটো অণু পৰমাণুৰ সৈতে কবিৰ নিবিড় ভাৱে সম্পৰ্ক জড়িত। এই দেশৰ উমেই কবিক দিছে ভালপোৱাৰ প্ৰাচুৰ্য্য, যৌৱনৰ আনন্দ;এই দেশেই দান কৰিছে তেওঁৰ জীৱনৰ নতুন অর্থ। সঁচাকৈ দেশত বাহিৰে মানুহৰ বেলেগ অস্তিত্ব থাকিব নেলাগে। যি দেশৰ বুকুত জন্মলাভ কৰি ডাঙৰ-দীঘল হোৱা যায়, যি দেশৰ বুকুত যৌৱনৰ প্ৰাচুৰ্য্য, জীৱনৰ বাঞ্ছিত আনন্দ লাভ কৰা যায়, সেই নিজ দেশ মানুহৰ যে কিমান আপোন, কিমান, মৰমৰ হ’ব পাৰে তাকে কৈ শেষ কৰিব নোৱাৰি। নিজৰ দেশৰ বুকুতেই জীৱনৰ নতুন অৰ্থও বিচাৰি পাব পাৰে, পাইছেও৷ তেওঁ বিভিন্ন দেশ-বিদেশে যাত্ৰা কৰি, বিভিন্ন দেশৰ অৰঙে-দৰঙে ভ্ৰমণ কৰি, কতো যাত্ৰাৰ শেষ কৰিব নোৱাৰিলে, ক’তো জীৱনৰ অৰ্থ বিচাৰি নাপালে। তেনেকৈ কবিৰ বিভিন্ন অভিযানৰ শেষ সমাধি ঘটিল আহি নিজৰ দেশত। তেওঁৰ জীৱনৰ নতুন অৰ্থও বিচাৰি পালে নিজৰ দেশ ভাৰতবৰ্ষত।
৪। এই দেশৰ প্ৰতিটো পুৱাই…জীৱনৰ আৰ্শীবাদ।
এই কবিতা কেইশাৰী হীৰেন ভট্টাচাৰ্য্যৰ ‘মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে । কবিতাখিনিৰ মাজেৰে কবিৰ দেশৰ লগত থকা অন্তৰঙ্গ সম্পৰ্কৰ কথাটোৱে কাব্যিক ৰূপত ওলাই পৰিছে। কবিয়ে তেওঁৰ দেশখন যে পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সেইটো কবলৈ যোৱা নাই। তাৰ সলনি তেওঁ নিজৰ দেশৰ লগত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথাটোহে ৰূপায়িত কৰিছে। পৰোক্ষভাৱে অৱশ্যে কবিয়ে নোকোৱাকৈ থকা নাই যে সকলো দেশৰ মাজত তেওঁৰ দেশেই শ্রেষ্ঠ। তেওঁ পৃথিৱীৰ বিভিন্ন দেশৰ মাজে মাজে ঘূৰি ফুৰিছে। অকলশৰেও ঘূৰা নাই, অন্তৰঙ্গ বন্ধুৰ লগত হাঁহি, খিকিন্দালি কৰি কেতিয়াবা সাগৰৰ পাৰত জিৰাইছে, কেতিয়াবা জিৰাইছে গৈ মৰুভূমিৰ খেজুৰতলিত আৰু কেতিয়াবা জিৰাইছে গৈ পৰ্বতৰ পাদদেশত। কিন্তু ক্ষণিকৰ কাৰণেহে, তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। অর্থাৎ পৃথিবীৰ সেই বিভিন্ন দেশৰ কোনো দেশতে তেওঁৰ যাত্ৰাৰ ওৰ পেলাব নোৱাৰিলে। যাত্ৰাৰ ওৰ পৰিল আহি নিজৰ দেশত। সেইখনেই কবিৰ দেশ যাৰ বুকুৰ উমে কবিক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য, জীৱনৰ নতুন অৰ্থ। সেই দেশৰ প্ৰতিটো ৰাতিপুৱাই কবিৰ কাৰণে বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সপোন-মধুৰ প্ৰভাতে কবিক প্ৰাণ প্ৰাচুৰ্যৰে উদ্বেল কৰি তোলে। সেই দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ কাৰণে বোৱাই আনে স্নিগ্ধ ফুলৰ সুবাস। ফুলৰ সুবাসেৰে আবেলি কালছোৱা সপোন বিভোৰ হৈ উঠে। প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ, জীয়াই থকাৰ আবেগ-মধুৰ উল্লাস। নিজৰ দেশৰ লগত মানুহৰ যিয়ে গভীৰ সম্পৰ্ক, সেই কথাটো কবিয়ে অতি অন্তৰঙ্গতাৰে প্ৰকাশ কৰিছে । মানুহৰ প্ৰতিটো নিঃশ্বাস প্রশ্বাসৰ লগত, প্ৰতিটো ৰক্তবিন্দুৰ লগত মানুহৰ নিজ দেশৰ লগত থকা সম্পৰ্ক বিৰাজ কৰে। সেই কাৰণে নিজ দেশৰ প্ৰতিটো অণু-পৰমাণু সেই দেশৰ অধিবাসীৰ কাৰণে পৰম পবিত্র। কবিৰ দৰেই প্রত্যেক লোকৰে নিজ দেশৰ লগত নিবিড় সম্পর্ক থাকিব লাগে।
৫। এই দেশৰ বাবে…মৰণ-পণ কৰিছোঁ।
এই কবিতা দুশাৰী হীৰেন ভট্টাচাৰ্য্যৰ মোৰ দেশ’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে। কবিয়ে নিজ দেশৰ বাবে জীয়াই আছে আৰু নিজৰ দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছে। এই আদৰ্শই হ’ব লাগে প্রতিজন, দেশবাসীৰ ব্ৰত। কাৰণ নিজৰ দেশৰ লগত মানুহৰ সম্পৰ্ক কেৱল এইটো জনমেৰে নহয়, নিজৰ দেশৰ লগত মানুহৰ জন্ম-জন্মান্তৰৰ সম্পৰ্ক বিৰাজ কৰে। জন্মভূমিৰ লগত থকা সেই চিৰন্তন সম্পৰ্কটো হীৰেন ভট্টাচাৰ্য্যৰ ‘মোৰ দেশ’ কবিতাটোৰ মাজেৰে সুন্দৰকৈ ওলাই পৰিছে। কবিয়ে নিজৰ দেশখন যে সর্বশ্রেষ্ঠ সেই কথা কবলৈ যোৱা নাই। কিন্তু পৰোক্ষ ভাবে তাৰ ইঙ্গিত নিদিয়াকৈয়ো থকা নাই। তেওঁ বিভিন্ন দেশৰ মাজত ভ্ৰমণ কৰিছে, অলিয়ে- গলিয়ে ফুৰিছে, অকলশৰেও নহয়, অন্তৰঙ্গ বন্ধুৰ লগত, মনখুলি কথা পাতি কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত আৰু কেতিয়াবা পৰ্বতৰ মূলত জিৰাইছে। কিন্তু ক্ষন্তেকৰ কাৰণেহে, তাৰ পিছত আকৌ নতুন যাত্রা আৰম্ভ কৰিছে। কবিৰ সেই সকলো যাত্ৰাৰ শেষ হৈছে আহি নিজৰ দেশত। সেইখন দেশৰ কাৰণেই কবিয়ে জীয়াই আছে। নিজ দেশৰ কাৰণে জীয়াই থাকিবলৈ কবিয়ে মৰণ-পণ কৰিছে। যিখন দেশৰ প্ৰতিটো পুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, যিখন দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ কাৰণে বোৱাই আনে ফুলৰ সুবাস, যিখন দেশৰ প্ৰতিটো ঋতুৱে কৱিক দি যায় জীৱনৰ আশীৰ্বাদ, সেই দেশখনৰ কাৰণেই কবিয়ে জীয়াই আছে আৰু সেই দেশৰ কাৰণে জীয়াই থাকিবলৈ কবিয়ে মৰণ-পণ কৰিছে। এই আদৰ্শই হ’ব লাগে প্রতিজন দেশবাসীৰে। যেতিয়া প্রতিজন দেশবাসীয়ে তেনেকুৱা মহৎ আদৰ্শত অনুপ্রাণিত হৈ উঠিব, তেতিয়া সেই দেশৰ উন্নতি অনিবার্য।
৬। শত্রু মিত্ৰ সকলোকে মই…একোটি গান।
এই কবিতা কেইশাৰী হীৰেন ভট্টাচাৰ্য্যৰ — মোৰ দেশ’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে ৷ কবিতাটোৰ মাজেৰে কবিৰ দেশৰ লগত একাত্মতা ভাৱটো সুন্দৰকৈ ফুটি ওলাইছে । কবিয়ে অনুভব কৰে যে তেওঁৰ দেশ তেওঁৰ প্ৰাণতকৈয়ো আপোন, গানতকৈও সুৱদী। সেই দেশৰ চিন্তাতে তেওঁ সকলো কাম কৰিছে, সেই দেশৰ চিন্তাই তেওঁৰ মনত জগাই দিছে শইচ্ সোনোৱালী ভবিষ্যতৰ সপোন। কবিয়ে বিভিন্ন দেশ ভ্ৰমণ কৰিছে, নানা দেশৰ অৰঙে-দৰঙে ঘূৰিছে। অকলশৰেও ঘূৰা নাই, লগত আছে অন্তৰঙ্গ বন্ধু ৷ হাতত ধৰাধৰিকৈ মনৰ কথা পাতি পাতি কিমান ঠাইতে জিৰালে। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত আৰু কেতিয়াবা পাহাৰৰ পাদমূলত। কিন্তু জিৰণিৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ হৈছে। তেনে বহু যাত্ৰাৰ সামৰণি পৰিছে কবিৰ নিজৰ দেশত। সেইখনেই তেওঁৰ দেশ, যাৰ বুকুৰ উত্তাপে কবিক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য আৰু জীৱনৰ নতুন অর্থ। যি দেশৰ প্ৰতিটো পুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ আৰু প্ৰতিটো সন্ধিয়াই বিলাই দিয়ে নানা ৰঙীন ফুলৰ স্নিগ্ধ সুবাস, সেইখনেই তেওঁৰ দেশ। সেই দেশৰ প্ৰতিটো ঋতুৱেই কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেই দেশৰ কাৰণেই কবিয়ে জীয়াই আছে। সেই দেশৰ বাবে জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে। দেশৰ কাৰণে কবিয়ে ৰণুৱা, বনুৱা, হলোৱাৰ মাজত অনৈক্যব মাজত ঐক্য হৈ, সিবোৰৰ মাজত সংহতিৰ সম্ভাৱনা লৈ কবি জীয়াই আছে। জীৱনে-মৰণে শয়নে-সপোনে কবিয়ে নিজ দেশৰ আহ্বানৰ প্ৰতি সদায় সহৃদয় সঁহাৰি জনাইছে, নিজ দেশৰ সকলোকে কবিয়ে চিনি পায়; শত্রু মিত্র নিৰ্বিশেষে ৷ সিহঁতৰ অন্তৰবোৰ কবিয়ে বিশ্বাসেৰে জিকিছে। শত্রু মিত্ৰৰ অন্তৰজয়ী কবিয়ে শান্তিৰ কপৌযুৰিক অঞ্জলি ভৰাই দিছে ভঁৰালৰ পৰা এমুঠি ধান আৰু পৰাণৰ পৰা এটি গান। তাত বাহিৰে দিবলৈ কবিৰতো আৰু একো নাই। কবিয়ে নিজ দেশৰ কাৰণে যিখিনি নিজস্ব সম্পদ আছিল সিখিনি হিয়া উজাৰ কৰি দিছে। তাৰ উপৰি বেছিকৈদিব নোৱাৰি কবি যেন ব্যথিত হৈ পৰিছে। তথাপি কবিৰ নিজ দেশৰ কল্লোলিত সপোনৰ উত্তাল তৰঙ্গই কবিক লৈ যায় গভীৰৰ পৰা গভীৰ তৰলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ। নিজ দেশৰ বাবে কবিৰ যি আত্মস্বাৰ্থত্যাগৰ মহান ভাৱ সেই ভাৱ প্ৰতিজন দেশবাসীৰে চিৰসঙ্গী হ’ব লাগে, তেতিয়াহে যদি দেশৰ উন্নতি হয়।
৭। প্ৰতিটো শব্দৰ অৰ্থ লিখি বাক্য সাজা।
(ক) অৰঙে দৰঙে — (অলিয়ে গলিয়ে) গুৱাহাটী চহৰৰ অৰঙে-দৰঙে মই ঘূৰি ফুৰিছোঁ।
(খ) কলৰোল — (শব্দ বা ধ্বনি) ধুমুহাৰ কলৰোলে মানুহৰ অন্তৰ কঁপাই তোলে।
(গ) উম— (কোমল তাপ) দেশৰ বুকুৰ উমে দেশবাসীকে জীয়াই ৰাখে।
(ঘ) অনৈক্য— (বিৰোধ ভাৱ) বহু ভাষাভাষী হ’লেও ভাৰতীয়ৰ মাজত অনৈক্য নাই।
(ঙ) সংহতি— (একতাৰ ভাৱ) দেশৰ সংহতি ৰক্ষা কৰা প্ৰতিজন নাগৰিকৰেই কর্তব্য।
(চ) সুৱাস— (সুগন্ধি গোন্ধ) ফুলৰ সুৱাসে সকলো মানুহৰে মনত আনন্দ জগাই তোলে।
(ছ) ঋতু— (কাল, সময়) বসন্ত ঋতুতহে পলাশ ফুল ফুলে।
অতি চমু উত্তৰ দিয়াঃ
(ক) কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা।
উত্তৰঃ জন্ম- ১৯৩২ চন, আৰু মৃত্যু – ২০১২ চন।
উত্তৰঃ ‘সুগন্ধি পখিলা’ কবিতা পুথিখনিৰ বাবে।
উত্তৰঃ ‘সুগন্ধি পখিলা’ আৰু ‘শইচৰ পথাৰ মানুহ’।
(ঘ) কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়?
উত্তৰঃ জাপানী হাইকু কবিতাৰ।
(ঙ) ‘মোৰ দেশ’ কবিতাটিৰ কৰি কোন?
উত্তৰঃ হীৰেন ভট্টাচার্য।
(চ) ‘মোৰ দেশ’ কবিতাটিত কবিৰ কি ভাব ফুটি ওলাইছে?
উত্তৰঃ গভীৰ স্বদেশানুৰাগ।
(ছ) ‘চিত্রবন’ কাকতখনি কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্যই।
(জ) “মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ, মোৰ দেশ।” — কথাষাৰ কোনে কৈছে?
উত্তৰঃ কবি হীৰেন ভট্টাচার্যই।
(ঝ) কবিয়ে কাৰ লগত “প্ৰাণৰ কথা পাতিছোঁ” বুলি কৈছে?
উত্তৰঃ বন্ধুৰ লগত।
(ঞ) “তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্রা।” – কবিৰ এই যাত্ৰা ক’লৈ?
উত্তৰঃ বিভিন্ন দেশলৈ।