নৱম শ্ৰেণী

সুখ

প্ৰশ্নৱালীঃ

ভাব-বিষয়কঃ

১। চমু উত্তৰ দিয়া।

ক) মানুহৰ সুখ দুখৰ আচল কথা কি? 
উত্তৰঃ মানুহৰ সুখ-দুখৰ আচল কথা হ’ল মন।
 
খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?
উত্তৰঃ ‘মই’ বা ‘মোৰ’ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।
 
গ) নি:স্বাৰ্থৰ বাট কেনেকুৱা ? 
উত্তৰঃ নি:স্বাৰ্থৰ বাট সেন্দুৰীয়া।
 
ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয় ? 
উত্তৰঃ আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে ।সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ।
 
ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ?
উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।
 

চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?

উত্তৰঃ কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত  দুখী আৰু আনৰ সুখত সুখী হ’ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি।

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত  লিখা 

উত্তৰঃ  কবি আনন্দচন্দ্ৰ আগৰৱালা দেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপাই সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে । মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে। কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনেলোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ’ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে তেনে লোকে সদায় সুখী হ’ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন, সকলো নৰ-নাৰীয়েই এজন পৰম পিতাৰেই সন্তান বুলি কবিয়ে কৈছে। সেইবাবে কবিয়ে গাই-গোটা পেটে ভঁৰাল অৰ্থাত কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে আমি সুখী হ’ব পাৰিম বুলি কবিয়ে কৈছে। কবিতাটোৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে মই মই বুলি কেৱল আমি মোহ-মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই, মই বা সকলোখিনি কেৱল মোৰ এনে ধৰণৰ মনোভাৱে মানুহক তললৈ হে নিয়ে। সেইবাবে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো, সেইবাবে যিমান পাৰো আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু স্থূল পোতা থাকে বুলি কবিয়ে কৈছে তাৰ বিপৰীতে নিঃস্বার্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত কুসুম ফুলে। সেইবাবে আমি যিমান পাৰো নিঃস্বাৰ্থভাৱে লোকৰ হিত সাধনত মন দিব লাগে। এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই-ভনী বুলি নিঃস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে । 

এয়েই কবিতাটোৰ মূলভাব ।

৩। ব্যাখ্যা কৰাঃ

ক) অকল নিজৰ   নিমিত্তে নহয় 
           আমাৰ জীৱন ভাই,
      লোকৰ কাৰণে   খাটিব পাৰিলে 
               সংসাৰ সুখৰ ঠাই, 

উত্তৰঃ

    উক্ত  কথাফাঁকি আমাৰ পাঠ্যপুথি  ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
    মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।।
    কবিয়ে  ‘সুখ ‘ নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে। আমাৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয় তাৰ পৰিৱৰ্তে লোকৰ কামত  লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হ’ব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিতসাধন কৰিব পাৰে সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে। 
 
খ) গাই- গোটা                পেটে ভঁৰাল নহবা
             লোকৰ দুখলৈ চোৱা, 
     মানুহৰ সেৱা             মানুহৰ পূজা 
             পৱিত্ৰ বৰত লোৱা।
উত্তৰঃ
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
  মানুহ যে স্বাৰ্থপৰ হ’ব নালাগে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
    কবিয়ে মানুহক গাই-গোটা পেটে ভঁৰাল অৰ্থাৎ স্বাৰ্থপৰ নহৈ দেশ তথা দহৰ হিতাৰ্থে চিন্তা কৰিবলৈ কৈছে। মানুহে সকলো সময়তে কেৱল নিজৰ কথা নাভাবি লোকৰ সুখ-দুখলৈও ধ্যান দিয়া উচিত। লোকৰ দুখ বুজি সাধ্যনুসাৰে সহায় কৰিবলৈ প্ৰয়াস কৰা উচিত। কেৱল নিজৰ পেটটো কেনেদৰে ভৰাই ৰাখিব পাৰি তাৰে চিন্তা নকৰি আনৰ অৱস্থাৰ কথা ভাবিবলৈও আমি  যত্ন কৰিব লাগে। মানৱ পূজনৰ দৰে পূণ্যৰ কাম আন একো নাই। গতিকে আমি এনে পৱিত্ৰ কামৰ দ্বাৰা বৰ লাভ কৰিব পাৰো বুলি কবিয়ে কবিতাফাঁকিৰ জৰিয়তে উল্লেখ কৰিছে।
 
গ) স্বাৰ্থৰ বাটত                                  দুখৰ কাঁইট
 
                       খোজেপতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট                                       সেন্দুৰীয়া আলি
 
                         সুগন্ধি কুসুম ফুলে ।
উত্তৰঃ
উপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ (নতুন)ৰ অন্তৰ্গত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
    স্বাৰ্থপৰ হৈ মানুহে  ক্ষণিকৰ বাবে সুখ লভিলেও  সেই সুখ চিৰস্থায়ী নহয়। আনক দুখ কষ্ট দি কেৱল নিজৰ ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰে। তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত হূল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। অন্যহাতে নিঃস্বাৰ্থ ভাৱে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তি সকলৰ জীৱনৰ পথ খুব মসৃণ হয়, সেন্দুৰীয়া আলিদিয়েই  তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে। 
 
ভাষা বিষয়কঃ 
১। উদাহৰণটো চাই বাকীকেইটা কৰাঃ 
উদাহৰণঃ আপোন – পৰ
                  দুখ- সুখ 
                  স্বাৰ্থ- নিঃস্বাৰ্থ
                  অভাৱ- উভৈনদী
                  সন্তোষ- বেজাৰ
                  হাঁহি- কান্দোন
১। উদাহৰণটো চাই বাকীকেইটা কৰাঃ 
 
উদাহৰণঃ সামৰথ – সামৰ্থ্য 
                 ধৰম- ধৰ্ম 
                 কৰম – কৰ্ম
                  বিৰিখ- বৃক্ষ
                  যতন – যত্ন
                  মুকুতি- মুক্তি

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া।

(ক) ‘সুখ’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ‘সুখ’ কবিতাটোৰ ৰচক আনন্দ চন্দ্ৰ আগৰৱালা।

(খ) আনন্দ চন্দ্ৰ আগৰৱালাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ তেজপুৰৰ কলংপুৰ মৌজাত জন্ম হৈছিল।

(গ) আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কাশীনাথ আগৰৱালা আছিল।

(ঘ) আনন্দ চন্দ্ৰ আগৰৱালাই কি কি আলোচনীত ছাত্ৰাৱস্থাতে সাহিত্য চর্চা কৰিছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাই ছাত্ৰাৱস্থাতে ‘জোনাকী’ আৰু ‘বিজুলী আলোচনীত সাহিত্য চৰ্চা কৰিছিল।

(ঙ) আনন্দ চন্দ্ৰ আগৰৱালাই কলিকতাত পঢ়ি থকা সময়ত জড়িত থকা দুখন অসমীয়া আলোচনীৰ নাম কোৱা।

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাই কলিকতাত পঢ়ি থকা সময়ত জড়িত থকা অসমীয়া আলোচনী দুখন ‘জোনাকী’ আৰু ‘বিজুলী’।

(চ) আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম কোৱা।

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন কবিতা পুথি হ’ল— ‘কোমল পাঠ’ আৰু ‘জিলিকণি’।

(ছ) আনন্দ চন্দ্র আগৰৱালাৰ কোন চনত জন্ম হৈছিল?

উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালাৰ ১৮৭৪ চনত জন্ম হৈছিল।

(জ) কবিয়ে সুখ সুখ বুলি কাক বলিয়া হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে সুখ সুখ বুলি মানুহক বলিয়া হোৱা বুলি কৈছে।

(ঝ) সুখ বিচাৰি মানুহে সংসাৰত কি পায়?

উত্তৰঃ সুখ বিচাৰি মানুহে সংসাৰত দুখৰ উপৰি দুখ হে পায়।

(ঞ) সুখ কাৰ পাছে পাছে ঘূৰে বুলি কবিয়ে কৈছে?

উত্তৰঃ কবিয়ে স্বাৰ্থ বলিদান দিব পৰা জনৰ পাছে পাছে সুখ ঘূৰে বুলি কৈছে।

(ট) কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই বুলি কৈছে?

উত্তৰঃ কবিয়ে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কৈছে।

(ঠ) কবিয়ে কি বাবে কান্দোনতো সুখ পায় বুলি কৈছে?

উত্তৰঃ কবিয়ে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কৈছে।

(ড) ‘গাই-গোটা পেটে ভঁৰাল’ মানে কি?

উত্তৰঃ ‘গাই-গোটা পেটে ভঁৰাল’ মানে কেৱল নিজৰ বাবেহে ভবা লোক অর্থাৎ স্বাৰ্থপৰ লোক।

(ঢ) কবিৰ মতে কিহে মানুহক তললৈ বুৰায় ?

উত্তৰঃ কবিৰ মতে, ‘মই’ ‘মোৰ’ ভাৱে মানুহক তললৈ বুৰায়।

(ণ) কবিয়ে কোনটো বাটক সেন্দুৰীয়া আলি বুলি কৈছে?

উত্তৰঃ কবিয়ে নিস্বাৰ্থৰ বাটক সেন্দুৰীয়া আলি বুলি কৈছে।

(ত) কবিৰ সেন্দুৰীয়া আলিত কি ফুল ফুলে?

উত্তৰঃ কবিৰ সেন্দুৰীয়া আলিত সুগন্ধি কুসুম ফুল ফুলে।

(থ) কবিৰ মতে কাৰ সুখৰ ওৰ নপৰে?

উত্তৰঃ কবিৰ মতে যিজনে বিশ্বৰ সকলোকে আপোন ভাই-ভণী জ্ঞান কৰে তেওঁৰ সুখৰ ওৰ নপৰে।

প্রশ্ন ২। চমু উত্তৰ দিয়া।

(ক) কি কৰ্মৰ দ্বাৰা সংসাৰ সুখৰ ঠাই হৈ পৰে?

উত্তৰঃ জীৱনক কেৱল নিজৰ বাবে বুলি নাভাবি পৰ বা আনৰ বাবে খাটিৰপৰা কৰ্মৰ দ্বাৰাই সংসাৰ সুখৰ ঠাই হৈ পৰে।
 
 

(খ) কি কি কৰ্মৰ দ্বাৰা সংসাৰত দুখ নাইকিয়া হয়?

উত্তৰঃ পৰৰ অভাৱ, পৰৰ দুখ হিয়াত অনুভৱ কৰি পৰক আপোন কৰিব পৰা কৰ্মৰ দ্বাৰা সংসাৰত দুখ নাইকিয়া হ’ব পাৰে।

(গ) কি কাৰণে মানুহে দুখৰ উপৰি দুখ পায়?

উত্তৰঃ সুখ সুখ বুলি সুখ বিচাৰি হাহাকাৰ কৰি ফুৰা মানুহে ব্যক্তিস্বাৰ্থত নিমজ্জিত হৈ পৰে বাবেই দুখৰ উপৰি দুখ পায় ।

(ঘ) কবিয়ে পৃথিৱীৰ সকলো নৰ-নাৰীক কিয় আপোন বুলি কৈছে?

উত্তৰঃ পৃথিৱীৰ সকলো নৰ-নাৰী একেজনা পৰম পিতাৰ সন্তান বাবে কবিয়ে পৃথিৱীৰ সকলো নৰ-নাৰীক আপোন বুলি কৈছে।

(ঙ) কি বাবে মানুহৰ ৰক্ষাৰ তৰী নোপোৱা অৱস্থা হয়?

উত্তৰঃ ‘মই’ ‘মোৰ’ এই ব্যক্তিকেন্দ্ৰিক চিন্তাত বিভোৰ হৈ কেৱল নিজৰ বাবে চিন্তা কৰা আত্মকেন্দ্রিক লোকক ‘মই’ ‘মোৰ’ ভাবে সংসাৰ সমুদ্ৰত তললৈ কুৰায় আৰু তেওঁৰ নাও বা তৰী তললৈ বুৰোৱাৰ ফলত প্ৰাণৰক্ষাৰ উপায় হেৰুৱায়।

প্রশ্ন ৩। ব্যাখ্যা কৰা।

(ক) ‘দেখিও নেদেখা              কিয় দিন-কণা

                      সুখ যে হাততে আছে;

        যিয়ে দিব পাৰে              স্বার্থ বলিদান,

                       সুখ ফুৰে পাছে পাছে।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতা স্তৱকটো আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে সুখ কি দৰে মানুহে লাভ কৰিব পাৰে তাৰে ইংগিত দিবলৈ ওপৰোক্ত স্তৱকটোৰ অৱতাৰণা কৰিছে।

কবিৰ মতে, নিস্বাৰ্থভাৱে কৰা কামৰ মাজেদিহে মানুহে প্রকৃত সুখ উপলব্ধি কৰিব পাৰে। সেয়ে মানুহে প্ৰতিটো কাম স্বার্থহীনভাৱে সম্পাদন কৰিব লাগে। স্বাৰ্থজড়িত কৰ্ম সুখৰ পৰিপন্থী হেতু স্বাৰ্থজড়িত কৰ্মই মানুহক সুখৰ পৰিৱৰ্তে দুখৰহে গৰাকী কৰি তোলে। ফলত মানুহে স্বাৰ্থৰ বশীভূত হৈ সংসাৰত দুখ-যাতনা ভুগিব লগা হয়। নিস্বাৰ্থভাৱে কৰা কামৰ মাজেদি সুখ পোৱা যায় বুলি জানিও স্বাৰ্থৰ বশীভূত হৈ মানুহে দুখক আদৰি লব লগা হোৱা অৱস্থাটোকে কবিয়ে ‘দিন-কণা’ মানুহৰ অৱস্থাৰ লগত ৰিজাইছে। কবিৰ মতে, সুখ বিচাৰি দূৰলৈ যোৱাৰ সকাম নাই। নিস্বাৰ্থভাৱে কাম কৰি মানুহে সুখক নিজৰ হাতৰ মুঠিতে আৱদ্ধ কৰি ৰাখিব পাৰে, নিস্বাৰ্থভাৱে কাম কৰা মানুহক সুখে কেতিয়াও এবা নিদিয়ে। এনে লোকে প্ৰতিটো কৰ্মৰ মাজেদি সুখৰ উপলব্ধি কৰিব পাৰে বাবে সুখ এনে লোকৰ পাছে পাছে ঘূৰি ফুৰে বুলি কবিয়ে কৈছে অর্থাৎ নিস্বার্থভাৱে কাম কৰা লোক সদায়ে সুখী হৈ থাকে।

(খ) পৰৰ অভাৱ            পৰৰ দুখত

               হিয়া যদি পমি যায়,

পৰক আপোন              কৰিব পাৰিলে

                 সংসাৰত দুখ নাই।

উত্তৰঃ কবি আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা ওপৰোক্ত স্তৱকটো উদ্ধৃত কৰা হৈছে।

ওপৰোক্ত স্তৱকটিৰ মাজেদি কবিয়ে মানুহে কিদৰে সংসাৰৰ দুখ আঁতৰাৰ পাৰে অৰ্থাৎ সংসাৰটোৰ দুখ নোপোৱা কৰিব পাৰে তাৰে ইংগিত দিয়াৰ প্ৰয়াস কৰিছে।

 

কবিৰ মতে, আনৰ সুখ-দুখ, অভাৱ-অনাটনক নিজৰ বুলি ভাবি মানুহক এইবোৰৰ নিৰাময়ৰ বাবে চেষ্টা কৰিব লাগে আৰু পৃথিৱীৰ কাৰো প্ৰতি পৰ ভাৱ নাৰাখি সকলোকে আপোন জ্ঞান কৰিব পৰা জনে সংসাৰত দুখৰ সম্মুখীন হ’ব লগীয়া নহয় অর্থাৎ তেওঁলোকৰ বাবে সংসাৰ সুখৰ ঠাই হৈ পৰে। সেয়ে জীৱন যাত্ৰাত পৰক আপোন কৰি, পৰৰ অভাৱ অনাটন আঁতৰ কৰাৰ মাজেদি মানুহে সুখৰ বাট মোকলাই সাংসাৰিক দুখৰ অন্ত পেলাব পাৰে।

(গ) সকলো আপোন            যত নৰ-নাৰী

                     কাকনো বুলিম পৰ,

      পৰম পিতাৰ                   সকলো সন্তান

                     পৃথিৱী আমাৰ ঘৰ।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতাংশ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে একেজনা পৰম পিতা বা স্ৰষ্টাই সৃষ্টি কৰা পৃথিৱীৰ সকলো নৰ-নাৰী পৰস্পৰে পৰস্পৰৰ আপেনজন বা পৰস্পৰৰ মাজত ভাই-ভণী সম্পর্কতে সম্পর্কিত বুলি কবলৈ খুজিছে। সেয়ে কোনোজন কাৰো বাবে পৰ নহয়। গতিকে পৃথিৱীৰ সকলো নৰ-নাৰীয়ে একেজনা ঈশ্বৰৰ সন্তান হিচাপে আৰু পৃথিৱীক সকলোৱে নিজৰ আপোন ঘৰ ৰূপে বিবেচনা কৰি প্ৰত্যেকে নিস্বাৰ্থভাৱে আনৰ অভাৱ-অনাটন, দুখ-দুর্দশা মষিমূৰ কৰি প্ৰত্যেকে নিস্বাৰ্থভাৱে আনৰ সুখৰ বাবে কাম কৰি যাব লাগে। এনে অৱস্থাৰ মাজেদিহে আমি পৃথিৱীক সুখৰ সাগৰ হিচাপে গঢ়ি তুলি সুখময় জীৱন অতিবাহিত কৰিবলৈ সক্ষম হ’ম।

 

(ঘ) ‘মই’ ‘মোৰ’ বুলি            নাথাকিবা মজি

                     মোহৰ জালত পৰি,

‘মই’ ‘মোৰ’ ভাৱে               তললৈ বুৰাব

                     না পাবা ৰক্ষাৰ তৰী।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতা স্তৱককেইটা আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতা স্তৱককেইটাৰ মাজেদি কবিয়ে মানুহে ব্যক্তিকেন্দ্ৰিক মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ কিদৰে মোহৰ জালত আৱদ্ধ হৈ ‘মই’ ‘মোৰ’ ভাৱত নিমজ্জিত হৈ ঠেক গণ্ডীৰ মাজত সোমাই পৰি ৰক্ষাৰ হেতু হেৰুৱাই সংসাৰৰ জ্বালা-যন্ত্ৰণাৰ সম্মুখীন হ’ব লগা হয় তাকে উনুকিয়াই দিয়াৰ প্ৰয়াস কৰিছে।

‘মই’ ‘মোৰ’ ভাৱত নিমজ্জিত লোকে আনৰ কথা ভাবিব নোৱাৰে। এনে মানুহ সকলো কর্মত নিজক দেখে অর্থাৎ তেওঁৰ সকলো কৰ্মৰ উদ্দেশ্য আৰু লক্ষ্য নিজৰ মাজত আবদ্ধ কৰি ৰাখে আৰু কৰ্মৰ পৰা উৎপাদিত ফলো নিজে ভোগ কৰিবলৈ বিচাৰে। এনে লোকৰ জীৱনৰ চাহিদা কেতিয়া পূৰ নহয় । ফলত সীমাহীন চাহিদাৰ পাছত দৌৰি ব্যক্তি জীৱনৰ মোহৰ জালত আৱদ্ধ হৈ পৰি আনৰ কথা ভাবিব নোৱাৰা হয়। আনৰ কথা চিন্তা নকৰা লোকে বিপদত আনৰ পৰা সহায় লাভ কৰাটোও নিষ্ফল হৈ পৰে। মানুহৰ এনে অৱস্থাটোকে কবিয়ে ‘মই’ ‘মোৰ’ ভাৱে তললৈ বুৰাব বুলি উল্লেখ কৰি এনে লোকে সংসাৰ সমুদ্রত ‘ৰক্ষাৰ তৰী’ হেৰুৱাব লগা হয় বুলি উনুকিয়াই দিছে।

প্রশ্ন ৪। তলত দিয়া কবিতা স্তৱক কেইটিৰ তাৎপর্য বুজাই লিখা।

(ক) সুখ সুখ বুলি            মানুহ বলিয়া

                নেদেখে সুখৰ মুখ,

সুখ বিচাৰোঁতে               পায় সংসাৰত

                 দুখৰ উপৰি দুখ।

উত্তৰঃ ‘সুখ’ মানুহৰ মনৰ উপলব্ধি। মানুহৰ দেহ-মনৰ তৃপ্তিকৰ অৱস্থাটোকে সুখ বুলি অভিহিত কৰা হয়। এনে সুখৰ সন্ধান মানুহৰ জন্মগত স্বাভাৱিক ধৰ্ম। এই সুখ বিচাৰি মানুহে নিৰন্তৰ হাহাকাৰ অৱস্থাত পতিত হয় যদিও আচলতে সুখ বিচাৰিলেই পোৱা বস্তু নহয়। বৰঞ্চ সুখ বিচাৰি মানুহ অধিক দুখত হে নিমজ্জিত হ’ব লগা হয়। তথাপি মানুহে সুখ বিচাৰি ব্যাকুল হয়। প্রকৃত সুখ কি দৰে লাভ কৰিব পাৰি সেই সম্পৰ্কীয় জ্ঞানৰ অভাৱৰ বাবেই মানুহে সুখ সুখ বুলি হাহাকাৰ কৰি বলিয়াৰ দৰে সুখৰ সন্ধানত ৰত হয় যদিও সুখৰ সন্ধান না পায়ন আৰু দুখ-যন্ত্ৰণাৰ মাজত দিন পাৰ কৰিবলগা হয়।

(খ) শক্তি-সামৰথ            পৰৰ সুখত

 
 

              বিলাব পাৰিলে ভাই,

পৰৰ কাৰণে                   কান্দিব জানিলে

             কান্দোনতো সুখ পায়।

উত্তৰঃ মানুহে জীৱনত সুখ পাবলৈ হ’লে ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত অৱস্থান লৈ আনৰ সুখ-দুখৰ প্ৰতি সমানে সজাগতা অবলম্বন কৰি পৰৰ সুখৰ বাবে নিজৰ শক্তি-সামৰ্থৰ যথোচিত প্রয়োগ ঘটাব লাগিব। নিজব শক্তি-সামর্থ্যৰে পৰক সুখী কৰিব পৰাৰ মাজেদিহে মানুহে প্রকৃত সুখৰ অনুভূতি উপলব্ধি কৰিবলৈ সক্ষম হৈ উঠে। ব্যক্তি স্বাৰ্থৰ ঊৰ্দ্ধত অৱস্থান লোৱা মানুহে আনৰ দুখত দুখী হ’ব পাৰে, আনৰ কান্দোন দেখি নিজেও কান্দিব পাৰে। নিস্বাৰ্থভাৱে পৰৰ দুখ দেখি কন্দাএনে কান্দোনৰ মাজেদিয়ো কান্দোতাই এক সুখৰ অনুভূতি উপলব্ধি কৰিবলৈ সক্ষম হৈ উঠে। স্তৱকটোৰ মূল তাৎপর্য হ’ল আমি নিজৰ শক্তি-সামর্থ্য আনৰ সুখৰ বাবে যথোচিতভাৱে প্ৰয়োগ কৰিব লাগে। প্রত্যেক লোকে এনেদৰে নিজৰ শক্তি-সামর্থ্য আনৰ সুখৰ বাবে বিলাব পাৰিলে সংসাৰখন সকলোৰে বাবে সুখৰ ঠাই হৈ পৰিব।

(গ) সুখ-দুখৰ             মনেই কাৰণ

               মনক ৰাখিবা থিত,

ভাগ্যত লভিবা            পৰম সন্তোষ

             সাধিবা লোকৰ হিত।

উত্তৰঃ সুখ মানুহৰ দেহ-মনত অনুভূত হোৱা এক সন্তুষ্টিজনক বা সুখকৰ অৱস্থা। একেদৰে দুখ হ’ল মানুহৰ দেহ-মনত অনুভূত হোৱা এক বেদনাদায়ক অৱস্থা। মানুহৰ এই সুখ-দুখ দুয়োটা অৱস্থা মানুহৰ মনৰ সৈতে জড়িত। অর্থাৎ মানুহৰ মনটোৱে হ’ল সুখ-দুখৰ গৰাকী। সেয়ে সুখ-দুখৰ গৰাকী স্বৰূপ মনটোক মানুহে সকলো সময়তে স্থিৰ অৱস্থাত ৰাখি সুখতো অত্যধিক উৎফুল্লিত হ’ব নালাগে বা দুখতো একেবাৰে কাতৰ হৈ মনটো ভাগি পেলাব নালাগে। লগতে জীৱনত নোপোৱাখিনিৰ বাবে হা-হুমুনিয়াহ কাঢ়ি নিজক দুৰ্বল কৰি পেলোৱাৰ পৰিৱৰ্তে যিখিনি জীৱনত পোৱা গৈছে সেইখিনিকে ভাগ্যৰ ফল বুলি সন্তোষ লভিব পাৰিলে আমাৰ জীৱনটো কোনো দুখে কেতিয়াও কাতৰ কৰি তুলিব নোৱাৰে। সেয়ে স্তবকটিৰ তাৎপৰ্য হ’ল সুখ-দুখৰ গৰাকী মনটোক সকলো সময়তে সুস্থিৰ অৱস্থাত ৰাখি সুখ আৰু দুখ উভয়কে সমান মনোবলেৰে গ্ৰহণ কৰিব পৰাকৈ আমি মানসিক শক্তিৰ অধিকাৰী হ’ব লাগে।

(ঘ) যথার্থ নিস্বার্থ          ধৰমী জীৱন

                   বিশ্বপ্রেম ভৰপূৰ,

বিশ্বৰ সকলো               ভাই-ভণী তাৰ

                   সুখৰ নপৰে ওৰ।

উত্তৰঃ প্ৰকৃত নিস্বাৰ্থ জীৱন হ’ল ধৰ্মী জীৱন। স্বার্থহীন লোকেহে আনৰ সুখ-দুখ উপলব্ধি কৰি আনৰ সুখত সুখ আৰু আনৰ দুখত দুখী হ’ব পাৰে। এনে লোকৰ বাবে সমগ্ৰ বিশ্বখনেই আপোন হৈ পৰে আৰু বিশ্বৰ সকলোকে আপোন জ্ঞান কৰি এওঁ লোকে হৃদয় বিশ্বপ্ৰেমেৰে ভৰপূৰ কৰি তোলে। এনে নিস্বার্থী লোক সুখী হয় অর্থাৎ এনে লোকৰ দেহখনত দুখে ঠাই নাপায়। এনে লোকে বিশ্বৰ সকলোকে নিজৰ ভাই-ভণী জ্ঞান কৰি সকলোৰে হিতার্থে কৰ্ম কৰি বিমল সুখানুভূতি লাভ কৰে। ওপৰৰ স্তৱকটিৰ মূল তাৎপর্য হ’ল বিশ্বৰ সকলোকে আপোন জ্ঞান কৰিব পৰা অন্তৰৰ অধিকাৰীজনহে নিস্বাৰ্থী লোক আৰু এনে বিশ্বপ্ৰেমেৰে ভৰপূৰ হৃদয়ৰ লোকেহে জীৱনত প্ৰকৃত সুখ উপলব্ধি কৰিব পাৰে।

প্রশ্ন ৫। ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ৬। ‘সুখ’ নামৰ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ সুখ বিচাৰি মানুহে হাবাথুৰি খাই ফুৰিলেও মানুহে সুখৰ মুখ নেদেখে বৰং দুখৰ উপৰি দুখ হে লাভ কৰে। কাৰণ, নিস্বাৰ্থভাৱে কৰা কৰ্মৰ দ্বাৰাহে মানুহে সুখ লাভ কৰিব পাৰে। প্রকৃত সুখ লাভ কৰিবলৈ হ’লে মানুহে স্বাৰ্থ ত্যাগ কৰি নিস্বাৰ্থভাৱে পৃথিৱীৰ সকলো নৰ-নাৰীক আপোন ভাই-ভণী জ্ঞান কৰি সকলোৰে হিতৰ অৰ্থে কাম কৰি যাব লাগিব৷ এনে গুণৰ অধিকাৰী লোকেহে প্রকৃত সুখৰ অধিকাৰী হয়। আনৰ সুখ-দুখৰ লগত নিজক বিলীন কৰি দিয়াৰ মাজেদিয়ে মানুহ জীৱনত ওৰ নপৰা সুখৰ অধিকাৰী হয়।

প্রশ্ন ৭। শব্দার্থ লিখা।

শব্দ – অৰ্থ

 

উত্তৰঃ দিনকণা – দিনতে নেদেখা।

সুখ – দেহ-মনৰ সুখকৰ অনুভূতি বা অৱস্থা।

বলিয়া – পাগল।

বলিদান – ত্যাগ।

নিমিত্তে – বাবে, কাৰণে।

খাটিব – শ্ৰম কৰিব।

হিয়া – হৃদয়, অন্তৰ।

পমি যায় – বিগলিত হয়।

বিলাব – বিলাই দিব।

সামৰথ – সামর্থ্য, যোগ্যতা।

পৰ – অন্য, আপোন নোহোৱা, আন।

ওৰ – গুৰি, শেষ।

হিত – কল্যাণ, উপকাৰ।

পৰম পিতা – পৰমেশ্বৰ বা ভগৱান।

গাই গোটা পেটে ভঁৰাল – স্বাৰ্থপৰ, ব্যক্তিকেন্দ্ৰিক, নিজৰ স্বাৰ্থভবা।

তৰী – নাও।

সুগন্ধি – ভাল গোন্ধযুক্ত।

ভৰপূৰ – পৰিপূৰ্ণ।

মজি – মোহিত হৈ।

সন্তোষ – সন্তুষ্টিজনক, আপত্তিহীন।

মোহৰ জালত পৰা – মোহত আবদ্ধ হোৱা।

বুৰাব – ডুবাব, তললৈ নিব।

খোজেপতি – প্রতি খোজে খোজে।

নৰ-নাৰী – পুৰুষ-তিৰোতা, মতা-মাইকী।

সন্তান – পুত্র-পুত্রী।

থিত – স্থিৰ।

ভঁৰাল – ভাণ্ডাৰ।

প্রশ্ন ৮। ভাষা বিষয়ক।

(ক) বিপৰীত শব্দ লিখা।

উত্তৰঃ শব্দ – বিপৰীত শব্দ

তললৈ – ওপৰলৈ।

ধৰ্মী – অধৰ্মী।

পবিত্র – অপৱিত্ৰ।

হিত – অহিত।

সামর্থ্য – অসমার্থ্য।

(খ) বাক্য ৰচনা কৰা।

পৰম পিতা, গাই গোটা পেটে ভঁৰাল, দুখৰ কাঁইট, পৰম সন্তোষ, সুগন্ধি কুসুম, সেন্দুৰীয়া আলি, মোহৰ জালত পৰি।

উত্তৰঃ পৰম পিতা– বিশ্বৰ সকলো নৰ-নাৰীক পৰম পিতাৰ সন্তান বোলা হয়।

 

গাই গোটা পেটে ভঁৰাল – গাই গোটা পেটে ভঁৰাল স্বভাৱৰ লোকে কোনোদিনেই সুখ লাভ কৰিব নোৱাৰে।

দুখৰ কাঁইট— স্বাৰ্থৰ বাটত দুখৰ কাঁইট পোত খাই থাকে।

পৰম সন্তোষ— নিস্বাৰ্থ কৰ্মৰ মাজেদি মানুহে পৰম সন্তোষ লাভ কৰিব পাৰে।

সুগন্ধি কুসুম— সুগন্ধি কুসুম ফুলা বাটৰ যাত্ৰা সুখদায়ক হয়।

সেন্দুৰীয়া আলি— নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সদৃশ বাৱে যাত্ৰাৰ গতি মসৃণ হয়।

মোহৰ জালত পৰি— স্বাৰ্থৰ মোহৰ জালত পৰি স্বাৰ্থপৰ মানুহে জীৱনৰ ইকূল-সিকূল দুয়োকূল হেৰুৱাব লগা হয়।