অধ্যায় 4
কাৰ্বন আৰু তাৰ যৌগ
(Carbon and its Compounds)
1. সহযোজী বান্ধনি কাক বোলে?
উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ-বাটোৱাৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে।
2. সহযোজী যৌগ কি?
উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।
3. সহযোজী যৌগৰ গলনাংক আৰু উলতাংক নিম্ন কিয়?
উত্তৰঃ কাৰণ, সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল নিচেই কম। সেয়েহে কম পৰিমাণৰ তাপশক্তি প্রয়োগ কৰিয়েই অণুৰ মাজৰ এই বল অতিক্ৰম কৰিব পাৰি।
4. সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়?
উত্তৰঃ কাৰণ, সহযোজী যৌগসমূহ পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ দ্বাৰা সৃষ্টি হয়। সেয়েহে এনে যৌগত আয়ন বা কোনো আহিত কণিকা নাথাকে যাৰ ফলত ইহঁত বিদ্যুতৰ অপৰিবাহী হয়।
5. কেটিনেচন কি?
6. কার্বন যৌগবোৰ সুস্থিৰ কিয়?
উত্তৰঃ কার্বনে আন কার্বন পৰমাণু বা বেলেগ মৌলৰ পৰমাণুৰ লগত দৃঢ় বান্ধনি গঠন কৰে, যাৰ বাবে কাৰ্বনৰ যৌগবোৰ অতিকৈ সুস্থিৰ হয়। কার্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ’ল— ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণুগৰ্ভত থকা প্ৰট’নবিলাকে ভাগ-বাটোৱাৰা কৰা ইলেক্ট্ৰনৰ যোৰবোৰক আকৰ্ষণ কৰি ধৰি ৰাখিব পাৰে।
7. সংপৃক্ত কার্বন যৌগবোৰ কি?
উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ বোলে। যেনে— ইথেন, প্র’পেন।
8. অসংপৃক্ত কার্বন যৌগবোৰ কি?
উত্তৰঃ যিবিলাক কার্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।
9. গঠন সমযোজী যৌগ কাক বোলে?
উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।
10. চাইক্ল’হেক্সেনৰ আণবিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা।
উত্তৰঃ C₂H₁₂
প্ৰ শ্ন ৱা লী
1. কার্বন ডাই অক্সাইড (CO₂)-ৰ ইলেক্ট্রন বিন্দু গঠন বিন্যাস কি হব?
Ans. CO₂-ৰ ইলেক্ট্রনীয় ফুট চিত্র :

Q. 2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব? (ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

প্ৰ শ্ন ৱা লী
1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
Ans. পেন্টেনৰ (Pentane) তিনিটা সমযোগী যৌগৰ গঠন সংকেত হ’ল :

2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ পাওঁ?
3. চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।

4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা–
(i) ইথান’য়িক এচিড।
(ii) ব্ৰ’ম’পেন্টেন, (ব্রম’পেন্টেনৰ সমযোগী সম্ভৱনে?)।
(iii) বিউটান’ন, (iv) হেক্সানেল।
Ans. (i) ইথান’য়িক এচিড (Ethanoic acid) :

5. তলৰ যৌগবোৰৰ নাম লিখা –

Ans.
[ i ] ব্রম ’ ইথেন ( Bromo Ethane )
[ ii ] মিথানল্ ( Methanol )
[ iii ] হেক্সা— I – আইন ।
প্ৰ শ্ন ৱা লী
1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
Ans. ইথানলক, ইথানয়িক এচিডলৈ পৰিবৰ্তন হোৱাটো এটা জাৰণ বিক্রিয়া। কাৰণ অক্সিজেন ইথানলৰ লগত বিক্ৰিয়া কৰি ইথানয়িক এচিড গঠন কৰে।

ওপৰৰ বিফিয়াত ক্ষাৰকীয়া KMnO₄ / আগ্নিক K₂ Cr₂ O₇ ইথান’লক অক্সিজেন যোগ কৰে। সেইকাৰণে, এই বিক্ৰিয়াটো জাৰণ বিক্রিয়া ৷
2. লো জোৰা দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইচ্ছাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
Ans. লোহা জোৰা দিয়া (Welding) কামত যদি বায়ু ব্যৱহাৰ কৰা হয়, তেতিয়া অসম্পূর্ণ ভাৰণ ঘটে আৰু কম তাপৰ সৃষ্টি হয়। যেতিয়া ইথাইনৰ লগত বিশুদ্ধ O₂ যোগ কৰা হয়, তেতিয়া সম্পূর্ণ জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয়। এই তাপ অহ্নিত হোৱাৰ কাৰণে ধাতুৰ গলন ঘটে আৰু লোহা জোৰা দিয়া কাৰ্য্যত সুবিধা হয়।
প্ৰ শ্ন ৱা লী
পৰীক্ষা | এলক’হল | কাৰ্বক্সিলিক এছিড |
(১) লিটমাছ | বৰণৰ পৰিৱৰ্তন | নীলা লিটমাছ |
(২) ছ’ডিয়াম কাৰ্বনেট | কোনো বিক্ৰিয়া | তীব্ৰ শব্দ কৰি |
(৩) ছ’ডিয়াম | ফেণ আকাৰত | বাহিৰ হয়। |
2. জাৰক দ্ৰৱ্য কি?
Ans. যিবোৰ পদার্থ, আন পদার্থক অক্সিজেন দিয়ে, সেই পদাৰ্থবোৰক জাৰক দ্ৰৱ্য বোলে। উদাহৰণ স্বৰূপে, এলকহ’ল, কার্বক্সিলিক এচিডলৈ পৰিবৰ্তন হোৱাৰ সময়ত পটেছিয়াম পাৰমেংগানেটৰ ক্ষাৰকীয় দ্ৰৱ বা পটেছিয়াম ডাইক্ল’মেটৰ আম্লিক দূর জাৰণ হোৱাৰ বাবে অক্সিজেন দিয়ে।
প্ৰ শ্ন ৱা লী
1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পৰিবানে?
উত্তৰঃ– নোৱাৰিম। কাৰণ অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে। গতিকে পানী কঠিন নে কোমল কব পৰা টান।
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (Washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?
উত্তৰঃ– লেতেৰা কাপোৰত গ্ৰিজ বা তেল জাতীয় কণা থাকে। পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলি উৎপন্ন হয়। মাইছেলি বা কণাপুঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মলিক আগুৰি ধৰি ৰাখে। যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয়, তেতিয়া মলিসহ মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিষ্কাৰ হৈ পৰে।
অনু শী ল ণী
1. ইথেন (C₂H₆) অণু এটাত–
(a) 6 টা সহযোজী বন্ধনি আছে।
(b) 7 টা সহযোজী বন্ধনি আছে।
(c) ৪ টা সহযোজী বন্ধনি আছে।
(d) 9 টা সহযোজী বন্ধনি আছে।
Ans. (b) 7 টা সহযোজী বন্ধনি আছে।
উত্তৰঃ–
(c) কিট’ন
উত্তৰঃ–
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।
4. CH₃CP উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।
Ans. C₃H, CI-ৰ ৰাসায়নিক বন্ধন:

ইয়াত কার্বন পৰমাণু, তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিন পৰমাণুৰ লগত এযোৰ ইলেকট্রনৰ ভাগবতৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি সৃষ্টি কৰে।
5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা―
(a) ইথানয়িক এচিড
(b) H₂S
(c) প্রপান’ন
(d) F₂
Ans. ইলেকট্রন বিন্দু চিত্র (Electron dot picture) :
(a) ইথানয়িক এচিড (Ethanoic acid)– CH₃
COOH.

6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।
Ans. একেবোৰ মৌলৰে গঠিত আৰু একে সাধাৰণ সূত্ৰৰে প্ৰকাশ কৰিব পৰা যৌগবোৰ ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণৱিক ভৰলৈ সজালে যৌগৰ যি শ্রেণী বা গণ পোৱা যায় তাক সমগণীয় শ্রেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত– CH₂ মূলকৰ পাৰ্থক্য থাকে। সমগণীয় শ্ৰেণীৰ প্ৰতিটো যৌগক সমগণ বোলে। যেনে– মিথেন CH₄ ইথেন C₂H₆, প্রপেন C₃H₈ আদি। প্রত্যেকেই একোটা সমগণ।
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।
উত্তৰঃ– ইথানল আৰু ইথানয়িক এচিডৰ ভৌতিক ধৰ্মঃ-
ইথানল | ইথানয়িক এচিড |
(১) সাধাৰণ গোন্ধ। | (১) উগ্ৰ গোন্ধ। |
(২) গলনাংক 196 K | (২) গলনাংক 290 K |
(৩) উতলাংক 78.C | (৩) উতলাংক 118.C |
উত্তৰঃ– ইথানল আৰু ইথানয়িক এচিডৰ ৰাসায়নিক ধৰ্মঃ-
ইথানল | ইথানয়িক এচিড |
(১) ইথানলত লিটমাছৰ বৰন পৰিৱৰ্তন নহয় । | (১) ইথানয়িক এচিডে নীলালিটমাছ ৰ ঙা কৰে । |
(২) ইথানলে NaHCO3 ৰ লগত বিক্ৰিয়া নকৰে ।
| (২) ইথানয়িক এচিডে NaHCO3 লগত বিক্ৰিয়া ক ৰি CO2 গেছ উৎপন্ন কৰে । |
8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?
9. প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?
Ans. কার্বন আৰু যৌগবোৰৰ দহনৰ ফলত তীব্র তাপৰ সৃষ্টি হয়। সেইকাৰণে কার্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কিদৰে সৃষ্টি হয়? ব্যাখ্যা কৰা।
উত্তৰঃ–
কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱন দ্ৰৱীভূত হৈ থাকে। যেতিয়া এনে পানীত চাবোন ঘঁহা হয়, তেতিয়া চাবোনে এই লৱনৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছ’ডিয়াম বা পটাছিয়াম বা লৱন উৎপন্ন কৰে। এইবোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয়।
11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
উত্তৰঃ–
চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাচ কাগজ নীলা কৰে আৰু নীলা লিটমাচ কাগজৰ বৰণ পৰিৱৰ্তন কৰে।
12. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।
Ans. যিবোৰ বিক্ৰিয়াত অসংপৃক্ত হাইড্ৰ’কার্বন এটাই এটা বা ততোধিক বিক্ৰিয়কৰ সৈতে যোজিত হৈ কেৱলমাত্ৰ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে তাকে যোগাত্মক বিক্রিয়া বা হাইড্ৰ’জেনেচন বোলে। যেনে–এলকিনে নিকেলৰ উপস্থিতিত হাইড্ৰ’জেনৰ সৈতে যোজিত হৈ সংপৃক্ত হাইড্রকার্বন উৎপন্ন কৰে।

ঔদ্যোগিক ব্যৱহাৰ:
ভেজিটেৱল তেলক বনছপতি ঘিউলৈ পৰিবৰ্তন কৰোতে ব্যৱহাৰ কৰা হয়।

13. তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?
C₂H₆, C₃H₈, C₃H₆, C₂,H₂, আৰু CH₄
Ans. অসংম্পৃক্ত হাইড্ৰ’কার্বনত যোগাত্মক বিক্রিয়া ঘটে। অতএব C₃,H₆, আৰু C₂H₂ হ’ল অসংম্পৃক্ত হাইড্ৰ’কার্বন। এই দুটা হাইড্ৰ’কার্বন যোগাত্মক বিক্রিয়া দেখুৱায়।
14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।
চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া – চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে। চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয়। আয়নিক মূৰবোৰ পানী প্ৰেমী আৰু হাইড্ৰ’কাৰ্বনযুক্ত মেৰু পানী ঘৃণী। যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়। যেতিয়া কাপোৰখন থুচি দিয়া হয় ত্তিয়া তেল বা গ্ৰীজৰ কণিকাবোৰৰ সৈতে হাইড্ৰ’কাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয়। তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিষ্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিষ্কাৰ হয়।
অতিৰিক্ত প্রশ্নোত্তৰ
1 (a) জৈব যৌগবোৰ কি?
Ans. প্রাণী আৰু উদ্ভিদৰ পৰা পৃথক কৰা ৰাসায়নিক পদার্থক জৈব যৌগ বোলে। এই পদাৰ্থবোৰ জৈৱ পদাৰ্থৰ পৰা সংগ্ৰহ কৰা হয় বুলি এইবোৰক জৈব যৌগ বোলে।
2. জীৱবিজ্ঞানৰ লগত পৰিচিত তিনিটা জৈৱ যৌগৰ নাম লিখা।
Ans. কার্বহাইড্রেট, প্রটিন, ডি.এন.এ.।
3. ইথানলৰ (Ethanol) দুটা ব্যৱহাৰ আৰু এটা বেয়া প্রভাব উল্লেখ কৰা।
Ans. ব্যৱহাৰ:
(i) সু-স্ৰাৱক হোৱাৰ বাবে ইয়াক দৰৱ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
(ii) পানীয় দ্ৰৱ্য্য প্রস্তুতৰ বাবে ব্যৱহাৰ হয়।
■ কুপ্রভাব:
ইথানল বেছি দিন ধৰি ব্যৱহাৰ কৰিলে শৰীৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে।
4. কাৰ্বন পৰমাণু এটাই কেইডাল সহযোগী বান্ধনি গঠন কৰিব পাৰে।
Ans. চাৰিডাল।
5. জৈব যৌগবোৰত থকা বিভিন্ন প্ৰকাৰৰ বান্ধনিবোৰৰ নাম লিখা।
Ans. একবান্ধনি, দ্বিবান্ধনি আৰু ত্ৰিবান্ধনি।
6. চক্ৰীয় যৌগৰ দুটা উদাহৰণ দিয়া।
Ans. চাইক্ল’হেক্সেন আৰু বেনজিন।
7. হাইড্ৰ কাৰ্বনবোৰ কি?
Ans. কার্বন আৰু হাইড্ৰ’জেনেৰে গঠিত জৈব যৌগবোৰক হাইড্ৰ’কার্বন বোলে।
8. এলকেন, এলকিন আৰু এলকাইন শ্ৰেণীৰ প্ৰতিটোৰে তিনিটাকৈ যৌগৰ নাম লিখা।
Ans. এলকেনৰ উদাহৰণ– মিথেন, ইথেন, প্রপেন।
এলকিনৰ উদাহৰণ– ইথিন, প্রপিন, বিউটিন।
এলকাইনৰ উদাহৰণ– ইথাইন, প্রপাইন, বিউটাইন।
9. এলিফেটিক যৌগবোৰ কি?
Ans. মুক্ত শৃংখল কার্বন যৌগবোৰক এলিফেটিক যৌগ বোলে।
10. এৰ’মেটিক যৌগবোৰ কি?
Ans. কিছুমান বন্ধ বা চক্ৰীয় যৌগত ওচৰা-ওচৰি কাৰ্বন পৰমাণুৰ মাজত একান্তৰভাৱে একবান্ধনী আৰু দ্বিবান্ধনী থাকে। এনেবোৰ যৌগক এৰ’মেটিক যৌগ বোলে।
11. জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা কিমান?
Ans. জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা 1, 2, 3 আৰু 4 হব পাৰে।
12. দুটা এলকেনৰ নাম লিখা।
Ans. মিথেন, ইথেন।
13. সমগণীয় শ্রেণী কাক কয়? দুটা উদাহৰণ দিয়া।
Ans. একেবোৰ মৌলেৰে গঠিত আৰু একে সাধাৰণ সূত্ৰেৰে প্ৰকাশ কৰিব পৰা যৌগবোৰ ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণবিক ভৰলৈ সজালে যৌগৰ যি শ্রেণী বা গণ পোৱা যায় তাক সমগণীয় শ্রেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত — CH₂ মূলকৰ পার্থক্য থাকে।
14. কাৰ্য্যকৰীমূলকবোৰ কি? দুটা উদাহৰণ দিয়া।
Ans. কাৰ্য্যকৰী মূলক: এলকেনৰ পৰা হাইড্ৰজেন প্ৰতিষ্ঠাপন কৰি যিবোৰ একযোজী বা দ্বিযোজী পৰমাণুপুঞ্জই যৌগটোৰ ধৰ্ম নিৰ্ণয় কৰে সেইবোৰক জৈব যৌগৰ কাৰ্যকৰী মূলক বোলে।
উদাহৰণ:
কাৰ্যকৰী মূলকৰ নাম | কাৰ্যকৰী মূলকৰ সংকেত |
এলকহ’ল | —OH |
এলডিহাইড | —CHO |
কার্বক্সিলিক এছিড | —COOH |
15. এলক’হলীয় মূলক আৰু কিট মূলকৰ সংকেতকেইটা লিখা।
Ans. এলকহলীয় মূলক : –OH কিট মূলক : > C= 0
16. বিষম পৰমাণুবোৰ কি?
Ans. জৈৱ যৌগৰ কাৰ্বনৰ যৌগৰ সজ্জাত থকা কাৰ্বনৰ বাহিৰে অন্য পৰমাণুবোৰক বিষম পৰমাণু বোলে।
