অধ্যায় 8

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?

(How do Organisms Reproduce)

প্ৰ শ্ন ৱা লী

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি?

উত্তৰঃ বংশ বৃদ্ধিৰ মূল কাৰ্য হৈছে DNA প্ৰতিলিপি গঠন প্ৰজননৰ সময়ত নিদিষ্ট DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয়। যি জীৱৰ দেহৰ অৱয়ৱ এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে উপযোগী হয়।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

উত্তৰঃ– কোনো জীৱৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণবশতঃ অনুকূল অৱস্থা এটা পৰিৱৰ্তিত হ’ব পাৰে আৰু তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব। অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আৰু জীয়াই থাকিবলৈ কিছু সুবিধা হ’ব পাৰে। এনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে আৰু কিছুমান জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব পাৰে। এনেকৈয়ে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক।

প্ৰ শ্ন ৱা লী

1. দ্বি-খণ্ডন বা দ্বি-বিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি?

উত্তৰঃ– দ্বি-বিভাজনত এককোষী জীৱসমূহ দুটা সমান ভাগত বিভক্ত হৈ যায়। যেনেঃ এমিবা।

    আনহাতে, বহু বিভাজনত জীৱবোৰ একে সময়তে বহুকেইটা অপত্য কোষলৈ বিভাজিত হয়। যেনেঃ মেলেৰিয়া, পৰজীৱী প্লাজম’ডিয়াম।

2. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভাম্বিত হ’ব?

উত্তৰঃ ৰেণুবিলাকৰ পৰাই ৰাইজ’পাচৰ সৃষ্টি হয়। এই ৰেণুসমূহ হ’ল জনন কোষ। ৰেণুসমূহ ডাঠ বেৰেৰে সুৰক্ষিত হৈ থাকে। পিছত যেতিয়া ইহঁত কোনো সেমেকা পৃষ্ঠৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইহঁতে ব্যক্তিগত জীৱ হিচাপে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। কোনো নতুন জীৱৰ সৃষ্টিৰ বাবে ৰেণুসমূহে আন কোষৰ লগত যোজিত হোৱাৰ প্ৰয়োজন নহয়। গতিকে ৰেণুৰ সহায়ত হোৱা প্ৰজনন প্ৰক্ৰিয়াত জটিলতা কম।

3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে?

উত্তৰঃ উচ্চ খাপৰ জীৱৰ দেহত বিশেষত্বপূৰ্ণ কোষসমূহ কলা হিচাপে আৰু কলাসমূহ অংগ হিচাপে সংগঠিত হৈ থাকে, যাক পিছত শৰীৰৰ বিভিন্ন অৱস্থানত প্ৰতিষ্ঠা কৰিবলগীয়া হয়। এনে এক সময়তে সংগঠিত পৰিস্থিতিত, এটা সম্পূৰ্ণ জীৱ তাৰ দেহৰ এটা অংশৰ পৰা বিকশিত কৰাটো সম্ভৱপৰ নহ’ব। কাৰণ জীৱটোৰ এটা অংশৰ পৰা জীৱটোৰ জটিল দৈহিক আৰ্হিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কলা আৰু অংগ বিকশিত কৰাটো কঠিন হ’ব। সেয়ে উচ্চ খাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে।

4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ  বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?

উত্তৰঃ কিছুমান উদ্ভিদৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হ’ব পাৰে। উদ্ভিদৰ এই আংগিক বিস্তাৰণৰ বৈশিষ্ট্য়ৰ বাবেই কৃষি ক্ষেত্ৰত কিছুমান উদ্ভিদত যেনে- কুঁহিয়াৰ, গোলাপ আদিক জোৰা, কলম (Gratting) আৰু তৰপীয়া (Layering) পদ্ধতি প্ৰয়োগ কৰা হয়। বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদৰ বংশ বিস্তাৰ হয়। আংগিক বিস্তাৰণৰ আন এটা সুবিধা হ’ল যে, এনে পদ্ধতিৰে উৎপন্ন উদ্ভিদৰ আনুবংশিকভাৱে একে হোৱাৰ উপৰি চৰিত্ৰগত বৈশিষ্ট্য় পৈতৃক পুৰুষৰ সৈতে একে হয়।

5. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডি. এন. এ (DNA) প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন?

উত্তৰঃ DNA জীৱদেহত থকা এক প্ৰধান জেনেট্ৰিক দ্ৰৱ্য। ই বংশগত গুণসমূহৰ বাহক। ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূণ পুৰুষাণুক্ৰমে গতি কৰে। ই প্ৰতিলিপিকৰণ কাৰ্যত ভাগ লয় আৰু প্ৰটিন সংশ্লেষণ কাৰ্যকে ধৰি জীৱকোষৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

প্ৰ শ্ন ৱা লী

1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ?

উত্তৰঃ ডিম্বকৰ ভিতৰত থকা স্ত্ৰীজনন কোষৰ লগত পৰাগৰেণুৱে সৃষ্টি কৰা পুংজনন কোষৰ যোজনকে নিষেচন বোলে। ই এক ৰাসায়নিক প্ৰক্ৰিয়া।

            আনহাতে, পৰাগযোগ প্ৰক্ৰিয়াই কোনো ফুলৰ পুংস্তৱকৰ পৰাগধানীৰ পৰা স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণক বুজায়। ই এক ভৌতিক প্ৰক্ৰিয়া।

2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰঃ মানুহৰ শৰীৰত পুংজনন কোষবোৰে যেতিয়া শুক্ৰবাহী নলীৰ মাজেৰে গতি কৰে, তেতিয়া শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ দৰে গ্ৰন্থিবোৰৰ তাত কিছুমান ৰস নিঃসৰণ কৰে। ইয়াৰ ফলত পুংজনন কোষবোৰে শুক্ৰবাহী নলীত এক তৰল মাধ্যম লাভ কৰে। যিয়ে সিহঁতৰ পৰিৱহণ সহজ কৰে। এই তৰল মাধ্য়মে পুংজনন কোষক পৰিপুষ্টিৰ যোগান ধৰে।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?

উত্তৰঃ পৰিৱৰ্তনসমূহ 一

(i) ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়।

(ii) যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়।

(iii) মুখৰ ছাল তেলেতিয়া হয় যাৰফলত এই অংশত শালমইনা (Pimples) উঠে।

(iv) স্তনযুগলৰ আকাৰ বাঢ়ে।

4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?

উত্তৰঃ মাতৃদেহত ভ্ৰূণকোষে প্লেচেন্টা নামৰ এবিধ বিশেষ কলাৰ সহায়ত পৰিপুষ্টি লাভ কৰে। ই এখন থালৰ নিচিনা যি জৰায়ুৰ বেৰত পুত খাই থাকে। ভ্ৰূণটোৰ ফালে থকা প্লেচেন্টাৰ অংশটোত ভিলাই থাকে। আনহাতে, মাতৃৰ ফালত থকা অংশটোত ৰক্ত স্থানসমূহ থাকে, যি ভিলাইবোৰক আৱৰি থাকে। ইয়ে মাতৃৰ পৰা ভ্ৰূণটোলৈ গ্লুক’জ আৰু অক্সিজেন পাৰ হ’বলৈ এক বৃহৎ পৃষ্ঠকালিৰ যোগান ধৰে।

5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

উত্তৰঃ মহিলাই কপাৰ-টি ব্যৱহাৰ কৰিলে, ই তেওঁক যৌন ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় নকৰে।

অনু শী ল ণী

1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয় 一

(a) এমিবাত

(b) ইষ্ট

(c) প্লাজম’ডিয়ামত

(d) লেইচ্মেনিয়াত

উত্তৰঃ–       (b) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(a) ডিম্বাশয়

(b) জৰায়ু

(c) শুক্ৰবাহী নলী

(d) ফেলোপিয়ান নলী

উত্তৰঃ–       (c) শুক্ৰবাহী নলী

3. পৰাগধানীত পোৱা হয় 一

(a) বেটুপাত

(b) ডিম্বক

(c) স্ত্ৰীকেশৰ

(d) পৰাগ ৰেণু

উত্তৰঃ–       (d) পৰাগ ৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰঃ–       (d) পৰাগ ৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰঃ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হ’ল 一

(i) যৌনপ্ৰজননত দুজন ভিন্ন ব্যক্তিৰ পৰা অহা দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলন হয়। ই নতুন কোষটোত জিনীয় সজ্জাৰ এক প্ৰকাৰণৰ সৃষ্টি কৰে। এনে কোষৰ পৰা বিকশিত নতুন জীৱৰ বৈশিষ্ট্যত কিছু প্ৰকাৰণ দেখা যাব, যিয়ে চৰমভাৱে পৰিৱৰ্তিত পাৰিৱেশিক অৱস্থাতো জীৱক বৰ্তি থকাত সহায় কৰিব।

(ii) যিহেতু যৌন প্ৰজননৰ দ্বাৰা প্ৰজাতি এটাত প্ৰকৰণৰ সৃষ্টি হয়, সেয়ে এনে প্ৰকৰণে ভৱিষ্যতে নতুন প্ৰজাতিৰ জীৱৰ সৃষ্টি আৰু ক্ৰমবিকাশত সহায় কৰে।

5. মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে?

উত্তৰঃ (i) শুক্ৰাশয়ে পুংজনন কোষ সৃষ্টি কৰে।

(ii) ইহঁতে টেষ্টোষ্টেৰণ নামৰ এবিধ হৰম’ন উৎপন্ন কৰে। যিয়ে পিউবাৰ্টিৰ সময়ত পুৰুষৰ প্ৰজননকেন্দ্ৰীক শাৰীৰিক পৰিৱৰ্তনসমূহ আনে।

6. স্নাতুস্ৰাৱ কিয় হয়?

উত্তৰঃ ডিম্বাশয়ে প্ৰতি মাহতে একোটা ডিম্বাণু নিৰ্গত কৰে আৰু নিষেচিত ডিম্বাণু গ্ৰহণ কৰিবলৈ জৰায়ুয়ে প্ৰতি মাহতে নিজকে সাজু কৰি তোলে। এই উদ্দেশ্যত জৰায়ুৰ অন্তঃ আৱৰণীখন ডাঠ আৰু সোপোকা হৈ উঠে। নিষেচন সংঘটিত হ’লে ভ্ৰুণটোৰ পৰিপুষ্টিৰ বাবে আৱৰণীখনৰ প্ৰয়োজন হয়। নিষেচন সংঘটিত নহ’লে কোনো প্ৰয়োজন নাথাকে। সেয়েহে আৱৰণীখন লাহে লাহে ভাঙি যায় আৰু তেজ আৰু শ্লেষ্মা হিচাপে যোনি পথেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এই চক্ৰটো ২৮ দিনৰ পৰা এমাহৰ মূৰে মূৰে সংঘটিত হয় আৰু ইয়াকে ধাতুচক্ৰ বোলে।

7. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰঃ– 

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?

উত্তৰঃ পদ্ধতিসমূহ হ’ল 一

(i) কণ্ড’মৰ ব্যৱহাৰ

(ii) কপাৰ-টিৰ ব্যৱহাৰ

(iii) অস্ত্ৰোপচাৰ বা বন্ধ্যাকৰণ পদ্ধতি

(iv) কাৰিকৰি প্ৰতিবন্ধক।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ?

উত্তৰঃ বেছিভাগ এককোষী জীৱই ভাজন বা কোষ বিভাজনৰ দৰে সৰল পদ্ধতিৰে প্ৰজনন সম্পন্ন কৰে। এককোষী জীৱসমূহে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। যৌন প্ৰজনন সম্পন্ন কৰাৰ বাবে সিহঁতৰ কোনো বিশেষ প্ৰজনন কলা নাথাকে।

            কোষ বিভাজনৰ দ্বাৰা প্ৰজনন বহুকোষী জীৱৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতি হ’ব নোৱাৰে। বহুকোষী জীৱৰ দেহৰ আৰ্হি জটিল আৰু সুসংগঠিত। এই জীৱসমূহে যৌন আৰু অযৌন দুয়ো প্ৰকাৰৰ প্ৰজনন পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি কৰে। উচ্চস্তৰীয় বহুকোষী জীৱবোৰে যৌন প্ৰজনন সাধন কৰে। সিহঁতৰ শৰীৰত বিশেষ প্ৰজনন কলা থাকে।

10. প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰঃ কোনো পৰিৱেশতন্ত্ৰত জীৱৰ আবাদীয়ে নিজৰ প্ৰজনন ক্ষমতা ব্যৱহাৰ কৰি এক সু-সংজ্ঞাৱদ্ধ স্থান পৰিপূৰ্ণ কৰি থাকে। জীৱৰ দৈহিক আৰ্হিৰ বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰখাৰ বাবে DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণৰ ধাৰাবাহিকতা অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ জীৱটোক কোনো এক নিৰ্দিষ্ট অনুকূল পৰিৱেশত ব্যৱহাৰ কৰিবলৈ সহায় কৰে। এনেদৰে প্ৰজনন জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা ৰক্ষাৰ লগত জড়িত।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰঃ কাৰণ সমূহ হ’ল 一

(i) অনাকাংক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ।

(ii) উদ্বেগজনকভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধ কৰিবলৈ।