অধ্যায় 14
প্ৰাকৃতিক সম্পদ
(Natural Resources)
প্ৰ শ্ন ৱা লী
1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?
উত্তৰঃ– আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ তুলনাত শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান বেছি। এই দুটা গ্ৰহত কাৰ্বন-ডাই-অক্সাইডৰ শতকৰা পৰিমান 95-97 ভাগ। আনহাতে, পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান 0.03%।
2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উত্তৰঃ– বায়ুমণ্ডলত যি বায়ু থাকে সেইয়া তাপৰ কু-পৰিবাহী। দিনৰ ভাগত বায়ুমণ্ডলত পৃথিৱীৰ উষ্ণতা হঠাৎ বহুত বাঢ়ি যোৱাত বাধা প্ৰদান কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ উষ্ণতা কমি যোৱাত বাধা প্ৰদান কৰে। বায়ু তাপৰ কু-পৰিবাহী হোৱাৰ বাবেই ইয়াৰ মাজেৰে তাপ শোষণ আৰু বিকিৰণ কৰাতো পৃথিৱীৰ বাবে সম্ভৱ নহয়। সেয়ে আমি ক’ব পাৰো যে, পৃথিৱীক বায়ুমণ্ডলে এখন কম্বলৰ দৰে আগুৰি আছে।
3. বতাহে কি সৃষ্টি কৰে?
উত্তৰঃ– কোনো অঞ্চলত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্দ্ধগামী হোৱাৰ বাবে অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হয়। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ। অৰ্থাৎ, কাষৰীয়া অঞ্চলসমূহত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এই প্ৰৱাহকে বতাহ বুলি কোৱা হয়।
4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ– দিনৰ ভাগত সূৰ্যৰ তাপত জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে। এই বাষ্প গৰম বায়ুৰ সৈতে ওপৰলৈ যায়। এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে বাষ্পবোৰে বায়ুত থকা ধূলিকণাক কেন্দ্ৰ কৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে। ইয়ে ডাৱৰ সৃষ্টি কৰে।
প্ৰশ্নাৱলীঃ
1. জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়?
উত্তৰঃ– জীৱৰ দেহৰ ভিতৰত সংঘটিত সকলো বিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে। আনহাতে, দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়। সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে।
2. নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?
উত্তৰঃ– নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস হ’ল সাগৰ, মহানগৰ, নদী আদি।মই গাঁও অঞ্চলত বাস কৰো।
3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?
উত্তৰঃ– পানী প্ৰদূষণ হ’ব পৰা কাৰ্যবোৰ হ’ল一
(i) উদ্যোগ, কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰিব পাৰে।
(ii) শস্য–পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি হৈ নদী বা জলাশয়ত পৰে। ফলত এইবোৰে নদী বা জলাশয়ৰ পানী দূষিত কৰে।
(iii) মানুহৰ ঘৰত দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা হৃদৰ পানীত নিক্ষেপ কৰা হয়। ফলত পানী প্ৰদূষিত হয়।
(iv) কিছুমান উদ্যোগত যন্ত্ৰ-পাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুত প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়। ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি হয়।
প্ৰশ্নাৱলীঃ
1. মাটি কেনেকৈ গঠন হয়?
উত্তৰঃ– অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাঙি চূৰ্ণ–বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এনেকৈয়ে মাটিৰ গঠন হয়। শিলাস্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা হ’ল- সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ।
2. মাটি ক্ষয়ীভৱন (soil erosion) কি?
উত্তৰঃ– পানী বা বতাহৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ ফলত মাটি ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয়।
3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?
উত্তৰঃ– মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা ব্যৱস্থাবোৰ হ’ল 一
(i) বৃক্ষ ৰোপনৰ জৰিয়তে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা যায়।
(ii) মাটিসমূহ ঢাকি ৰখা শস্য কৰি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।
প্ৰশ্নাৱলীঃ
1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?
উত্তৰঃ– জলচক্ৰত পানী এই তিনিটা ৰূপত পোৱা যায় 一
(i) গোটা অৱস্থাত বৰফ আকাৰে।
(ii) জুলীয়া অৱস্থাত নদী, হ্ৰদ, সাগৰ-মহাসাগৰ বা ভূ-গৰ্ভত পোৱা যায়।
(iii) গেছীয় অৱস্থাত জলীয়বাষ্প হিচাপে পোৱা যায়।
2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত দুটা যৌগৰ নাম লিখা।
উত্তৰঃ– প্ৰয়োজনীয় যৌগ হ’ল 一
(i) নিউক্সিক এছিড (ডি এন এ আৰু আৰ এন এ)।
(ii) প্ৰ’টিন বা এমিন’এছিড।
অনুশীলনীঃ
উত্তৰঃ– জীৱৰ বাবে বায়ুমণ্ডলৰ প্ৰয়োজনীয়তা অধিক। বায়ু এটা মিশ্ৰ পদাৰ্থ। ইয়াত বিভিন্ন প্ৰকাৰৰ গেছ যেনে- নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আৰু জলীয়বাষ্প মিহলি হৈ থাকে। ইয়াত থকা প্ৰতিটো উপাদানেই জীৱজগতৰ বাবে উপযোগী।
2. পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়?
উত্তৰঃ– পানী জীৱৰ কাৰণে প্ৰয়োজনীয় কাৰণ 一
(i) আমাৰ দেহৰ জৈৱ-ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত।
(ii) দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়। সেইকাৰণে জাৱৰ সমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে।
3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীলনে?
উত্তৰঃ– সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ মাটিতেই উদ্ভিদসমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হ’ল মূল আবাস। আকৌ সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে।
পানীত থকা জীৱসমূহৰ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়। কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱৱ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে।
4. তোমালোকে নিশ্চয় দূৰদৰ্শ আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা?
উত্তৰঃ– বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ নিৰ্ভৰ কৰে বতাহৰ প্ৰকৃতিৰ ওপৰত। বতাহৰ পৰিমাণ আৰু দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাই। বতৰৰ আগলি বতৰা আৰু বৰষুণৰ ভৱিষ্যৎবাণী কৰা হয়। বতাহৰ ধৰণ বৰষুণৰ ওপৰত ভিত্তি কৰি। ভাৰতবৰ্ষৰ বেছিভাগ অংশত দক্ষিণ-পশ্চিম বা উত্তৰ-পূৱ মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে প্ৰচুৰ বৰষুণ হয়।
আনহাতে, কিছুমান ঠাইত বংগোপসাগৰৰ নিম্ন চাপৰ কাৰণে বৰষুণ হয়।
5. মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে, কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি?
উত্তৰঃ– কোনো নিৰ্দিষ্ট অঞ্চলত এনে কাৰ্যকলাপ চিনাক্ত কৰিব পাৰিলেও প্ৰদূষণৰ মাত্ৰা নকমে। কাৰণ বায়ু প্ৰদূষণ বা পানী প্ৰদূষণ কোনো এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ নাথাকে। এটা অঞ্চলত বায়ু প্ৰদূষিত হ’লে গোটেই বায়ুমণ্ডলতে বিয়পি পৰাৰ লগতে প্ৰভাৱো পেলাব। আনহাতে, কোনো নিৰ্দিষ্ট অঞ্চলত পানী প্ৰদূষিত হ’লে সেই দূষিত পানী নলা-নদীৰে আন ঠাইলৈ বিয়পি পৰিব আৰু আন এটা অংশ দূষিত হৈ ভূ-গৰ্ভৰ পানী স্তৰৰ লগত মিলিব। আকৌ কোনো এটা অঞ্চলৰ মাটি প্ৰদূষিত হ’লে সি সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰি সামগ্ৰীকভাৱে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ হ্ৰাস কৰিব।
আকৌ উদ্ভিদৰ শিপাই মাটিত খামোচ মাৰি ধৰি থাকি মাটিৰ ক্ষয়ীভৱনত বাধা দিয়ে। তেনেকৈ উদ্ভিদৰ বিভিন্ন অংশ মাটিত সৰি পচি হিউমাছ সৃষ্টিত অৰিহণা যোগায়। এনেদৰে বনাঞ্চলে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
আনহাতে, বনাঞ্চলত বৰষুণৰ মাত্ৰা বঢ়াই ভূ-গৰ্ভই পানীৰ স্তৰৰ অধোগামী হোৱাৰ পৰা ৰক্ষা কৰে। আনহাতে, মাটিৰ উপৰি পৃষ্ঠৰ ঘাঁহ-বন জাতীয় উদ্ভিদ মাটিৰ দ্বাৰা বৰষুণৰ পানী শোষিত হোৱাত যথেষ্ট সহায় কৰে।