আবেদন আৰু প্ৰতিবেদন লিখন

 আবেদন আৰু প্ৰতিবেদন লিখন


প্রশ্ন ১। তোমাৰ বিদ্যালয়ত পালন কৰা শিক্ষক দিৱসৰ ওপৰত এখনি প্রতিৱেদন লিখা।

উত্তৰঃ ৫ ছেপ্টেম্বৰ হ’ল শিক্ষক দিৱস। আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ, বিশিষ্ট দার্শনিক ড. সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যোৱা ২০০৯ চনৰ ৫ ছেপ্টেম্বৰত আমাৰ  বিদ্যালয়ত এই উদ্দেশ্যে এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। এই সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰে। শ্ৰী হেমেন বৰগোহাঁইদেৱে বিশিষ্ট বক্তা হিচাপে এই সভাত যোগদান কৰে। এই সভাত আমাৰ অঞ্চলৰ কেইগৰাকীমান গুণী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট ব্যক্তিগৰাকীয়ে শিক্ষক  দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শিক্ষকসকলে সমাজ গঠনত যোগদান কৰা সম্পর্কে বহলাই ব্যাখ্যা কৰে। কেইবাগৰাকী বক্তাই শিক্ষকসকলে সমাজত যোগোৱা অৱদান সম্পর্কে বহলাই ব্যাখ্যা কৰে। শেষত সভাপতিয়ে সমাজ গঠনত শিক্ষকসকলক অধিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই সভাৰ কাৰ্যসূচীৰ অন্ত পেলায়।

প্রশ্ন ২। তোমাৰ অঞ্চলত বানপানীয়ে সৃষ্টি কৰা সমস্যা এটিৰ সন্দৰ্ভত বাতৰি কাকতৰ বাবে এটি প্রতিবেদন যুগুত কৰা । 

উত্তৰঃ আটগাঁও : ১০ জুন : যোৱা ২ জুনৰ পৰা ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত কলহী নৈ পানীৰে উপচি পৰি দক্ষিণ কামৰূপৰ ব্যাপক অঞ্চলটোৰ কেইবাখনো গাঁৱত হাহাকাৰৰ সৃষ্টি কৰিছে। কেইবাখনো গাঁৱত পানীত মানুহৰ ঘৰ-চোতাল বুৰ গৈছে। ফলত মানুহে ঘৰ-দুৱাৰ এৰি ওখ ঠাইত আশ্রয় ল’বলগীয়া হৈছে। কেইবাখনো বিদ্যালয়ত আশ্রয়হীন লোকসকলে আশ্রয় ল’বলগা হৈছে। লোকসকলে খাদ্য-সামগ্ৰীৰ অভাৱত অতি কষ্টেৰে দিন নিয়াব লগাত পৰিছে। এতিয়ালৈকে এইসকল বানপানীত আক্রান্ত লোকক সাহায্য প্ৰদানত বিমোৰত পেলাইছে। সেয়ে অঞ্চলটোলৈ জিলা প্ৰশাসনে সোনকালে আৱশ্যকীয় খাদ্য সামগ্রী। পঠোৱাৰ ব্যৱস্থা নকৰিলে ভালেমান লোকে খাদ্যৰ অভাৱত জীয়াতু ভুগিব। তদুপৰি অঞ্চলটো পশু ধনৰ খাদ্য অভাৱ ঘটিছে। গতিকে পশু ধনৰ খাদ্য সামগ্ৰী আৰু স্বাস্থ্য বিভাগৰ পৰা অঞ্চলটোলৈ চিকিৎসক পঠোৱাটো জৰুৰী হৈ পৰিছে। কৃষি প্রধান অঞ্চলটোৰ শালি খেতি সমূলে বিনষ্ট হোৱাৰ সম্ভাৱনা। সেয়ে বানপানী কমি যোৱাৰ পিছত কৃষকসকলে যাতে পুনৰ শালি ধানৰ খেতি কৰিব পাৰে তাৰ বাবে কৃষি বিভাগে উপযুক্ত আঁচনি গ্ৰহণ কৰি সাজু হৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে।

প্রশ্ন ৩। তোমাৰ অঞ্চলৰ বাট-পথৰ মেৰামতিৰ বাবে অনুৰোধ জনাই গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখন আৱেদন লিখা।

উত্তৰঃ 

মাননীয় কার্যবাহী অভিযান্তা, …………. সংমণ্ডল,ডিব্ৰুগড়

স্থান…………….  তাৰিখ: …………..

 
বিষয় : গড়কাপ্তানী ঘাট পথ মেৰামতি বিষয়ক আৱেদন

মহোদয়,

সন্মান পূর্বক নিবেদন এই যে আমালোক……….

মৌজাৰ অন্তৰ্গত…….. গাঁৱৰ অধিবাসী। আমি বাস কৰা মৌজাখন প্ৰতি বছৰে বাৰিষা কালত বাণত আক্রান্ত হয়। এই বছৰো অঞ্চলটোত হৈ যোৱা বানপানীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সৈতে সংলগ্ন আমাৰ এলেকাৰ গড়কাপ্তানী পথটো কেবাঠাইতো বিছিন্ন হোৱাৰ ফলত মৌজাবাসীৰ যাতায়াতত ব্যাঘাত জন্মিছে। এই পথটো সেয়ে জৰুৰীভাৱে মেৰামতিৰ আৱশ্যক বাবে মহোদয়ক অৱগত কৰা হল। আশা কৰো, মহোদয়ে পথটো পৰিদৰ্শন কৰি সোনকালে মেৰামতি ব্যৱস্থা কৰি মৌজাবাসীক উপকৃত কৰিব।

ইতি 

আপোনাৰ বিশ্বাসী

 

অমূল্য বৰুৱা

প্রশ্ন ৪। তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক/প্রধান শিক্ষয়িত্রী/অধ্যক্ষ/অধ্যক্ষলৈ তুমি পাচদিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই এখনি আবেদন পত্র লিখা। 

উত্তৰঃ

মাননীয় প্রধান শিক্ষক মহোদয়………..উঃমাঃ বিদ্যালয়

তাং: ……….

 

 

বিষয় : বিয়া উপলক্ষে ছুটীৰ আবেদন পত্র

মহোদয়,

সন্মান পূর্বক নিবেদন এই যে অহা ২৫ জানুৱাৰী তাৰিখে মোৰ ডাঙৰ ভতিজাৰ বিয়া। সেয়ে মই পৰিয়ালৰ সৈতে ২৪ জানুৱাৰী তাৰিখে ধেমাজিলৈ যাবলগীয়া হ’ব। গতিকে ২৪ জানুৱাৰী তাৰিখৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। সেয়ে মহোদয়ক উক্ত দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰিবলৈ মই আবেদন যোগে অনুৰোধ জনালো। শ্ৰদ্ধাৰে

ইতি

আপোনাৰ একান্ত ছাত্র

……….. শ্ৰী ……… শ্ৰেণী 

 

প্রশ্ন ৫। তোমাৰ প্ৰয়োজনীয় দুখন  কিতাপ বিচাৰি যিকোনো এটা কিতাপৰ এজেন্সী বা কিতাপৰ কোম্পানীৰ মেনেজাৰলৈ এখন আৱেদন পত্ৰ লিখা।

উত্তৰঃ 

প্ৰতি,

পৰিচালক, প্রসাদ পাব্লিচিং কোং

কলেজ হোস্টেল ৰ’ড,পানবজাৰ, গুৱাহাটী- ১ 

মহাশয়,

 
 

অনুগ্ৰহ কৰি তলত দিয়া কিতাপ কেইখন অতি শীঘ্ৰে ভি. পি. পি. ডাকযোগত তলৰ ঠিকনাত পঠোৱাৰ ব্যৱস্থা কৰিলে বিশেষ উপকৃত হম। কিতাপ আহি পালেই মই ডাক ঘৰৰ পৰা সময়মতে ছাড় কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ।

ইতি

 

আপোনাৰ বিশ্বাসী

শ্রী…………………

 

কিতাপৰ নাম :

১। ইংৰাজী (১০ম) – ১০ কপি           ডিব্ৰুগড় 

২। অসমীয়া (১০ম) – ১০ কপি

প্রশ্ন ৬। বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণ দৰ্শাই এখন আবেদন লিখা ।

উত্তৰঃ

মাননীয় প্রধান শিক্ষক মহোদয়

 

……………….মাধ্যমিক বিদ্যালয়, …………….

বিষয় : অনুপস্থিত হোৱাৰ বিষয়ক আৱেদন।

মহোদয়,

সন্মানপূর্বক নিৱেদন এই যে যোৱা …………. তাৰিখৰ পৰা……………….

তাৰিখলৈ খুড়াৰ বিয়াৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো। সেয়ে উল্লিখিত দিন কেইটাত অনুপস্থিতিৰ বাবে এই আৱেদন যোগে বিনীত প্রার্থনা জনালো। ইতি—

আপোনাৰ একান্ত বাধ্য ছাত্র

 

 

…………………………

দশম শ্ৰেণী, ৰোল নং………

 

Leave a Reply

Your email address will not be published. Required fields are marked *