নৱম শ্ৰেণী

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

প্ৰশ্নৱালীঃ

ভাব বিষয়ক প্ৰশ্নঃ

১) চমু উত্তৰ দিয়াঃ

ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?

উত্তৰঃ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

বা

কবি ড° ভূপেন হাজৰিকাই আকাশৰ সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য সুধি প্ৰশ্ন কৰিছিল।

                                         বা

কবিৰ প্ৰাপ্য কি বুলি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছিল।

গ) কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

                                       বা

কবিক বিশাল দৃষ্টি মহাকাশে দিলে।

ঘ) ‘মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ 

কিঞ্চিতো যদি দিব পাৰোঁ’ – ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?

উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই প্ৰাণশক্তিৰ কথা বুজাইছে।

ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।

২) বজ্ৰই কবিক কি কি দিলে? 

উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩) কবিয়ে ‘সচাঁ উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰঃ ‘সচাঁ উদাৰতা’ কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে।

৪) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰঃ কবিয়ে বজ্ৰৰ কন্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫) কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।

উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হ’ল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।

৪) ব্যাখ্যা কৰা :

ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,

      তোমাৰ কাম্য কি কোৱা?

      মই ক’লোঁ, বজ্ৰ তোমাৰ

      শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰঃ “বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,

              তোমাৰ কাম্য কি কোৱা?

              মই ক’লোঁ, বজ্ৰ তোমাৰ

              শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।” 

          উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

          কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে।

          কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানৱতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানৱতাৰ জয় গান গাব পাৰে।

খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই

      সংকীৰ্ণতা এৰি দিয়া

      অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা

      দিয়া যদি আজিয়েই দিয়া।

উত্তৰঃ “সেয়েহে আকাশ তুমি যদি দিব খুজিছাই

              সংকীৰ্ণতা এৰি দিয়া

             আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা

              দিয়া যদি আজিয়েই দিয়া।”

           উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

        কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।

        কবিয়ে প্ৰকৃতিৰ উপাদানবোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।

গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি

     আৰু ধুমুহাই প্ৰচণ্ড শক্তি

     বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ

     আৰু দিলে সাহসৰ যুক্তি

উত্তৰঃ “মহাকাশে দিলে মোক বিশাল দৃষ্টি

              আৰু ধুমুহাই প্ৰচণ্ড শক্তি

              বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ

              আৰু দিলে সাহসৰ যুক্তি।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত  ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

        কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।

        কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।

ঘ) মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যু

     কিঞ্চিতো যদি দিব পাৰোঁ

     আকাশ, ধুমুহা আৰু বজ্ৰক

     তাৰ বাবে প্ৰণিপাত কৰোঁ।

উত্তৰঃ “মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ

              কিঞ্চিতো যদি দিব পাৰোঁ

              আকাশ, ধুমুহা আৰু বজ্ৰক

              তাৰ বাবে প্ৰণিপাত কৰোঁ।”

    উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ‘ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

          কবিতাফাঁকিত মানৱতাৰ সুৰ পৰিলক্ষিত হৈছে।

    ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোঁৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূৰ্ষু মানৱক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়। 

ভাষা বিষয়কঃ

৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

ধুমুহা – বৰদৈচিলা

বুকু – হৃদয়

কাম্য – বিচাৰো

সংকীৰ্ণতা – ঠেক

বিশাল-বহল

দানৱ – দৈত্য

প্ৰণিপাত – প্ৰণাম

সিক্ত – তিতা, 

৬) তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখাঃ

কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূৰ্ধন্য ণ হয়।

পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।

প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূৰ্ধন্য ণ হয়।

সংকীৰ্ণতাঃ

প্ৰণিপাতঃ

৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ‘ ষ’ হৈছে লিখা।

মুমূৰ্ষুঃ  অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয় স মূৰ্ধন্য ষ হয়।

দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হ’লে দন্ত্য স মূৰ্ধন্য ষ হয়।

৮) সন্ধি ভাঙাঃ

দিগন্ত = দিক্ +অন্ত

সৰ্বাকাশ= সৰ্ব+ আকাশ

সংকীৰ্ণ= সম্ + কীৰ্ণ

চমু উত্তৰ দিয়া।

(ক) কোনে কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল।

(খ) ধুমুহাৰ পৰা কবিয়ে কি বিচাৰিছিল?

উত্তৰঃ ধুমুহাৰ পৰা কবিয়ে ধুমুহাৰ শক্তিখিনি বিচাৰিছিল।

(গ) কোনে অকণি আকাশ মাগিছিল?

উত্তৰঃ জনৈক গীতিকাৰে আকাশক ‘অকণি আকাশ’ মাগিছিল।

(ঘ) ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’— কথাষাৰৰ প্ৰকৃত অর্থ কি?

উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’ কথাষাৰৰ প্ৰকৃত অৰ্থ সঁচা উদাৰতা।

(ঙ) কবিয়ে কাৰ ওচৰত পূৰ্ণ বিশালতা বিচাৰিছিল?

উত্তৰঃ কবিয়ে আকাশৰ ওচৰত আকাশৰ পূৰ্ণ বিশালতা বিচাৰিছিল।

(চ) মহাকাশে কবিক কি দিছিল?

উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।

(ছ) কবিয়ে কাৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল?

উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল।

(জ) কবিয়ে কি কি শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে?

উত্তৰঃ কবিয়ে বজ্ৰৰ উদাত্ত কণ্ঠেৰে আৰু ধুমুহাৰ প্ৰচণ্ড শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে।

(ঝ) ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে কোন শ্ৰেণীৰ লোকক বুজাব খুজিছে?

উত্তৰঃ ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে সমাজৰ শোষিত-বঞ্চিত, নিপীড়িত তথা নির্যাতিত দুর্বল-দুখীয়া শ্ৰেণীৰ লোকক বুজাব বিচাৰিছে।

(ঞ) ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰঃ ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে মুমূর্ষু জনৰ হৃদয়ত প্ৰাণৰ সঞ্চাৰ কৰিব বিচৰাৰ কথা বুজাব বিচাৰিছে।

১/ অতি চমু প্ৰশ্নৰ উত্তৰ:

() ‘প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক‘ শীৰ্ষক কবিতাটো কোনে ৰচনা কৰিছিল?

উত্তৰঃ উক্ত কবিতাটো ড° ভূপেন হাজৰিকাই ৰচনা কৰিছিল ।

() ‘প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক‘ শীৰ্ষক কবিতাটো কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ শীৰ্ষক কবিতাটো ১৯৬৩ চনত ৰচনা কৰা হৈছিল ।

(° ভূপেন হাজৰিকাই সম্পাদনা কৰা  যিকোনো দুখন আলোচনীৰ নাম লিখা 

উত্তৰঃ ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা  যিকোনো দুখন আলোচনীৰ নাম হ’ল- ‘আমাৰ প্ৰতিনিধি’, আৰু ‘ গতি’ ।

(° ভূপেন হাজৰিকাই পৰিচালনা কৰা যিকোনো দুখন অসমীয়া চলচ্চিত্ৰৰ নাম লিখা 

উত্তৰঃ ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা যিকোনো দুখন অসমীয়া চলচ্চিত্ৰৰ হ’ল- ‘এৰাবাটৰ সুৰ’, আৰু ‘প্ৰতিধ্বনি’ l

উত্তৰঃ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান তথা বঁটাটোৰ নাম হ’ল- দাদা চাহেব ফাঙ্কে বঁটা ।

() “জনৈক গীতিকাৰে অকণি

      আকাশ দেখোঁ মাগে 

       –ইয়াত কোনজন গীতিকাৰৰ কোনটো গীতলৈ ইঙ্গিত কৰা হৈছে?

উত্তৰঃ নৱকান্ত বৰুৱা ৰচিত আৰু ড° বীৰেন্দ্ৰনাথ দত্তই কন্ঠ দান কৰা ‘আকাশ আমাক অকনি আকাশ দিয়া’ শীৰ্ষক গীতটোলৈ ইয়াত ইঙ্গিত কৰা হৈছে ।