নৱম শ্ৰেণী

পোহৰৰ বাটে আগবঢ়া গাওঁ খন

প্ৰশ্নৱালীঃ

১) চমুকৈ উত্তৰ লিখাঃ
ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক’ত হৈছিল? 
উত্তৰ : ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত।
 
 
খ) পিপলান্ত্ৰি গাওঁখন ক’ত অৱস্থিত? 
উত্তৰঃ পিপলান্ত্ৰি গাওঁখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত। 
বা
 ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত। 
 
গ) কিহৰ বাবে পিপলান্ত্ৰি গাওঁখনে ‘গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল? 
উত্তৰঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাওঁখনে ‘গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল।
বা 
মাৰ্বল পাথৰৰ বাবে। 
 
ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমৰ পিপলান্ত্ৰি গাৱঁৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? 
উত্তৰঃ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাৱঁৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। 
বা
ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত।
 
ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? 
উত্তৰঃ ‘Tree sisters’ নামৰ চিনেমাখন আৰ্জেন্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল।
বা
আৰ্জেণ্টিনাৰ এটা দলে।
 
চ) কিৰণ কোন আছিল?
উত্তৰঃ কিৰণ  শ্যাম সুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল।
বা
  কিৰণ পিপলান্ত্রি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল । 
 
ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?
উত্তৰঃ ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে।
বা
গছত ৰছী বান্ধে।
 
জ) ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন?
উত্তৰঃ কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন হ’ল – শ্যাম সুন্দৰ পালিৱাল ।
বা
 শ্যাম সুন্দৰ পালিৱাল ।
 
ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?
উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১ টা গছপুলি ৰোপণ কৰে।
বা
মৃতকৰ স্মৃতিত ১১ টা গছপুলি ৰোপণ কৰে।
 
 ২ঃ পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?
উত্তৰঃ  মাৰ্বল পাথৰৰ বাবে ‘গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ কৰা পিপলান্ত্ৰি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয়।
৩: শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা?
উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল হ’ল পিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। 
        পিপলান্ত্ৰি গাঁওখন পৃথিৱী বিখ্যাত তেওঁৰ অৱদান : ২০০৫-২০১০
চনটো শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক চাৰিটা দায়িত্ব অৰ্পণ কৰে। সেই চাৰিটা দায়িত্ব হ’ল – কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। তাৰোপৰি তেওঁ ‘কিৰণ নিধি যোজনা’ৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণৰ ব্যৱস্থা  কৰে। তেওঁ এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰি গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল।
 
৪: ‘কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?
উত্তৰঃ ‘কিৰণ নিধি যোজনা’ হ’ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে পিপলান্ত্ৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব।
        এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে। সেই চাৰিটা দায়িত্ব হ’ল: 
১) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা।
২) পানী সংৰক্ষণ কৰা ।
৩) গছ – গছনি ৰুই প্ৰতিপালন কৰা ।
৪) খেতি-বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা।  
 
৫ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? 
উত্তৰঃ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ’লে ছোৱালী জনীৰ নামত ১১১ টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে।  তেওঁ নিয়ম কৰি দিছিল – গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালী জনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হ’ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে ১১১ টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব । তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰছ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্ম সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ’ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে।
 
৬ পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা?
উত্তৰঃ  পিপলান্ত্ৰি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ’লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম ‘কিৰণ নিধি যোজনা’ৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলি বোৰৰ ছোৱালী জনীৰ বিয়াৰ বয়সলৈ একো জোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু ১১১ জোপা গছৰ মূল্যৰ ভালে খিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পতি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতোকৈও অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
৭:  পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত, সংবাদ মাধ্যমৰ উপৰিও ইউটিউব, ফেচবুক, টুইটাৰ, আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে।
 
 
৯ঃ বহলাই, বুজাই লিখাঃ
ক) বাৰটা মাহত তেৰটা খেতিঃ আামাৰ বছৰটো বাৰটা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়। কিন্তু কৰ্মী লোক সকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্যৰ ভৰপূৰ হৈ থাকে। ইয়াকেই বাৰটা মাহত তেৰটা খেতি বুলি কয়।
 
 
খ) স্বচ্ছ ভাৰত অভিযানঃ ২০১৫ চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ‘স্বচ্ছ ভাৰত অভিযান’ নামৰ আঁচনি খন প্ৰৱৰ্তন কৰে। এই আঁচনি খনৰ মূল উদ্দেশ্য হ’ল : এখন নিকা, স্বচ্ছ প্ৰদূষণ মুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন, চাফ চিকুনকে ৰখাৰ বাবে দায়বদ্ধ। 
 
 
গ) সামাজিক মাধ্য়মঃ সামাজিক মাধ্যম (Social Media) বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষিপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালি গণমাধ্যম। 
 
ভাষা বিষয়কঃ
১০) বাক্য ৰচনা কৰাঃ
হাতে কামেঃ নিজে হাতে-কামে লগাতহে ৰমেনৰ খেতি ডৰা লহপহকৈ বাঢ়ি আহিছে। 
 
নিয়ম শৃংখলাঃ ঘৰখনৰ নিয়ম-শৃংখলা বোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে। 
 
দিনে নিশাইঃ নিজৰ ল’ৰা-ছোৱালী কেইটাই ভালকৈ থাকক বুলিয়ে মাক গৰাকীয়ে দিনে-নিশাই পৰিশ্ৰম কৰিছে।
 
 
খেতি বাতিঃ বানপানীৰ বাবে এইবাৰ খেতি বাতি ভাল নহল।
 
আনন্দ উল্লাসঃ নিৰুৰ বিয়া খন আনন্দ-উল্লাস ৰ মাজেৰেই পাৰ হৈ গল।
 
ডাঙৰ দীঘলঃ শ্ৰী কৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল।
 
মুখ – সমৃদ্ধিঃ সকোলোৰে মিলিত প্ৰচেষ্টাত গাঁও খনলৈ মুখ-সমৃদ্ধি  ঘূৰি আহিল।
 
১১। কিয় মূৰ্দ্ধন্য় ণ হৈছে লিখাঃ
 
বৰষুণ; পৰিমাণ; ৰূপায়ণ।
 
১২) তলৰ শব্দ বোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখাঃ
মুক্ত : মুকলি
বায়ু : বতাহ
বৃহৎ : ডাঙৰ
পানী : জল
গছ : বৃক্ষ
চকু: নয়ন
গাঁও : গ্ৰাম
 
১৩) তলৰ উপসৰ্গ কেইটাৰ একোটা শব্দ গঠন কৰাঃ
প্ৰতি : প্ৰতিদান
অধি : অধিগ্ৰহণ
উপ : উপকাৰ
অৱ: অৱৰোধ
দূৰ : দূৰ সংযোগ

চমু উত্তৰ দিয়াঃ

(ক) ৰাজস্থানৰ ৰাজধানী কি?

উত্তৰঃ জয়পুৰ।

(খ) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন বুলি কোনখন গাঁৱৰ কথা কৈছে?

উত্তৰঃ ৰাজস্থানৰ ‘পিপলান্ত্রি’ নামৰ গাঁওখনৰ কথা কৈছে।

(গ) উদয়পুৰ কাৰ জন্মস্থান বুলি কৈছে?

উত্তৰঃ মহাৰাণা প্রতাপৰ।

(ঘ) উদয়পুৰ কোন জিলাৰ অন্তৰ্গত?

উত্তৰঃ ৰাজছমন্দ জিলাৰ।

(ঙ) মাৰ্বল পাথৰৰ বাবে কোনখন গাঁও ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল?

উত্তৰঃ ৰাজস্থানৰ পিপলান্ত্রি গাঁওখন।

(চ) পিপলান্ত্রি গাঁওখনি পুনৰ জীয়াই তোলাৰ আঁৰত কোন আছিল?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

(ছ) কোন কোন শ্ৰেণীত ৰাজস্থানৰ  শিক্ষা বিভাগে পিপালান্ত্রি গাঁওৰ বিষয়ে পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিছে?

উত্তৰঃ সপ্তম আৰু অষ্টম শ্ৰেণীৰ।

(জ) পিপালান্ত্রি গাঁওখনক লৈ নিৰ্মাণ কৰা হিন্দী ছবিখনৰ নাম কি?

উত্তৰঃ ‘পিপলান্ত্রি’।

(ঝ) শ্যাম সুন্দৰ পালিৱালৰ মৃত কন্যাজনীৰ নাম কি আছিল?

উত্তৰঃ কিৰণ।

(ঞ) শ্যাম সুন্দৰ পালিৱালে তেওঁৰ কিমান বছৰ বয়সত মাতৃক হেৰুৱাইছিল?

উত্তৰঃ ছয় বছৰ বয়সত।