অসমৰ পুৰণি খেল-ধেমালি – সুবোধ মল্ল বৰুৱা
পাঠ: ৭
প্ৰথম গোট – গদ্য
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ হেমবৰগোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ।
প্ৰশ্ন ২: প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’ ।
প্ৰশ্ন ৩: ক্ৰীড়া কি ?
উত্তৰঃ ক্ৰীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্ৰকাশ ।
প্ৰশ্ন ৪: বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল ?
উত্তৰঃ ছু-চু বুলি আখ্যা দিছিল ।
প্ৰশ্ন ৫: চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল ?
উত্তৰঃ কণী যুঁজ, কড়ি যুজঁ ইত্যাদি ।
(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩)
উত্তৰঃ ঢোপ খেলৰ জন্ম ক’ত, হৈছিল সেয়া কোনেও ক’ব নোৱাৰে । এইবিধ খেল যে আহোম যুগতো জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায় । ব্ৰিটিছ ৰাজত্বৰ শেষছোঁৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মোদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল । পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোমাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহ’ল । আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানসত প্ৰতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছিল । ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অনা খেলৰ অনেক মিল পোৱা যায় ।
প্ৰশ্ন ২: বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি কি ?
উত্তৰঃ বৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত বহুবাৰ থলুৱা খেলৰ প্ৰচলন আছিল । এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, ফূৰ্তি বা গোল্লা, হাফলা, মিলা, ৰছী টনা, কুকুৰা যুঁজ, টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠাবল, তিনিঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য ।
প্ৰশ্ন ৩: ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমুহৰ নাম লিখা ।
উত্তৰঃ ম’হ যুজঁ, বাঘ-ভালুকৰ যুজঁ, হাতী যুজঁ, আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল ।
প্ৰশ্ন ৪: ইণ্ডিজেনাছ গেমছ কোনে, ক’ত কেতিয়া অনুষ্ঠিত কৰিছিল ?
উত্তৰঃ ইণ্ডিজেনাছ গেমছ ১৯৮৯ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল ।
প্ৰশ্ন ৫: ‘ফুল-ফুলতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা ।
উত্তৰঃ ‘ফুল-ফুলতী খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত । এই খেলত সৰু-সৰু বল বা গুটিৰে শাৰী সজোৱা হয় । প্ৰতিটো শাৰীত সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে । ইয়াৰ পিছতো প্ৰতিজন অংশ গ্ৰহণ কৰিয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব । এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগিয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয় ।
(গ) দীঘল প্ৰশ্ন : (মূল্যাংক -৪/৫)
প্ৰশ্ন ১: আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল ? তেওঁ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া ।
উত্তৰঃ আহোম যুগত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত । আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল । অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল । তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিছিল ।
প্ৰশ্ন ২: পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল ?
উত্তৰঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল । একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল । এই মালযুজঁ বৰ্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল ।
প্ৰশ্ন ৩: অহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি ? এই খেল সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে – শেন আৰু কনুৱাৰ খেল ।
প্ৰশ্ন ৪: ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত ? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ ঢেমনা অনা খেল বৰপেটাত অঞ্চলত প্ৰচলিত ।ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল । বৰপেটা অঞ্চলত ঢেমনা অনাৰ অৰ্থ হ’ল কোনো বিপত্নীকে বাৰী তিৰোতাক পত্নী ৰূপে অনা । দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে । বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয় । খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয় । এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পাছত যিটো দলে অধিক ঢেমনা আনিব, সেই দলটোৱেই বিজয়ী হ’ব ।