মগনিয়াৰ
পাঠ: ২
নিৰ্বাচিত গদ্য
অতি চমু প্রশ্ন মূল্যাংকঃ ১
(ক) অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰা ।
(খ) যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ’ল- “কথা-কবিতা” ।
(গ) কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল বা দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল ?
উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্রনাথ দুৱৰাৰ জন্ম হয় ।
(ঘ) যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ ?
অথবাঃ ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাবানুবাদ ?
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ ভাবানুবাদ’ ।
(ঙ) ‘ওমৰ তীৰ্থ’ কাব্য পুথিৰ মূল কি?
উত্তৰঃ ওমৰতীৰ্থ কাব্য পুথিৰ মূল হ’ল- ওমৰ খায়ামৰ ৰুবায়ত ।
(চ) যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল ?
অথবাঃ অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত আৰু কোন অধিবেশনত অলংকৃত কৰিছিল ?
উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত যতীন্দ্র নাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা অলংকৃত কৰিছিল ।
(ছ) মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে?
উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্রহ কৰা হৈছে ।
(জ) ৰুছ সাহিত্যিক ‘টুৰ্গেনিভ’ৰ কোনটো কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে ?
অথবাঃ কোনটো ৰুছ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য দেখা যায় ?
উত্তৰঃ ‘The Beggar’ নামৰ ৰুছ কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য আছে/দেখা যায় ।
(ঝ)যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
অথবাঃ যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল ?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম ‘বনফুল’ ।
(ঞ) ‘কথা কবিতা’ ৰচনা করোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ?
অথবাঃ কাৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে?
উত্তৰঃ ‘কথা কবিতা’ ৰচনা করোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ।
(ট) টুৰ্গেনিভ আৰু অলিভ শ্রাইনাৰ ক’ৰ সাহিত্যিক ?
উত্তৰঃ টুৰ্গেনিভ ৰুছ দেশৰ আৰু অলিভ শ্রাইনাৰ আফ্রিকাৰ সাহিত্যিক ।
(ঠ) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় ।
(ড) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া যতীন্দ্রনাথ দুৱৰা ।
(ঢ) অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কি?
উত্তৰঃ অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কথা-কবিতাৰ পুথি ।
চমু প্রশ্ন মূল্যাংকঃ ২
(ক) যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হ’ল- (১)বনফুল আৰু (২) ওমৰ তীৰ্থ ৷
(খ) মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া ।
উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক । তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । হাতদুখন উখহা আৰু অপৰিষ্কাৰ । লগতে, তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে ।
(গ) কথা-কবিতা প্রথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উত্তৰঃ কথা-কবিতা প্রথমতে ঊনৈশ শতিকাত সৃষ্টি হৈছিল ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয় ।
(ঘ) সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম লিখা ।
উত্তৰঃ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক হ’ল- যতীন্দ্র নাথ দুৱৰা আৰু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম হ’ল- বনফুল (কবিতাপুথি) ।
(ঙ) কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা ।
উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবি হ’ল-
(১)ওমৰ খায়াম (ফাৰ্চী ছুফী কবি) আৰু
(২)আইভান টুৰ্গেনিভ (ৰুছ সাহিত্যিক) ।
চমু প্রশ্ন মূলাংকঃ ৩
(ক) কথা কবিতা বুলিলে কি বুজা? কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।
কথা কবিতাৰ পাঁচটা বৈশিষ্ট্যঃ
(ক) কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক ।
(খ) কথা কবিতা চিত্র ধৰ্মিতাৰ ওপৰত প্রতিষ্ঠিত ।
(গ) ভাবেই ইয়াৰ প্রধান বস্তু । ইয়াত মাত্র এটিহে কেন্দ্রস্থ ভাব থাকে ।
(ঘ) কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন ।
(ঙ) কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা ।
(খ) যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম- ‘বনফুল’, ‘ওমৰ তীৰ্থ’ আৰু ‘আপোন সুৰ ।
(গ) কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ’ল-
(১) কবিতাত কাব্যিকতা বেছি, কথা কবিতা গদ্যৰ ওচৰ চপা । যদিও বৰ্তমান স্পন্দিতা গদ্য ছন্দৰ প্রয়োগ কৰিছে তথাপি কথা কবিতা কবিতাতকৈ এই ক্ষেত্রত পৃথক ।
(২) কবিতাৰ তুলনাত কথাকবিতা কাহিনীধৰ্মী ।
(৩) কবিতা ব্যঞ্জনাধৰ্মী, কথা কবিতা কবিত্বময়ী গদ্য লিখাৰ এক ভঙ্গী বুলিব পাৰি ।
(৪) কবিতাৰ তুলনাত কথা কবিতাত সম্পূৰ্ণ এক ছবি ফুটি উঠা দেখা যায় ।
(ঘ) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।
উত্তৰঃ ওমৰ খায়াম এগৰাকী ফাৰ্চী ছুফী কবি আছিল । তেওঁ ৰচনা কৰা এখন পুথিৰ নাম ‘ৰুবায়ত’ ।