মিলন – নলিনীবালা দেৱী

পাঠ: ৩

নিৰ্বাচিত পদ্য

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

 

প্ৰশ্ন ১.নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক আধ্যাত্মিক, ৰহস্যবাদী বা অতিন্দ্রিয়বাদী কবিৰূপে জনা যায় ।

প্ৰশ্ন ২.নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ  নাম কি?

 

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ  নাম হ’ল- এৰি অহা দিনবোৰ ।

প্ৰশ্ন ৩.‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্রকাশ পাইছে ?

 

উত্তৰঃ ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাৱ মনোভাৱ প্রকাশ পাইছে ।

 

প্ৰশ্ন ৪.‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?

উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি পৰম আৰাধ্য ভগৱানক বুজাইছে ।

প্ৰশ্ন ৫.নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ।

 

উত্তৰঃ ১৯৬৮ চনৰ ‘অলকানন্দা’ কাব্যগ্রন্থর বাবে সাহিত্য একেডেমী বঁটা লাভ কৰিছিল ।

প্রশ্ন ৬.‘বিশ্বদ্বীপা ’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ নলিনীবালা দেৱী ।

 

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩ )

 

প্রশ্ন ১.নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা ।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল- ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’ ।

প্রশ্ন ২.কবিৰ পৰম আধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?

উত্তৰঃ কৰিব পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ  তীৰে তীৰে আহি নিতৌ তেওঁক দর্শন দিয়ে । পৃথিৱীৰ সকলো ঠাইতে আৰু প্রায় সকলোতে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে ।

 

প্রশ্ন ৩.‘কবিয়ে আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে ?

উত্তৰঃ কবিয়ে ‘আছে মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে । কবিয়ে উল্লেখ কৰিছে যে শাৰীৰিক স্ব-চক্ষুৰে দেখা নাপালেও মনৰ দৃষ্টিৰ সৈতে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে ।

প্রশ্ন ৪. কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়ে ?

উত্তৰঃ নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ  মোহনীয় সৌন্দৰ্য সুৱৰাই কবি নলিনীবালা দেৱীৰ ভগৱান প্রীতিৰ ধাৰণাক গভীৰ কৰি তুলে । ৰাতিপুৱা সূর্যৰ পোহৰত জিলিকি উঠা নিয়ৰ কণিকাৰ জিল্মিল শোভাই জেন পৰমজনাৰ মোহনীয় জ্যোতিৰূপে কবিক দেখা দিয়েহি ।

প্রশ্ন ৫.ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰমজনাক দেখা পায় । কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে ।

 

প্রশ্ন ৬.নলিনীবালা দেৱীৰ কোনদুখন কাব্যগ্রন্থৰ ভালেমান কবিতা স্বদেশপ্রেমৰ সুৰ প্রবাহিত হৈছে ? 

উত্তৰঃ ‘যুগ দেৱতা’  আৰু  ‘জাগৃতি’  ।

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )

প্রশ্ন ১.নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্রকাশ কৰিছে তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা  ।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য আৰু সু-পৰিচিত নাম হ’ল-নলিবীবালা দেৱী । তেওঁৰ কবিতাসমূহৰ মাজেৰে  প্রজ্ঞা আৰু প্রতিভাৰ অপূর্ব মিলন ঘটিছে । সেয়েহে তেওঁৰ কবিতাত আধ্যাত্মিক চেতনাৰ অপূর্ব প্রকাশ দেখিবলৈ পোৱা যায় । অতিন্দ্রীয়বাদী ভাৱ আৰু  বেদান্ত দর্শনৰ প্রতি একান্ত অনুৰাগ তেওঁৰ কবিতাত প্রতি স্পষ্ট আৰু  আকর্ষণীয় ৰূপত পৰস্ফুট হৈ উঠিছে ।

‘মিলন’ কবিতাত কবিয়ে পৰম আরাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষইয়ৰ মাজতে উপলব্ধি কৰে । সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ  হৃদয়ৰ  মাজত অনুভৱ কৰে । নিশার জোনাকী পোহৰ , তৰাভৰা আকাশৰ  মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ  ভগবৎ প্রীতিৰ  ধাৰণাক গভীৰ  কৰি তোলে । আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ  অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে । কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ততে তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন ।

 
 

প্রশ্ন ২.‘মিলন’ কবিতাটিত কবিয়ে কার লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে ।

উত্তৰঃ ‘মিলন’ কবিতাটিত কবি নলিনীবালা দেৱীয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে । কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্রতিধ্বনি অনুভূত হৈছে । কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে । কবিৰ মনৰ গোপন দেশশৰ নিজান কোণত, সপোনে-দিঠকে, জোনাকীৰ স-কোমল পোহৰত, নিশাৰ আকাশৰ তৰাৰ মোহনীয় তিৰবিৰণীৰ মাজত, গধূলিৰ ক্ষীণ পোহৰত, ধায়নৰ সময়ত, হৃদয়ৰ গভীৰ আবেগশীলতাৰ মাজত, সাৰহীন নিশাৰ নিস্তব্ধতাৰ মাজত, উষাৰ ৰাঙলী পোহৰত আদি সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে । পৰমজনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই ভিন্ন ৰূপৰ অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।

প্রশ্ন ৩.কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত, কেনেকৈ নিতৌ দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত  তেওঁৰ পৰম আৰাধ্যজনক পৃথিৱীৰ সকলো বস্তু আৰু অৱস্থাৰ মাজতে দেখা পায় বুলি কৈছে । সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিতবক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে । মনুৰ গোপন দেশৰ নিজান কোণত, সপোনৰ জগতত পৰম আরধ্যজনে আহি কবিক দেখা দিয়েহি । নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰৰ মাজত, গধূলিৰ ম্লান আন্ধাৰত, ধ্যানৰ মুহূর্তত, সূর্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্রাত পৰাৰ সময়লৈকে প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।

প্রশ্ন ৪.কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে, ব্যাখ্যা কৰা।

উত্তৰঃ অতীন্দ্রিয়বাদী কবি নলিনীবালা দেৱীইয়ে ‘মিলন’ কবিতাত আধ্যাত্মিক চেতনাৰ  ধ্বনি শুনিবলৈ পোৱা যায় । ব্যক্তিগত জীৱনৰ ঘাত-প্রতিঘাত আৰু দুখ-বেদনাই কবিক ভাৰাক্রান্ত কৰি পেলাইছিল । সেয়েহে কবিয়ে শোক-সন্তপ্ত হৃদয়ত শান্তি আৰু শক্তি লভিবলৈ ভগৱানৰ  লগত মিলনৰ পথ বাচি লৈছিল । সেয়ে তেখেতৰ  কবিতাৰ মাজত অতিন্দ্রিয়বাদী সুৰ শুনা যায় । কবিৰ ভগৱৎ প্রঈতিয়ে কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায় । কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত ৰাতিপুৱা সূর্য উদয়্য হোৱাৰে পৰা সাৰহীন নিশা গভীৰ  নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে বুলি প্রকাশ কৰিছে । এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে ।

প্রশ্ন ৫.‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে চমুকৈ  আলোচনা কৰা ।

উত্তৰঃ ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ কবিতাৰ  মাজত ঘাইকৈ আধ্যাত্মবাদৰ সুৰ শুনিবলৈ পোৱা যায় । তেওঁৰ কবিতাবোৰৰ মাজেদি কবিগৰাকীৰ প্রজ্ঞা আৰু প্রতিভাৰ অপূর্ব মিলন ঘটিছে । ভাৰতীয় ধর্ম, সংস্কৃতি আৰু দর্শনৰ প্রতি নলিনীবালা দেৱীৰ আছিল অপৰিসীম শ্রদ্ধা আৰু আনুগত্য । কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাওতীয় ধর্ম আৰু  দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে । সেয়েহে ‘মিলন’ কবিতাত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায় ।

কবিয়ে পৰম আৰাধ্যজন্নৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে অপলব্ধি কৰে, সপোনে-দিঠকে, মানসৰ তীৰে তীৰে তেওঁ পৰমজনৰ অস্তিত্বকে নিজৰ হৃদয়ৰ নিজান কোণত অনুভৱ কৰে । নিশসাৰ  জোনাকী পোহৰ , গধূলিৰ  তৰা-ভৰা, আকাসসৰ মোহনীয় সৌন্দৰ্য, দোভাগ নিশশা সাৰহীন নিশ্চুপ জগতৰ মাজতো তেওঁ পৰম আৰাধ্যজনকে বিচাৰি পায় । ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মাতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন । এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে ।