জনতাৰ আহ্বান – জ্যোতিপ্রসাদ আগৰৱালা
পাঠ: ৪
নিৰ্বাচিত পদ্য
অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )
প্রশ্ন ১.অসমীয়া সাহিত্য – সংস্কৃতি জগতত ৰূপকোঁৱৰ’অভিধাৰে কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ।
প্রশ্ন ২.জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ ।
প্রশ্ন ৩.জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটখনৰ নাম কি ?
উত্তৰঃ ‘শােণিত কুঁৱৰী ’ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্রথম নাটক ।
প্রশ্ন ৪.জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাইজার্মানীলৈ গৈ তাত কথাছবি প্রযােজনা আৰু পৰিচালনাৰ বিষয়ত প্রশিক্ষণ লৈছিল ।
প্রশ্ন ৫.প্রথম অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’ ।
প্রশ্ন ৬.জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণকৰিছিল ?
উত্তৰঃ ১৯৩৯ চনত ।
চমু প্রশ্নৰ উত্তৰ ( মূল্যাংক -২ / ৩ )
প্রশ্ন ১.জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল—
( ক ) জাতীয়তাবােধ , দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবােধ আৰু জনতাৰ প্রতি দায়ৱদ্ধতা তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য ।
( খ ) তেখেতৰ কবিতাত ভাষা আৰু শব্দৰ ওজস্বিতা , যৌৱনসুলভ দীপ্ততা আদি বৈশিষ্ট্য লক্ষ্য কৰা যায় ।
প্রশ্ন ২.আজি সুন্দৰৰ পূজা – থাপনাত
যাচিবি কিহেৰে ঘােড়শােপচাৰ ‘- যােড়শপচাৰ কি বুজাই লিখা ।
উত্তৰঃ যােড়শ উপচাৰ হৈছে পূজাত লগা ষােলবিধ বস্তু । সেইবস্তুবােৰ হ’ল-গন্ধ , ধূপ , দীপ , নৈবেদ্য , বস্ত্র , আভৰণ , আসন , স্বগত (আবাহন ) , পাদ্য , অর্ঘ্য , আচমনীয় , মধুপক , পুনৰাচমনীয় , স্নান আৰু চন্দন । কবি জ্যোতি প্ৰসাদ আগৰৱালাই ‘ জনতাৰ আহ্বান ’ কবিতাত জনতাৰ আলােক যাত্ৰাৰ অভিযানৰ বিষয়ে ক’বলৈ গৈ ষােড়শােপচাৰ পূজাৰ কথা কৈছে । পূজাত সােড়শােপচাৰেৰে যেনেদৰে আৰাধ্য দেৱ – দেৱীক পূজা কৰা হয় , কবিয়েও সুন্দৰৰ পূজা থাপনাত জনতাৰ আলােকসন্ধানী অভিযানক প্রতিষ্ঠা কৰিবলৈ বিচাৰিছে ।
প্রশ্ন ৩.কবিতাটোত কবিয়ে ‘ আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান ’ বুলি কিয় কৈছে ?
উত্তৰঃ ‘ জনতাৰ আহ্বান ’ কবিতাটিত কবিয়ে পৃথিৱীত মানৱৰ মুক্তি সাধনৰ অৰ্থে সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ পক্ষে মত প্রকাশ কৰিছে । কবিৰ দৃষ্টিত জনতাৰ এক নতুন ৰূপ প্রতিভাত হৈছে । অন্ধকাৰ নাশি পােহৰ বিলাবলৈ , সমগ্র পৃথিৱীৰ আকাশতে সৌন্দর্য বিলাবলৈ পৃথিৱীৰ জনতা আজি ওলাই আহিছে । পৃথিৱীৰ সমগ্ৰ জনতাই আজি সাম্যবাদৰ সপােন দেখিছে । সেয়ে পৃথিৱীৰ আকাশে আকাশে এই সাম্যবাদত উদ্বুদ্ধ হােৱাৰ জনতাৰ আহ্বান নিনাদিত হৈছে । মানুহৰ এই পৃথিৱীত শান্তি , ঐক্য সংহতিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলি । সমগ্র পৃথিৱীৰ জনতাৰ এই আহ্বান কাৰণে ‘ আজি পৃথিৱীত আকাশে আকাশে জনতাৰ আহ্বান’বুলি কোৱা হৈছে ।
প্রশ্ন ৪.‘হে মােৰ আলােক পূজাৰী প্রাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ৷
উত্তৰঃ আলােক পূজাৰী মানে পােহৰৰ পূজাৰী , পােহৰৰ সেৱক । কবি জ্যোতিপ্রসাদ আগৰৱালা মনে – প্রাণে সংস্কৃতিৰ সাধক আছিল । সেয়ে সংস্কৃতিৰ বিকাশ সাধনৰ অৰ্থে দুর্দশাগ্রস্ত জনাৰ পাগল এপাহ পদম ফুলাব বিচৰা যেনকৈ এক আলােক সৃষ্টি কৰিবলৈকো অহৰহ প্রয়াস কৰিছে । জনতাৰ হৃদয়ত এই আলােকৰ সৃষ্টিৰ সম্ভৱনা একমাত্র সুন্দৰৰ অর্থাৎ ভগৱানৰ কৃপাতহে সম্ভৱ । সেয়ে ষােড়শােপচাৰেৰে তেওঁ সুন্দৰৰ পূজাৰ থাপনাত উপাসনা কৰাৰ কথা চিন্তা কৰিছে ।
প্রশ্ন ৫.কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা ।
উত্তৰঃ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে । পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা । জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰ আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়িছিল যদিও সেই কলেজ উঠি যােৱাত পিছত বিলাতৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা পুনৰ মেট্রিক পৰীক্ষা পাছ কৰে । তেওঁ ১৯২৬ চনত বিলাতলৈ উচ্চ শিক্ষাৰ কাৰণে যায় । তেওঁ তাত এম এ পঢ়িবলৈ গৈছিল যদিও সেই শিক্ষা বাদ দি জার্মানীত চলচ্চিত্র নির্মাণ । সম্পৰ্কীয় শিক্ষাহে লৈ ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহি অসমৰ প্রথম কথাছবি ‘জয়মতী’ ( ১৯৩৫ ) কে ধৰি কেবাখনাে কথাছবি নির্মাণ কৰি মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰে ।
দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )
প্রশ্ন ১.‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলােচনা কৰা ।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ লুইতৰ পাৰৰ অগ্নিসুৰ ’ নামৰ কাব্যগ্রন্থৰ পৰা অনা হৈছে । কবিতাটোত বিপ্লৱী কবিজনাই মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দর্য ৰূপায়ণক বিশেষ গুৰুত্ব আৰােপ কৰিছে । আলােকসন্ধানী কবিজনাই জনতাৰ আলোেকসন্ধানী ৰূপ কবিতাটো মূর্ত কৰি তুলিছে ।
সুন্দৰৰ পূজাৰী কবিজনাই কবিতাৰ প্রাৰম্ভতে কৈছে যে সুন্দৰৰ পূজাৰ থাপনাত আজি কিহেৰে পূজাৰ ষােড়শােপচাৰ গােটাবনাইবা কি ৰাগ , কি সুৰেৰে পুৱা – সন্ধ্যাৰ গান গাব — এই প্রশ্ন উত্থাপন কৰি কবিয়ে তাৰ উত্তৰ দিছে । কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে – বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে । কবিয়ে লক্ষ্য কৰিছে আজি সমগ্র বিশ্বতে জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈছে । অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশে বতাহে খলকনি তুলিছে । পৃথিৱীত শান্তি সুৰভি বিলাবলৈ , বিশ্বৰ সৌন্দর্য সৃষ্টিত অৰিহণা যােগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হােৱা প্রয়ােজন । মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব । কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোেক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি তৰি দিব । কবিয়ে বেদত ধ্বনিত হােৱা আলােক মন্ত্ৰেৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে । কবিয়ে উদাত্ত কণ্ঠে জনতাতন্ত্রৰ , আলােক মন্ত্রপুত মহামানৱ তন্ত্রৰ জয়গান গাইছে ।
প্রশ্ন ২.‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনােভাব প্রকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ ‘জনতাৱ আহ্বান’ কবিতাটোত সাধাৰণ মানুহ অর্থাৎ জনতাৰ প্রতি কবিৰ গভীৰ আস্থাৰ ভাব প্রকাশ পাইছে । সেয়ে কবিতাটোত কবিয়ে পৃথিৱীৰ এই সাধাৰণ মানুহৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে । কবিয়ে দেখিছেৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে । সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ মানুহে অর্থাৎ জনতাই যােড়শােপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে । বােকাত জন্ম লাভ কৰা জনতা আজি পদুম ফুলৰ দৰে ফুলি সৌৰভ বিলাইছে, পােহৰ বিলাইছে । অন্ধকাৰ নাশি পােহৰত পাহি মেলি, আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনােভাব আজি জনতাৰ এই আলােকবিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিব । নৱ জীৱনৰ মহা সংঘাতে বর্তমানক কঁপাই তুলিব । জনতাৰ এই উদ্যোগ দেখি কবিৰ মনােভাব হৈছে বেদত ধ্বনিত হােৱা আলােকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগ বাঢ়িছে ।
প্রশ্ন ৩.কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা ।
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতাক ‘প্রবুদ্ধ’ বুলি অভিহিত কৰি কৈছে যে জনতা আজি জ্ঞানৰ আলােকত উদ্ভাসিত হৈ উঠিছে । আজিৰ জনতা পূৰ্বৰ দৰে অজ্ঞান – আন্ধাৰত নিমজ্জিত নহয় । সাংস্কৃতিক আধাৰত প্রতিষ্ঠিত এক কেন্দ্রীভূত শক্তিৰ ওপৰত গভীৰ আস্থাৱান এই জনতা আজি আলােকসন্ধানী হৈ পৰিছে । জ্ঞান আৰু মানৱীয় মূল্যবােধত এওঁলােকে গুৰুত্ব দিছে । সমাজৰ সকলাে অসুন্দৰ আঁতৰাই সত্য আৰু সুন্দৰৰ ভিত্তিত প্রবুদ্ধ জনতাই সমাজ স্থাপন কৰিব খােজে । জ্ঞান বুদ্ধি – চেতনা আৰু নিস্বার্থ সেৱাৰ মনােভাবেৰে এওঁলােক উজ্জীৱিত । জাতিৰ জীৱন আগুৱাই নিবলৈ এই জনতাই সাংস্কৃতিক প্রচেষ্টা কার্যকৰী কৰিবলৈ বদ্ধ পৰিকৰ । তাৰ বাবে যি শাসনতন্ত্র প্রয়ােজন হ’ব সেয়া হ’ব জনতন্ত্র । কবিয়ে তেনে জনতন্ত্ৰৰে জয় জয়কাৰ ঘােষণা কৰিছে ।
প্রশ্ন ৪.‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলােচনা কৰা ।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ নামৰ কবিতাত জনতাৰ আলােকসন্ধানী ঐক্যবদ্ধ যাত্ৰাৰ কথা প্রকাশ কৰিছে । মানুহৰ শ্রেষ্ঠতম গুণ মানৱতাৰ বিকাশ সাধন হােৱাৰ পিছত কবিয়ে পৃথিৱীত মানৱীয় মূল্যবােধৰ উত্তৰণ প্রত্যক্ষ কৰিছে । বােকাত গজি বিকশিত হােৱা পদুম ফুলৰ দৰে একেবাৰে নেহাত অৱস্থাত জন্মলাভ কৰা এইসকল মানুহেও সংস্কৃতিৰ বিকাশ সাধনত নিজৰ ভাগ ল’বলৈ , আকাশে বতাহে সৌন্দর্যৰ সৌৰভ বিলাবলৈ , পৃথিৱী শান্তিময় কৰিবলৈ এক আলােকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে । সেয়ে কবিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান হােৱা শুনিবলৈ পাইছে । জীৱনৰ প্রতিটো ক্ষণে ক্ষণে , মহাপ্রবাহে প্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈ পৰিছে ।
প্রশ্ন ৫.প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :
(১) আজি জনতাৰ পংকজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ’ উঠি আহে
বেলিমুৱা হৈ হাঁহে ।
উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্র মানুহেও সু-কর্মৰাজিৰ আৰু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ কথা ব্যক্ত কৰিছে ।
কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব ।