মূল্যবোধৰ শিক্ষা – ড০ দুলুমণি গোস্বামী

পাঠ: ১

কৈশোৰ কাল আৰু মূল্যবোধৰ  শিক্ষা

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

 

প্রশ্ন ১.ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?

উত্তৰঃ ভাৰতীয় প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবােধ । 

প্রশ্ন ২.প্রথম অৱস্থাত  ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ? 

 

উত্তৰঃ অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল । 

প্রশ্ন ৩.নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল ’ ( moral ) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে ? 

উত্তৰঃ লেটিন ভাষাৰ ম’ৰীজ শব্দৰ পৰা । 

 

প্রশ্ন ৪.মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি ? 

উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয় , ব্যক্তিনিষ্ঠহে । 

প্রশ্ন ৫.ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূলবােধ চিনাক্ত কৰিছে ? 

 

উত্তৰঃ ৮৪ বিধ মূল্যবােধ চিনাক্ত কৰিছে । 

চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩)

 প্রশ্ন ১. আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি ? অথবা , মূল্যবােধৰ ত্রিনীতি ’ কি ? 

 

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ , যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে । 

 

প্রশ্ন ২. ভাৰতীয় দর্শনে মূল্যবােধক কেষ্টা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি ? 

উত্তৰঃ ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দর্শন । সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়ােজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে । ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ , কৰিছে । সেই চাৰিটা হল— 

( ১ ) ধর্ম । 

( ২ ) অর্থ । 

 

( ৩ ) কাম । আৰু 

( ৪ ) মােক্ষ । 

প্রশ্ন ৩. প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ? 

উত্তৰঃ প্রকৃততে মূল্যবােধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । কাৰণ মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধক বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি কব নােৱাৰি ; কিন্তু প্রয়ােজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে , তেনে কার্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজে অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণৰ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । 

মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ । সমাজত প্রচলিত ধর্মীয় বিশ্বাস , জীৱন – দর্শন , নৈতিক আদর্শ , ৰাজনৈতিক আদর্শ , আচাৰ – ব্যৱহাৰ , দৈনন্দিন জীৱনৰ কার্যাৱলী এই সকলােবােৰ মূল্যবােধে সামৰি লয় । সমাজৰ পৰিৱেশ আৰু প্রয়ােজনীয়তা সাপেক্ষে মূল্যবােধৰাে পৰিৱর্তন হয় । সমাজত পৰিৱৰ্তনৰ লগে লগে নতুন মূল্যবােধৰ সৃষ্টি হয় । 

প্রশ্ন ৪. সহজ অর্থত মূল্যবোধ মানে কি ? 

 

উত্তৰঃ প্রকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । সেয়ে সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ— যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ৷ 

প্রশ্ন ৫. মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ? 

উত্তৰঃ মনােবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই যি চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে , সেই চাৰিটা তলত উল্লেখ কৰা হ’ল- 

( ক ) যুক্তিনিষ্ঠতা :- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ । 

( খ ) পৰােপকাৰিতা :- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন সাপেক্ষে সহায় কৰা । 

( গ ) দায়িত্ববােধ :- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা । 

 
 

( ঘ ) নৈতিক স্বতন্ত্রতা :- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা । 

দীঘলীয়া প্ৰশ্নৰ উত্তৰ ( মূল্যাংক -৪/৫) 

প্রশ্ন ১. আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি ? 

উত্তৰঃ ভাৰতীয় সমাজ – সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ । আধ্যাত্মিক মূল্যবােধৰ লগত ধর্মীয় মূল্যবােধৰ সম্পর্ক আছে । আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত । আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে । মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে । আধ্যাত্মিক মূল্যবােধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল , দুর্নীতিপৰায়ণ আৰু অনৈতিক । আধ্যাত্মিক মূল্যবােধ বিকাশ হ’ব , যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব , সহযােগিতা, সহমর্মিতা , অহিংসা ভাব , ভক্তি , সংযম , উদাৰতা আদি বৃদ্ধি হ’ব । মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “ কুকুৰ শৃগাল গর্দভৰাে আত্মাৰাম , জানিয়া সবাকো পৰি কৰিবা প্রণাম । ” 

প্রশ্ন ২. নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা । 

উত্তৰঃ নন্দনতাত্ত্বিক মূলবােধক আন কথাত সৌন্দর্যবােধ বুলি ক’ব পাৰি । কিছুমান পণ্ডিতে মত প্রকাশ কৰে যেনন্দনতাত্ত্বিক মূল্যবােধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযােজ্য , অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়ােগ কৰিব নােৱাৰি । কিন্তু মানুহে সকলাে ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে । সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায় । মানৱ জীৱনৰ তিনিটা মূল মূল্যবােধ হৈছে— 

( ক ) সত্য ।  

( খ ) শিৱ । আৰু 

( গ ) সুন্দৰ । 

এই সুন্দৰৰ মূল্যবােধেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধ । নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তােলে । জীৱন্ত বা জড় সকলাে বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে । মানুহৰ সকলাে কার্য একেটা চকুৰে চালেও মনােযােগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ । পর্যায়ত মূল্যায়ন কৰা হয় । গতিকে , মনােযােগেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধৰ চাবি কাঠী । 

 

প্রশ্ন ৩. চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা । 

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ ; যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।

প্রশ্ন ৪. নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা । 

উত্তৰঃ যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি – নিয়ম আৰু আদর্শ জড়িত হৈ থাকে , সেয়ে নৈতিকতাই সমাজৰ ৰীতি – নীতি মানি চলাটোকে বুজায় । সমাজৰ গ্রহণযােগ্য নীতি নিয়ম , আচাৰ – ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয় । নৈতিক মূল্যবােধে মানুহক প্রভাৱিত কৰে আৰু সামাজিক , অর্থনৈতিক , সাংস্কৃতিক , ৰাজনৈতিক , প্রশাসনিক আদি সকলাে ক্ষেত্রতে ইয়াৰ প্রতিফলন হয় । গতিকে – শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্রচলিত আচৰণবােৰ আয়ত্ত কৰিবলৈ শিকোৱা । মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে-

১. যুক্তিনিষ্ঠতা :- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ – বিশ্লেষণ কৰা । 

২. পােপকাৰিতা :- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন , সাপেক্ষে সহায় কৰা । 

 

৩. দায়িত্ববােধ :- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা । 

৪. নৈতিক স্বতন্ত্রতা :- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা । 

প্রশ্ন ৫. মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যাক্ত কৰা । 

উত্তৰঃ মূল্যবােধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ সম্পর্কে ধাৰণা বা ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যেতহে ব্যৱহাৰ কৰা হৈছিল । বহল অর্থত চাবলৈ গ’লে , মূল হৈছে কোনাে বস্তু বা অৱস্থা কার্য , যিয়ে ব্যক্তিৰ প্ৰয়ােজন বা ইচ্ছা পূৰণ কৰে । গতিকে মূল্যই সেইবােৰ বস্তুকে বুজাই , যিবােৰ ব্যক্তিয়ে বিচাৰে । আকৌ মানুহে বহুতাে বস্তুকে বিচাৰে , যেনে টকা – পইচা , সম্পত্তি , খাদ্য , নিৰাপত্তা , সুখ – শান্তি ইত্যাদি । এই সকলাে ব্যক্তিৰ কাৰণে মূল্যৱান । আনহাতে মানুহে বহুতাে বস্তু নিবিচাৰে বা আশা নকৰে , যেনে , ফুধা , অজ্ঞতা , বেমাৰ – আজাৰ , অশান্তি আদি । এইবােৰ সেইবাবে মূল্যহীন । গতিকে এনে অর্থত মূল্যবােধৰ কোনাে ভাল – বেয়া , উচ্চ – নীচৰ প্রশ্ন জড়িত নাথাকে । 

মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধ বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণে যদি আন ব্যক্তি বা সমাজৰ অনিষ্ট সাধন কৰে , তেনেহ’লে সেই কাৰ্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজ অথত মূল্যবােধৰ ধাৰণা এয়ে যে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ — যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । সেয়ে মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশনা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক , উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ ।