কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা – ড০ স্বৰ্ণলতা দাস

পাঠ: ২

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

 
 প্ৰশ্ন ১.কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ দিবাস্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এটি বৈশিষ্ট্য ৷

প্ৰশ্ন ২.কোনছােৱা সময়ক কৈশােৰ কাল বুলি জনা যায় ? 

 

উত্তৰঃ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছােৱাক কৈশােৰ কাল বুলি কোৱা হয় । 

প্রশ্ন ৩.মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি ? 

উত্তৰঃ মানৱ জীৱনৰ কৈশােৰ কালক এক ৰূপান্তৰৰ কাল বুলি কোৱা হয় । 
 

প্রশ্ন ৪.নৈতিকতাৰ বিকাশে কিশােৰ – কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে ? 

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশােৰ – কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা , দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে । 

প্রশ্ন ৫.কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ? 

 

উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয় । 

চমু প্রশ্নৰ উত্তৰ ( মূল্যাংক -২/৩) 

প্রশ্ন ১. কৈশােৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলােচনা কৰা । 

 

উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজতে চকুত পৰে । যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা – ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ , ওজন , দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী – পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয় । প্রজনন ক্ষমতাপ্রাপ্তি । কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱর্তন , কণ্ঠস্বৰ পৰিৱৰ্তন । আদিয়ে দেখা দিয়ে । এই অভাৱনীয় পৰিৱর্তনসমূহে কিশােৰ – কিশােৰীৰ মনলৈ আত্ম – সচেতনতাৰ ভাব আনি দিয়ে , যিটোৱে অনাহক লাজ , ভয় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰে । এই সময়ত দেহব । অন্তঃস্রাৱী গ্রন্থিসসমূহৰ নিঃসৰণৰ বাবে হােৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰ ফলস্বৰূপে কিশােৰ কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে । এই সময়তে দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰিও তােলে । 

 

প্রশ্ন ২. কৈশােৰ কালত কিশােৰ – কিশােৰীৰ মাজত পৰিলক্ষিত হােৱা নৈতিক পৰিৱর্তনসমূহ ফঁহিয়াই লিখা । 

উত্তৰঃ কৈশােৰ কালছােৱাত মানুহৰ নিজৰ মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে । ধৰ্মৰ প্রতি , দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য – উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দ্বৰাে সৃষ্টি হ’ব পাৰে । কিছু ক্ষেত্ৰত পিতৃ – মাতৃ বা সমাজৰ বয়ােজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে । যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশােৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনােভাব । সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনােভাব । যাৰ ফলত কিশােৰে নতুন সমাজ গঢ়াৰ সপােনত ব্ৰতী হয় । ন্যায়ৰ হকে যুঁজিবলৈ লােৱা মানৱৰ বাবেই বিশ্বৰ বহুবােৰ সামাজিক বিপ্লৱত অংশ গ্রহণ কৰা লােকসকলৰ অধিকাংশই কিশােৰ – কিশােৰী । নৈতিকতাৰ এনে বিকাশে সামাজিক দায়ৱদ্ধতা , দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে ।

প্রশ্ন ৩. কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ? 

উত্তৰঃ কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয় । মানসিক শক্তি মানে হ’ল— বুদ্ধি , বিমূর্ত চিন্তনৰ ক্ষমতা , যুক্তিশক্তি , বিভিন্ন দিশত আগ্রহ আদি । কৈশােৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায় , শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশােৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে । 

আনহাতে শৈশৱ কালৰু অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰাে বিকাশ হয় এই কালছােৱাতেই । মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশােৰ কালৰ এক বৈশিষ্ট্য , যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যােগায় । এক কথাত ক’বলৈ গ’লে , জীৱশ্রেষ্ঠ মানুহৰ ভিন্ ভিন্ মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশােৰ কালতে । 

প্রশ্ন ৪. কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি ? 

উত্তৰঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল— 

( ১ ) ভাষা শিক্ষণ ।      

( ২) গণিত ।

( ৩ ) বিজ্ঞান । আৰু 

( ৪ ) সমাজবিজ্ঞান । 

তদুপৰি আৰু কিছুমান বিষয়ত গুৰুত্ব দিয়া হৈছে । কাৰিকৰী বিদ্যা , স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা , পৰিৱেশ বিজ্ঞানৰ শিক্ষা , যৌন শিক্ষা আৰু জনশিক্ষা , মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা , মূল্যবােধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তর্ভুক্তিয়ে মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ংসম্পূর্ণ কৰি তুলিছে । ইয়াৰ ফলত কিশােৰ – কিশােৰীৰ দৈহিক , মানসিক , সামাজিক সম্পর্কীয় চাহিদাসমূহ পূৰণ হ’ব বুলি ভবা হৈছে ।

প্রশ্ন ৫. কিশােৰ সংস্কৃতি কি ? 

উত্তৰঃ কিশােৰ কালত সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা – সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা মনােভাৱকেই ‘ উপ সংস্কৃতি ’ বা ‘ কিশােৰ সংস্কৃতি ’ বােলা হয় । ইয়াৰ ধনাত্মক দিশ হ’ল — এই সময়ত দলীয় মনােভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয় । সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে । আনহাতে ইয়াৰ ঋণাত্মক দিশ হ’ল সামাজিক ব্যাধিস্বৰূপ মাদকদ্রব্যৰ ব্যৱহাৰ , ড্ৰাগছৰ প্রতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আনকি বিপথগামী মনােভাবাে এই সময়ত গঢ় ল’ব পাৰে । 

দীঘলীয়া প্ৰশ্নৰ উত্তৰ ( মূল্যাংক -৪/৫) 

প্রশ্ন ১. কৈশোেৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা ।

উত্তৰঃ মানৱ জীৱনৰ কৈশােৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি । এই কালছােৱাত এটি কিশােৰ সন্মুখীন হয় তেওঁৰ শাৰীৰিক , মানসিক , আৱেগিক , সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱর্তনৰ । কৈশােৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে তলত আলােচনা কৰা হ’ল 

আৱেগিক বিকাশ :- কৈশােৰ কালত কিশােৰ – কিশােৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলি ক’ব পাৰি । আৱেগ – অনুভূতিৰ অত্যধিক প্রৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলােকৰ জীৱন সম্পূর্ণভাৱে আৱেগে পৰিচালিত কৰে । আৱেগৰ পূৰ্ণতম বিকাশে কিশােৰ – কিশােৰীৰ মনােজগতত আলােড়ন সৃষ্টি কৰে , যাৰ ফলত তেওঁলােকৰ মন হৈ পৰে কেতিয়াবা অতিশয় আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী । আশা – নিশাৰ দোমােজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নােৱাৰা সমস্যাই দেখা দিয়ে । সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নােৱাৰি , বহু সময়ত কিশােৰ – কিশােৰী হৈ পৰে বিদ্রোহী মনােভাবাপন্ন । পৰিয়ালৰ প্রতি , সমাজৰ প্ৰতি নেতিবাচক মনােভাব পােষণ কৰা এনে কিশােৰ – কিশােৰীক সময়মতে সুশিক্ষা দিব নােৱাৰিলে সৃষ্টি হয় অপৰাধপ্রৱণতা । 

সামাজিক বিকাশ :- কৈশােৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয় । দলীয় মনােভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছােৱাত । সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে । সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা সহযােগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ – সংস্কৃতি , যাক কিশােৰ – সংস্কৃতি বুলি অভিহিত কৰা হয় । কিশােৰ অৱস্থাৰ চাল – চলন , সাজ – পাৰ , বাক – ভংগী , ধ্যান – ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিততা এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলােৱা দেখা যায় । মন কৰিবলগীয়া কথা যে বেছিভাগ ক্ষেত্ৰত কিশােৰ – সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হয় । আমাৰ সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্রব্যৰ ব্যৱহাৰ ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আদি বিষয়ত কিশােৰসকলক সুশিক্ষিত কৰি নুতুলিলে তেওঁলোক বিপথগামী হয় ।

প্রশ্ন ২. কৈশােৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযােগী ? উদাহৰণসহ বর্ণনা কৰা । 

উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা । কৈশােৰ বা বয়ঃসন্ধি কালৰ ল’ৰা – ছােৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান । অৱশ্যে কৈশােৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গ’লে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব । 

ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশােৰ কালক সামৰি লােৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । কিয়নাে মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি । ভাৰতীয় শিক্ষা পদ্ধতিৰ আঁচনি কার্যকৰী কৰিব পাৰি এই শিক্ষাৰ স্তৰতে । স্বাধীনতাৰ পৰৱর্তী দশকতে গঠিত হােৱা মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে । সেইকেইটা হ’ল —

১. দেশৰ সমসাময়িক ৰাজনৈতিক , সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া । 

২. ধর্ম নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়ােজনীয় গুণ আয়ত্ত কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা । 

৩. জাতীয় সংহতিৰ বিকাশসাধন কৰা ।

আনহাতে ১৯৮৬ চনত ভাৰত চৰকাৰে ঘােষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিতে মাধ্যমিক শিক্ষাক গুৰুত্বসহকাৰে লােৱা হৈছে । এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে । এই ব্যৱস্থাৰে দেশৰ জনশক্তিক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি । আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে ( ১৯৯৬ ) মাধ্যমিক শিক্ষাক জীৱনৰ আলি – কেঁকুৰি ( Crossroad of life ) বুলি অভিহিত কৰিছে , যত ভৱিষ্যৎজীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে আৰু যােগ্যতা , অভিৰুচি বা প্রয়ােজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্ৰসৰ হ’ব পাৰে । কিয়নাে মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বয়ংসম্পূর্ণ কৰি তােলে । সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশােৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰাত সফল হ’ব পাৰে । 

 

কেৱল পাঠ্যক্রম সংক্রান্ত কথাতে গুৰুত্ব নিদি সহপাঠ্যক্রমিক কার্যাৱলীকে যথােপযুক্ত গুৰুত্বসহকাৰে বিবেচনা কৰিলে এই শিক্ষা কিশােৰ – কিশােৰীৰ বাবে অধিক ফলপ্রসূ হ’ব । পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আৱদ্ধ থাকিব নালাগে । আনহাতে জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাৱদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্র – ছাত্রীক দিয়াৰ বাবে যত্নপৰ হ’ব লাগে । পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সুসংগত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আৰু পৰােক্ষভাৱে জড়িত আটাইবােৰ বৃত্তি , যেনে— পিতৃ – মাতৃ , অভিভাৱক , শিক্ষক আৰু অন্যান্যসকলৰ দায়িত্ব আৰু কর্তব্য সমানে গুৰুত্বপূর্ণ । 

প্রশ্ন ৩. চমুটোকা লিখা 

দিবাস্বপ্ন , বীৰপূজা , অপৰাধপ্রবণ কিশােৰ ।

উত্তৰঃ দিবাস্বপ্ন :- দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশােৰ কালৰ এক বৈশিষ্ট্য । কল্পনাশক্তিৰ অভূতপূর্ব বিকাশে কিশােৰ – কিশােৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলােক বিচৰণ কৰা দেখা যায় । অৱশ্যে দিবাস্বপ্নৰ যােগাত্মক দিশ এটাও আছে , যিয়ে কৈশােৰৰ সৃজনী প্রতিভা বিকাশত সহায় কৰিব পাৰে । মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতাে কিশােৰ কিশােৰীয়ে সংগীত , সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে । আনহাতে , কেৱল কল্পনাৰ মায়াজালতে আৱদ্ধ নাথাকি বহুতে দুঃসাহসিক কার্যত অংশগ্রহণ কৰিবলৈ আগবাঢ়ি যায় । কিছুমানৰ মনত আকৌ ভ্ৰমণতৃষ্ণা জাগি উঠে , দেশে – বিদেশে ঘূৰি ফুৰাৰ ইচ্ছা হয় আৰু কেতিয়াবা কেতিয়াবা ক’ৰবালৈ গুচি যােৱা কিশােৰ কিশােৰীৰ উদাহৰণাে পােৱা যায় । 

বীৰপূজা :- বীৰপূজাৰ প্রবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য । নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্রবৃত্তি এই সময়ত প্রবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণৰ নীৰৱ অনুকৰণ কিশােৰ কিশােৰীয়ে কৰিবলৈ লয় । কিশােৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰণতে গ্ৰহণ কৰা দেখা যায় ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক । বীৰপূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লােকৰ জীৱন পাঠ অন্তর্ভুক্ত কৰা হয় । 

অপৰাধপ্রৱণ কিশােৰ :- কিশােৰ – কিশােৰীৰ মনত আহি পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । হ’ল নিজস্বৰ সংঘাত । এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত । এই প্রভাৱত কিশােৰসকল ঋণাত্মক দিশটোৰ প্ৰতি ধাৱমান হােৱা দেখা যায় । তেতিয়াই কিশােৰসকলৰ অপৰাধ প্ৰৱণতা জাগি উঠে । সামাজিক ব্যাধিস্বৰূপ মাদকদ্রব্য ব্যৱহাৰ , ড্ৰাগছৰ প্রতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আদি বিষয়ত সুস্থভাৱে পৰিচালিত নােহােৱা কিশােৰসকল ধাৱিত হয় । এনে অপৰাধপ্রৱণ কিশােৰসকলক বচাবলৈ সমাজৰ সকলাে স্তৰৰ লােক তথা পিতৃ – মাতৃ , অভিভাৱক সততে সতর্ক হােৱা উচিত । 

 

প্রশ্ন ৪. ‘কিশােৰ – কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত ।’— ব্যাখ্যা কৰা । 

উত্তৰঃ কৈশােৰ কালত কিশােৰ – কিশােৰীৰ মনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায় , তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত । এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত । নৈতিকতাবােধ , মূল্যবােধ , সামাজিক দায়ৱদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশােৰ – কিশােৰীয়ে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ – বিবেচনাৰে ফঁহিয়াই চাব নােৱাৰে । কৈশােৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে নিজস্বতাৰ সংঘাত । সমাজ গঠনত এনে সংঘাতে জোৱাৰৰ সৃষ্টি কৰে । কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন । সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যােগােৱাও দেখা যায় । 

প্রশ্ন ৫. বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য । চমুকৈ আলােচনা কৰা । 

উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজেই লক্ষ্যণীয় । যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা – ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ , ওজন , দৈর্ঘ্য বৃদ্ধিৰ লগে লগেনাৰী – পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয় । প্রজনন ক্ষমতাপ্রাপ্তি কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন , কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে । এই অভাৱনীয় পৰিৱৰ্তনসমূহে কিশােৰ – কিশােৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব আনি দিয়ে , যিটোৱে অনাহক লাজ , ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে । বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য । বাল্যকালৰ সমলিংগকামিতাৰ পৰিৱর্তে কিশােৰ – কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে । প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হােৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল । এই প্রক্রিয়াত যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তােলে । এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশােৰত দেখা দিয়া বহুবােৰ সমস্যাৰ হাত সাৰিব পাৰি ।