পৰিস্থিতিতন্ত্ৰ

Chapter: 14

চমু প্রশ্নোত্তৰ

 

প্ৰশ্ন ১। লম্ব স্তৰণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ পৰিৱেশতন্ত্ৰত বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতিৰ লম্বভাৱে থকা বিতৰণক স্তৰণ বোলা হয় । অৰণ‍্যত বিভিন্ন ধৰণৰ গছে বিভিন্ন স্তৰত অৱস্থান কৰে । কিছুমান অতি ওখ হয় , আকৌ কিছুমান এইবিলাকৰ তলত আৰু কিছুমান একেবাৰে তলখাপত প্ৰায় মাটিত বাস কৰে । সূৰ্য্যৰ পোহৰৰ চাহিদা অনুসৰি এনে ধৰণে বিভিন্ন স্তৰত অৱস্থান কৰে ।

প্ৰশ্ন ২। পৰিৱেশতন্ত্ৰ কাৰ্য্যকৰ উপাদান সম্পৰ্কে লিখা ।

 

উত্তৰঃ পৰিৱেশতন্ত্ৰ অজৈৱ আৰু উপাদানসমূহৰ দ্বাৰা গঠিত ।অজৈৱ উপাদানসমূহ হ’ল ― বায়ু , পানী , মাটি আৰু সৌৰশক্তি ।

জৈৱ উপাদানসমূহ হ’ল ― উৎপাদক (সেউজীয়া উদ্ভিদ) , খাদক (জীৱজন্তু) আৰু বিয়োজক (অনুজীৱ আৰু ক্ষুদ্ৰ মাটিত বাস কৰা প্ৰাণী)

প্ৰশ্ন ৩। প্ৰাথমিক উৎপাদনতা কি কি ধৰণৰ ? এইবিলাকৰ পৰস্পৰ সম্পৰ্কে সম্বন্ধে লিখা ।

 

উত্তৰঃ দুই ধৰণৰ প্ৰাথমিক উৎপাদকতা আছে ―

(ক) মুঠ প্ৰাথমিক উৎপাদকতা আৰু 

(খ) অৱশিষ্ট প্ৰাথমিক উৎপাদকতা ।মুঠ প্ৰাথমিক উৎপাদকতা হৈছে পৰিস্থিতিতন্ত্ৰত সালোক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা মুঠ জৈৱ পদাৰ্থ ।

 

অৱশিষ্ট প্ৰাথমিক উৎপাদকতা হৈছে উৎপন্ন জৈৱ পদাৰ্থ উদ্ভিদে শৰীৰ ক্ৰিয়াৰ বাবে (শ্বসনত) ব‍্যৱহাৰৰ পিছত ৰৈ যোৱা অৱশিষ্ট উৎপাদন যিটো উদ্ভিদ শৰীৰত স্থায়ী হৈ ৰয় । 

প্ৰশ্ন ৪। কেঁচুৱে কিয় কৃষকৰ বন্ধু বোলা হয় ? 

উত্তৰঃ কঁচুৱে জৈৱ পদাৰ্থ ভাঙি টুকুৰা টুকুৰা কৰি দি জৈৱ পদাৰ্থ পচনত সহায় কৰে । তাৰোপৰি মাটিৰ তলত নলা খান্দি বায়ু চলাচলৰ সুবিধা কৰি দিয়ে । যি ডৰা মাটিৰ কেঁচু থাকে সেই ডৰা মাটি খেতিৰ বাবে উওম । যিহেতু কেঁচুৱে মাটি সাৰুৱা ৰখাত সহায় কৰে ; সেই বাবে কেঁচুক খেতিয়কৰ বন্ধু বোলা হয় ।

 

প্ৰশ্ন ৫‌। বিয়োজনৰ কেঁচামাল কি ? এই বিলাৰ কি কি উপাদান ? 

 

উত্তৰঃ জৈৱ পদাৰ্থ বিশেষকৈ উদ্ভিদজাত পদাৰ্থত বিয়োজনৰ কেঁচা মাল।এনে জৈৱ পদাৰ্থত চেলুল’জ , হেমিলেলু’জ লিগনিন আৰু জইলিন থাকে ।

প্ৰশ্ন ৬‌। হিউমাছ কি ? ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰঃ হিউমাছ হ’ল এনে এক বস্তু যি বিয়োজনৰ ফলত উৎপন্ন হয় । জৈৱ পদাৰ্থ বিয়োজনৰ সৰ্বশেষ পৰ্য্যায়ত হিউমাছ উৎপন্ন হয় । ই অতি ধীৰ গতিত বিয়োজন হয় ।

হিউমাছৰ গুৰুত্ব হ’ল ইয়াত উদ্ভিদৰ বাবে প্ৰয়োজনীয় সকলো পোষক দ্ৰব্য সঞ্চিত থাকে বাবে সাৰুৱা । হিউমাছত অনেক উপকাৰী অণুজীৱই বাস কৰে । 

 

প্ৰশ্ন ৭। চৰণীয়া / খাদ্য শৃংখল আৰু অপৰদ খাদ্য শৃংখলৰ পাৰ্থক্য লিখা।

উত্তৰঃ চৰণীয়া খাদ্য শৃংখল সেউজীয়া উৎপাদকৰ পৰা আৰম্ভ হয় যেনে― ঘাঁহ ― ছাগলী ― মানুহ ।

আপৰদ খাদ্য শৃংখল মৃত জৈৱ পদাৰ্থৰ পৰা আৰম্ভ হয় যেনে ―মৃত গছৰ অংশ ― কেঁচু ― অণুজীৱ । 

প্ৰশ্ন ৮। উৎপাদক স্তৰতকৈ সৌৰস্তৰত শক্তি কিয় কম থাকে ?

উত্তৰঃ শক্তি উৎসৰ পৰা বিতৰিত হ’বৰ সময়ত ক্ৰমাৎ আৱনমিত হয়।কাৰণ প্ৰতি স্তৰত ইয়াৰ ব‍্যৱহাৰ হয় । উৎপাদকে উৎপাদন কৰা শক্তিৰ কিছু নিজে ব‍্যৱহাৰ কৰে শাৰীৰিক ক্ৰিয়াৰ বাবে । গতিকে প্ৰাথমিক ভোক্তাই উৎপন্ন সকলো শক্তিৰ ভাগ নাপায় । প্ৰাথমিক ভোক্তাইও মজুত কৰা সকলো সহায় নকৰি নিজে কিছু ব‍্যৱহাৰ কৰে । গতিকে দ্বিতীয় স্তৰৰ ভোক্তাই প্ৰতম স্তৰৰ ভোক্তাতকৈ কম শক্তি আহৰণ কৰিব পাৰে ।

প্ৰশ্ন ৯। খাদ‍্যজাল কি ?

 

উত্তৰঃ খাদ্য শৃংখল সদায় এক নাথাকে আৰু ইমান সহজতে ব‍্যাখ‍্যাও কৰিব নোৱাৰি কাৰণ , এটা নিৰ্দ্দিষ্ট জীৱই সদায় একে খাদ্য শৃংখলৰ একোটা জীৱকেই ভক্ষণ কৰে এনে নহয় । ই অন্য খাদ্য শৃংখলৰ জীৱত খাদ্য হিচাপে গ্ৰহণ কৰে । অৰ্থাৎ ঘাঁহ কেৱল ফৰিঙে না খায় , সাপে কেৱল বেং নাখায় আৰু চিলনীয়ে সদায় সাপ নেখাই অন্য খাদ্য শৃংখলৰ খাদ্যও গ্ৰহণ কৰে । দেখা যায় যে অনেক খাদ্য শৃংখল এটাৰ লগত আনটো লগ লাগি থাকি এক বৃহৎ খাদ্য শৃংখল তৈয়াৰ কৰে । এনে বৃহৎ আৰু জটিল খাদ্য শৃংখলক খাদ‍্যজাল বোলে ।

প্ৰশ্ন ১০। ষ্টেনডিং ক্ৰপ কি ? 

উত্তৰঃ প্ৰতিটো ট্ৰফিক স্তৰত একোটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট আয়তনৰ জীৱগোষ্ঠী থাকে যাক Standing Crops বোলে । তলৰ ট্ৰফিক স্তৰত সদায় ওপৰৰ ট্ৰফিক স্তৰতকৈ অধিক Standing Crops থাকে । যিমানেই ট্ৰফিক স্তৰৰ ওপৰৰ ফালে যোৱা যায়  Standing Crops ৰ সংখ্যা বা ওজন কমি গৈ থাকে কাৰণ , ই 10 শতাংশ নিয়ম মানি চলে ‌। 

প্ৰশ্ন ১১। শক্তিৰ 10 % নিয়মৰ সংজ্ঞা দিয়া । চৰণীয়া খাদ্য শৃংখলত কিয় স্তৰৰ সংখ্যা সীমিত ? 

উত্তৰঃ ট্ৰফিক স্তৰবিলাক লক্ষ্য কৰিলে দেখা যায় যে ওপৰৰ প্ৰতি স্তৰত জীৱৰ সংখ্যা বা ওজন কমি গৈ থাকে । তাৰ কাৰণ প্ৰতি স্তৰৰ জীৱই তলৰ স্তৰৰ পৰা যি শক্তি আহৰণ কৰে সেই শক্তিৰ 90 % নিজে ব‍্যৱহাৰ কৰে অৰ্থাৎ শ্বসনত ব‍্যয় হয় । গতিকে মাত্ৰ 10 % শক্তি হে তাৰ ওপৰৰ স্তৰত জীৱৰ বাবে থাকেগৈ । প্ৰতি স্তৰত এনেকৈ প্ৰাপ্ত শক্তিৰ 90 % শৰীৰ ক্ৰিয়াত ব‍্যৱহাৰ হয় আৰু 10 % শক্তিহে ওপৰৰ স্তৰৰ জীৱ গোষ্ঠীয়ে গ্ৰহণ কৰে । ইয়াকে শক্তিৰ 10 % নিয়ম বোলে ‌। 

চৰণীয়া খাদ্য শৃংখলত ট্ৰফিক স্তৰ সীমাবদ্ধ । কাৰণ , ইয়াত উৎপাদকৰ পৰা ক্ৰমে প্ৰাথমিক উপভোক্তা দ্বিতীয় শৰীৰ উপভোক্তা আৰু তৃতীয় শাৰীৰ উপভোক্তাতেই খাদ্য শৃংখল বা ট্ৰফিক স্তৰ শেষ হৈ যায় । জলজ খাদ্য শৃংখলত কিন্তু ট্ৰফিক স্তৰ সীমিত নহয় কাৰণ , কেবাটাও স্তৰৰ ভোক্তা থাকে ।

 
 

প্ৰশ্ন ১২ । কোন ধৰণৰ পিৰামিড থিয় আৰু কিয় ? 

উত্তৰঃ স্থলজ খাদ্য শৃংখল লগত জড়িত পিৰামিড সদায় থিয় । ইয়াত আটাইতকৈ তলৰ ফালে থকা ট্ৰফিক স্তৰতসমূহ জীৱৰ সংখ্যা , ওজন আৰু আয়তন তাৰ ওপৰৰ প্ৰতি ট্ৰফিক স্তৰতকৈ অধিক । সেইবাবে ট্ৰফিক স্তৰবিলাক সজালে পিৰামিডটো থিয় হৈ থাকে । 

প্ৰশ্ন ১৩। প্ৰাথমিক আৰু গৌণ অনুক্ৰমৰ পাৰ্থক্য লিখা ।

উত্তৰঃ প্ৰাথমিক অনুক্ৰম সদায় এনে স্থানত হয় য’ত কেতিয়াও কোনো উদ্ভিদ নাছিল । যেনে আগ্নেয়গিৰিৰ পৰা উৎপন্ন হোৱা স্থান , প্ৰকাণ্ড শিলাভূমি ইত‍্যাদি । এনে স্থানত অনুক্ৰমণ অতি ধীৰ গতিত আগবাঢ়ে । প্ৰথমে সদায় লাইকেন জাতীয় উদ্ভিদ যাৰ কাৰণে মাটি নালাগে উৎপন্ন হয় । পিছত যেতিয়া ক্ৰমে ক্ৰমে জৈৱ পদাৰ্থ গোট খায় অন্যান্য উদ্ভিদ জন্মে আৰু শেষত অটব‍্য হাবিলৈ ৰূপান্তৰ হয় ।

দ্বিতীয় বা গৌণ অনুক্ৰম সদায় প্ৰাকৃতিক বা অন‍্যান‍্য কাৰণত ধ্বংস হোৱা কোনো পৰিস্থিতিতন্ত্ৰত নতুনকৈ উদ্ভিদ জন্মিবলৈ ধৰে।ইয়াত প্ৰথমৰ পৰাই মাটি থকা বাবে অনুক্ৰমণ প্ৰথম বিধতকৈ দ্ৰুত হয় । কিন্তু কেতিয়াও আগৰ নিচিনা পৰিস্থিতিতন্ত্ৰ নহয়গৈ ।

প্ৰশ্ন ১৪। হাইড্ৰাক আৰু জেৰাকৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ উদ্ভিদৰ অনুক্ৰম দুই ধৰণৰ হয় ।

(ক) হাইড্ৰাকৰ পৰা মেছিক :- এনে অনুক্ৰমত জলভূমিত আৰম্ভ হয় । জলজ পৰিস্থিতিৰ পৰা ক্ৰমে আৰ্দ্ৰ (মেছিক) পৰিৱেশত উপনীত হয় । জলজ উদ্ভিদ কমি গৈ থাকে ; কাৰণ , জলাহ ঠাই ক্ৰমে পোত খায় । যিমানেই জলাহৰ আৱদ্ধ প্ৰাণী পৰিমাণ কমি গৈ থাকে সিমানেই আৰ্দ্ৰ ভূমিৰ উদ্ভিদৰ সংখ্যা বৃদ্ধি পাই আহে ।

(খ) জেৰাকৰ পৰা মেছিক :- জেৰাক অৱস্থা অৰ্থাৎ শুকান অৱস্থাৰ পৰা ক্ৰমে আৰ্দ্ৰ অৱস্থালৈ অণুক্ৰম হোৱা । জেৰাক অৱস্থাত থকা উদ্ভিদে মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখিবৰ চেষ্টা কৰে । তাৰ ফলত নতুন নতুন উদ্ভিদে জন্মে আৰু তাৰ ফলত ক্ৰমে মাটিৰ আৰ্দ্ৰতা বৃদ্ধি পায় । 

প্ৰশ্ন ১৫। পৰিৱেশতন্ত্ৰৰ সেৱা কেনেকৈ সংক্ষেপে সংজ্ঞা দিবা ।

 

উত্তৰঃ পৰিৱেশতন্ত্ৰৰ সেৱা বুলিলে পৰিৱেশৰ পৰা সকলো সেৱা যেনে― বায়ুমণ্ডল আৰু পানী দূষণ মুক্ত কৰা , মাটিৰ সাৰ বৃদ্ধি কৰা , খনিজাত বস্তুৰ চক্ৰাকাৰ ৰূপান্তৰ , খৰাং বতৰ আৰু বানপানীৰ পৰা ক্ষয় – ক্ষতি লাঘৱ কৰা , পৰাগ যোগত সহায় কৰা ইত্যাদিক পৰিৱেশতন্দৰ সেৱা বোলে ।

প্ৰশ্ন ১৬। পাললিক দশা কাক বোলে ? 

উত্তৰঃ পৰিৱেশতন্ত্ৰত পদাৰ্থৰ চক্ৰীয় ৰূপান্তৰ ঘটে । এই চক্ৰত পদাৰ্থ জৈৱ অৱস্থাৰ পৰা অজৈৱ আৰু অজৈৱ অৱস্থাৰ পৰা জৈৱ অৱস্থালৈ চক্ৰাকাৰে আৱৰ্তন হয় । এই চক্ৰক দুটা ভাগত ভাগ কৰা হয় । এটাক কোৱা হয় বায়বীয় দশা আৰু আনটোক কোৱা হয় পাললিক দশা । বায়বীয় দশাত গেছ আৰু পানী চক্ৰাকাৰে আৱৰ্ত হয় । পাললিক দশাত ছালফাৰ , ফছফৰাছ আদিৰ আৱৰ্ত হয় । পাললিক দশা এই কাৰণে কোৱা হয় যে এই পদাৰ্থসমূহ পাললিক শিলাৰ পৰা উৎপন্ন হয় ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। উৎপাদনতা কি ? পৰিৱেশতন্ত্ৰৰ উৎপাদনতা কেনেকৈ প্ৰকাশ কৰা হয় ?

উত্তৰঃ পৰিৱেশতন্ত্ৰ উৎপাদন মানে পৰিৱেশতন্ত্ৰত সালোক সংশ্লেষণৰ ফলত জমা হোৱা জৈৱিক পদাৰ্থৰ সমূহ গোটক বুজায় । প্ৰাথমিক উৎপাদন বুলি ক’লে একোটা একক বৰ্গ অচল্ যেনে ― 1 বৰ্গ মিঃ , 100 বৰ্গ মিঃ , 1 বৰ্গ কিঃ মিঃ ইত্যাদিৰ ভিতৰত একোটা নিৰ্দিষ্ট সময়ৰ ব‍্যৱধানত উৎপাদিত সমস্ত জৈৱিক পদাৰ্থৰ বুজায় । গতিকে উৎপাদন বুলি ক’লে একোটা নিৰ্দিষ্ট স্থানত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত উৎপন্ন হোৱা জৈৱিক পদাৰ্থৰ থূপটোক বুজায় । উৎপাদনৰ হাৰ সাধাৰণতে g-² yr-¹ বা KCal m-² yr-¹  হিচাপে উল্লেখ কৰা হয় । 

 

বিভিন্ন পৰিৱেশতন্ত্ৰৰ উৎপাদন হাৰ ইয়াৰ দ্বাৰা তুলনা কৰা হয় । উৎপাদন দুই ভাগত ভাগ কৰা হয় । মুঠ প্ৰাথমিক উৎপাদন বুলিলে সালোক সংশ্লেষণৰ মুঠ উৎপাদনক বুজায় । আচল প্ৰাথমিক উৎপাদন বুলি ক’লে মুঠ প্ৰাথমিক উৎপাদনৰ পৰা উদ্ভিদে নিজৰ বৃদ্ধিৰ বাবে (শ্বসনত ব‍্যয় হোৱা শক্তি) খৰচ কৰা উৎপাদন বাদ দি সৰ্বশেষত যি থাকেগৈ তাকেই বুজায় ।

NPP (Net Primary Productivity)  = GPP – R (Gross Primary Productivity)

পৰভোজী জীৱই কেৱল আচল উৎপাদন খাদ্য হিচাপে ব‍্যৱহাৰ কৰে । আচল উৎপাদন ভক্ষণ কৰি খাদ্যকে যি জৈৱিক পদাৰ্থ জমা কৰে তাক গৌণ উৎপাদন বোলা হয় ।

প্ৰশ্ন ২। পৰিৱেশতন্ত্ৰৰ প্ৰাথমিক উৎপাদনতা নিয়ন্ত্ৰণৰ কাৰক সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ পৰিৱেশতন্ত্ৰত সেউজীয়া উদ্ভিদেই হ’ল প্ৰাথমিক উৎপাদক । প্ৰাথমিক উৎপাদন নিৰ্ভৰ কৰে কেইবাটাও কাৰকৰ ওপৰত । এই কাৰকসমূহ হ’ল ― 

(ক) সৌৰশক্তি । 

(খ) তাপ । 

(গ) প্ৰাণী । 

(ঘ) মাটি । 

(ঙ) পৰিৱেশতন্ত্ৰত থকা অন্যান্য জীৱ ।আৰু 

(চ) পদাৰ্থৰ চক্ৰাকাৰ ৰূপান্তৰ ইত্যাদি ।

এইবিলাকৰ ভিতৰত সৌৰশক্তিয়েই প্ৰধান । কাৰণ , সৌৰশক্তিয়েই একমাত্ৰ শক্তি যাক স্থিতি শক্তি হিচাপে উদ্ভিদে আহৰণ কৰি সঞ্চয় কৰে । সৌৰশক্তি অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে । ভৌতিক কাৰকৰ ভিতৰত মাটি সাৰ , পানী , তাপ CO অক্সী ইত্যাদি অতি প্ৰয়োজন । অন‍্য জীৱ আৰু বিশেষকৈ অনুজীৱই ক্ৰিয়া নকৰিলে উদ্ভিদ জীয়াই থকা আৰু বৃদ্ধি পোৱা অসম্ভৱ । অনুজীৱই পদাৰ্থৰ চক্ৰাকাৰ ৰূপান্তৰ ঘটাই অজৈৱ মৌল যোগায় । গতিকে প্ৰাথমিক উৎপাদনতা অনেক কাৰকৰ ওপৰত নিৰ্ভৰশীল ।

প্ৰশ্ন ৩। খাদ্য শৃংখল কাক বোলে ? প্ৰধান দুই ধৰণৰ খাদ্য শৃংখল বৰ্ণনা কৰা । 

 

উত্তৰঃ পৰিৱেশতন্ত্ৰ প্ৰকৃত শক্তিৰ উৎস হ’ল সূৰ্য । সৌৰ শক্তিৰ একমাত্ৰ সেউজীয়া উদ্ভিদে গ্ৰহণ কৰি তাক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে । উদ্ভিদৰ পৰা ক্ৰমে এই শক্তি ক্ৰমে প্ৰাথমিক উপভোক্তা দ্বিতীয় শাৰীৰ আৰু তৃতীয় শাৰীৰ উপভোক্তাই পায় ― নিজে খোৱা আৰু নিজত আনে খাব দিয়াৰ যোগেদি । সৰ্বশেষত এই শক্তি বিয়োজকে পায় । শক্তিৰ এই বিতৰণ সুশৃংখলৰ বাবে হয় আৰু প্ৰতি জীৱ শক্তিৰ (খাদ্য) বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি থাকে বাবে এটি এৰাব নোৱাৰা শৃংখল সৃষ্টি কৰি প্ৰত‍্যেক বান্ধ খাই থাকে । তলত দুই ধৰণৰ খাদ্য শৃংখল উদাহৰণেৰে উল্লেখ কৰা হ’ল । 

খাদ‍্য শৃংখল প্ৰধানতে দুই ধৰণৰ ―

(ক) চৰণীয় খাদ্য শৃংখল :- এই খাদ্য শৃংখল সেউজীয়া উদ্ভিদ (উৎপাদক) ৰ পৰা আৰম্ভ হয় আৰু বিয়োজকত শেষ হয় । উৎপাদকৰ পৰা প্ৰাথমিক ভোক্তা তাৰ পিছত দ্বিতীয় শাৰীৰ আৰু তৃতীয় শাৰীৰ ভোক্তাৰ পিছত বিয়োজকত খাদ্য শৃংখল চক্ৰ শেষ হয় । এই খাদ্য শৃংখলত প্ৰতি ট্ৰফিক স্তৰত শক্তি খৰচ হয় । গতিকে প্ৰতি ওপৰত স্তৰৰ আবাদীৰ ভৰ আৰু সংখ্যা কমি গৈ থিয় পিৰামিড আকৃতি লয় । এই খাদ্য শৃংখল সৌৰশক্তি আহৰণৰ পৰা আৰম্ভ হয় ।

 

উদাহৰণ ― ঘাঁহ ― ফৰিং ― ভেঁকুলী ― সাপ ― চিলনী ।

ঘাঁহ ― হৰিণা ― বাঘ 

(খ) অপৰদ খাদ‍্য শৃংখল :- ই আৰম্ভ হয় মৃত জৈৱিক বস্তুৰ পৰা আৰু শেষ হয় খনিজীভৱনত । ইয়াত জৈৱিক বস্তুৰ পচন ক্ৰিয়া হয় । প্ৰথমতে ক্ষুদ্ৰ প্ৰাণীয়ে জৈৱ পদাৰ্থৰ খণ্ডণ কৰে । তাৰ পিছত নিক্ষালন হয় আৰু শেষত অণুজীৱই উৎসেচকৰ দ্বাৰা পচন কাৰ্য্য সম্পূৰ্ণ কৰে । ইয়াৰ ফলত জৈৱ বস্তু অজৈৱ লোণত ৰূপান্তৰিত হয় । কাৰ্বন – ডাই – অক্সাইড ওলাই যায় । অৱশেষত হিউমাছ থাকি যায় ।

প্ৰশ্ন ৪‌। ওলোটা পিৰা ক’ত দেখা যায় ? এটি সংখ্যাৰ ওলোটা পিৰামিড সংক্ষেপে বৰ্ণনা কৰা ।

উত্তৰঃ সাধাৰণতে স্থলজ পৰিৱেশতন্ত্ৰত ট্ৰফিক স্তৰসমূহৰ গঠন এনেভাৱে হয় যে পিৰামিড বিলাক থিয় হৈ থাকে । এনে পিৰামিডৰ সদায় জীৱৰ সংখ্যা বা ভৰ সদায় তলৰটো ট্ৰফিক স্তৰতকৈ অধিক থাকে । উৎপাদকৰ সংখ্যা বা জীৱভৰ বা শক্তিৰ পৰিমাণ সদায় প্ৰাথমিক উপভোক্তাতকৈ অধিক । সেইদৰে প্ৰাথমিক উপভোক্তাও দ্বিতীয় শাৰীৰ উপভোক্তাতকৈ অধিক ।

কোনো কোনো ক্ষেত্ৰত যেনে এজোপা ডাঙৰ গছ বা সাগৰৰ ক্ষেত্ৰত ওলোটা পিৰামিড হয় । যেনে এজোপা গছত যিমান পোক – পতঙ্গ থাকে তাৰ তুলনাত সেইবিলাক খাই জীয়াই থকা চৰাইৰ সংখ্যা অধিক । এই সৰু চৰাই বিলাক ভক্ষণ কৰা চৰাইৰ সংখ্যা সৰু চৰাই বিলাকতকৈ অধিক । এনেদৰে ট্ৰফিক স্তৰ সজালে এটি ওলোটা পিৰামিড গঠন হয় । সাগৰতো শেলাই ভক্ষণ কৰা মাছৰ সংখ্যা শেলাইতকৈ অধিক । সৰু মাছক ভক্ষণ কৰা ডাঙৰ মাছ সৰু মাছতকৈ অধিক । ইয়াৰ পৰাও ওলোটা পিৰামিড গঠন হয় । 

প্ৰশ্ন ৫। পানীত হোৱা প্ৰাথমিক অনুক্ৰম বৰ্ণনা কৰা ।

উত্তৰঃ কোনো নতুনকৈ সৃষ্টি হোৱা জলাধাৰত প্ৰথমতে কোনো উদ্ভিদ আৰু অন্যান্য জীৱগোষ্ঠী নাথাকে । এনে অৱস্থাত ইয়াৰ প্ৰাথমিক অনুক্ৰম হয় । এনে অনুক্ৰমত প্ৰথমতে ফাইটপ্লেংটন আৰু তাৰ লগতে ক্ষুদ্ৰ কীটৰ বসতি আৰম্ভ হ’ব । ক্ৰমে ক্ৰমে পানীত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি পাব আৰু ফলত সেই ঠাইত ভাসমান সৰু সৰু উদ্ভিদ আৰু ক্ৰমে কাষত ঘাঁহ আৰু সৰু ডাঙৰ উদ্ভিদে জন্মলাভ কৰিব । ক্ৰমে ক্ৰমে জলাশয়ৰ তলি উঠি আহিব আৰু জলজ ঘাঁহ , মেটেকা আদি জন্মিবলৈ ল’ব । আৰু অধিক কাল পিছত তলি সম্পূৰ্ণ কম হৈ যোৱাৰ ফলত ডাঙৰ গছ গজিবলৈ ল’ব । এনেকৈ এটা সময়ত হাইড্ৰাক অৱস্থাৰ পৰা মেছিক অৱস্থা পাব । 

ফাইটপ্লেংটন ― প্লাৱিত উদ্ভিদ ― জনজ ঘাঁহ ― অন্যান্য সৰু ডাঙৰ গছ ― বৃহৎ অৰণ্য ।

প্ৰশ্ন ৬। কাৰ্বন চক্ৰ বৰ্ণনা কৰা ।

উত্তৰঃ বায়ুমণ্ডলত জমা হৈ থকা কাৰ্বন চক্ৰ হৈছে এক গুৰুত্ব পূৰ্ণ গেছীয় চক্ৰ । সকলোবোৰ জীৱিত জীৱ দেহত এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাৰ্বন থাকে । সকলোবোৰ জৈৱিক অণু , যেনে , কাৰ্বহাইড্ৰেট , লিপি প্ৰ’টিন আদি জীৱৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যি কাৰ্বনেৰে তৈয়াৰী । সালোক সংশ্লেষণ নামৰ এক মৌলিক প্ৰক্ৰিয়া জৰিয়তে সূৰ্যৰ পোহৰ আৰু বায়ুমণ্ডল থকা CO ৰ সহায়ত কাৰ্বন যৌগ থকা গ্লুকজ উৎপন্ন হয় । এই গ্লু’কজৰ অণুক অন‍্য জীৱিত জীৱই ব‍্যৱহাৰ কৰে সেইবাবে বায়ুমণ্ডলত থকা কাৰ্বন জীৱিত আকাৰত সংযোজিত হৈ পৰে । 

এতিয়া এই শোষণ কৰা CO পুনঃচক্ৰৰ বাবে পুনৰ বায়ুমণ্ডললৈ ঘূৰি যোৱাটো প্ৰয়োজন হৈ পৰে । প্ৰকৃতিত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে যা সহায়ত কাৰ্বনৰ চক্ৰীয় পৰিৱৰ্তন হৈ কাৰ্বন – ডাই – অক্সাইড হিচাপে পুনৰ বায়ুমণ্ডললৈ ঘূৰি যাব পাৰে । শ্বাস – প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকজ অণুৰ ভাঙোন ঘটি কাৰ্বন – ডাই – অক্সাইড গেছ উৎপন্ন হয় । ইয়াৰ উপৰি বিয়োজন প্ৰক্ৰিয়াৰ জৰিয়তে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা কাৰ্বন – ডাই – অক্সাইড মুকলি হৈ বায়ুমণ্ডললৈ যায় । আনহাতে , ইন্ধনৰ দহন , উদ‍্যোগীকৰণ , বনাঞ্চল ধ্বংস , আগ্নেয়গিৰি উদগীকৰণ , গছ – গছনি জ্বলাবলৈ যথেষ্ট পৰিমাণ বায়ুমণ্ডললৈ CO উভতি যায় ।

 

প্ৰশ্ন ৭। পুষ্টি চক্ৰ কি ? কি কি বিভিন্ন ধৰণৰ পুষ্টি চক্ৰ আছে । প্ৰত‍্যেকৰে উদাহৰণ দিয়া ।

উত্তৰঃ খাদ্যৰ অভ‍্যাস অনুযায়ী প্ৰাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত ভাগ কৰা হৈছে । খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে । পৰিপুষ্টি সাধন কৰোঁতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয় । 

উদ্ভিদে নিজৰ খাদ্য নিজে উৎপাদন কৰে , সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয় । উদ্ভিদ প্ৰাথমিক পৌষ্টিক স্তৰৰ উৎপাদক। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ খাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে । তৃণভোজী প্ৰাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিহঁত প্ৰাথমিক উপভোক্তা হিচাপে পৰিচিত । আকৌ মাংসভোজী জীৱ – জন্তুৱে তৃণভোজী জীৱক খাই পৰিপুষ্টি লাভ কৰে । গতিকে মাংসভোজী জীৱ – জন্তুক তৃতীয় পৌষ্টিক স্তৰত ধৰা হয় । এইবোৰ গৌণ উপভোক্তা । কিছুমান মাংসভোজী জীৱই কেৱল মাংসভোজী জীৱকহে খায় । সিহঁতক চতুৰ্থ বা পঞ্চম স্তৰত ধৰা হয় । পৰিস্থিতিতন্ত্ৰত কিছুমান প্ৰজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিকস্তৰ অধিকাৰ কৰিব পাৰে । যেনে – মানুহ । মানুহে পৰিপুষ্টি সাধনৰ বাবে মাছ , মাংস , ফলমূল , শাক – পাঁচলি , ভাত খায় । গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্ৰাণী তথা উদ্ভিদ খাই জীয়াই থাকে । এনেদৰে জীৱৰ খাদ্য অনুসৰি বেলেগ বেলেগ পৌষ্টিক স্তৰত ধৰা হয় । বেক্টেৰিয়া , কাঠফুলা , ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয় । ইহঁতে মৃত প্ৰাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে । মাটিৰ লগত অজৈৱ পদাৰ্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্ৰব্য আহৰণ কৰি খাদ্য প্ৰস্তুত কৰে । এনেদৰে পোষক দ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে। এনেদৰে বিভিন্ন প্ৰজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিৱেশ সন্তুলিত কৰি ৰাখে ।

সকলো জীৱ – জন্তুৱে শ্বাস – প্ৰশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে । এই প্ৰক্ৰিয়াত কাৰ্বন – ডাই – অক্সাইড , পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে । জীৱ – জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰ গেছ উদ্ভিদে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে । পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয় । উদ্ভিদে মাটিৰ পৰা পানী গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে । এনেদৰে পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি আছে । 

প্ৰশ্ন ৮। ফছফৰাছ চক্ৰ বৰ্ণনা কৰা ।

উত্তৰঃ ফছফ’ৰাছ উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় । ফছফ’ৰাছ অবিহনে উদ্ভিদত প্ৰটিন সৃষ্টি নহয় । উদ্ভিদৰ অন‍্যান‍্য জৈৱিক কামৰ বাবে , ফছফৰাছ প্ৰয়োজন । উদ্ভিদে ফছফৰাছ মাটিৰ পৰা শোষণ কৰে । মাটিত পোৱা ফছফৰাছ শিলত থকা ফছফেটৰ পৰা সৃষ্টি হয় । সামান্য কিছু ফছফেট্ শিলৰ অৱক্ষয় জনিত কাৰণত মাটিত জমা হয় আৰু ইয়াৰ পৰা উদ্ভিদে শিপাৰে শোষণ কৰে।জৈৱ বস্তুত থকা জৈৱিক ফছফেট্ কিছুমান জীৱাণুয়ে মুক্ত কৰি দিয়াৰ ফলতো উদ্ভিদে পায় । তৃণভোজী আৰু অন‍্য প্ৰাণীয়ে উদ্ভিদৰ পৰা ফছফৰাছ চক্ৰ কাৰ্বন চক্ৰতকৈ পৃথক এই কাৰণে যে ফছফ’ৰাছ চক্ৰৰ পৰা ফছফৰাছ পায় । ফছফ’ৰাছ গেছ হিচাপে ওলাই নাযায় আৰু বায়ুমণ্ডলৰ পৰাও ফছফ’ৰাছ চক্ৰত ফছফ’ৰাছ প্ৰৱেশ নকৰে ‌।

 

চিত্ৰ : স্থলজ ফছফ’ৰাছ চক্ৰ ।