পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ
Chapter: 17
চমু প্রশ্নোত্তৰ
প্ৰশ্ন ১। বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ দুটা লিখা ।
উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা কুপ্ৰভাৱ হ’ল ―
(ক) সেউজগৃহ প্ৰভাৱৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধি ।
(খ) ষ্ট্ৰেট’স্ফিয়াৰত অ’জন স্বৰৰ অৱক্ষয় ।
প্ৰশ্ন ২। ভাৰতৰ প্ৰধান মহানগৰবোৰত হোৱা পৰিৱেশ প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি ? গাড়ী মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰঃ মহানগৰবোৰত হোৱা পৰিৱেশ প্ৰদূষণৰ প্ৰধান কাৰকসমূহ হ’ল―
(ক) গাড়ী , মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা ।
(খ) তাপ , বিদ্যুৎ প্ৰকল্প আৰু ধাতু শোধন উদ্যোগসমূহৰ চিমনীৰে ওলোৱা ক্ষুদ্ৰ কণা আৰু ধোঁৱা আদি ।
প্ৰশ্ন ৩। চি. এন. জিক কিয় ডিজেলতকৈ ফলপ্ৰসূ বুলি কোৱা হয় ?
উত্তৰঃ চি. এন. জি ডিজেলতকৈ অধিক ফলপ্ৰসূ ; কাৰণ ই অইন ইন্ধনতকৈ সক্ৰিয়ভাৱে দাহিত হয় আৰু ইয়াৰ মূল্যও কম ।
প্ৰশ্ন ৪। শব্দ প্ৰদূষণ ৰোধ কৰিব পৰা উপায়সমূহ আলোচনা কৰা ।
উত্তৰঃ (ক) গাড়ী মটৰৰ ইঞ্জিনত চাইলেঞ্চাৰ ব্যৱহাৰ কৰি সাময়িকভাৱে প্ৰদূষণ ৰোধ কৰিব পাৰি ।
(খ) ডাঙৰ ডাঙৰ উদ্যোগসমূহ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ পৰা আঁতৰাত প্ৰতিষ্ঠিত কৰিব লাগে ।
(গ) লাউডস্পিকাৰৰ ব্যৱহাৰ বন্ধ কৰিব লাগে ।
(ঘ) প্ৰত্যেক নাগৰিকে শব্দ প্ৰদূষণৰ ভয়াবহতাৰ বিষয়ে জানি সজাগ হোৱা উচিত ।
প্ৰশ্ন ৫। আমি গোলকীয় উষ্ণতা কেনেকৈ ৰোধ কৰিব পাৰো ?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান উষ্ণতা নিয়ন্ত্ৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমোৱা , শক্তিৰ প্ৰয়োগত আধুনিক কৌশল অলৱম্বন , অৰণ্যসমূহক ধ্বংসৰ পৰা বচোৱা , যথেষ্ট পৰিমাণে গছপুলি ৰোপণ তথা সংৰক্ষণ আৰু মানুহৰ সংখ্যা ৰোধেই উত্তম উপায় ।
প্ৰশ্ন ৬। উত্তৰ পূৰ্বাঞ্চলত কিয় জুম খেতিক পৰিৱেশ ধ্বংসৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয় ?
উত্তৰঃ জুম খেতিক পৰিৱেশ ধ্বংসৰ অন্যতম কাৰক হিচাপে গণ্য হয় ; কিয়নো , উওৰ পূৰ্বাঞ্চলৰ বহু পাহাৰীয়া এলেকা তথা অৰণ্য এই জমু খেতিৰ বাবেই ধ্বংস কৰা হৈছে ।
প্ৰশ্ন ৭। জোঁটবন্ধন অৰণ্য ব্যৱস্থাপনাৰ বিষয়ে লিখা ।
উত্তৰঃ স্থানীয় লোকৰ অংশ গ্ৰহণৰ গুৰুত্ব অনুধাৱন কৰি ভাৰত চৰকাৰে অৰণ্য সুৰক্ষাৰ বাবে ১৯৮০ চনত জোঁটবন্ধন অৰণ্য ব্যৱস্থাপনাৰ সূচনা কৰিছে য’ত চৰকাৰ আৰু স্থানীয় লোকৰ সন্নিলিত প্ৰচেষ্টাৰে যে অৰণ্য সুৰক্ষা দিব পাৰি তাক ভালদৰে চালি – জাৰি চোৱা হৈছে । অৰণ্যই যে তেনে লোকৰ জীৱন পৰিক্ৰমা বৰ্তাই ৰাখে সেই জ্ঞান তেখেত সকলে ভালদৰে উপলব্ধি কৰি চৰকাৰৰ সৈতে কাম কৰি আছে ।
প্ৰশ্ন ৮। পানী প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা ।
উত্তৰঃ পানী হ’ল জীৱৰ জীৱন । কিন্তু এই পানীকে মানুহে প্ৰদূষিত কৰিব ধৰিছে তেওঁলোকৰ অনৈতিক কাৰ্য্য কলাপেৰে । মানুহে জধেমধে পুখুৰী , নিজৰা , নদী আদিক আৱৰ্জনা পেলোৱাৰ ফলত দিনে দিনে পানী প্ৰদূষিত হৈ আহিছে । ভাৰত চৰকাৰে পানীৰ গুৰুত্ব উপলব্ধি কৰি ১৯৭৪ চনত পানী (সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইনখন বৰবৎ কৰে)।
ৰচনাধৰ্মী প্ৰশ্নোওৰ
প্ৰশ্ন ১। ৰাজস্থানৰ বিশ্বই লোকসকলে গছ সংৰক্ষণ কৰিবলৈ কেনে ধৰণে চেষ্টা কৰিছিল ?
উত্তৰঃ ১৭৩১ চনত যোধপুৰৰ ৰজাই মন্ত্ৰীসকলক ৰাজমহল বনাবৰ বাবে অৰণ্যৰ পৰা গছ কাটি আনাৰ নিৰ্দেশ দিছিল । তেওঁলোকে গছ কাটিবলৈ বিষ্ণই লোক বাস কৰা এলেকাত প্ৰৱেশ কৰোতে আবাসীসকলে গছ নাকাটিবলৈ অনুৰোধ কৰিছিল । অমৃতা দেবী নামৰ এগৰাকী বিষ্ণই সম্প্ৰদায়ৰ মহিলাই গছ এডাল সাবতি ধৰি কৈছিল যে “গছ কটাৰ আগতে মোক কাটিব লাগিব যদিও ৰজাৰ মানুহে নিৰ্দয়ভাৱে তেওঁক গছেৰে সৈতে কাটি পেলালে । তাকে দেখি তেওঁৰ তিনি গৰাকী জীয়ৰী আৰু শতাধিক গঞাই একে পথকে অৱলম্বন কৰিলে আৰু অমৃতা দেৱীয়ে অৰণ্য ৰক্ষাৰ নামত নিজৰ দান কৰিলে ।
প্ৰশ্ন ২। অনুঘটকীয় ৰূপান্তৰকৰ কাৰ্য্য প্ৰণালী বৰ্ণনা কৰা ।
উত্তৰঃ গাড়ী মটৰসমূহত দামী ধাতু যেনে প্লেটিনাম , পাল্লাভিয়াম , ৰ’ডিয়াম আদি অনুঘটক হিচাপে ব্যৱহাৰ কৰিলে বিষাক্ত গেছ কমকৈ উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে । যিহেতু ধোঁৱাবোৰ অনুঘটকীয় ৰূপান্তৰকৰ মাজেৰে যায় , আধাপোৰা হাইড্ৰ’কাৰ্বনবোৰ কাৰ্বন – ডাই – অক্সাইড আৰু পানীলৈ ৰূপান্তৰিত হয় । বিষাক্ত কাৰ্বন ম’ন’অক্সাইড আৰু নাইট্ৰিক গেছ কম বিষাক্ত কাৰ্বন – ডাই- অক্সাইড আৰু নাইট্ৰ’জেন গেছলৈ পৰিৱৰ্তিত হয় । অনুঘটকীয় ৰূপান্তৰক থকা গাড়ী মটৰবোৰত লেডবিহীন পেট্ৰ’ল বা ডিজেল ব্যৱহাৰ কৰিব লাগে ; কিয়নো , লেডেৰ অনুঘটকৰ কাৰ্য্য মন্থৰ কৰে ।
প্ৰশ্ন ৩। বায়ু প্ৰদূষণত শব্দৰ প্ৰভাৱ উল্লেখ কৰা ।
উত্তৰঃ চনত শব্দ প্ৰদূষণক বায়ু প্ৰদূষণৰ অধীনত কৰি ইয়াক সংশোধিত কৰা হয় । শব্দই অসহনীয় পৰিস্থিতিৰ সৃষ্টি কৰি মানুহৰ মানসিক আৰু শাৰীৰিক দিশত কুপ্ৰভাৱ পেলাব পাৰে । শব্দৰ প্ৰাবল্যই মানুহৰ কৰ্ণকুহৰত আঘাত কৰি চিৰদিনৰ বাবে কাণেৰে নুশুনা কৰিব পাৰে , টোপনিত ব্যাঘাত জন্মাই হৃৎপিণ্ডৰ ধপধপানি বেমাৰ তথা উশাহ – নিশাহ লোৱা কাৰ্য্যত পৰিৱৰ্তন ঘটায় । ইয়াৰ ফলত মানসিক দুৰ্বলতা বৃদ্ধি পায় ।
প্ৰশ্ন ৪। বায়’মেগনিফিকেচন বুলিলে কি বুজা ? ই কেনেকৈ উচ্চস্তৰৰ মাংসাহাৰীবোৰৰ ওপৰত প্ৰভাৱ পেলায় ?
উত্তৰঃ পানীত মিহলী হৈ থকা বিষাক্ত পদাৰ্থ জলজ খাদ্য শৃংখলৰ দ্বাৰা নিম্ন স্তৰৰ পৰা উচ্চস্তৰৰ প্ৰাণীলৈ প্ৰবাহিত হ’ব পাৰে । এনে প্ৰক্ৰিয়াক বায়’মেগনিফিকেচন বুলি কোৱা হয় ।কোনো জীৱই খাদ্যৰ সৈতে বিষাক্ত দ্ৰব্য গ্ৰহণ কৰিলে এই দ্ৰব্য শৰীৰে হজম কৰিব নোৱাৰে আৰু শৰীৰৰ পৰা ওলাইও যাব নোৱাৰে । তেনে প্ৰাণীক অন্য প্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰিলে সেই খাদ্য গ্ৰহণকালীলৈ বিষাক্ত পদাৰ্থ গতি কৰি ক্ষতি সাধন কৰে । DDT আৰু পাৰা হ’ল এনে দুবিধ সহজে ধৰা পৰা বিষাক্ত পদাৰ্থ । ইয়াত ঊৰ্দ্ধতম মাংসহাৰীৰ ক্ষেত্ৰত বিষাক্ত পদাৰ্থৰ ঘনত্ব ক্ৰমান্বয়ে বাঢ়ি যায় আৰু ক্ষতিও উচ্চ শ্ৰেণীৰ প্ৰাণীলৈ বাঢ়ি যায় ।
প্ৰশ্ন ৫। ইউট্ৰ’ফিকেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ।
উত্তৰঃ পুখুৰী , বিল আৰু সৰোবৰবোৰত বছৰি বিভিন্ন স্থানৰ পৰা বৈ অহা পুষ্টিকৰ খাদ্য যেনে , নাইট্ৰ’জেন আৰু ফচফৰাছে জলচৰ জীৱৰ দ্ৰুত বৃদ্ধি ঘটায় । যিমানে জীৱৰ বৃদ্ধি হয় সিমানেই জলাশয়ৰ তলীত বেছিকৈ ওপৰৰ ফৰা গেদ জমা হ’বলৈ ধৰে । দিন যোৱাৰ লগে লগে জলাশয়ৰ গভীৰতাও কমি যায় আৰু তাত ক্ৰমান্বয়ে অগণন ওপঙি ফুৰা জলজ উদ্ভিদ গঢ় লৈ উঠি জলজ প্ৰাণীৰ অৱলুপ্তি ঘটাবলৈ ধৰে । ইয়াৰ উপৰিও ইউট্ৰ’ফিকেচনৰ বাবে আন কিছুমান কাৰক যেনে , জলবায়ু , জলাশয়ৰ আকাৰ আদি জড়িত হৈ থাকে । এই ইউট্ৰ’ফিকেচন যদিও এটা প্ৰাকৃতিক পৰিক্ৰমা তথাপিও মানুহৰ অসাৱধানতাই ইয়াক বেছি সক্ৰিয় কৰে ।
প্ৰশ্ন ৬। সেউজ গৃহ প্ৰভাৱে কেনেকৈ গোলকীয় উষ্ণতা বৃদ্ধি কৰে বৰ্ণনা কৰা ।
উত্তৰঃ সেউজগৃহ প্ৰভাৱ হ’ল এটি প্ৰাকৃতিক পৰিঘটনা । এই প্ৰভাৱে পৃথিৱীৰ ওপৰিভাগৰ লগতে বায়ুমণ্ডলো গৰম কৰি তোলে । সূৰ্য্যৰ ৰশ্মিৰ আধাখিনি পোহৰ তাপ হৈ পৃথিৱীৰ উপৰিভগলৈ আহে । এই তাপৰ আকৌ এক অংশ পুনৰ মহাকাশলৈ প্ৰতিফলিত হৈ যায় । এই প্ৰতিফলিত তাপক আকৌ মহাকাশত থকা , কাৰ্বন – ডাই – অক্সাইড আৰু মিথেন গেছে শুহি লব পাৰে ফলত তাপ পুনৰ পৃথিৱীলৈ ঘূৰি আহে আৰু পৃথিৱীৰ খোলাটোৰ লগতে বায়ুমণ্ডলো গৰম হৈ উঠে । ইয়াকে গোলকীয় উষ্ণতা বোলে আৰু ইয়াৰ লগত জড়িত হৈ থকা গেছ দুটাক সেউজগৃহ বোলে ।
প্ৰশ্ন ৭। অ’জন স্তৰৰ অৱক্ষয় আৰু ইয়াৰ জীৱজগতৰ ওপৰত প্ৰভাৱৰ বিষয়ে লিখা ।
উত্তৰঃ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন স্তৰ জীৱজগতৰ বাবে অতিকৈ উপকাৰী ; যিয়ে সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে । অতি বেঙুনীয়া ৰশ্মিৰ জীৱৰ DNA আৰু প্ৰ’টিনত আঘাত কৰি ৰাসায়নিক বন্ধনবোৰ ডাঙি পেলায় । এই স্তৰৰ জোখ – মাখৰ একক হ’ল দৱচন একক । আণৱিক অক্সিজেনত অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ পৰি অ’জন স্তৰ গঠন আৰু অৱক্ষয় হৈ থাকে আৰু এই প্ৰক্ৰিয়া নিজে নিজে হৈ থাকে । অ’জন স্তৰৰ অৱক্ষয় অধ্যয়ন কৰি পোৱা গৈছে যে ক্ল’ৰফ্লু’ৰ কাৰ্বন (CFC) গেছ ইয়াৰ বাবে দায়ী ।এই CFC গেছৰ সৈতে অতি বেঙুনীয়া ৰশ্মি লগ লাগি ক্ল’ৰিণ অণু উৎপন্ন কৰে যিয়ে আণৱিক অক্সিজেন মুক্ত কৰে । ফলত অ’জন স্তৰ গঠন প্ৰক্ৰিয়া ব্যাহত হৈ যায় ।বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত DNA বা প্ৰ’টিনৰ উৎপৰিৱৰ্তন , ছালৰ বেমাৰ আদিৰ উপৰিও চকুৰ কৰ্ণিয়াও বেয়া হৈ স্ন’ব্লাইন্দনেছ হ’ভ পাৰে ।
ৰচনাধৰ্মী প্ৰশ্নোওৰ
প্ৰশ্ন ১। বায়ু প্ৰদূষক অতি ক্ষুদ্ৰ কণাবোৰ আতৰাব পৰা এটা প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা ।
উত্তৰঃ বায়ু প্ৰদূষক অতি ক্ষুদ্ৰ কণাবোৰ যদিও বহু উপায়ে আঁতৰ কৰিব পাৰি তথাপিও ইলেক্ট’ষ্টেটিক অধঃক্ষেপণ পদ্ধতি বহুভাৱে প্ৰচলিত । তাপবিদ্যুৎ প্ৰকল্পৰ চিমনীৰে নিৰ্গত প্ৰদূষকৰ শতকৰা ৯৯ ভাগ এই পদ্ধতিৰে আঁতৰ কৰিব পাৰি । এই যন্ত্ৰত ইলেক্ট’ড তাঁৰবোৰ কেইবা ভল্ট বিদ্যুতৰ সৈতে সংযোগ কৰি ক’ৰণা উৎপাদনৰ দ্বাৰা ইলেক্ট’ন নিৰ্গত কৰা হয় । এই ইলেক্ট’নবোৰ ক্ষুদ্ৰ প্ৰদূষকৰ সৈতে লগ লাগি ঋণাত্মকভাৱে আহিত হয় আৰু তাত থকা সংগ্ৰহক প্লেটবোৰ স্থিৰ কৰি ৰাখি আহিত ক্ষুদ্ৰ কণাবোৰ আকৰ্ষণ কৰাৰ ব্যৱস্থা কৰা হয় ।
অৱশ্যে প্লেটবোৰৰ মাজেৰে অতি মন্থৰ গতিৰে বতাহ চলাই দিয়া হয় কণাবোৰ মৰি পৰে । স্ত্ৰাবাৰৰ সহায়ত তাত থকা ছালফাল – ডাই – অক্সাইড গেছ আঁতৰাই দিয়া হয় আৰু ভিতৰেৰে যোৱা প্ৰদূষিত বায়ু পানী বা চূণৰ পানীৰ স্পেৰ মাজেৰে যাব দিয়া হয় আৰু এনেদৰেই বায়ুত থকা অতি ক্ষুদ্ৰ কণাবোৰ ইলেক্ট’ষ্টেকিক অধঃক্ষেপণ পদ্ধতিৰে আঁতৰ কৰিব পাৰি ।
প্ৰশ্ন ২। গোটা আৱৰ্জনা কোনবোৰ ? প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণৰ উপায়ৰ এক অধ্যয়ন আলোচনা কৰা ।
উত্তৰঃ অপ্ৰয়োজনীয় সকলো বস্তুকে গোটা আৱৰ্জনাৰ ভিতৰত ধৰা হয়।যেনে ― কাগজ , পলিথিন আদি । উৎপাদিত গোটা আৱৰ্জনাকা তিনিটা শ্ৰেণীত ভগাব পাৰি । সেই কেইটা হ’ল ―
(ক) জৈৱবিনাশক আৱৰ্জনা ।
(খ) পুনৰ ব্যৱহাৰ যোগ্য ।
(গ) জৈৱ অবিনাশক ।
প্লাষ্টিকৰ বেগ তৈয়াৰ কৰা বাংগালুৰ প্ৰতিষ্ঠান এটিয়ে দিনে দিনে বাঢ়ি অহা প্লাষ্টিক আৱৰ্জনৰা বাবে এটি আকৰ্ষণীয় পদক্ষেপ আগবঢ়াইছে । আহমেদ খান নামৰ এজন ৫৭ বছৰীয়া লোকে প্ৰদূষক হিচাপে প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে অনুধাবন কৰি আহিছে যিয়ে প্ৰায় ২০ বছৰ ধৰি প্লাষ্টিক বনাই আহিছে । তেখেতৰ কোম্পানীয়ে পলিব্লেণ্ড নামৰ এবিধ পাউদাৰ প্ৰস্তুত কৰি বিটুমিনৰ লগত মিহলাই ৰাস্তা বনোৱা কামত লগাইছে ।
বাংগালুৰৰ আৰ. ডি. ইঞ্জিনীয়াৰিং কলেজ আৰু চহৰ নিকায়ৰ সহযোগত তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে এই মিশ্ৰণেৰে বনোৱা পথক পানীয়ে সহজে একো কৰিব নোৱাৰে আৰু পথ বহুদিন ধৰি ভালে থাকে । এই পলিব্লেণ্ড পাউডাৰ বনাবৰ বাবে যিকোনো প্লাষ্টিকেই ব্যৱহাৰ কৰিব পাৰি । ২০০২ চনত বাংগালুৰু চহৰ ৪০ কিঃ মিঃ পথ খন প্ৰযুক্তিৰে তৈয়াৰ কৰি সুফল লাভ কৰিছে তথা তেওঁ প্লাষ্টিকৰ ভয়াবহতাৰ পৰা মানুহক কিছু পৰিমাণে হ’লেও পৰিত্ৰাণ দিব পাৰিছে ।