Chapter 14 ধৰ ঝাড়ু ধৰ ভাই

ধৰ ঝাড়ু ধৰ ভাই

– অম্বিকাগিৰী ৰায়চৌধুৰী

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

  1. অতি চমু উত্তৰ দিয়া:

(ক) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ কবি কোন ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।

উত্তৰঃ  কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিব লগীয়া হোৱা সময়ত। 

(গ) সশ্ৰম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিল ?

উত্তৰঃ পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল।

(ঘ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ?

উত্তৰঃ ১৯২১ চনত।

(ঙ) অসম সহিত্য সভাৰ ক’ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত।

 

(চ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৫০ চনত।

(ছ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম চন ১৮৮৫, মৃত্যু চন ১৯৬৭।

(জ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ কৃষ্ণৰাম ৰায়চৌধুৰী।

(ঝ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যগ্ৰন্থ এখনিৰ নাম লিখা।

উত্তৰঃ ‘বীণা’।

(ঞ) ‘অম্বিকাগিৰী ৰায়চৌধুৰীক ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কি ভাবৰ কবিতা ? 

উত্তৰঃ দেশপ্ৰেমৰ কবিতা।

Group – B পদ্যাংশ

১। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

২। সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ- জোঁথৰ, মলি, ভেৰণি অর্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে।

৩। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰঃ বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

৪। কবিয়ে চাই থাকোঁতে মূখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কবিয়ে চাই, থাকোঁতে কাজল-ছাই অর্থাৎ পৰাধীনতাৰ কলঙ্ক, কালিমাৰে মুখ ভৰি পৰিল বুলি কৈছে।

৫৷ তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা।

(ক) হীনে-ঘিনে।

(খ) ধাৰে-ঋণে।

(গ) ঘৃণা-ঘৃণি।

(ঘ) জাহি – জাবৰ।

(ঙ) সাৰি-পুছি।

(চ) মলি-মামৰ।

উত্তৰঃ (ক) হীনে-ঘিনে: ভাৰতীয়সকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি হীনে-ঘিনে পৰৰ গোলামি কৰিছিল।

(খ) ধাৰে-ঋণে: ধাৰে-ঋণে হ’লেও ল’ৰা-ছোৱালীক পঢ়ুৱাই শুনাই পিতৃ-মাতৃৰ কৰ্তব্য পালন কৰিব লাগে।

(গ) ঘৃণা-ঘৃণি: পৰস্পৰৰ মাজত ঘৃণা-ঘৃণি কৰাতকৈ একতাৰ দোলেৰে বান্ধ খাই থাকিলে জীৱনত উন্নতি কৰিব পাৰি।

(ঘ) জাহি-জাবৰ: পৰস্পৰৰ মাজত থকা ঘৃণা-ঘৃণি, হিংসা-বিদ্বেষ, স্বাৰ্থপৰতা এইবোৰ আচলতে মনৰ মাজত থকা জাহি-জাবৰ।

(ঙ)সাৰি-পুছি: পৰস্পৰৰ মাজত থকা হিংসা-বিদ্বেষ, ঘৃণা-ঘৃণি ইত্যাদি জাহি-জাবৰবোৰ সাৰিপত্ৰি মনটো চিকুণাই থ’ব লাগে।

(চ) মলি-মামৰ: পৰস্পৰৰ মাজত থকা হিংসা-বিদ্বেষ, ঘৃণা-ঘৃণি স্বাৰ্থপৰতা এইবোৰ আচলতে মলি-মামৰৰ দ’ম।

৬। তলৰ শব্দবোৰত মূর্ধণ্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা।

(ক) সোণ।

(খ) ঘৃণা।

(গ) ঋণ।

উত্তৰঃ (ক) সোণ: ‘সোণ’ শব্দটো সংস্কৃত ‘সুৱৰ্ণ’ শব্দৰ অসমীয়া তদ্ভৱ ৰূপ। ণত্ব বিধিৰ নিয়ম অনুসৰি মূল শব্দত মূর্ধণ্য ‘ণ’ থকা তদ্ভৱ শব্দত ঋ বা ৰ নাথাকিলেও মূর্ধণ্য ‘ণ’ হয়।

(খ) ঘৃণা: ‘ঋ’, ‘ৰ’ আৰু ‘ষ’ ৰ পিছত থকা দন্ত্য ন মূর্ধণ্য ণ হয়। ‘ঘৃণা’ শব্দত ‘ঋ’ ৰ পিছত থকা দন্ত্য ন মূর্ধণ্য ণ হৈছে। এয়া ণত্ব বিধিৰ নিয়ম।

(গ) ঋণ: ণত্ব বিধির নিয়ম অনুসৰি ঋ, ৰ আৰু ষ – ৰ পিছত থকা দান মূর্ধণ্য হয়। ‘ঋণ’ শব্দত ঋ ৰ পিছত থকা দন্ত্যন সেইবাবে মূর্ধণ্য ণত পৰিণত হৈছে।

২৭। বিপৰীতশব্দ লিখা:

ক) ঘূর্ণা।

(খ) স্মার্থ।

(গ) জীৱন।

(ঘ) বীৰ।

উত্তৰঃ (ক) ঘৃণা – শ্রদ্ধা, ভক্তি।

(খ) স্বার্থ – নিশ্বাৰ্থ, পৰাৰ্থ।

(গ) জীৱন – মৰণ।

(ঘ) বীৰ – কাপুৰুষ।

৮। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত জন্ম হয়?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয়।

৯। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল? 

উত্তৰঃ কৃষ্ণৰাম ৰায়চৌধুৰী।

১০। অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ দেৱকী দেৱী।

১১। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ১৯৬৭ চনত।

১২। কিমান চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল?

উত্তৰঃ ১৯৬৭ চনত৷

১৩৷ ‘ধৰ ঝাড়ু ঘৰ ভাই কবিতাটো কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰা বাবে বৃটিছে অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্রম কাৰাদণ্ড বিহিছিল। জেলত থাকোঁতে তেওঁক পায়খানা চাফা কৰা কাম দিয়া হৈছিল। ঝাড়ু হাতত লৈ এই কাম কৰা সময়ত কবিয়ে কবিতাটো ৰচনা কৰিছিল।

১৪। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিমান চনত আৰু ক’ত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল?

উত্তৰঃ ১৯৫০ চনত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিট। অধিবেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল।

১৫। অসমৰ সাহিত্য তথা সমাজ জীৱনত অম্বিকাগিৰি ৰায়চৌধুৰীক কি হিচাপে আখ্যা দিয়া হৈছে?

উত্তৰঃ অসম কেশৰী।

১৬। অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত পাঁচখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ (ক) তুমি (১৯১৫)।

(খ) বীণা (১৯১৬)।

(গ) স্থাপন কৰ, স্থাপন কৰ (১৯৫৮)।

(ঘ) বেদনাৰ উল্কা (১৯৫৪)।

(ঙ) অনুভূতি (১৯৫৮)।

১৭। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত কেইটা সুৰ নিশেধ্বনিত হৈছে? সুৰ দুটা কি কি?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত দুটা সুৰ ধ্বনিত হৈছে। 

সুৰ দুটা হ’ল –

(ক) ছপ্ত জাতীয়তাবাদৰ ছন্দভিধ্বনি।

(খ) ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ।

১৮। অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত গদ্য পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ (ক) আহুতি আৰু 

(খ) ডেকা-ডেকেৰীৰ বেদ।

ভাববিষয়ক প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ লিখা—

( ক ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ? 

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী ’ আখ্যা দিয়া হৈছিল ।

( খ ) ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কিহেৰে পােত খাই আছে বুলি কবিয়ে কৈছে ? 

উত্তৰঃ ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কত যুগৰ ভূহৰ পৰি ’ পােত খাই আছে বুলি কবিয়ে কৈছে । 
( গ ) আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ? 

উত্তৰঃ আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।

( ঘ ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ? 

উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ  কাজল ছাইৰে ভৰি পৰিল বুলিছে ।

প্রশ্ন ২। ‘হ’ল এৱে তােৰ সময় হ’বৰ 

            জাতিৰ ঝাড়ুদাৰ যে ভাই ।’

     —ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ? 

উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে – ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল । ভাৰতবাসীৰ মাজত ‘ হিংসা – দ্বেষৰ , ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ’ পােত খালে , মুখত ‘কাজল – ছাই ’ পৰিল ।

এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে । নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব ।

প্রশ্ন ৩।    ‘নহ’লে যে বিশ্বসভাত 

                নহ’ব তােৰ বহাৰ ঠাই । ”

                   –বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে ? 

উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব , হিংসা – দ্বেষৰ ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে । 

প্রশ্ন ৪। ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা । 

উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল । তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি , সাৰি – পুছি আমাৰ অন্তৰখন , আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে ।

তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব , বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব । সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে । 

প্রশ্ন ২। ব্যাখ্যা কৰা । 

( ক )     ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , 

               ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ 

               কত যে কি মলি – মামৰ 

               ভৰি জাতিৰ জীৱন য়ায় । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত । 

 

দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে ।

বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে  পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থপৰতা , ভেম – অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে ।

( খ )       ‘ধৰ ঝাড়ু ধৰ ভাই ! 

               আৰু চাবৰ সময় নাই  

               চাই থাকোঁতে মুখত কেৱল 

               ভৰিল কাজল ছাই ।” 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত । 

 

পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ , ভেদা – ভেদ আদিৰ মলি – মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে । 

কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঋণিৰ, স্বার্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে । দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই ; মুখত ‘ কাজল – ছাই ’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে ।

এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে । 

প্রশ্ন ৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা । 

উত্তৰঃ  ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয় । তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্রেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে । এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বােৰ কবিতা , লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে । তেওঁৰ তেনে এটি কবিতা হ’ল ‘ধৰ ঝাড়ু ধৰ ভাই’ ।

স্বদেশ প্রেমৰ কাৰণে হক কথা কওঁতে , কাম কৰোঁতে তেওঁ সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাড়ুধৰি সাৰি – পুছি পৰিষ্কাৰ কৰিব লগীয়া হােৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল । এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্রেমৰ সুন্দৰ ভাব – ৰাশি নিহিত হৈ আছে । 

ঝাডুৰে মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নজৰ দেশখনকো হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , ভেম – অহংকাৰ আদিৰ মলি – মামৰবােৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে । 

            ধৰ ঝাড়ু ধৰ ভাই 

            আৰু চাবৰ সময় নাই— 

            চাই থাকোঁতে মুখত কেৱল 

            ভৰিল কাজল – ছাই । 

স্বদেশৰ এনে দুর্গতি , ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নােৱৰা হৈছে । অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশৰ , স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে । এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব , নিঃশেষ হ’বলৈ ধৰিছে । তেওঁ খেদ কৰি কৈছে –

           সাতাম পুৰুষৰ 

           আহা ! সােণৰ চোতাল – ঘৰ 

       ক’ত যুগৰ ভূহৰ পৰি  

           আছে যে পােত খাই । 

সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলাে প্ৰকাৰৰ হিংসা দ্বেষৰ , ভেদা – ভেদ , ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ ভাব পাহৰি একগােট হৈ নিজৰ দেশ , জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে–

          বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ 

          জাতিৰ জীৱন কৰ মনােহৰ 

তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব । ইয়াৰ ব্যতিক্রম হলেই আমাৰ বিপদ –

         নহ’লে যে বিশ্বসভাত 

         নহ’ব তােৰ বহাৰ ঠাই–বুলি সকীয়াই দিছে । 

‘খ’ – ভাষা বিষয়ক

প্রশ্ন ১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্যৰচনা কৰা : 

(ক) হীনে-ঘিণে। 

(খ) ধাৰে-ঋণে।

(গ) ঘৃণা-ঘৃণি।

(ঘ) জাহি-জাবৰ। 

(ঙ) সাৰি-পুছি।

(চ) মলি-মামৰ।

উত্তৰ:- (ক) হীনে-ঘিণে : উপায় বিহীন লোকেহে হীনে-ঘিণে হ’লেও আনৰ জেলামি কৰিবলৈ বাধ্য হয়।

(খ) ধাৰে-ঋণে : ক্ষুধা আছে বাবেই মানুহে ধাৰে-ঋণে হ’লেও পেটৰ ক্ষুধা নিবাৰণ কৰিবলগাত পৰে।

(গ) ঘৃণা-ঘৃণি : আনৰ প্রতি ঘৃণা-ঘৃণি কৰাটো সজ লোকৰ কৰ্ম নহয়। 

(ঘ)জাহি জাবৰ : বহুদিন পৰিয়ালটো ঘৰত নথকাত চোতালখন জাহি-জাবৰে ভৰি পৰিছে।

(ঙ) সাৰি-পুছি : পুৱা-গধূলি মানুহে ঘৰ-চোতাল সাৰি-পুছি ঘৰখন পৰিষ্কাৰকে ৰাখে।

(চ) মলি-মামৰ : অস্ত্র-শস্ত্ৰৰ মলি-মামৰ গুচাই নাথাকিলে অস্ত্রশস্ত্ৰ ভোটা হৈ পৰে। 

২। তলৰ শব্দবোৰৰ মূর্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শানা : 

(ক) সোণ।

(খ) ঘৃণা।

(গ) ঋণ।

উত্তৰ:- (ক) সোণ — স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।

(খ) ঘৃণা — ‘ঋ’ কাৰৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়। 

(গ) ‘ঋণ’ — ‘ঋ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

৩। বিপৰীত শব্দ লিখা :

(ক) ঘৃণা।

(খ) স্বার্থ।

(গ) জীৱন।

(ঘ) বীৰ।

উত্তৰ:-  

শব্দবিপৰীত শব্দ
(ক) ঘৃণাআদৰ, সমাদৰ
(খ) স্বাৰ্থৰ্নিস্বার্থ
(গ) জীৱনমৰণ
(ঘ) বীৰভীৰু

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) ‘ধৰ ঝাড়ু ধৰ ভাই’—কবিতাটোৰ ৰচক কোন?

উত্তৰ:- ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ ৰচক অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ ক’ত জন্ম হৈছিল? 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ বৰপেটাত জন্ম হৈছিল।

(গ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কোন চনত জন্ম হৈছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৮৮৫ চনত জন্ম হৈছিল।

(ঘ) অসমত ‘অসম কেশৰী’ বুলি কাক কোৱা হয়?

উত্তৰ:- অসমত ‘অসম কেশৰী’ বুলি অম্বিকাগিৰী ৰায়চৌধুৰীক কোৱা হয়। 

(ঙ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কৃষ্ণকাম চৌধুৰী আছিল। 

(চ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো ক’ত ৰচনা কৰিছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীনতা সংগ্ৰামৰ কাৰণে জেলত থাকোঁতে কবিতাটো ৰচনা কৰিছিল।

(ছ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল ৷

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীক ১৯২১ চনত সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।

(জ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কোন চনত মৃত্যু হৈছিল? 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৯৬৭ চনত মৃত্যু হৈছিল।

(ঝ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ ১৯৫০ চনত মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল।

(ঞ) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখা এখন কবিতা পুথিৰ নাম লিখা ৷ 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখা কবিতা পুথি হ’ল “তুমি”।

(ট) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম কি? 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকতখনৰ নাম হ’ল ‘চেতনা’।

(ঠ) অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত এখন নাটকৰ নাম লিখা। 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰা এখন নাটক হ’ল– “জয়দ্রথ বধ’।

(ড) অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথিৰ নাম লিখা।

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথি হ’ল— ‘আহুতি’। 

(ঢ) অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ কাকত খন কেনেকুৱা প্ৰকৃতিৰ কাকত আছিল? 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ এখন জাতীয়তাবাদী প্ৰকৃতিৰ কাকত আছিল।

(ণ) ‘জাতিৰ ঝাডুদাৰ’ বুলি কবিয়ে কাক বুজাইছে? 

উত্তৰ:- কবিয়ে পৰাধীন ভাৰতত প্ৰতিজন মানুহক জাতিৰ ঝাডুদাৰ বুলি বুজাইছে।

প্রশ্ন ২। চমু উত্তৰ দিয়া :

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা।

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ কেইখনমান কবিতা পুথি হ’ল—বীণা, তুমি,অনুভূতি, বেদনাৰ উল্কা আৰু বন্দো কি ছন্দেৰে।

(খ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ তিনিখন নাটখৰ নাম লিখা।

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ তিনিখন নাটক হ’ল—কল্যাণময়ী, জয়দ্রথ বধ, ভক্ত গৌৰৱ।

(গ) অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্য পুথিৰ নাম লিখা।

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্যপুথি হ’ল—ডেকা-ডেকেৰীৰ বেদ আৰু আহুতি।

(ঘ) ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাক কি আহ্বান‌ জনাইছে?

উত্তৰ:- ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাৰ পৰস্পৰৰ মাজত থকা মলিস্বৰূপ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা আদিৰ অৱসান ঘটাই সকলোৱে ঐক্যবদ্ধ হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে।

(ঙ) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত কি ভাব ফুটি উঠিছে?

উত্তৰ:- ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত পৰাধীনতাৰ গ্লানি আৰু স্বদেশ- প্ৰীতিৰ অনুৰাগ ফুটি উঠিছে।

(চ) ‘কৰিলিতো ইমান দিনে/পৰ গোলামি হীনে-ঘিণে’— বুলি কবিয়ে কাক, কি গোলামি কৰাৰ কথা কৈছে?

উত্তৰ:- ইংৰাজ সকলে আমাৰ দেশক পৰধীনতাৰ শিকলি পিন্ধাই দেশ শাসন কৰিছিল বাবে দেশবাসী ইংৰাজৰ শাসনাধীন হ’বলগাটোকে ইংৰাজৰ গোলামি কৰা বুলি কবিয়ে কৈছে।

(ছ) হ’ল এৱে তোৰ সময় হ’বৰ/জাতিৰ ঝাড়ুদাৰ যে ভাই – বুলি কবিয়ে কি ভাব প্রকাশ কৰিছে?

উত্তৰ:- পৰাধীনতাই আমাৰ দেশৰ জেউতি ম্লান বা মলিন কৰি তুলিছে। সেয়ে দেশবাসীক ঝাড়ুদাৰ ৰূপে দেশৰ মলি আঁতৰাবলৈ অর্থাৎ দেশে হেৰুৱা স্বাধীনতা পুনৰ ঘুৰাই আনিবলৈ দেশবাসীক কবিয়ে আহ্বান জনাইছে।

(জ) ‘নহ’লে যে বিশ্ব সভাত/নহ’ব তোৰ বহাৰ ঠাই’—উক্তিটিত প্রকাশিত কথাখিনিৰ মৰ্মাৰ্থ কি?

উত্তৰ:- পৰাধীন দেশে বিশ্বৰ স্বাধীন দেশবোৰৰ সৈতে একেলগে শাৰী পূৰাব বা আসন লাভ কৰিব নোৱাৰে। সেয়ে বিশ্বৰ স্বাধীন দেশৰ সৈতে আসন লাভ কৰিবলৈ আমাৰ দেশকো স্বাধীন কৰাৰ বাবে দেশবাসীক কবিয়ে আহ্বান জনাইছে।

প্রশ্ন ৩। ব্যাখ্যা কৰা :

(ক) ‘সাতাম পুৰুষৰ 

আহা সোণৰ চোতাল ঘৰ 

ক’ত যুগৰ ভূঁহুৰ পৰি 

আছে যে পোত খাই।’

উত্তৰ:- ওপৰত তুলি দিয়া কবিতাংশ ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ দেশপ্ৰেম মূলক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে পৰাধীন দেশ আৰু দেশবাসীয়ে ভুগি থাকিব লগা হোৱা দুৰৱস্থা তথা দেশৰ মলিন বেশক উপলক্ষ্য কৰিয়েই উদ্ধৃত কবিতাংশৰ অৱতাৰণা কৰিছে। 

আমাৰ দেশ আৰু দেশবাসীৰ অতীত আছিল গৌৰবময় আৰু ঐতিহ্যময়। সাতাম পুৰুষৰ পৰা অৰ্থাৎ প্ৰাচীন কালৰ পৰাই এই দেশ ধন-সম্পদ ঐশ্বর্যশালী আছিল। দেশৰ এই সমৃদ্ধিশালী অৱস্থাটোক বুজাবলৈকে কবিয়ে ‘সোণৰ চোতাল ঘৰ’ বাক্যাংশৰ প্ৰয়োগ কৰিছে। কবিয়ে আমাক অতীত গৌৰৱৰ বিষয়ে সজাগ কৰি দিয়াৰ লগতে সেই সোণৰ-চোতাল ঘৰ অনেক বছৰৰ ধূলি-মাকতি আবর্জনাৰে ভৰি  পৰিছে বুলি কৈছে। সেয়ে অতীতৰ সোণৰ চোতাল ঘৰ পুতি পেলোৱা ধূলি মাকতি আৰু আৱৰ্জনা সমূহ আঁতৰাই ঘৰ-চোতাল পৰিষ্কাৰ কৰিবলৈ, অর্থাৎ দেশে হেৰুৱা স্বাধীনতা ঘুৰাই আনিবলৈ উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে দেশবাসীক আহ্বান জনাইছে। 

(২) ‘কৰিলিতো ইমান দিনে

      পৰ গোলামি হীনে-ঘিণে 

      পূজা দিলি পৰ চৰণত 

       জীৱন ঢালি ধাৰে-ঋণে।’

উত্তৰ:- ওপৰৰ কবিতাংশ বিপ্লবী কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

পৰাধীন দেশৰ দেশবাসীৰ দুৰৱস্থাৰ কথা ক’বলৈ গৈয়ে কবিয়ে উদ্ধৃত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ইয়াত পৰাধীন ভাৰতবাসীয়ে ইংৰাজ শাসনাধীন হৈ বিদেশী শাসকৰ হুকুম মতে চলিব লগা হোৱা অৱস্থাটোকে পৰৰ গোলামি কৰা বুলি কবিয়ে অভিহিত কৰিছে। ইংৰাজ সকলে এই দেশত শাসন চলাই এই দেশৰ ধন-সম্পদো লুটি-পুতি স্বদেশলৈ লৈ গৈ আমাৰ দেশৰ সাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ কৰি তুলিছে। দেশবাসীৰ এই আর্থিক দুৰৱস্থাকে কবিয়ে ধাৰে-ঋণে জীৱন নিৰ্বাহ কৰিবলগা হোৱা বুলি কৈছে। ইয়াৰ লগতে এনে অৱস্থাতো দেশবাসীয়ে হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ সজাগ হৈ নুঠা দেখি কবিয়ে খেদ প্রকাশ কৰিছে। কবিৰ আহ্বান দেশবাখিদে এই দুৰৱস্থাৰ প্ৰতি সজাগ হৈ উঠক আৰু দেশৰ স্বাধীনতা ঘুৰাই আনিবলৈ সকলোৱে একগোট হওক আৰু একতাৰ শক্তিৰে দেশৰ স্বাধীনতা ঘূৰাই আনক।

প্রশ্ন ৪। তাৎপর্য বুজাই লিখা :

(ক) ‘হ’ল এৱে তোৰ সময় হ’বৰ 

       জাতিৰ ঝাড়ুদাৰ যে ভাই।’ 

উত্তৰ:- ঝাড়ু হ’ল ঘৰ-দুৱাৰ বা চোতালত জমা হোৱা আৱৰ্জনা আঁতৰ কৰা এবিধ যতন বা সঁজুলি। ইয়াৰ আন নাম বাঢ়নী। এই বাঢ়নী বা ঝাড়ুৰে ঘৰৰ ভিতৰ আৰু চোতালত জমা হোৱা ধূলি-মাকতি আৰু আনুষংগিক আৱৰ্জনা সাৰি পুছি ঘৰ- চোতাল পৰিষ্কাৰ কৰা হয় আৰু পৰিষ্কাৰ কৰি উঠাৰ পিছত ঘৰ-চোতালৰ জেউতি চৰে। সেই একেদৰে আমাৰ দেহ-মনকো হিংসা-দ্বেষ, ঘৃণা, অহমিকা, ভেদাভেদ, স্বার্থপৰতা আদিয়ে আচ্ছন্ন কৰি দেহ-মনক অপৰিষ্কাৰ কৰি পেলায়। ইয়াৰ ফলত আমাৰ  মাজত অনৈক্যৰ সৃষ্টি হয়, হিংসা-বিদ্বেষে মনক সংকুচিত কৰি ৰাখে। সমাজত ঘটা ভেদাভেদে ইটো সম্প্রদায়ক আন এটা সম্প্ৰদায়ৰ পৰা আঁতৰাই নি পৰস্পৰৰ মাজত সংঘর্ষ ঘটায়। এনে অৱস্থাত আমাৰ দেশবাসী আচ্ছন্ন হৈ পৰাৰ ফলতে জাতীয় ঐক্য গঢ়ি নুঠাৰ সুযোগ লৈয়ে ইংৰাজে আমাৰ দেশৰ অধিকাৰ নিজৰ হাতলৈ নিবলৈ সক্ষম হয়। সেয়ে কবিয়ে দেশবাসীৰ প্ৰতিজন লোকক ঝাড়ুদাৰৰ ৰূপত অৱতীৰ্ণ হৈ মনৰ মলি স্বৰূপ হিংসা-বিদ্বেষ ভেদাভেদ, ঘৃণা, অহমিকা স্বাৰ্থপৰতা আদি মনৰ পৰা ধুই-মচি সকলোৱে ঐক্যবদ্ধ হৈ দেশে হেৰুৱা স্বাধীনতা  ঘূৰাই আনিবলৈ দেশবাসীক আহ্বান জনাইছে। এয়াই উদ্ধৃত কবিতাংশৰ মূল তাৎপৰ্য 

(খ) ‘বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ 

      জাতিৰ জীৱন কৰ মনোহৰ 

      সাৰি-পুছি চুকে-কোণে 

      যত যি আছে জাহি-জাবৰ।”

উত্তৰ:- কবিয়ে আমাৰ দেশৰ প্ৰতিগৰাকী দেশবাসীক ঝাড়ুদাৰৰ ৰূপত বীৰ দেশত অৱতীৰ্ণ হবলৈ আহ্বান জনাইছে। ঝাড়ুদাৰ বা ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা জনে ঘৰ-দুৱাৰ চোতালৰ জেউতি চৰোৱাৰ দৰে পৰাধীন দেশৰ লোক হিচাপে আমিও আমাৰ মনৰ মাজত মলি-মামৰ হিচাপে জমা হোৱা হিংসা-বিদ্বেষ, ঘৃণ্য, অহমিকা, স্বাৰ্থপৰতা আদি মনৰ পৰা আঁতৰাই দি সকলোৱে ঐক্যবদ্ধ হৈ একতাৰ পৰম শক্তিৰে আমাৰ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিব লাগে বুলি কবিয়ে দেশবাসীক আহ্বান জনাইছে। দেশপ্রেমিক কবিয়ে দেশৰ অতীতৰ গৌৰৱময় দিনৰ কথা সুঁৱৰি আমাৰ দেশখন ধন-সম্পদেৰে কেনেকুৱা সমৃদ্ধিশালী আছিল তাকো সোঁৱৰাই দি সম্প্ৰতি বিদেশীৰ হাতত ধন-সম্পদ হেৰুৱাই দেশখন কেনেকুৱা দুৰৱস্থাত পতিত হৈছে তাৰো ইংগিত দি প্রত্যেক দেশবাসীক দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ সজোৰে আহ্বান জনাইছে।

(গ) নহ’লে যে বিশ্ব-সভাত

      নহ’ব তোৰ বহাৰ ঠাই

উত্তৰ:- কবিতাংশত কবিয়ে ‘বিশ্ব-সভা’ বুলি বিশ্বৰ স্বাধীন ৰাষ্ট্ৰসমূহক বুজাইছে। স্বধীন দেশে নিজৰ স্বাধীনতাক লৈ গৌৰৱ কৰিব পাৰে। পৰাধীন দেশে নিজস্ব গৌৰৱ হেৰুৱায় সেয়ে বিশ্বৰ স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত পৰাধীন দেশে স্থান লাভ নকৰে বিশ্বসভা বা স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত স্থান পাবলৈ হ’লে আমি আমাৰ দেশৰ হেৰুৱা স্বাধীনতা বিদেশীৰ হাতৰ পৰা উদ্ধাৰ কৰিব লাগিব। ইয়াৰ বাবে দেশবাসীয়ে নিজৰ মাজত থকা হিংসা-দ্বেষ, ঘৃণা, অহমিকা, ভেদাভেদ আদি মনৰ মলিবোৰ অন্তৰৰ পৰা বিসর্জন দি সকলো একগোট হৈ ঐক্যবদ্ধ শকতিৰে স্বাধীনতা হৰণকাৰীৰ বিৰুদ্ধে যুঁজ কৰি দেশক মুক্ত কৰিব লাগিব আৰু বিশ্ব সভাত দেশৰ স্থান লাভ সুনিশ্চিত কৰি তুলিব লাগিব।

প্রশ্ন ৫। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা : 

ঝাড়ু, সাতাম পুৰুষ, সাতাম পুৰুষীয়া, কাজল-ছাই, যুগৰ ভূঁহুৰ, চুকে-কোণে, ঝাড়ুদাৰ , গোলামি, হিংসা-দ্বেষ, সোণৰ চোতাল, চৰণ, ভেদাভেদ, মনোহৰ, বিশ্ব-সভা।

শব্দ                                        অর্থ
ঝাড়ুঘৰ চোতাল পৰিষ্কাৰ কৰা যতন।
সাতাম-পুৰুষসাত পুরুষ (পর্যায়ক্রমে) বা একাদিক্রমে সাত পুরুষলৈ।
সাতাম পুৰুষীয়াবহু পুৰুষৰ পৰা চলি অহা।
কাজল-ছাইপৰাধীনতাৰ কালিমা বা কলংক।
যুগৰ-ভূঁহুৰবহুদিন গোট খাই থকা জাবৰ-জোঁথৰ।
চুকে কোণেঅতি ভিতৰুৱা ঠাইত, সকলো ঠাইতে।
ঝাড়ুদাৰঝাড়ুৰে ঘৰ চোতাল পৰিষ্কাৰ কৰা লোক।
গোলামিআনৰ অধীনত থাকি কৰ্ম কৰা।
হিংসা-দ্বেষখিয়লা-খিয়লি, ইজনে সিজনৰ প্ৰতি ৰখা হিংসা ভাব।
সোণৰ চোতালমূল্যৱান বস্তু, ঐতিহ্য ভৰা চোতাল।
চৰণভৰি।
ভেদাভেদউচ্চ-নীচ লৈ ভেদভাৱ পোষণ কৰা।
মনোহৰদেখিবলৈ মনোমোহা, সুন্দৰ।
বিশ্বসভাবিশ্বৰ সকলো দেশ বা ৰাষ্ট্ৰসমূহৰ সভা

 

Leave a Reply

Your email address will not be published. Required fields are marked *