বিষাদযোগ
– শ্ৰীভট্টদেৱ
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
১। অতি চমু উত্তৰ দিয়া:
(ক) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন ?
(খ) ভট্টদেৱে ৰচনা কৰা গদ্যপুথিকেইখন কি কি ?
(গ) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ বৈকুণ্ঠনাথ ভাগবত ভট্টাচার্য।
(ঘ) ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি ?
উত্তৰঃ পিতৃৰ নাম পুৰোষোত্তম ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী।
(ঙ) ভট্টদেৱৰ ঘৰ ক’ত আছিল ?
(চ) ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল ?
উত্তৰঃ বৈকুণ্ঠনাথে শিক্ষা সমাপ্ত কৰি দামোদৰদেৱৰ ওচৰত শৰণ লয়।
(ছ) ভট্টদেৱে কাৰ অনুৰোধত ভাগৱত ব্যাখ্যা কৰিছিল ?
উত্তৰঃ বৰনগৰৰ ৰাইজৰ অনুৰোধ ক্ৰমে ভাগৱত ব্যাখ্যা কৰি তেওঁ কবিৰত্ন উপাধি লাভ কৰে।
(জ) ভট্টদেৱক কোনে কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল ?
উত্তৰঃ বৰনগৰত থকা কালতে দামোদৰদেৱে তেওঁক কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল।
(ঝ) ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিল ?
উত্তৰঃ ভট্টদেৱৰ আগতে শংকৰদেৱে ভাগৱতৰ ভাঙনি কৰিছিল।
(ঞ) ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নে সাৰানুবাদ ?
উত্তৰঃ ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নহয়, সাৰানুবাদহে।
Group – B গদ্যাংশ
১। মহাৰথী কাক বোলে?
উত্তৰঃ যিজন যোদ্ধাই একেলগে দহ হাজাৰ ধানুকী অৰ্থাৎ ধনুৰ্দ্ধৰ বীৰ লৈ যুদ্ধ কৰে তেওঁকেই মহাৰথী বোলে।
২। কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা।
উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতি সকল হ’ল— গুৰু দ্রোণ, ভীষ্ম, কৰ্ণ, কৃপাচার্য, অশ্বত্থমা, বিকর্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।
৩। সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
৪। আততায়ী কাক বোলে?
উত্তৰঃ আততায়ী মানে শত্রু। যিজনে ঘৰত জুই দি, বিহ দি, ধন, ভাৰ্যা হৰণ কৰে আৰু আনক প্ৰাণে মাৰিবলৈ ইচ্ছা কৰে তেওঁকেই আততায়ী বোলে।
৫। কুলক্ষয় দোষ কি?
উত্তৰঃ যি দোষে কুল ক্ষয় বা ধ্বংস কৰে সেয়ে কুলক্ষয় দোষ।
৬। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।
নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধৱ।
উত্তৰঃ নিপুন – পাৰ্গত।
সমীপ – কাষত, ওচৰত।
বিস্তৰ – বিসদ, বহুত।
সদৃশ – সাদৃশ্য, মিল।
বাদ্য – বাজনা।
কৰ-চৰণ – হাত-ভৰি।
চর্ম – ছাল।
শ্রুতি – শ্লোক।
বান্ধৱ – সখি, বন্ধু।
৭। তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা।
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
উত্তৰঃ হুয়া – হৈ।
কহা – কোৱা।
চক্ষু – চকু।
কৰিলা – কৰিলে।
চাঞো – চাওঁ।
মঞি – মই।
বুলিলা – কবলৈ ধৰিলে।
খাস – আচল, প্রকৃত।
ফুঙ্কিলা – ফুৱালে।
বাইলা – বজালে।
ৰহিবে – থাকিব।
ৰহো – থাকো।
( ক ) মহাৰথী কাক বােলে ?
উত্তৰঃ যি অকলে দশ হেজাৰ ধানুকীক খুঁজে , তাক মহাৰথী বােলে ।
( খ ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা ।
উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ’ল- গুৰু দ্রোণ , ভীষ্ম পিতামহ , কর্ণ মহাৰথী , কৃপ অগ্রগণী , অশ্বত্থামা , বিকর্ণ , সােমদত্ত পুত্র ভূৰিশ্ৰৱা ।
( গ ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি বণবাদ্যৰ মহাশব্দ হৈছিল ?
উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলাে ঠাইতে শংখ , ভেৰী , আনক , গােমুখ আদি নানা বদ্যি বাজি উঠিল , তাৰ মহাশব্দ হল ।
ঘ ) আততায়ী কাক বােলে ?
উত্তৰঃ যি বিষ দিব বিচাৰে , অগ্নি দিয়ে , ধর্ম সর্বস্ব হৰণ কৰে , ৰাজ্যভাৰ কাঢ়ি নিয়ে , ভার্যাকো অপকাৰ কৰিছে , অস্ত্র ধৰি যুঁজিছে , এই ছয়দোষত দোষীসকলক আততায়ী বোলে ।
( ঙ ) কুলক্ষয় দোষ কি ?
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয় , ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলকো অধর্মই বিৰাজ কৰে। অধর্ম বিয়পিলে কুলস্ত্রীসকল দুষ্টা হয় ।
প্রশ্ন ২। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা ।
উত্তৰঃ সঞ্জয়ে ক’লে— জানা ৰাজা , পাণ্ডৱৰ সেনাসকলে বেহুৰূপে থকা দেখি তােমাৰ পুত্র দুর্যোধনে দ্রোণাচার্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— “ হেআচার্য , পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা , দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্মই বেহু পাতি আছে । ভীমার্জুনসম মহা ধনুৰ্ধৰসবাে আছে । তাৰ নাম শুনা- সাত্যকি , বিৰাট , চেকিতান , কাশীৰাজ , পুৰুজিত , কুণ্ডীভােজ যুধামান্য , দ্রৌপদীৰ পাঁচ পুত্র , প্রতিবিন্ধ্যাদি , এই সকলাে মহাৰথী ।
কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ , ভীষ্ম পিতামহ , কর্ণ মহাৰথী , কৃপ অগ্রগণী , অশ্বত্থামা , বিকর্ণ আৰু সােমদত্তৰ পুত্র ভূৰিশ্ৰৱা । ইয়াৰ বাহিৰে অনেক যুদ্ধবিশাৰদ সেনাবাহিনী আছে । কিন্তু একাদশ অক্ষৌহিণী সেনায়াে যেন পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম নহয় , এনে ধাৰণা জন্মে ।
আনহাতে পাণ্ডৱে সাত অক্ষৌহিণী সেনা লৈয়েই , কৌৰবৰ সৈতে যুঁজিবলৈ সামর্থ্য প্রকাশ কৰিছে । গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধক্ষেত্ৰত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে । ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন ।
এনেয়ে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে ভীষ্মই সিংহৰ দৰে মহানাদ কৰি উচ্চ স্বৰত শংখ বজালে । ভীষ্মক অনুসৰণ কৰি অন্যানসকলেও শংখ , ভেৰী , আনক , গােমুখ আদিবাদ্য বজালে ।
ইতিমধ্যে শুক্লবর্ণ চাৰিটা ঘোঁৰাজ্জিত মহাৰথত উঠি কৃষ্ণাঅৰ্জুনে দিব্য শংখ বজালে । কৃষ্ণই পাঞ্চজন্য , অর্জুনে দেবদত্ত , ভীমে পৌডুক , যুধিষ্ঠিৰে অনন্ত , নকুলে সুঘােষ আৰু সহদেৱে মণিপুকনামব শংখ বজালে । অন্যান্য বীৰসকলেও পৃথকে পৃথকে শংখ বজালে । পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ পৃথিৱীসমে চৌদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মালে , হৃদয় বিদীর্ণ কৰিলে ।
প্রশ্ন ৩। অজুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ?
উত্তৰঃ অর্জনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য বুলিলে— “ হে অচ্যুত , এই উভয় সেনাৰ মধ্যত মােৰ ৰথখন ৰাখা । মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ ।
যদি তুমি কোৱা যে তুমি যুঁজাৰু , যুদ্ধ চোৱা তােমাৰ কাম নহয় । তেন্তে অর্জুনেনো কাৰ বিৰুদ্ধে যুদ্ধ কৰিব , দুৰ্বোদ্ধি দুর্যোধনৰ প্রতি অনুগত হৈ যিসকল বী আহিছে তেওঁলােকক চাওঁ । গতিকে উভয় সেনাৰ মাজত মােৰ ৰথখন ৰাখিবা ।
প্রশ্ন ৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰঃ শ্রীকৃষ্ণই উভয় সেনাৰ মাজত ৰথক-
খন ৰখাৰ পিছৰ বিপক্ষৰ সেনাৰ প্রতি অর্জুনে দৃষ্টি নিক্ষেপ কৰিলে । তেওঁ দেখিলে যে পিতৃব্য , পিতামহ , আচার্য , মাতুল ভাতৃ , পুত্র , পৌত্র , সখি , শশুৰ আৰু সুহৃদসবক উভয় সেনাৰ মাজত দেখিলে ।
সেই সকলাে আত্মীয়সকল যুদ্ধৰ কাৰণে বিপক্ষত সমবেত হােৱা দেখি অর্জুনৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক’লে যে এই জ্ঞাতি – কুটুম্বসকল যুদ্ধৰ বাবে যুদ্ধস্থলীত উপস্থিত হােৱা দেখি তেওঁৰ হাত – ভৰিৰ কঁপনি উঠিছে , মুখ শুকাই গৈছে , শৰীৰ কঁপিছে , নােম শিয়ৰি উঠিছে , হাতৰ পৰা গাণ্ডীৱ খহি পৰিব ধৰিছে , গাত উত্তাপ বৃদ্ধি পাইছে । মনলৈ ভ্ৰম আহিছে , যুঁজিব পাৰিম নে নােৱাৰিম । সমুখত নানা ধৰণৰ অমংগলৰ চিহ্ন দেখা গৈছে ।
যুদ্ধত আত্মীয়সকলক বধ কৰি একো ফল নেদেখাে , বিজয়ৰ আকাংক্ষাও নকৰোঁ , ৰাজ্যৰ ইচ্ছাও নকৰো , সুখৰ বাঞ্ছাও নকৰোঁ ।
হে গােবিন্দ , আমাৰ ৰাজ্যভােগত কি প্রয়ােজন ? যি বন্ধুসকলৰ অর্থে আমি ৰাজ্যভােগৰ বাঞ্ছা কৰোঁ বন্ধুসকলৰ প্রাণত্যাগৰ অংগীকাৰ স্বীকাৰ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈ আচার্য , পিতৃব্য , পিতামহ , মাতুল , শশুৰ , শ্যালা , প্রভৃতি সম্বন্ধীয়সকলে আমাক হত্যা কৰিলেও আমি তেওঁলােকক মাৰিবৰ বাবে যােগ্য নহয় ? তাতে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমাৰ কি লাভ হ’ব ? যদিও তেওঁলােক আততায়ী আৰু আততায়ীক বধ কৰাত কোনাে দোষ নাই , তথাপি ধর্মশাস্ত্রমতে তেওঁলােকক বধ কৰিলে আমাৰ দোষ হ’ব ।
যিহেতু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বান্ধৱ , গতিকে তেওঁলােকক বধ কৰিলে আমাৰ অন্যায় হ’ব । গতিকে বন্ধুসকলক বধ কৰি ইহলােকত কেনেদৰে সুখী হ’ম ?
প্রশ্ন ৫। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে , আলােচনা কৰা ৷
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয় , ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতাে অধর্ম বিয়পে । অধর্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হ’ব । স্ত্রী দুষ্টা হ’লে বর্ণসংকৰ হ’ব , কুল নৰকগতি হ’ব , তেতিয়া পিতৃসকল লুপ্তপিণ্ড জ্বলাঞ্জলিহীন হৈ পৰিব । এই কথা শ্ৰুতিত আছে । ৰাজ্যসুখ লােভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰাে বুলি অংগীকাৰ কৰে ।
প্রশ্ন ৬। ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা …। ” এইদৰে কোনে কাক কৈছে ? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা ।
উত্তৰঃ এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছিল । অর্জুনে জাতিধর্ম , কুলধর্ম , বর্ণাশ্রম ধর্মনষ্ট হৈ মনুষ্যসকল নৰকত বাস কৰিব । ৰাজ্যসুখৰ লােভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কাৰতকৈ মৃত্যুয়েই শ্রেয় । এই বুলি কৈ অস্ত্র নধৰি অৰ্জুন মনে মনে থাকিল । তাৰ পৰিবৰ্তে দুর্যোধনহতে অস্ত্র ধৰি অৰ্জুনক বধ কৰিলেও তেওঁৰ মংগল । এই বুলি অর্জুনে কৃষ্ণক ক’লে ।
খ–ভাষা বিষয়ক
প্রশ্ন ১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা :
নিপুণ | পাৰ্গত। |
বিস্তৰ | বহল। |
সদৃশ | নিচিনা। |
কৰ-চৰণ | হাত-ভৰি। |
শ্ৰুতি | বেদ, শ্ৰৱণ। |
বান্ধৱ | বন্ধু, সুহৃদ। |
সমীপ | ওচৰ। |
সহস্ৰ | হাজাৰ |
বাদ্য | বাজনা |
চর্ম | চাল, চামৰা। |
বিমঙ্গল | অমঙ্গল |
প্রশ্ন ২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা :
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা,ৰহিবে, ৰহো।
উত্তৰ:-
হুয়া | হৈ। |
কহা | কোৱা। |
চক্ষু | চকু। |
কৰিলা | কৰিলে। |
চাঞো | চাওঁ। |
মঞি | মই। |
বুলিলা | কলে। |
খাস | খোৱা। |
ফুঙ্কিলা | ফুকালে, ফুকিলে। |
বাইলা | বজালে। |
ৰহিবে | ৰৈ যাবে। |
ৰহো | ৰৈ যোৱা। |
প্রশ্ন ৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ:- ভট্টদেৱৰ গদ্যৰ প্ৰথম বৈশিষ্ট্য এয়া যে তেওঁৰ গদায়েই উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম গদ্য। ভট্টদেৱৰ গাদ্যত তত্ত্বগধুৰ অসমীয়া কথা প্রকাশ পাইছে। । তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদা নহয়। আনহাতে তেওঁৰ গদ্য পদ্যৰ ভাষাৰ দৰে। ছন্দ ৰীতিৰ কিছুমান লক্ষণ তেওঁৰ গদ্যভাষাত দেখা যায়। ভট্টদেৱৰ গদ্য অসমীয়া ভাষাৰ প্রথম গদ্য।
অতিৰিক্ত প্ৰশ্নোত্তৰ
প্রশ্ন ১। পাণ্ডৱ সেনাৰ কেইজনমান মহাৰথীৰ নাম উল্লেখ কৰা।
উত্তৰ:- সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, যুধামন্যু, দ্রৌপদীৰ পাঁচ পুত্ৰ এইকল পাণ্ডৱসেনাৰ মহাৰথী আছিল।
প্রশ্ন ২। কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি কেইজনমানৰ নাম উল্লেখ কৰা।
উত্তৰ:- গুৰু দ্রোণ, পিতামহ ভীষ্ম, মহাৰথী কর্ণ, কৃপাচার্য, অশ্বত্থামা, বিকর্ণ, সোমদত্ত পুত্র ভূৰিশ্রৱা আদি কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি আছিল।
প্রশ্ন ৩। শ্ৰীকৃষ্ণ আৰু পাণ্ডৱসকলৰ কাৰ শঙ্খৰ কি নাম আছিল লিখা।
উত্তৰ:-
শ্ৰীকৃষ্ণ | পাঞ্চজন্য। |
অর্জুন | দেৱদত্ত। |
ভীম | পৌণ্ড্রক। |
যুধিষ্ঠিৰ | অনন্ত। |
নকুল | সুঘোষ |
সহদেৱ | মণিপুষ্পক। |
প্রশ্ন ৪। কপিধ্বজ কোন? তেওঁৰ কিয় এই নাম হৈছে লিখা।
উত্তৰ:- কপিধ্বজ হৈছে অৰ্জুনৰ এটা নাম। কপি মানে বান্দৰ আৰু ধ্বজ মানে পতাকা। অর্জুনৰ পতাকাত বান্দৰৰ ছবি অঁকা আছিল। সেই কাৰণে তেওঁক কপিধ্বজ বোলা হয়।
প্রশ্ন ৫। পাঠটিত ব্যৱহাৰ কৰা শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ লিখা।
উত্তৰ:- পাঠটিত থকা শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ ক্ৰমে — হৃষীকেশ, ভগৱন্ত, অচ্যুত, গোবিন্দ, জনার্দন, মাধৱ ।
প্রশ্ন ৬। ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখা।
উত্তৰ। ভট্টদেৱৰ সম্পূর্ণ নাম – কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
প্রশ্ন ৭। (ক) ‘ভীষ্মক জীৱনে আমাৰ জীৱন’—এই কথাষাৰ কোনে, কাক কৈছিল বুজাই লিখাৰ যত্ন কৰা।
উত্তৰ:- পাণ্ডৱৰ সেনাসকল বেহু পাতি ৰোৱা দেখি দুর্যোধন ভীতিগ্ৰস্ত হৈ গুৰু দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল যে পাণ্ডৱৰ সাত্যকি, বিৰাট, চেকিতান আদি ধনুৰ্দ্ধৰ বীৰসকল যুদ্ধক্ষেত্ৰত আছে। কৌৰৱ পক্ষত পিতামহ ভীষ্ম, গুৰুদ্রোণ, মহাৰথী কৰ্ণ আদি বিশিষ্ট বীৰ সেনাপতিসকল থকা সত্ত্বেও কৌৰৱৰ একাদশ অক্ষৌহিণী সৈন্যই পাণ্ডৱৰ সাত অক্ষৌহিণী সৈন্যৰ সৈতে যুঁজাৰ অসমৰ্থ যেন অনুমান হৈছে। সেয়ে দুর্যোধন সৈন্যসকলক কৈছিল যাতে সেনাপতি ভীষ্ম পিতামহক সাৱধানে সুৰক্ষিত কৰি ৰাখে। ভীষ্মই সমুখৰ পিনে যুদ্ধ কৰি থাকোতে পিচফালৰপৰা – যাতে কোনেও আঘাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হবলৈ দুর্যোধনে কৌৰৱ সৈন্য সকলক সঁকিয়াই দিছিল। পিতামহ ভীষ্ম কৌৰৱৰ সেনাপতি। সেনাপতি ৰক্ষা পৰি থাকিলে যুদ্ধত জয়লাভৰ আশা কৰা হয়। গতিকেই ভীষ্ম জীয়াই থকা মানেই কৌৰৱৰ মঙ্গল। এই কথাকে বাক্যটিত কোৱা হৈছে।
(খ) ‘মহাপাপ কৰিতে আমি নিচয় কৰিলো’—কথাষাৰ কোনে, কেতিয়া কৈছিল লিখা।
উত্তৰ:- কপিধ্বজ অর্জুনে যুদ্ধ ক্ষেত্ৰত কৌৰৱ সৈন্যসকলক দেখি সাৰথি শ্ৰীকৃষ্ণক দুয়োদল সেনাৰ মাজত তেওঁৰ ৰথ ৰখাবলৈ কলে। শ্ৰীকৃষ্ণই ৰথ ৰখাই কৌৰৱ সেনা সকলক চাবলৈ কোৱাত অর্জুনে চাই দেখিলে গুৰু-জ্ঞাতি, আত্মীয়- স্বজন, বন্ধু-বান্ধৱ সকলো মৰণপণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছে। সেই দৃশ্য দেখি অর্জুন বিমৰ্ষ হৈ পৰিছে, যুদ্ধ কৰিব দূৰৰ কথা, তেওঁ তাত থিয় হৈ থাকিব নোৱাৰা হৈ পৰিছে। গুৰু, জ্ঞাতি, স্বজনক বধ কৰি তেওঁলোকে মহাপাপ কৰিবলৈ ওলাইছে বুলিহে অৰ্জুনৰ | ধাৰণা হ’ল। তেওঁ সেই মহাপাপ কৰিব নোৱাৰে বুলি ধনু-শৰ এৰি বিষণ্ণ বদনে ৰথৰ ওপৰত বহি পৰিল। মহাবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত সৈন্যসকলক দেখি, সেইসকলে আপোনাৰ আত্মীয়-বন্ধু হোৱা বাবে বিষাদিত হৈ শ্ৰীকৃষ্ণক এই কথাষাৰ কৈছিল।
প্রশ্ন ৮। শ্রীভট্টদেৱৰ চমু পৰিচয় দিয়া।
উত্তৰ:- ওপৰৰ লিখক পৰিচয় পঢ়া।