অধ্যায় 3
ধাতু আৰু অধাতু
(Mattel and Non Mattel)
প্ৰশ্নাৱলী
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰঃ– (i) পাৰা।
(ii) লিথিয়াম।
(iii) কপাৰ।
(iv) সীহ।
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
উত্তৰঃ– ধাতুৰ ঘাত সহনীয়তাঃ– ধাতুবোৰ সাধাৰণতে টান বা কঠিন। সোণ, ৰূপ, এলুমিনিয়াম, প্লেটিনাম আদি ধাতু গৰম কৰি হাতুৰীৰে পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি নাযায়। ইয়াকে ঘাত সহনীয়তা বোলে।
ধাতুৰ নমনীয়তাঃ– ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে। সোণ, ৰূপ, এলুমিনিয়াম আদি নমনীয় ধাতু।
প্ৰশ্নাৱলী
1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
উত্তৰঃ– ছ’ডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জলি উঠে। সেইবাবে ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুৱাই ৰখা হয়। যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা一
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ধাতু | আইৰণ (II) ছালফেট | কপাৰ (II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্ৰেট |
A | বিক্ৰিয়া নহয় | প্ৰতিস্থাপন | ||
B | প্ৰতিষ্ঠাপন | বিক্ৰিয়া নহয় | ||
C | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | প্ৰতিষ্ঠাপন |
D | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় |
প্ৰশ্নাৱলী
প্ৰশ্নাৱলী
1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।
ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
যিংক অক্সাইড | |||
মেগনেছিয়াম অক্সাইড | |||
কপাৰ অক্সাইড |
কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?
উত্তৰঃ–
ধাতু | যিংক | মেগনেছিয়াম | কপাৰ |
যিংক অক্সাইড | নঘটিব | ঘটিব | নঘটিব |
মেগনেছিয়াম অক্সাইড | নঘটিব | নঘটিব | নঘটিব |
কপাৰ অক্সাইড | ঘটিব | ঘটিব | নঘটিব |
2. সংকৰ ধাতু কি?
উত্তৰঃ– সংকৰ ধাতু (alloy) হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ। যেনেঃ লো।
অনুশীলনী
12. কাৰণ দৰ্শোৱা।
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ– প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ অতি নিষ্ক্ৰিয় ধাতু। আনহাতে, ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে আৰু ক্ষয়ীভৱন নঘটে। ফলত ইয়াৰ উজ্জ্বলতাৰ হ্ৰাস নহয়। গতিকে এই ধাতুবোৰৰ চিকমিকনি, কঠিন, ঘাত-সহনীয়, নমনীয় আদি ভৌতিক ধৰ্মৰ বাবে গহনাপাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰঃ– এই ধাতুবোৰ অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত ইহঁতে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া হয় আৰু জ্বলি উঠে। সেইবাবে এই ধাতুবোৰক ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ বৰ্তন তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰা হয়।
উত্তৰঃ– এলুমিনিয়ামে অইন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে। এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাতে পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই ল’ব পাৰি। গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰঃ– ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। কাৰণ এই অক্সাইডক বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয়।
13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?
উত্তৰঃ– কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাগ পৰে। এই দাগ দূৰ কৰাৰ বাবে নেমু বা তেতেলী ৰস ব্যৱহাৰ কৰা হয়। নেমু বা তেতেলী ৰসত থকা এছিডৰ ফলত চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ হয়।
14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।
উত্তৰঃ–
ধাতু | অধাতু |
(i) ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল।
| (i) অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল।
|
(ii) ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়। | (ii) অধাতুৰ অক্সাইডবোৰ আম্লিক। |
(iii) ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি এলকহল উৎপন্ন কৰে। | (iii) অধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে। |
15. এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল। খাৰুযোগ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল, পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক’ব পাৰিবানে?
উত্তৰঃ– ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো আছিল একুৱা ৰেজিয়া (aqua-regia)। ইয়াক তিনিভাগ গাঢ় হাইড্ৰ’ক্ল’ৰিক আৰু এভাগ গাঢ় নাইট্ৰিক এছিড মিহলাই উৎপন্ন কৰা হয়। ফলত মহিলাগৰাকীৰ খাৰুৰ ওজন হ্ৰাস হৈ গ’ল।
16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?
উত্তৰঃ– নিৰবচ্ছিন্নভাৱে ষ্টিলৰ জলাধাৰটোত গৰম পানী ৰাখিলে, ষ্টিলত থকা আইৰণৰ পৰমানুসমূহে গৰম পানীৰ লগত বিক্ৰিয়া কৰি জলধাৰটো নষ্ট কৰি পেলাব। কিন্তু কপাৰে গৰমপানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। গতিকে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
Multiple Choice Q & A
1. আটাইতকৈ নমনীয় ধাতুটো –
(a) সোণ।
(b) ৰূপ।
(c) তাম।
(d) এলুমিনিয়াম।
উত্তৰঃ (a) সোণ।
2. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু –
(a) সোণ।
(b) ৰূপ।
(c) এলুমিনিয়াম।
(d) সীহ।
উত্তৰঃ (b) ৰূপ।
3. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো–
(a) গেলিয়াম।
(b) চিজিয়াম।
(c) সীহ।
(d) পাৰা।
উত্তৰঃ (d) পাৰা।
4. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো–
(a) আয়’ডিন।
(b) ক্ল’ৰিণ।
(c) ব্ৰ’মিন।
(d) ছালফাৰ।
উত্তৰঃ (c) ব্ৰ’মিন।
5. দ্যুতি থকা অধাতুটো –
(a) কার্বন।
(b) ছালফাৰ।
(c) ফ’ছফৰাছ।
উত্তৰঃ (d) আয়’ডিন।
6. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি–
(a) মেগনেছিয়াম।
(b) ছ’ডিয়াম।
(c) সীহ।
(d) গেলিয়াম।
উত্তৰঃ (b) ছ’ডিয়াম।
7. তলৰ কোনটো এটা উভধর্মী অক্সাইড –
(a) Na₂O
(b) K₂O
(c) CuO
(d) Al₂O₃
উত্তৰঃ (d) Al₂O₃
8. তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্রবণীয় –
(a) Na₂O
(b) Fe₂O₃
(c) CuO
(d) PbO
উত্তৰঃ (a) Na₂O
9. Cu, Al, Na, F – এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে হ’ব –
(a) Cu > Na > Fe > AI
(b) Na > AI > Cu > Fe
(c) Na > AI > Fe > Cu
(d) Al > Na > Fe > Cu
উত্তৰঃ (c) Na > AI > Fe > Cu
10. তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্ৰিয়া কৰে?
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰঃ (a) Na
11. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে?
(a) Cu
(b) Fe
(c) Ag
(d) Al
উত্তৰঃ (c) Ag
12. তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে?
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰঃ (c) Na
13. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
উত্তৰঃ (b) Mg
14. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
উত্তৰঃ (c) Fe
15. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
উত্তৰঃ (a) Cu
Very Short & Short Type Questions and Answers
1. ধাতৱ দ্যুতি কি?
উত্তৰঃ ধাতুৰ পৃষ্ঠৰ এক চিকমিকনি বা উজ্জ্বলতা থাকে। ইয়াক ধাতৱ দ্যুতি বোলে।
2. ধাতুৰ ঘাতসহনীয়তা কি?
উত্তৰঃ ধাতুসমূহক টানি সূক্ষ্ম তাঁৰৰ আকৃতি দিব পাৰি ৷ এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে।
4. ধাতুৰ কোন দুটা গুণৰ বাবে আমি সিহঁতক আমাৰ প্রয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ?
উত্তৰঃ ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তা।
5. আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ আৰু ৰূপ।
6. আটাইতকৈ নমনীয়তা ধাতু কি?
উত্তৰঃ সোণ।
7. তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ ৰূপ আৰু তাম।
8. তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সীহ আৰু পাৰা।
9. ধাতুৰ নিনাদী গুণ কি?
উত্তৰঃ কঠিন পৃষ্ঠৰ লগত খুন্দা লাগিলে ধাতুই শব্দ উৎপন্ন কৰে। ইয়াক ধাতুৰ নিনাদী গুণ বোলে৷
10. তৰল অধাতুবিধ কি?
উত্তৰঃ ব্ৰ’মিন।
11. সাধাৰণ উষ্ণতাত তৰল ধাতুবিধ কি?
উত্তৰঃ পাৰা।
12. হাতৰ তলুৱাত ল’লে গলি যোৱা নিচেই কম গলনাংকৰ দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ গেলিয়াম আৰু চিজিয়াম।
13. দ্যুতি থকা অধাতুবিধ কি?
উত্তৰঃ আয়’ডিন।
উত্তৰঃ কিছুমান মৌলই প্রকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। ইয়াৰ প্ৰতিটো অৱস্থাক মৌলটোৰ বহুৰূপ বোলে ৷ যেনে কাৰ্বনৰ দুটা বহুৰূপ হ’ল হীৰা আৰু গ্রেফাইট।
15. প্রকৃতিত সকলোতকৈ টান পদার্থবিধ কি?
উত্তৰঃ হীৰা।
16. বিদ্যুতৰ সুপৰিবাহী এবিধ অধাতুৰ নাম লিখা।
উত্তৰঃ কাৰ্বন (গ্রেফাইটৰ ৰূপত)।
17. কটাৰিৰে কাটিব পৰা অতিকৈ কোমল তিনিটা ধাতুৰ নাম লিখা।
18. ধাতৱ অক্সাইডবোৰ কি প্ৰকৃতিৰ?
উত্তৰঃ ক্ষাৰকীয় প্ৰকৃতিৰ।
19. অধাতৱীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ?
উত্তৰঃ আম্লিক প্ৰকৃতিৰ।
20. এবিধ প্রশম অধাতৱীয় অক্সাইডৰ নাম লিখা।
উত্তৰঃ পানী (H₂O)।
21. দুবিধ উভধর্মী ধাতৱ অক্সাইডৰ নাম লিখা।
উত্তৰঃ এলুমিনিয়াম অক্সাইড (AL₂O₂), যিংক অক্সাইড (ZnO)।
22. পানীত দ্রৱণীয় দুবিধ ধাতৱ অক্সাইডৰ নাম লিখা।
উত্তৰঃ ছ’ডিয়াম অক্সাইড (Na₂O), পটেছিয়াম অক্সাইড (K₂O)।
23. উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ আৰু ৰূপ।
24. ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা তিনিবিধ ধাতুৰ নাম লিখা, যিয়ে কেৱল উত্তপ্ত বাষ্পৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰঃ এলুমিনিয়াম, আইৰণ আৰু যিংক।
25. পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰা চাৰিটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ, ৰূপ, কপাৰ আৰু লেড।
26. Zn, Fe, Al, Mg – এই ধাতুকেইটাক লঘু এচিডৰ লগত বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজোৱা।
উত্তৰঃ Mg > Al > Zn > Fe
27. তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্রিয় ধাতুবোৰ চিনাক্ত কৰা।
Al, K, Cu, Au
উত্তৰঃ আটাইতকৈ বেছি সক্রিয় ধাতু – K আটাইতকৈ কম সক্রিয় ধাতু – Au
28. আয়নীয় বা ইলেক্ট’যোজী যৌগ কাক বোলে?
উত্তৰঃ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰনৰ স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগক আয়নীয় বা ইলেক্ট্র’যোজী যৌগ বোলে।
29. অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা।
উত্তৰঃ বৈদ্যুতিক পৰিশোধন পদ্ধতি।
30. এন’ড বোকা কি?
উত্তৰঃ ধাতুৰ বৈদ্যুতিক পৰিশোধন পদ্ধতিত এন’ডত থকা অদ্ৰৱণীয় অশুদ্ধিবিলাক বৈদ্যুতিক কোষটোৰ তলিত গেদ হিচাপে জমা হয়। ইয়াক এন’ড বোকা বোলে।
31. লোত মামৰে ধৰাৰ চৰ্তটো কি?
উত্তৰঃ বায়ু (অক্সিজেন) আৰু পানী উভয়ৰে সংস্পৰ্শলৈ অহা।
32. দস্তালেপন কি?
উত্তৰঃ দণ্ডালেপন হ’ল ষ্টীল আৰু লোত মামৰে নধৰিবৰ বাবে যিংকৰ আৱৰণ দিয়া এটা পদ্ধতি।
33. এমালগাম কি?
উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদান পাৰা হ’লে তাক এমালগাম বোলে।
34. বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ হোৱা সংকৰ ধাতুবিধ কি?
উত্তৰঃ চল্ডাৰ।
35. কাৰ্বনৰ লগত উত্তপ্ত কৰি ছডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম আদিৰ ধাতৱ অক্সাইডৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰি কিয়?
উত্তৰঃ কাৰণ এনে ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক।
36. সংকৰ ধাতু পিতলৰ সংযুতি কি?
উত্তৰঃ তাম আৰু যিংক (Cu + Zn)।
37. সংকৰ ধাতু ব্ৰঞ্জৰ সংযুতি কি?
উত্তৰঃ তাম আৰু টিন (Cu + Sn)।
38. সংকৰ ধাতু ছ’ল্ডাৰৰ সংযুতি কি?
উত্তৰঃ সীহ আৰু টিন (Pb + Sn)।
39. উভধর্মী অক্সাইড কাক বোলে?
উত্তৰঃ যিবিলাক ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মই প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰক উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধর্মী অক্সাইড বোলে।
40. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ কৰে আৰু যিয়ে নকৰে?
উত্তৰঃ লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ কৰা দুটা ধাতু হ’ল— মেগনেছিয়াম, আইৰণ আৰু লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসৰণ নকৰা দুটা ধাতু হ’ল— কপাৰ, ছিলভাৰ।
41. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন ‘ড কেথ’ড আৰু বিদ্যুৎ-বিশ্লেষ্য কি ল’ব লাগিব?
উত্তৰঃ এন’ড: অশুদ্ধ M ধাতু।
কেথ’ড: বিশুদ্ধ M ধাতুৰ পাত।
বিদ্যুৎ – বিশ্লেষ্য: M ধাতুৰ লৱণৰ এটা দ্ৰৱ।
42. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা।
উত্তৰঃ (i) ৰং কৰা।
(ii) তেল সনা।
43. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবোৰে কেনে অক্সাইড উৎপন্ন কৰে?
উত্তৰঃ আম্লিক ।
44. কাৰণ দৰ্শোৱা:
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰঃ (a) কাৰণ ইহঁত অতিকৈ নিষ্ক্রিয় ধাতু আৰু সেয়েহে ইহঁতৰ সহজতে ক্ষয়ীভৱন নঘটে। ইয়াৰ উপৰিও এই ধাতুসমূহৰ পৃষ্ঠৰ এক আকর্ষণীয় ধাতৱীয় দ্যুতি থাকে।
(b) কাৰণ ইহঁত অতিকৈ সক্ৰিয় ধাতু আৰু মুক্ত বায়ুৰ সংস্পৰ্শলৈ আহিলে ইহঁতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে।
(c) কাৰণ এলুমিনিয়ামৰ দৰে কিছুমান ধাতুই সাধাৰণ উষ্ণতাত ইহঁতৰ পৃষ্ঠত ধাতৱীয় অক্সাইডৰ এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। এই প্ৰতিৰোধী আৱৰণীখনে এনে ধাতুক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও এলুমিনিয়াম এবিধ তাপৰ সুপৰিবাহী ধাতু।
(d) কাৰণ, ধাতু এটাক ইয়াৰ কাৰ্বনেট বা ছালফাইড আকৰৰ তুলনাত অক্সাইডৰ পৰা আহৰণ কৰাটো বেছি সহজ।
45. বায়ুত ধাতুসমূহ দহন কৰিলে কি হয়?
উত্তৰঃ বায়ুত দহন কৰিলে ধাতুসমূহে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে।
46. ছডিয়াম অক্সাইডে পানীত দ্রবীভূত হৈ কেনেদৰে ক্ষাৰ (এলকালি) উৎপন্ন কৰে বিক্ৰিয়াৰ সহায়ত দেখুওৱা।
উত্তৰঃ Na₂O + H₂O → 2NaOH।
47. এটা পৰীক্ষানলত CuSO₄ ৰ এটা জলীয় দ্রৱ (নীলা বৰণ) লোৱা। CuSO₄ ৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্রায় 20 মিনিট লক্ষ্য কৰাৰ পাছত গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ গজালটোৰ ওপৰত কপাৰ অৱক্ষিপ্ত হ’ব, যাৰ বাবে গজালৰ বৰণ মুগা হ’ব।
48. মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰঃ মাৰকিউৰি আৰু অক্সিজেন উৎপন্ন হয়।

49. তাপজাৰণ কাক বোলে?
উত্তৰঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক তাপজাৰণ বোলে।
50. তাপজাৰণ বিক্রিয়া এটা ৰাসায়নিক সমীকৰণৰ দ্বাৰা দেখুওৱা।
উত্তৰঃ

51. এটা উদাহৰণৰ দ্বাৰা দগ্ধীকৰণ দেখুওৱা।
উত্তৰঃ

52. থার্মিট বিক্রিয়া কি?
উত্তৰঃ আইৰণ (III) অক্সাইড (Fe₂O₃) ৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়াটো অতিশয় তাপবর্জী বিক্রিয়া আৰু বিক্ৰিয়াত উৎপন্ন হোৱা আইৰণ বিগলিত অৱস্থাত পোৱা যায়। এই বিক্ৰিয়াটো ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰ- পাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াক থার্মিট বিক্রিয়া বোলে।
53. থার্মিট বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা।
উত্তৰঃ Fe₂O₃ + 2A1 → 2Fe + Al₂O₃ + তাপ ।
54. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক।
(ii) আকৰ।
(iii) খনিজমল।
উত্তৰঃ (i) মণিক: পৃথিৱীৰ খোলাটোত ধাতুসমূহক মৌল বা যৌগ অৱস্থাত পোৱা যায়। এই পদাৰ্থবোৰক খনিজ পদার্থ বা মণিক বোলে।
(ii) আকৰ: কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এনে খনিজ পদার্থক ধাতুটোৰ আকৰ বা আকৰিক বোলে।
(iii) খনিজমল: খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰ এটাৰ লগত বহুতো অশুদ্ধি যেনে— মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে।
55. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰঃ সোণ আৰু প্লেটিনাম।
56. সংকৰ ধাতু কি?
উত্তৰঃ সংকৰ ধাতু হ’ল দুটা বা ততোধিক ধাতু নাইবা ধাতু আৰু অধাতুৰ সমসত্ব গোটা মিশ্রণ।
57. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰঃ বিজাৰণ ।
58. এটা কাৰ্বন বিজাৰণ বিক্ৰিয়াৰ সমীকৰণ লিখা।
উত্তৰঃ Zn(s) + C(s)→ Zn(s) + CO (g)
অতি চমু প্ৰশ্নোত্তৰ
প্ৰশ্ন ১। ধাতৱ দ্যুতি কি?
উত্তৰঃ ধাতুৰ পৃষ্ঠৰ এক চিকমিকনি বা উজ্বলতা থাকে। ইয়াক ধাতৱ দ্যুতি বোলে।
প্ৰশ্ন ২। ধাতুৰ ঘাতসহনীয়তা কি?
উত্তৰঃ ধাতুসমূহক হাতুৰীৰে পিটি পাতল, চেপেটা পাতৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে।
প্ৰশ্ন ৩। ধাতুৰ নমনীয়তা কাক বোলে?
উত্তৰঃ ধাতুসমূহক টানি সূক্ষ্ম তাঁৰৰ আকৃতি দিব পাৰি। এই ধৰ্মক ধাতুৰ নমনীয়তা বোলে।
প্ৰশ্ন ৪। ধাতুৰ কোন দুটা গুণৰ বাবে আমি সিহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দিব পাৰোঁ?
উত্তৰঃ ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তা।
প্রশ্ন ৫। আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ আৰু ৰূপ।
প্রশ্ন ৬। আটাইতকৈ নমনীয়তা ধাতু কি?
উত্তৰঃ সোণ।
প্রশ্ন ৭। তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ ৰূপ আৰু তাম।
প্রশ্ন ৮। তাপৰ কম পৰিবাহী দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সীহ আৰু পাৰা ৷
প্রশ্ন ৯। ধাতুৰ নিনাদী গুণ কি?
উত্তৰঃ কঠিন পৃষ্ঠৰ লগত খুন্দা লাগিলে ধাতুই শব্দ উৎপন্ন কৰে। ইয়াক ধাতুৰ নিনাদী গুণ বোলে।
প্রশ্ন ১০। তৰল অধাতুবিধ কি?
উত্তৰঃ ব্ৰ’মিন।
প্রশ্ন ১১। সাধাৰণ উষ্ণতাত তৰল ধাতুবিধ কি?
উত্তৰঃ পাৰা।
প্রশ্ন ১২। হাতৰ তলুৱাত ল’লে গলি যোৱা নিচেই কম গলনাংকৰ দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ গেলিয়াম আৰু চিজিয়াম।
প্রশ্ন ১৩। দ্যুতি থকা অধাতুবিধ কি?
উত্তৰঃ আয়’ডিন।
প্রশ্ন ১৪। বহুৰূপ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। ইয়াৰ প্ৰতিটো অৱস্থাক মৌলটোৰ বহুৰূপ বোলে৷ যেনে কাৰ্বনৰ দুটা বহুৰূপ হ’ল হীৰা আৰু গ্রেফাইট।
প্রশ্ন ১৫। প্ৰকৃতিত সকলোতকৈ টান পদার্থবিধ কি?
উত্তৰঃ হীৰা৷
প্রশ্ন ১৬। বিদ্যুতৰ সুপৰিবাহী এবিধ অধাতুৰ নাম লিখা।
উত্তৰঃ কাৰ্বন (গ্রেফাইটৰ ৰূপত)।
প্রশ্ন ১৭। কটাৰিৰে কাটিব পৰা অতিকৈ কোমল তিনিটা ধাতুৰ নাম লিখা।
উত্তৰঃ লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম।
প্রশ্ন ১৮। ধাতৱ অক্সাইডবোৰ কি প্ৰকৃতিৰ?
উত্তৰঃ ক্ষাৰকীয় প্ৰকৃতিৰ।
প্রশ্ন ১৯। অধাত্ৰীয় অক্সাইডবোৰ কি প্ৰকৃতিৰ?
উত্তৰঃ আম্লিক প্ৰকৃতিৰ।
প্রশ্ন ২০। এবিধ প্রশম অধাত্ৰীয় অক্সাইডৰ নাম লিখা।
উত্তৰঃ পানী (H₂O)
প্রশ্ন ২১ দুবিধ উভধর্মী ধাতৱ অক্সাইডৰ নাম লিখা।
উত্তৰঃ এলুমিনিয়াম অক্সাইড (AI₂O₂), যিংক অক্সাইড (ZnO)।
প্রশ্ন ২২। পানীত দ্ৰৱণীয় দুবিধ ধাতৱ অক্সাইডৰ নাম লিখা।
উত্তৰঃ ছ’ডিয়াম অক্সাইড (Na₂O), পটেছিয়াম অক্সাইড (K₂O)।
প্রশ্ন ২৩। উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ আৰু ৰূপ।
প্রশ্ন ২৪। ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্রিয়া নকৰা তিনিবিধ ধাতুৰ নাম লিখা, যিয়ে কেৱল উত্তপ্ত বাষ্পৰ সৈতে বিক্রিয়া কৰে।
উত্তৰঃ এলুমিনিয়াম, আইৰণ আৰু যিংক।
প্রশ্ন ২৫। পানীৰ লগত মুঠেই বিক্রিয়া নকৰা চাৰিটা ধাতুৰ নাম লিখা।
উত্তৰঃ সোণ, ৰূপ, কপাৰ আৰু লেড।
প্রশ্ন ২৬। Zn, Fe, Al, Mg- এই ধাতুকেইটাক লঘু এচিডৰ লগত বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজোৱা৷
উত্তৰঃ Mg > Al > Zn > Fe
প্রশ্ন ২৭। ধাতুৰ সক্রিয়তা ক্রম কাক বোলে?
উত্তৰঃ ধাতুবিলাকক সিহঁতৰ সক্ৰিয়তাৰ নিম্নক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনক সক্রিয়তা ক্রম বোলে।
প্রশ্ন ২৮ তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্রিয় ধাতুবোৰ চিনাক্ত কৰা।
Al, K, Cu, Au
উত্তৰঃ আটাইতকৈ বেছি সক্রিয় ধাতু – K
আটাইতকৈ কম সক্রিয় ধাতু – Au
প্রশ্ন ২৯। আয়নীয় বা ইলেক্ট্র’যোজী যৌগ কাক বোলে?
উত্তৰঃ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰ’নৰ স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগক আয়নীয় বা ইলেক্ট্র’যোজী যৌগ বোলে।
প্রশ্ন ৩০। দুবিধ আয়নীয় যৌগৰ উদাহৰণ দিয়া।
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড (NaCl), মেগনেছিয়াম ক্ল’ৰাইড (MgCl₂)।
প্রশ্ন ৩১। MgCl₂ ত থকা কেটায়ন আৰু এনায়ন দুটা কি?
উত্তৰঃ মেগনেছিয়াম আয়ন (Mg²⁺) আৰু ক্ল’ৰাইড আয়ন (CI⁻)
প্রশ্ন ৩২। তলৰ কোনবোৰ ধাতুই লঘু এচিডৰ পৰা হাইড্ৰ’জৈনক অপসাৰণ কৰিব আৰু কোনবোৰে নকৰে?
Cu, Mg, Ag, Pb
উত্তৰঃ অপসৰণ কৰিব – Mg, Pb
অপসৰণ নকৰে – Cu, Ag
প্রশ্ন ৩৩। প্ৰকৃতিত মুক্ত অৱস্থাত থকা চাৰিটা ধাতুৰ নাম লিখা।
উত্তৰঃ গোল্ড, প্লেটিনাম, কপাৰ, ছিলভাৰ।
প্রশ্ন ৩৪। আকৰৰ গাঢ়ীকৰণ কি?
উত্তৰঃ খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে যাক খনিজ মল বোলে। ধাতু নিষ্কাশনৰ আগতে আকৰ এটাৰ পৰা এই অশুদ্ধিবোৰ আঁতৰ কৰা প্ৰক্ৰিয়াকে আকৰৰ গাঢ়ীকৰণা বোলে।
প্রশ্ন ৩৫। ধাতুৰ শোধন কাক বোলে?
উত্তৰঃ আকৰ এটাৰ পৰা আহৰণ কৰা ধাতুবিধৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে। ধাতুটোৰ পৰা এই অশুদ্ধিবোৰ আঁতৰ কৰা প্ৰক্ৰিয়াটোকে ধাতুৰ শোধন বোলে।
প্রশ্ন ৩৬। অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা।
উত্তৰঃ বৈদ্যুতিক পৰিশোধন পদ্ধতি।
প্রশ্ন ৩৭। এন’ড বোকা কি?
উত্তৰঃ ধাতুৰ বৈদ্যুতিক পৰিশোধন পদ্ধতিত এন’ডত থকা অদ্রৱণীয় অশুদ্ধিবিলাক বৈদ্যুতিক কোষটোৰ তলিত গেদ হিচাপে জমা হয়। ইয়াক এনড বোকা বোলে।
প্রশ্ন ৩৮। লোত মামৰে ধৰাৰ চৰ্তটো কি?
উত্তৰঃ বায়ু (অক্সিজেন) আৰু পানী উভয়ৰে সংস্পৰ্শলৈ আহা।
প্রশ্ন ৩৯। দস্তালেপন কি?
উত্তৰঃ দস্তালেপন হ’ল ষ্টীল আৰু লোত মামৰে নধৰিবৰ বাবে যিংকৰ আৱৰণ দিয়া এটা পদ্ধতি।
প্রশ্ন ৪০। এমালগাম কি?
উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদান পাৰা হ’লে তাক এমালগাম বোলে।
প্রশ্ন ৪১। বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ হোৱা সংকৰ ধাতুবিধ কি?
উত্তৰঃ ছ’ল্ডাৰ (Solder)।
প্রশ্ন ৪২। কাৰ্বনৰ লগত উত্তপ্ত কৰি ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলুমিনিয়াম আদিৰ ধাতৱ অক্সাইডৰ পৰা ধাতুবোৰ নিষ্কাশিত কৰিব নোৱাৰি কিয়?
উত্তৰঃ কাৰণ এনে ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কার্বনতকৈ অধিক।
প্রশ্ন ৪৩। মেগনেছিয়ামে গৰম পানীৰ লগত কেনেদৰে বিক্রিয়া কৰে?
উত্তৰঃ মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন কৰে৷
প্রশ্ন ৪৪। এলুমিনিয়ামে উতলা পানীৰ বাষ্পৰ লগত কেনেদৰে বিক্রিয়া কৰে?
উত্তৰঃ এলুমিনিয়ামে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰ’জেন উৎপন্ন কৰে।
প্রশ্ন ৪৫। এচিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কি হয়?
উত্তৰঃ ধাতুৱে লঘু এচিডৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰ’জেন উৎপন্ন কৰে।
প্রশ্ন ৪৬। ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কেনেকৈ বিক্রিয়া কৰে?
উত্তৰঃ এটা বেছি সক্রিয় ধাতুৱে আন এটা কম সক্রিয় ধাতুক তাৰ লৱণৰ দ্ৰৱণৰ পৰা অপসাৰিত কৰে।
প্রশ্ন ৪৭। তাপজাৰণ কাক বোলে?
উত্তৰঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক তাপজাৰণ বোলে।
প্রশ্ন ৪৮। দগ্ধীকৰণ কাক বোলে?
উত্তৰঃ পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই প্ৰক্ৰিয়াক দগ্ধীকৰণ বোলে।
প্ৰশ্ন ৪৯। অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰঃ বিজাৰণ পদ্ধতি।
বিকল্পীধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১। আটাইতকৈ নমনীয় ধাতুটো –
(a) সোণ।
(b) ৰূপ।
(c) তাম।
(d) এলুমিনিয়াম।
উত্তৰঃ (a) সোণ।
প্রশ্ন ২। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু –
(a) সোণ।
(b) ৰূপ।
(c) এলুমিনিয়াম।
(d) সীহ।
উত্তৰঃ (b) ৰূপ।
প্রশ্ন ৩। সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো–
(a) গেলিয়াম।
(b) চিজিয়াম।
(c) সীহ।
(d) পাৰা।
উত্তৰঃ (d) পাৰা।
প্রশ্ন ৪। সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো
(a) আয় ডিন।
(b) ক্ল’ৰিণ।
(c) ব্র মিন।
(d) ছালফাৰ।
উত্তৰঃ (c) ব্র মিন।
প্রশ্ন ৫। দ্যুতি থকা অধাতুটো –
(a) কার্বন।
(b) ছালফাৰ।
(c) ফছফৰাছ।
(d) আয়’ডিন।
উত্তৰঃ (d) আয়’ডিন।
প্রশ্ন ৬। তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি—
(a) মেগনেছিয়াম।
(b) ছ’ডিয়াম।
(c) সীহ।
(d) গেলিয়াম।
উত্তৰঃ (b) ছ’ডিয়াম।
প্রশ্ন ৭। তলৰ কোনটো এটা উভধর্মী অক্সাইড–
(a) Na₂O
(b) K₂O
(c) CuO
(d) Al₂O₃
উত্তৰঃ (d) Al₂O₃
প্রশ্ন ৮। তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়—
(a) Na₂O
(b) Fe₂O₃
(c) CuO
(d) PbO
উত্তৰঃ (a) Na₂O
প্রশ্ন ৯। Cu, Al, Na, Fe— এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে হ’ব—
(a) Cu > Na > Fe > Al
(b) Na > Al > Cu > Fe
(c) Na > Al > Fe > Cu
(d) Al > Na > Fe > Cu
উত্তৰঃ (c) Na > Al > Fe > Cu
প্রশ্ন ১০। তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্রিয়া কৰে?
(a) Na
(b) Fe
(c) Cu
(d) Ag
উত্তৰঃ (a) Na
প্রশ্ন ১১। তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Ag
(d) Al
উত্তৰঃ (c) Ag
প্রশ্ন ১২। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্রিয়া কৰে?
(a) Al
(b) Fe
(c) Na
(d) Ca
উত্তৰঃ (c) Na
প্রশ্ন ১৩। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্রিয়া কৰে?
(a) K
(b) Mg
(c) Al
(d) Ca
উত্তৰঃ (b) Mg
প্রশ্ন ১৪। তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্রিয়া কৰে?
(a) Mg
(b) Cu
(c) Fe
(d) Ca
উত্তৰঃ (c) Fe
প্রশ্ন ১৫। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্রিয়া নকৰে?
(a) Cu
(b) Fe
(c) Al
(d) Mg
উত্তৰঃ (a) Cu
প্রশ্ন ১৬। তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO₃ ৰ লগত বিক্ৰিয়া কৰি H₂ গেছ উৎপন্ন কৰে?
(a) Cu, Co
(b) Mg, Mn
(c) Al, Fe
(d) Na, K
উত্তৰঃ (b) Mg, Mn
প্রশ্ন ১৭। লঘু এচিডৰ লগত Fe, Al, Zn, Mg ৰ বিক্ৰিয়াবেগৰ নিম্নক্রমটো হ’ল—
(a) Al > Fe > Zn > Mg
(b) Zn > Al > Mg > Fe
(c) Fe > Al > Zn > Mg
(d) Mg > Al > Zn > Fe
উত্তৰঃ (d) Mg > Al > Zn > Fe
প্রশ্ন ১৮। তলৰ কোনটো ধাতুৱে লঘু এচিডৰ পৰা হাইড্ৰ’জেনক অপসাৰিত নকৰে?
(a) Pb
(b) Zn
(c) Cu
(d) Fe
উত্তৰঃ (c) Cu
প্রশ্ন ১৯। তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে?
(a) ছিলাভৰ।
(b) গ’ল্ড।
(c) যিংক।
(d) মাৰকিউৰি।
উত্তৰঃ (c) যিংক।
প্রশ্ন ২০। তলৰ আটাইতকৈ সক্রিয় ধাতুটো হ’ল –
(a) সোণ।
(b) পটেছিয়াম।
(c) এলুমনিয়াম।
(d) ছ’ডিয়াম।
উত্তৰঃ (b) পটেছিয়াম।
প্রশ্ন ২১। K, Ag, Cu, Zn– ধাতুকেইটাক সক্রিয়তাৰ নিম্নক্ৰমত সজালে হ’ব—
(a) K > Ag > Zn > Cu
(b) Zn > K > Ag > Cu
(c) Zn > Cu > K > Ag
(d) K > Zn > Cu > Ag
উত্তৰঃ (d) K > Zn > Cu > Ag
প্রশ্ন ২২। ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম নিৰূপণত সৰ্বাধিক সহায় কৰে—
(a) ধাতু আৰু পানীৰ মাজৰ বিক্রিয়াই।
(b) ধাতু আৰু এচিডৰ মাজৰ বিক্ৰিয়াই।
(c) ধাতু আৰু অক্সিজেনৰ মাজৰ বিক্রিয়াই।
(d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্রিয়াই।
উত্তৰঃ (d) ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱৰ লগত কৰা প্ৰতিস্থাপন বিক্রিয়াই।
প্রশ্ন ২৩। তলৰ কোন দুটা ধাতু প্ৰকৃতিত মুক্ত আৰু যৌগ দুয়োটা অৱস্থাতেই পোৱা যায়?
(a) গ’ল্ড, প্লেটিনাম।
(b) গল্ড, ছিলভাৰ।
(c) ছিলভাৰ, কপাৰ।
(d) প্লেটিনাম, কপাৰ।
উত্তৰঃ (c) ছিলভাৰ, কপাৰ।
প্রশ্ন ২৪। তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ?
(a) কপাৰ।
(b) যিংক।
(c) ছিলভাৰ।
(d) পাৰা (মাৰকিউৰি)।
উত্তৰঃ (d) পাৰা (মাৰকিউৰি)।
প্রশ্ন ২৫। ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আক্ৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। এই পদ্ধতিক কোৱা হয়—
(a) দগ্ধীকৰণ।
(b) শোধন।
(c) বিজাৰণ।
(d) তাপজাৰণ।
উত্তৰঃ (d) তাপজাৰণ।
প্রশ্ন ২৬। কার্বনেট আকৰক ধাতৱ আক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয়—
(a) দগ্ধী কৰণ।
(b) তাপজাৰণ।
(c) বিজাৰণ।
(d) শোধন।
উত্তৰঃ (a) দগ্ধী কৰণ।
প্রশ্ন ২৭। ধাতৱ অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত হয়?
(a) জাৰণ।
(b) তাপজাৰণ।
(c) বিজাৰণ।
(d) দগ্ধীকৰণ।
উত্তৰঃ (c) বিজাৰণ।
প্রশ্ন ২৮। উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ হয়?
(a) কার্বন বিজাৰণ।
(b) বিদ্যুৎ বিজাৰণ।
(c) প্রতিস্থাপন।
(d) জাৰণ।
উত্তৰঃ (b) বিদ্যুৎ বিজাৰণ।
প্রশ্ন ২৯। তলৰ কোনটো প্ৰক্ৰিয়াৰে এলুমিনিয়াম অক্সাইড (Al₂O₃) ৰ পৰা এলুমিনিয়াম ধাতু পোৱা যায় ?
(a) দগ্ধীকৰণ।
(b) তাপজাৰণ।
(c) কাৰ্বন বিজাৰণ।
(d) বিদ্যুৎ বিজাৰণ।
উত্তৰঃ (d) বিদ্যুৎ বিজাৰণ।
প্রশ্ন ৩০। খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—
(a) দগ্ধীকৰণ।
(b) শোধন।
(c) গাঢ়ীকৰণ।
(d) বিজাৰণ।
উত্তৰঃ (c) গাঢ়ীকৰণ।
প্রশ্ন ৩১। আকৰৰপৰা আহৰণ কৰাৰ পিছত ধাতু এটাত থকা বিভিন্ন অশুদ্ধি আঁতৰ কৰা পদ্ধতিটো হ’ল—
(a) গাঢ়ীকৰণ।
(b) শোধন।
(c) দগ্ধীকৰণ।
(d) তাপজাৰণ।
উত্তৰঃ (b) শোধন।
প্রশ্ন ৩২। বায়ুৰ সংস্পৰ্শত ছিলভাৰে ইয়াৰ পৃষ্ঠত এটা ক’লা বৰণৰ পদাৰ্থ উৎপন্ন কৰে। এই পদাৰ্থটো হ’ল—
(a) Ag₂S
(b) AgNO₃
(c) AgCl
(d) Ag₂O
উত্তৰঃ (a) Ag₂S
প্রশ্ন ৩৩। কপাৰে সেমেকা কার্বন ডাইঅক্সাইডৰ সংস্পৰ্শলৈ আহিলে ইয়াৰ পৃষ্ঠত এক সেউজীয়া পদার্থ উৎপন্ন করে। এই পদাৰ্থটো হ’ল—
(a) Cu(NO₃)₂
(b) CuO
(c) CuCl₂
(d) CuCO₃
উত্তৰঃ (d) CuCO₃
প্রশ্ন ৩৪। লোৰ লগত নিকেল আৰু ক্ৰ’মিয়াম মিহলাই পোৱা সংকৰ ধাতুটো হ’ল—
(a) ব্ৰঞ্জ।
(b) পিতল।
(c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল)।
(d) ছ’ল্ডাৰ।
উত্তৰঃ (c) নিষ্কলংক তীখা (ষ্টেইনলেচ ষ্টীল) ।
প্রশ্ন ৩৫। তলৰ কোনটোৱে পিতলৰ সংযুতি সূচাইছে—
(a) Cu + Zn
(b) Cu + Sn
(c) Pb + Sn
(d) Fe + C
উত্তৰঃ (a) Cu + Zn
প্রশ্ন ৩৬। তলৰ কোনটোৱে ব্ৰঞ্জৰ সংযুতি সূচাইছে—
(a) Cu + Zn
(b) Pb + Sn
(c) Cu + Sn
(d) Mg + Al
উত্তৰঃ (c) Cu + Sn
প্রশ্ন ৩৭। তলৰ কোনটোৱে ছ’ল্ডাৰৰ সংযুতি সূচাইছে–
(a) Cu + Sn
(b) Cu + Zn
(c) Fe + C
(d) Pb + Sn
উত্তৰঃ (d) Pb + Sn
প্রশ্ন ৩৮। তলৰ কোনটো এটা এমালগাম?
(a) Na + Hg
(b) Fe + C
(c) Cu + Sn
(d) Pb + Sn
উত্তৰঃ (a) Na + Hg