অধ্যায় 6
জীৱন প্ৰক্ৰিয়া
(Life Process)
প্ৰ শ্ন ৱা লী
1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
(a) খাদ্য গ্ৰহণ
(b) বৃদ্ধি
(c) শ্বসন
(d) চলাচল
(e) প্ৰজনন।
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
প্ৰ শ্ন ৱা লী
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰঃ–
স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
(i) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। | (i) পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। |
(ii) স্বপোষিত পুষ্টি অকল একপ্ৰকাৰৰ। | (ii) পৰপোষিত পুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ হ’ব পাৰে। |
2. সালোক সংশ্লেষণত প্রয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?
Ans. সালোকসংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা উপাদানবোৰ হ’ল :
(i) পানী: উদ্ভিদ মৃত্তিকাৰ পৰা মূলেৰে শোষণ কৰে।
(ii) কার্বন ডাই-অক্সাইড: বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO₂ গ্ৰহণ কৰে।
(iii) ক্ল’ৰ’ফিল: উদ্ভিদৰ সেউজীয়া পাতত থাকে।
(iv) সূৰ্যৰশ্মি : সূৰ্যৰ পৰা পায়।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰঃ– পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰ’ক্লৰিক এছিডৰ (HCl) ভূমিকা一
(i) পাকস্থলীত HCl য়ে আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰ’টিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।
(ii) HCl য়ে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।
4. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰঃ– পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য পাচনত সহায় কৰে। পাচক ৰসৰ সহায়ত জটিল, শোষণ অযোগ্য খাদ্যৰে উৎপাদনবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়।
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ- সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে। যাক ভিলাই বোলে। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃআৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰে মেৰামতি কৰে।
প্ৰ শ্ন ৱা লী
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
Ans. গ্লুক’জ (C₆H₁₂O₆) এটা কার্বনযুক্ত যৌগ। এইটো জীৱদেহত ক্ৰমাৎ দুটা অণু পাইকভিক এছিড 2(CH₃COCOOH) গঠন কৰে। এই প্ৰক্ৰিয়াটোক গ্লাইক’লাইছিচ বোলে। এটা গ্লুক’জ অণুত 6 পৰমাণু কার্বন, 12 পৰমাণু H₂ আৰু 6 পৰমাণু O₂ থাকে। গ্লুক’জ অণু জাৰিত হোৱাৰ সময়ত ৪ পৰমাণু H₂ দুটা অণু পাইৰুভিক এছিড উৎপন্ন কৰে বাকী 4 পৰমাণু H₂ জাৰিত হৈ অপসাৰিত হয়। এই প্রক্রিয়াটোক ডি-হাইড্ৰ’জেনেছেন বা, গ্লাইক’লাইছিচ বোলে। গ্লাইক’লাইছিছৰ সময়ছোৱাত, দুটা NADH (+H⁺) অণু আৰু দুটা ATP অণু গঠন হয়।

তাৰ পাহত, NADH⁺ -ৰ দ্বাৰা পাইৰুভেট লেক্টিক এছিড হ্রাস পায়। FMN আৰু Zn²⁺ ৰ সহায়ত লেক্টেট এনজাইমৰ ডি-হাইড্রজেনেছন হয় আৰু অনুঘটকে এই বিক্ৰিয়াত কাম কৰে।

লেক্টেট কিনৰ ফলত প্ৰতিটো গ্লুক’জ অণুৰ পৰা দুটা 2 ATP উৎপন্ন হয় ।

এই ATP গঠনৰ দ্বাৰা খাদ্যৰ গ্লুক’জ জাৰিত হৈ জীৱদেহত শক্তির জোগান ধৰে।
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
Ans. ক্লোমনলী (trachea) কিছুদুৰ তললৈ নামিয়েহ দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটাক ক্লোমশাখা বোলে। শাখা দুটাৰ প্ৰত্যেকৰ মূৰত এখনকৈ হাওঁফাওঁ আছে। ক্লোমশাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেহত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবোৰক স্কিচ (bronchioles) অর্থাৎ ক্লোম-প্রশাখা বোলে।ঠেঙুলিবোৰৰ মূৰবোৰ ফোঁপোলা আৰু ডাঙৰ মোনাৰ দৰে বহল। মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে বুলি সিহঁতক বায়ুকোষ বোলে। বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল! বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলীজালৰ দৰে আৱৰণ থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কার্বন ডাই-অক্সাইড গেছৰ স্থান বিনিময় ঘটে।
প্ৰ শ্ন ৱা লী
1. মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?

2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?
জাইলেম আৰু
ফ্লোৱেম।
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে?
প্ৰ শ্ন ৱা লী
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
Ans. প্রথম অংশ: গঠন
নেফ্রন জীৱৰ এটি কাৰ্য্যকৰী অংগ। এইবোৰ বৃক্কৰ সূক্ষ্ম বেচন অংগ। ই নলিকা আকৃতিৰ আৰু ইয়াৰ এটা দূৰ বন্ধ আৰু আনটো মূৰ খোলা। ইয়াৰ বিভিন্ন অংশসমূহ হ’ল–
(i) ব’মেনৰ সম্পুট: ইস পিয়লা আকৃতিৰ আৰু ই বদ্ধ মূৰত থাকে।
(ii) গ্ল’মেৰুলাছ: ই ব’মেনৰ সম্পুটৰ পৰা উৎপন্ন আৰু এপিথেলিয়েল লাইনিঙৰ দ্বাৰা আবৃত। ই-কৈশিক জালৰ দ্বাৰা আবৃত। ব’মেনৰ সম্পুট আৰু প্ল’মেৰুলাছক একেলগে মাল্পিজিয়ন বডি বোলে।
(iii) সমীপৱৰ্ত্তী সংবলিত নলিকা: এই কুণ্ডলী আকাৰৰ নলিকাই বৃক্কীয় নলিকাৰ প্ৰথম অংশৰ সৃষ্টি কৰে। ইয়াৰ পৰা হেন্লীৰ লুপ বা কুণ্ডলীৰ সৃষ্টি হয়।

(iv) হেনলীৰ লুপ বা কুণ্ডলী: ই বৃক্কীয় নলিকাৰ মাজৰ অংশ সৃষ্টি কৰে। ই ইংৰাজীৰ ‘U’ আখৰৰ আকৃতিৰ আৰু দূৰৱৰ্ত্তী সংবলিত নলিকাৰ লগত সংযুক্ত।
(v) দুৰৱৰ্তী সংবলিত নলিকা: ই অত্যন্ত পাকখোৱা আৰু ই কেশিকাৰে আবৃত।
(vi) সংগ্রাহক নলিকা: ই বৃত্তৰ পেল্ভিছলৈ যায়। ইয়াৰ পৰা মূত্ৰনলীলৈ প্ৰস্ৰাৱ প্রবাহিত হয়।
দ্বিতীয় অংশ: কার্য
মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা প্ৰধান ৰেচন অংগ হৈছে বৃক্ক। বৃক্কৰ প্ৰধান কাৰ্য হৈছে দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ তেজৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰা। বৃক্কই এই কাৰ্য নেফ্ৰনৰ বিভিন্ন অংশৰ দ্বাৰা সম্পন্ন কৰে।
আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বর্জ্য পদার্থ সৃষ্টি হয়। এই বর্জ্য পদার্থসমূহ তেজৰ লগত মিহলি হৈ গ্ল’মেৰুলাছলৈ আহে। গ্ল’মেৰুলাছত এইবোৰ পৰিস্ৰুত হৈ ব’মেন সম্পুটৰ গহ্বৰলৈ যায়। এই পৰিস্ৰুত অংশত যথেষ্ট পরিমাণ পানী আৰু সেই পানীত দ্রবীভূত হৈ ইউৰিয়া, ইউৰিক এছিড, ক্রিয়েটিন, এমনি এছিড, গ্লুক’জ, পটাছিয়াম, ভিটামিন আদি থাকে। পৰিদ্ৰুত তবল পদাৰ্থ সমূহ বৃত্ত নলিকাৰ মাজেৰে প্রবাহিত হওঁতে শৰীৰৰ বাবে প্রয়োজনীয় দ্রব্যসমূহ ইয়াৰ বিভিন্ন অংশৰ দ্বাৰা পুনঃশোষিত হয়। বৃক্কীয় নলিকাৰ কোষবোৰে পৰিভুত দ্ৰৱণৰপৰা বিভিন্ন লৱণ আৰু পানী তেজলৈ পুনঃশোষণ কৰি পঠিয়াই আৰু অনাৱাশকীয় বর্জ্য পদার্থসমূহ তেজৰ পৰা আহৰণ কৰি পৰিদ্ৰুত দ্ৰৱ ক্ষৰণ কৰে।
2. উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে।
Ans. উদ্ভিদে ৰেচন পদাৰ্থবোৰ বিভিন্ন পদ্ধতিৰে শৰীৰৰ পৰা ওলাই দিয়ে। যেনে—
(i) গেছীয় বর্জ্য পদার্থ: উদ্ভিদে শ্বাসকাৰ্য্যৰ সময়তে পত্ৰৰন্ধ্ৰৰ মাধ্যমে CO₂ গেছ আৰু সালোকসংশ্লেষণৰ সময়তে O₂ গেছ ত্যাগ কৰে।
(ii) তবল বর্জ্য পদার্থ: প্রস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰবন্ধৰ মাধ্যমে গছে তৰল বর্জ্য পদার্থ ত্যাগ কৰে।
(iii) অন্যান্য বর্জ্য পদার্থ: অন্যান্য বর্জ্য পদার্থ, যেনে ৰিজিন (resins) আৰু গাম (gums) আদি গছৰ পৰ্ব আৰু পৰ্ব-মধ্যৰ মাজেৰে ওলাই আহে৷
3. কেনেকৈ মূত্র উৎপন্ন পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰি?
Ans. মানুহৰ বৃক্ক দুটাই প্রতি 24 ঘণ্টাত প্রায় 180 লিটাৰ তৰল পদার্থ পৰিযুত কৰে। ইয়াৰ পৰা মাত্র 1.5 লিটাৰ পানী ৰেচন পদার্থসহ মৃত্ৰৰূপে দেহৰ বাহিৰত নির্গত হয়। মূত্ৰৰ স্বাভাবিক উপাদানৰ অধিকাংশই হ’ল পানী। কিন্তু পানী বাদদি মূত্রত বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈৱ পদার্থ দ্ৰৱীভূত হৈ থাকে। মূত্র উৎপন্ন হোৱাৰ পৰিমাণ নির্ভৰ কৰে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত। অধিক পৰিমাণে পানী গ্ৰহণ কৰিলে দেহত ৰেচনৰ মাত্রা বৃদ্ধি হয় ফলত অধিক মূত্র উৎপন্ন হয়।
অনু শী ল ণী
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ 一
(a)পৰিপুষ্টি
(b) শ্বসন
(c)ৰেচন
(d)পৰিবহন
উত্তৰঃ– (c) ৰেচন।
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল 一
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ– (a) পানীৰ পৰিবহন।
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় 一
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ– (d) ওপৰৰ আটাইকেইটা।
4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় 一
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰঃ– (b) মাইট’কন্ড্ৰিয়াত।
5. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰঃ লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।লালটিৱে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে।
3. স্বপোষীয় পৰিপুষ্টিত কি কি অৱস্থাৰ প্ৰয়োজন আৰু ইয়াৰ উৎপাদিত দ্রব্য কি?
Ans. স্বপোষীয় জীৱই প্রয়োজনীয় কার্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে। ই এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপোধীয় জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰব্যক পৰিবৰ্ত্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাবে সতি কৰিব পাৰে। এনেবোৰ জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কার্বন- ডাই-অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰি-ৰ সহায়ত কাৰ্বহাইড্ৰেটলৈ পৰিবৰ্তন কৰে। এই কাৰ্বহাইড্রেট বিলাকেই কামত লাগি উদ্ভিদক শক্তিৰ যোগান ধৰে।
4. জাইলেম আৰু ফ্ল’ৱেমৰ মাজেৰে পৰিবাহিত পদাৰ্থৰ মাজত পার্থক্য কি কি?
Ans. জাইলেম এবিধ জটিল কলা। ই প্রধানত মৃত আৰু সজীৱ কোষৰ দ্বাৰা গঠিত। ইয়াৰ মাজেৰে শিপাৰে শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদ দেহৰ পাত আৰু অন্যান্য অংগলৈ পৰিবাহিত হয়। আনহাতে ফ্ল’ৱেম কলাৰ মাজেৰে পাতত প্রস্তুত হোৱা জৈৱ আহাৰ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। ফ্ল’ৱেমৰ মুখ্য কাম হ’ল পাতত উৎপন্ন হোৱা শ্বেতসাৰ জাতীয় খাদ্য উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা।
5. আমাৰ দেহত চৰী কেনেকৈ পাচন হয়? এই পাচন প্রক্রিয়া ক’ত সম্পাদন হয়?
Ans. চর্বী, এছিড আৰু গ্লিছাবলত অদ্রবণীয় আৰু ই তেজৰ প্ৰবাহত পোনপটীয়া ভাৱে মিলিত হ’ব নোৱাৰে। সেইবাবে, সিহঁতক লেক্টিয়েল (ভিলাইৰ লসিকা কৈশিক নলীকা)ত প্রবেশ কৰোৱা হয়। লেক্টিয়েলত চর্বী পদার্থসমূহব পুনঃ সংশ্লেষণ হৈ ক্ষুদ্ৰ চৰ্বী অণু সৃষ্টি কৰে। পিত্তবসে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰ পাছত শোষিত চৰ্বী পদার্থখিনি তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।

6. পাচনত লালটিৰ ভূমিকা কি?
Ans. মুখত থকা লালটিৰ সৈতে আহাৰ মিহলি হয়। লালটি গ্রন্থিয়ে লালটি ক্ষৰণ কৰে। লালটিত থকা টায়েলিন নামক উৎসেচকে পলিছেৰোইত শ্বেতসাৰক ভাঙি মাল্টজ আৰু ডেক্সট্রিন লৈ ৰূপান্তৰিত কৰে।

ক্ষুদ্ৰান্ত্ৰত স্নেহ পদাৰ্থৰ পাচন ঘটে।
7. স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
Ans. স্বপোষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল : সূৰ্যৰ পোহৰ, ক্লৰ’ফিল, কার্বন-ডাই-অক্সাইড আৰু পানী। সালোকসংশ্লেষণ প্রক্রিয়া দ্বাৰা সেউজীয়া উদ্ভিদে শ্বেতসাব বা গ্লুক’জ জাতীয় খাদ্য উৎপন্ন কৰে।
8. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
Ans. সবাত শ্বসন আৰু অবাত শ্বসনৰ পাৰ্থক্য—
সবাত শ্বসন | অবাত শ্বসন |
(i) অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্রক্রিয়াক সবাত শ্বসন বোলে। | (i) অক্সিজেন অবিহনে খাদ্যৰ জাৰণ হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে। |
(ii) ইয়াৰ ফলত অধিক শক্তি উৎপাদিত হয়। | (ii) ইয়াৰ ফলত কম শক্তি উৎপন্ন হয়। |
(iii) ই গ্লাইক’লাইছিছ আৰু ক্ৰেব চক্ৰত জড়িত। | (iii) ই কেৱল গ্লাইক’লাইছিছ দশাতহে জড়িত। |
(iv) গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত কার্বন ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। | (iv) গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত ইথাইল এলকহল বা লেক্টিক এছিড আৰু কাৰ্বন-ডাই-অক্সাইডৰ লগতে শক্তি উৎপন্ন হয়। |
(v) এই শ্বসন কেৱল প্ৰাণীৰহে হয়, কাৰণ ইহঁতে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। | (v) যিবিলাক প্রাণীয়ে পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে, তেনেবোৰ প্ৰাণীত এই শ্বসন হয়। |
(vi) ই মাইট’কন্ড্রিয়াৰ ভিতৰত সংঘটিত হয়। | (vi) ইষ্ট, টিনিয়া, এছকৰিছ আদিত মাইট’কণ্ডিয়াৰ বাহিৰত সংঘটিত হয়। |
মানুহলৈকে সকলোবোৰ উন্নত প্ৰাণীৰ দেহত সবাত শ্বসন হয় আৰু ঈষ্ট আৰু বেক্টাৰিয়াত অবাত শ্বসন ঘটে।
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
Ans. প্ৰাণীৰ শ্বসন অংগৰ ক্লোমাশাখা দুটাৰ প্ৰত্যেকৰ মূৰত এখনকৈ হাঁওফাও আছে। ক্লোমশাখাৰ প্ৰত্যেকটোৱে ভাগহৈ শেহত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হৈছে। ঠেঙুলিবোৰক ব্রঙ্কিওল্চ (bronchioles) অর্থাৎ ক্লোম-প্রশাখা বোলে। ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু মোনাৰ দৰে বহল। মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে বুলি সিহঁতক বায়ুকোষ (Alveoli) বোলে।
বায়ুকোষবোৰৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড গেচৰ স্থান বিনিময় ঘটে। এনেদৰে বায়ুকোষবিলাকৰ ভিতৰেধি প্ৰচুৰ পৰিমাণৰ গেছৰ বিনিময় ঘটে।
10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
Ans. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে বিভিন্ন ধৰণৰ উপসর্গ দেখা দিয়ে। তেজে আমার কোষ আৰু কলাবিলাকৰ প্ৰয়োজনীয় খাদ্য গ্লুক’জ আৰু অক্সিজেনৰ যোগান ধৰে। কোষবিলাক এই অক্সিজেনৰ সহায়ত গ্লুক’জৰ জাৰণ ঘটাই জীৱাই থকাব বা কাম কাজৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰে। অক্সিজেনৰ পৰিমাণ কমি গ’লৈ আমাৰ দেহৰ কোষ আৰু কলাবোৰ ঠিক মতে আহাৰৰ যোগান নোপোৱা কাৰণে শৰীৰ ক্ষীণ পাতল হৈ পৰিব। হাওঁফাওঁ আৰু হৃদপিণ্ডৰ কানৰ মাজত অসামঞ্জস্য দেখা দিব। গতিকে বিভিন্ন বেমাৰৰ লক্ষণ দেখা দিব।
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বর্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
Ans. হৃদযন্ত্ৰত অক্সিজেনযুক্ত (বিশুদ্ধ) তেজ আৰু অক্সিজেন বিহীন (অশুদ্ধ) তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগ আছে। হৃদযন্ত্ৰৰ এনে পৃথকীকৰণৰ বাবে দেহব বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ যোগান ধৰিবৰ বাবে সুবিধা হয়। যিবিলাক প্রাণী যেনে পক্ষী আৰু স্তন্যপায়ীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নির্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। চাৰিটা কোঠালিযুক্ত হৃদযন্ত্রই যথেষ্ট অক্সিজেনৰ যোগান ধৰিব পাৰে। ‘অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয়। এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিবেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এনে প্ৰাণীৰ ভিতৰত উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত। এই প্রাণীবিলাকে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও নিজে পৰিবেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পাৰে। মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। হৃদন্ত্ৰৰ পৰা তেজ অক্সিজেন গ্ৰহণৰ বাবে ফুল লৈ যায় আৰু অক্সিজেনবোৰ লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে। এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূর্ণ চক্ৰ বা আবর্ত সম্পূর্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে এবাৰহে পৰিবাহিত হয়। কিন্তু আন’ মেৰুদণ্ডী প্রাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে।
মানুহৰ হৃদপিণ্ডটো প্ৰধান দুটা খণ্ডত বিভক্ত। ওপৰৰ বহল ভূমি অংশক অলিন্দ আৰু তলৰ মুক্ত অংশ বা খণ্ডক নিলয় বোলে। হৃদপিণ্ডৰ বেৰখন ডাঠ। অনুদৈর্ঘভাবে হৃদযন্ত্রটো এখন ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত। প্রত্যেক ভাগৰ ওপৰৰ অংশত একোটা অলিন্দ আৰু পিছফালৰ ভাগত এটা নিলয়ৰ কোঠালী থাকে। অর্থাৎ মানুহৰ হৃদযন্ত্ৰটো দুটা অলিন্দ আৰু দুটা নিলয় মুঠ চাৰিটা কোঠালিত বিভক্ত।
অলিন্দ: হৃদপিণ্ডর ওপৰৰ অংশত থকা বহল ভূমি খণ্ডই হ’ল অলিন্দ। ইয়াৰ বেৰ পাতল। সোঁ আৰু বাওঁ অলিন্দৰ পৰা একেফালে থকা সোঁ আৰু বাওঁ নিলয়লৈ তেজ চলাচলৰ বাবে ইহঁতৰ মাজত একোটাকৈ ছিদ্র থাকে। ইয়াক অলিন্দ নিলয় ছিদ্র বোলে। সোঁ অলিন্দ নিলয় ছিদ্ৰটোত তিনিটা কপাটযুক্ত ভালভ্ থাকে। ইয়াক ট্ৰাইকাস্পিড ভালভ্ বোলে। এইখনেৰে সোঁ অলিন্দৰ পৰা সোঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাৰে; কিন্তু নিলয়ৰ পৰা অলিদলৈ তেজৰ সোঁত বব নোৱাৰে। আনহাতে বাওঁ অলিম্প-নিলয় ছিদ্ৰত দুটা কপাটযুক্ত এটা বাইকাস্পিড ভালভ থাকে। ইয়াৰ মাজেৰেও বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ তেজ প্রবাহিত হ’ব পাবে, কিন্তু উভটি যাব নোৱাৰে।
নিলয়: হৃদপিণ্ডৰ পিছ ফালে থকা শংকু আকৃতিৰ অংশটোক নিলয় বোলে। ইয়াৰ বেব অত্যন্ত ভাঠ। সোঁ অলিন্দৰ পৰা পোৱা অশুদ্ধ তেজ সোঁ নিলয়ৰ পৰা ক্লোম ধমনীৰে হাওঁফাওঁলৈ ওলাই যায়। আনহাতে বাওঁ নিলয়ে বাওঁ অলিন্দৰ পৰা পোৱা বিশুদ্ধ তেজ চিষ্টেমিক ধমনীৰে দেহৰ বিভিন্ন অংগসমূহলৈ উলিয়াই দিয়ে। ক্লোম ধমনী আৰু চিষ্টেমিক ধমনী মুখ্য অংশত অর্ধচন্দ্ৰাকৃতিৰ ভালভ্ থকাৰ বাবে অলিন্দৰ পৰা ওলাই যোৱা তেজ নিলয়ৰ পৰা পুনৰ অলিন্দলৈ উভতি আহিব নোৱাৰে।
12. জাইলেম আৰু ফ্ল’ৱেমৰ মাজৰ দ্ৰব্যৰ পৰিবহণৰ সাৰ্থক্যবোৰ কি কি?
Ans. জাইলেম কলা আৰু ফ্ল’ৱেম কলাত সৰবৰাহ হোৱা পদার্থ বোৰৰ পার্থক্য:
জাইলেম কলাত সৰবৰাহ হোৱা পদাৰ্থ সমূহ | ফ্ল’ৱেম কলাত সৰবৰাহ হোৱা পদার্থ সমূহ |
(i) মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়। জৈৱ দ্ৰাব পৰিবহণ হয়। | (i) পাতত উৎপন্ন হোৱা খাদ্য আৰু জৈৱ দ্ৰাব পৰিবহণ হয়৷ |
(ii) পৰিবহণ সাধাৰণতঃ ঊর্ধ্বমুখী। | (ii) পৰিবহণ ক্ষিপ্রতৰ। |
(iii) খনিজ পদার্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে। | (iii) চালনী নালিকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়। |
13. হাওঁ ফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
বায়ুকোষ | নেফ্রন |
(i) হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্য্যকাৰী একক বায়ুকোষ। | (i) বৃক্ক গঠনৰ প্ৰাথমিক একক নেফ্রন। |
(ii) তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে। | (ii) তেজৰ পৰা নাইট্ৰ’জেন জাতীয় বর্জ্য পদার্থ পৃথক কৰে। |
(iii) বায়ুকোষৰ বেৰ অত্যন্ত পাতল।বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। বায়ু কোষবোৰ দেখাত বেলুনৰ দৰে। | (iii) নেফ্রন দেখাত পিয়লাৰ (Cup) দৰে। |
(iv) নেফ্রন ৰেচন অংগৰ একক আৰু প্রধান মাধ্যম। | (iv) বায়ুকোষ শ্বসন অংগৰ একক আৰু প্রধান মাধ্যম। |