অধ্যায় 7
নিয়ন্ত্ৰণ আৰু সমন্বয়
(Control and Coordination)
প্ৰ শ্ন ৱা লী
1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ– প্ৰতীপ ক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া। আনহাতে, খোজ কঢ়া এটা ঐচ্ছিক ক্ৰিয়া। অৰ্থাৎ, খোজ কঢ়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে।
2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে?
উত্তৰঃ– দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়।
3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উত্তৰঃ– চেৰিবেলামে (Cerebellum) দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।
4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ?
উত্তৰঃ– প্ৰমস্তিষ্ক হ’ল মস্তিস্কৰ মুখ্য চিন্তা–ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ুত প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰিব পাৰো।
5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ– প্ৰতীপ ক্ৰিয়া হ’ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া। সাধাৰণ প্ৰতীপ ক্ৰিয়া যেনে – চকুৰ মণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশীয়ে চিন্তা নকৰাকৈ চালিত হৈ থকে। এনেধৰণৰ কাৰ্যবোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে।
প্ৰ শ্ন ৱা লী
1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি?
2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰঃ– নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। আনহাতে, বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুত গতিত সংঘটিত হয়। আনহাতে, কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়।
3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰঃ– অক্সিন (Auxin)।
4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?
উত্তৰঃ– অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে।
5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা।
প্ৰ শ্ন ৱা লী
1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰঃ– প্ৰাণীদেহত হৰম’নৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰম’ন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’ন ক্ৰিয়া কৰা স্থান সমূহলৈ পৰিৱাহিত হয়।
2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?
উত্তৰঃ– আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’ন বিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক।
3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়?
উত্তৰঃ– এড্ৰিনেলিনৰ পোন পটীয়াকৈ তেজত নিঃসৰণ হয় আৰু দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত হয়। অড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে। ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপ্ধপনি বাঢ়ি যায়। ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰৱাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক একেলগ হৈ কোন এটা কাৰ্য সম্পাদন হয়।
4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়?
অনু শী ল ণী
1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ?
উত্তৰঃ– (d) চাইট’কাইনিন।
2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয় 一
উত্তৰঃ– (b) চাইনেপচ্।
3. মগজুৱে কি কাম কৰে 一
উত্তৰঃ– (d) ওপৰৰ আটাইকেইটা।
4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।
চিত্ৰ
কাৰ্যঃ নিউৰনৰ মুখ্য কাৰ্য হ’ল নিউৰনৰ সহায়ত স্নায়ুপ্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে।
6. উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়?
উত্তৰঃ– উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে, আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্য্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে।
7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে?
উত্তৰঃ– স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগ সমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয়। গতিকে, স্নায়ুৰজ্জুত আঘাট হ’লে শৰীৰৰ সকলো ধৰণৰ সংকতেই বাধাগ্ৰস্ত হ’ব।
8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন?
উত্তৰঃ– জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন। আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰম’নবোৰৰ বিচিত্ৰতা আমি ভৱাতকৈ বহুগুনে বেছি। জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্ৰিয়া-কলাপসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক।
10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?
11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।
12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ– নিলাজী বনে উদ্দীপনৰ প্ৰভাৱত সহাৰী দিয়ে। ইয়াৰ লগত বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। ইয়াৰ ক্ষেত্ৰত স্নায়ুৰ কোনো প্ৰভাৱ নাই। আনহাতে, ভৰিৰ চলনৰ ক্ষেত্ৰত উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে। এই ক্ষেত্ৰত স্নায়ুৰো প্ৰভাৱ থাকে। অংগ-প্ৰতংগ চলনৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন।