ৰাৱণক বিভীষণৰ সজ উপদেশ – মাধৱ কন্দলি

পাঠ: ১

তৃতীয় গোট -কবিতা

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ ? 

উত্তৰঃ শ্লোকানুবাদ । 

প্ৰশ্ন ২: সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল ? 

প্ৰশ্ন ৩: ‘অপ্ৰমাদী’ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ অপ্ৰমাদী মানে হ’ল নিৰ্ভুল বা ভ্ৰম নথকা । 

প্ৰশ্ন ৪: ইন্দ্ৰজিৎ কোন আছিল ?

উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল ।

 

প্ৰশ্ন ৫: ৰাৱণৰ পত্নীৰ নাম কি আছিল ? 

উত্তৰঃ মন্দোধৰী । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

 

প্ৰশ্ন ১: ‘নৈকেশী’ কোন ? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল ? 

 

উত্তৰঃ নৈকেশী ৰাৱণৰ মাতৃ আছিল ।ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই মাক নৈকেশীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে । মাক নৈকেশীৰ কথা শুনি তেওঁক প্ৰণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ পৰামৰ্শ দিবলৈ । 

প্ৰশ্ন ২: ‘নাগপাশ’ কি ? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল ? 

উত্তৰঃ নাগপাশ হ’ল পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী।হনুমানে যেতিয়া গোটেই লংকাখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ইন্দ্ৰজিতে নাগপাশেৰে হনুমানক বন্দী কৰি থৈছিল । 

প্ৰশ্ন ৩: হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল ? 

উত্তৰঃ জঁটায়ুৰ ভায়েক সম্পাতিয়ে সীতাক লংকাত বন্দী কৰি থোৱাৰ সম্ভেদ পোৱাৰ পিছত হনুমানে সীতাৰ অন্বেষণত বান্দৰৰ সৰু পোৱালীৰ বেশ ধৰি গোটেই লংকাকে চলাথ কৰিলে । অৱশেষত অশোক বনত গছৰ তলত বহি থকা অৱস্থাত সীতাক দেখা পালে । সেইয়া সীতা হয় নে নহয় জানিবলৈ তেওঁ প্ৰথমে গছৰ ডালত বহি দূৰৰ পৰা ৰামৰ জীৱনৰ সকলো কথা নাম কীৰ্তন কৰি শুনাবলৈ ধৰিলে । সীতাই যেতিয়া তেওঁক দেখা পালে তেতিয়া হনুমানে গছৰ পৰা নামি আহি সীতা হয়নে জানিব বিচাৰিলে । সীতাই তেঁৱেও সীতা হয় বুলি ক’লে । ফুৰ্তিত হনুমানে সীতাৰ কাষ চাপি যোৱাত সীতাৰ মনত সন্দেহ উপজিল, সেইয়া ৰাৱণৰ কোনো চক্ৰান্ত বুলি । সন্দেহ কৰি সীতা হনুমানৰ ওচৰৰ পৰা আঁতৰি আহিল । এই কথা বুজি হনুমানে সীতাক-বালিক বধ কৰি ৰাম সুগ্ৰীৱৰ বন্ধুত্ব, সুগ্ৰীৱৰ সীতাক বিচাৰি দিবলৈ কৰা প্ৰতিজ্ঞা, বান্দৰে সীতাৰ অলংকাৰ ৰামক বুটলি থৈ দেখুওৱা আদি কাৰ্য, বাৰিষাৰ অন্তত বান্দৰ সেনাই সীতাৰ কাৰণে পৃথিৱী চলাথ কৰা, অঙ্গদ সহিতে দক্ষিণলৈ যোৱা সেনাই সীতাৰ সম্ভেদ নাপাই কেনেকৈ অনশন কৰি মৃত্যু বৰণ কৰিব বিচাৰিলে আৰু তেওঁলোকে সম্পাতিৰ সহায়ত সীতাৰ ভূ পোৱা কৰ্ম আৰু হনুমানে কেনেকৈ সাগৰ পাৰ হৈ ৰাৱণৰ অন্তেষপুৰত সীতাক বিচাৰিছিল আদি সমস্ত ঘটনা বৰ্ণনা কৰি কৈছিল আৰু ৰামে হনুমানক চিন স্বৰূপে দি পঠোৱা আঙুঠিটো সীতালৈ আগবঢ়াই দিছিল । ৰামৰ আঙুঠিটো দেখি সীতাৰ মনত থকা সন্দেহৰ ভাৱ আঁতৰি গৈছিল আৰু হনুমানৰ ওচৰত তাৰ বাবে ক্ষমা খুজিছিল । 

প্ৰশ্ন ৪: শংকৰদেৱে আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?

উত্তৰঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰিছিল । 

প্ৰশ্ন ৫: উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ বিভীষণৰ মতে ৰাজসভাত যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত যেতিয়া এজন মন্ত্ৰীয়ে দিয়া এটা সিদ্ধান্তক সকলোৱে একেস্বৰে সমৰ্থন কৰে তেতিয়া তাক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলিব পাৰি । আনহাতে পাত্ৰ-মন্ত্ৰীসকলৰ বহুতে লগলাগি অৰ্থাৎ নানা আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তত উপনীত হ’বলগীয়া হয়, তেতিয়া তেনে সিদ্ধান্তক মধ্যম মন্ত্ৰ বোলা হয় । শেষত যিবোৰ সিদ্ধান্ত ল’বলৈ মানুহৰ অৰ্থাৎ পাত্ৰ-মন্ত্ৰীসকল অপাৰগ হৈ তাক দৈৱলৈ ঠেলি দিয়ে তেতিয়া তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলিব পাৰি । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

 

প্ৰশ্ন ১: বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল ? 

উত্তৰঃ ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাক নৈকেশীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে । মাক নৈকেশীৰ কথা শুনি তেওঁক প্ৰণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰামৰ্শ দিছিল । 

পাত্ৰমন্ত্ৰী সমন্বিতে ৰাৱণ ৰাজসভাত উপবিষ্ট হৈ আছে । ধৱীৰ-স্থিৰ, শান্তি চিত্তীক আৰু শুদ্ধ চিত্তৰ বিষ্ণুভক্ত বিভীষণে সভাত প্ৰৱেশ কৰিলেগৈ আৰু ৰাৱণক সম্বোধন কৰি ক’বলৈ ধৰিলে । বিশেষকৈ তেওঁ ইতিমধ্যে লংকাত হনুমানে কৰি যোৱা কাণ্ডবোৰৰ কথা দোহাৰী ৰাৱণক ক’লে যে লগত সহস্ত্ৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহি নিশংসয় মনে আহি হনুমান নগৰত সোমালহি । গোটেই নগৰখন পিটপিতাই ফুৰিলে, সীতাৰো দর্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছন কৰিলে । প্ৰাণদণ্ডৰ শাস্তি লঘু কৰি নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে । 

বিভীষণে আগতে হৈ যোৱা এই ঘটনাবোৰৰ ভিত্তিত উত্তম, মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ এটা অনুসৰণ কৰাটো উচিত বুলি জনালে আৰু বুদ্ধিত অপাৰ মন্ত্ৰীসকলে একেশ্বৰে এক উত্তম সিদ্ধান্ত ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিলে । লগতে তেওঁ ক’লে যে অনেক মতামতৰ মাজেৰে সিদ্ধান্তলৈ আহিব লগটো মধ্যম আৰু মনুষ্যই নিজৰ ওপৰত বিশ্বাস হেৰুৱাত দৈৱৰ ওপৰত নিৰ্ভৰ কৰিব লগাটোৱেই হ’ল অধম সিদ্ধান্ত । 

ইয়াৰ পিছত তেওঁ ৰামৰ গুণ বখানি ক’লে যে ৰামচন্দ্ৰ হ’ল জগতবিখ্যাত তপস্বী পুৰুষ । তেওঁ যে লংকা উছন কৰিব তাক কোনেও ৰোধিব নোৱাৰে । সুগ্ৰৱীক সখী কৰি লৈ তেওঁলোকে সদলবলে সাগৰ তৰিব । কিন্তু বিভীষণে এনে বুজনি দিয়াৰ পৰিৱৰ্তে ৰাৱণে জনালে যে তেওঁ নিজেও সীতা আইক লক্ষ্মী আৰু জনকজীয়ৰী বুলি জানে আৰু ৰামচন্দ্ৰকো মধুসূদন বুলি জানে । আনকি এইটোও জানে যে ৰামৰ হাতত তেওঁৰ মৃত্যু হ’ব, তথাপি তেওঁ সীতাক ওভোতাই দিবলৈ ৰাজী নহয় বুলি জনালে । পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক এনে দুঃস্বপ্নৰ কথা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈহে পৰামৰ্শ দিলে । বিভীষণৰ সৎ পৰামৰ্শই ৰাৱণৰ ৰাজসভাত কোনো মৰ্যাদা নাপালে । 

প্ৰশ্ন ২: সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল ? 

 
 

উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে সুগ্ৰীৱৰ সহায় লৈছিল ।

কিষ্কিন্ধাৰ বানৰ ৰজা সুগ্ৰীৱৰ লগত ৰামে মিত্ৰতা কৰি সীতাক উদ্ধাৰ কৰিবৰ বাবে যো-জা চলাইছিল । বানৰ বাহিনীৰ সহায়ত সাগৰত শিলেৰে ৰাস্তা বনাই লংকালৈ গৈছিল আৰু সীতাক উদ্ধাৰ কৰিছিল । 

প্ৰশ্ন ৩: কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা । 

উত্তৰঃ বিভীষণ চৰিত্ৰটো হ’ল এজন ধীৰ গম্ভীৰ ব্যক্তি যাৰ আছে সুষ্ঠ বিচাৰ বিবেচনা, সৎসাহস আদি গুণ । লগতে তেওঁ আছিল ৰামভক্ত । 

কবিতাটোৰ আৰম্ভতে বিভীষণৰ এই গুনবিলাকৰ বৰ্ণনা দিয়া হৈছে অতি সুন্দৰকৈ –

         গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ ।

          ৰামত ভকত অতিশয় শুদ্ধ মন ।।

          ৰাজনয় সমুচিত ধৰ্মক জানন্ত ।

          ৰাৱণক সম্বোধিয়া বাক্য বুলিলন্ত ।।

বিভীষণৰ আন এটা গুণ হ’ল তেওঁ মাতৃভক্ত আছিল । মাকৰ আদেশতে তেওঁ ৰাৱণক ভৱিষ্যত বিপদৰ পৰা সাৱধান কৰি দিবলৈ যত্ন কৰিছিল । তাৰবাবে তেওঁ ৰাজসভাত গৈ ৰাৱণক বুজাবলৈ চেষ্টা কৰিছিল । এই কথাখিনিৰ বৰ্ণনাও অতি সুন্দৰ ভাবে কবিয়ে কবিতাটো অংকন কৰিছে।বিভীষণে কবিতাটোত কৈছে যে, হনুমানে সহস্ৰ সাগৰ অতিক্ৰমি আহি লংকাত যি তাণ্ডৱ কৰিলে তাৰ পৰাই লংকাৰ ভৱিষ্যত বিপদৰ সতৰ্কবাণী শুনাইছে ৰাৱণক । তদুপৰি ৰাম হ’ল জগতবিখ্যাত পুৰুষ, তেওঁক লংকা ধ্বংসৰ পৰা বাধা প্ৰদান কৰিব পৰা শক্তিয়ে কাৰো নাই তাৰ বৰ্ণনা অতি সুন্দৰকৈ ফুটি উঠিছে । কবিতাটোত ৰামৰ পৰাক্ৰমৰ কথা বৰ্ণনা কৰা হৈছে এনেদৰে –

 

             তপৱন্ত ৰাম বৰ পুৰুষ অগাধ । 

             লংকা ছন কৰিৱন্ত নাহিকয় বাধ ।।

কবিতাটোত উত্তম, মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ যিকোনো এটা অনুসৰণ কৰি উত্তম সিদ্ধান্ত ল’বৰ বাবে যেনেকৈ আহ্বান কৰিলে তাৰ জৰিয়তে তেওঁৰ যি ৰাজনৈতিক বিচক্ষণতা তাক অতি চতুৰতাৰে প্ৰকাশ কৰিছে । 

প্ৰশ্ন ৪: মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা । 

উত্তৰঃ প্ৰাক শঙ্কৰি যুগতে সৰ্ব ভাৰতীয় জ্ঞান গৰিমাৰ লগত অসমীয়া সাহিত্যৰ সম্পৰ্ক স্থাপন কৰি অকল সেই যুগৰে নহয় বৰ্তমানলৈকে অসমীয়া কাব্য জগতত এখন বিশিষ্ট আসনৰ অধিকাৰী হোৱা মাধৱ কন্দলি সচাই আছিল অপ্ৰমাদী কবি । শংকৰদেৱে নিজেই এনে জ্ঞান প্ৰতিভাৰ ওচৰত নিজকে ক্ষুদ্ৰ হেন জ্ঞান কৰি লিখিছে – 

      “পূৰ্ব কবি অপ্ৰমাদী         মাধৱ কন্দলি আদি

 

                      “বিৰচিলা পদে ৰামকথা ।

       হস্তীৰ দেখিয়া লাদ        শশা যেন কাৰে মাৰ্গ 

                       মোৰ ভৈল তেহ্নয় অৱস্থা ।।”

কবি মাধৱ কন্দলি বৰাহী ৰজা মহামাণিক্যৰ ৰাজ কবি আছিল আৰু নিজ গুণৰ বলত ‘কবিৰাজ কন্দলি’ উপাধি লাভ কৰিছিল । বৰাহী ৰাজ মহামাণিক্যৰ অনুৰোধতে তেওঁলোক ৰঞ্জনৰ উদ্দেশ্য আগত ৰাখি ৰামায়ণ ৰচনা কৰে । উল্লেখনীয় যে মাধৱ কন্দলিয়ে যি সময়ত ৰামায়ণ ৰচনা কৰিছিল । সেই সময়ত ভাৰতবৰ্ষত ‘কুম্বান’ৰ ৰামায়ণখনৰ বাদে আৰু কোনো ৰামায়ণ ৰচনা হোৱা নাছিল । অৰ্থাৎ কন্দলিৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ বছৰমান সময়ৰ পিছতহে বঙালী, হিন্দী আদি ৰামায়ণ ৰচনা হয় । সেয়েহে কন্দলিৰ ৰামায়ণ অকল অসমীয়া ভাষাতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ৰামায়ণী সাহিত্যত এক উল্লেখনীয় সংযোগ । 

কন্দলি পুনপতিয়াভাৱে কবি । তেওঁ কোনো নিৰ্দিষ্ট আদৰ্শৰ অনুপ্ৰেৰণাত ৰামায়ণ ৰচনা কৰা নাই । তেওঁ এক লৌকিক কথা হিচাপেই ৰামায়ণ ৰচনা কৰিছে । সেয়েহে তেওঁ যতদুৰ সম্ভৱ ৰামায়ণৰ মূল কাহিনী বিকৃত নকৰাকৈ চৰিত্ৰসমূহ এক তেজ-মঙহৰ মানুহৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে । তদুপৰি তেওঁৰ ৰচনা গ্ৰাম্য অনুভূতি তথা গ্ৰাম্য মাতকথাৰে পৰিপূৰ্ণ হৈ আছে । সেই সময়তে ৰামায়ণক এক লৌকিক পুথি হিচাপে ধৰি কৰা এই অনুবাদৰ কাম কম গুৰুত্বপূৰ্ণ কথা নহয় । তেওঁ সেয়েহে নিজেই কৈছে “দৈৱবাণী নোহে ইটো লৌকিকহে কথা” ডঃ নেওগে সেয়েহে কৈছে “মাধৱ কন্দলিৰ ৰামায়ণে বাস্তৱ-জীৱন পদ্ধতি, মনোৰমা বৰ্ণনা আৰু সুকুমাৰ কবিতাৰে আমাৰ মনত এটি আহ্লাদৰ সৃষ্টি কৰে ।” মাধৱ।কন্দলিয়ে নিজে “সাতকাণ্ড ৰামায়ণ পদবন্দে নিবন্ধিলোঁ লম্ভা পৰিহৰি সাৰোদ্ধৃতে’ বুলি কোৱাৰ পৰা অনুমান কৰা হয় যে তেওঁ ৰামায়ণৰ সাতোটা কাণ্ড ৰচনা কৰিছিল । কিন্তু আজিলৈকে ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ড পোৱা নগ’ল । সেয়েহে বহুতে তেওঁৰ ৰামায়ণৰ সাতভাগ গ্ৰহণ কৰি পাঁচটা কাণ্ডহে ৰচনা কৰিলে বুলি অনুমান কৰে । সি যিয়েই নহওঁক কন্দলিৰ অসামান্য প্ৰতিভা আজিও অসমীয়া সাহিত্যৰ বাবে গৌৰৱৰ বস্তু হৈ আছে । 

প্ৰশ্ন ৫: বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল ? 

উত্তৰঃ মাকৰ পৰামৰ্শ অনুসৰি বিভীষণে ৰাৱনক সজ পৰামৰ্শ দি বুজাবৰ যত্ন কৰিছিল যে হনুমানে সাগৰ পাৰ হৈ আহি লংকাৰ যি তাণ্ডৱ কৰিলেহি তাৰ পৰাই লংকাৰ আসন্ন বিপদ স্পষ্ট হৈ পৰিছে । তদুপৰি ৰাম হ’ল জগতবিখ্যাত পুৰুষ, তেওঁক লংকা ধ্বংসৰ পৰা বাধা দি ৰখা কাৰো বাবেই সম্ভৱ নহ’ব ।