ধনবৰ আৰু ৰতনী – লক্ষ্মীনাথ বেজবৰুৱা

পাঠ: ৩

তৃতীয় গোট -কবিতা

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা । 

উত্তৰঃ কদমকলি । 

 

প্ৰশ্ন ২: লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা । 

উত্তৰঃ মোৰ জীৱন সোঁৱৰণ । 

প্ৰশ্ন ৩: অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয় ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক ।

প্ৰশ্ন ৪: লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা ? 

উত্তৰঃ সাধুকথাৰ কুকি । 

 

প্ৰশ্ন ৫: ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ।

(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

 

প্ৰশ্ন ১: মালিতা কি ? ইংৰাজীত ইয়াক কি বুলি কোৱা হয় ? 

 

উত্তৰঃ মালিতা মানে কিছুমান আখ্যাণমূলক গীতক বুজোৱা হয় । ইংৰাজীত মালিতাক ‘বেলাড’ বুলি কোৱা হয় । 

প্ৰশ্ন ২: ধনবৰ আৰু ৰতনী কোন ? 

উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ দুটা কাল্পনিক চৰিত্ৰ । ধনবৰ আৰু ৰতনী উভয়ে প্ৰায় ১৬ বছৰীয়া আৰু দুয়ো প্ৰেমিক-প্ৰেমিকা ।

প্ৰশ্ন ৩: “বোপাই” মোৰ লুইঐ ! সামৰি লোৱা মোক”- বুলি কোনে কিয় কৈছিল ।

উত্তৰঃ ধনবৰে কৈছে । ৰতনীৰ অনুপস্থিৰ বেজাৰ ধনবৰে সহিব পৰা নাছিল বাবে এনেকৈ কৈছে । 

প্ৰশ্ন ৪: “ৰতনীক তুলিলে মাকে বাপেকে 

                  ধনাইৰ কাল শতৰু কৰি”

   – ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে ? 

উত্তৰঃ ৰতনীয়ে ধনবৰ হৃদয় শূণ্য কৰি গুচি গ’ল । ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ । ৰতনীয়ে খন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল । সেইবাবে ৰতনী যেন ধনাইৰ কাল শত্ৰু হৈ পৰিল । 

প্ৰশ্ন ৫: “পাৰতে কান্দিছে ধনবৰ দুখীয়া”- ধনবৰে কিয় কান্দিছে ? 

উত্তৰঃ ধনবৰ আছিল ভিকহুৰো ভিকহু । সেইবাবে ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব । যেতিয়া ৰতনীয়ে ধনবৰক এৰি গুচি গৈছিল তেতিয়া বিহৰত ধনবৰে লুইতৰ পাৰত বহি কান্দি আছিল । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা । 

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ আখ্যান প্ৰধান বা বৰ্ণনামূলক গীতৰ অন্তৰ্গত কাল্পনিক বা মালিতা শ্ৰেণীৰ গীতৰ অন্তৰ্গত । ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ বৰ্ণনা অনুসৰি ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা । মালিতাৰ লক্ষণসমৃদ্ধ কবিতাটোত কবিয়ে ধনবৰ অন্তৰৰ দুখ প্ৰকাশ কৰিছে । ইয়াৰ মাজেদি অবিচল প্ৰেমৰ কাৰুণ্য ফুটি উঠিছে । ৰতনী আৰু ধনবৰ উভয়ে প্ৰায় সমবয়সীয়া গাভৰু আৰু ডেকা।ধনবৰ ঘৰ দিখৌমুখত । মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰি মুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল । সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে । ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে । এদিন মাক-বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল । ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে । বুকুৰ মাধুৰী লৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূণ্য কৰি গুচি গ’ল । ৰতনী অবিহনে ধনবৰ ধনবৰ জীয়াই থাকিবলৈ অপৰাগ । ৰতনীয়ে সিন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল । ৰতনী যেন ধনবৰৰ কাল শতৰু হৈ পৰিল । ৰতনীৰ বেজাৰত লুইতৰ পাৰত ধনবৰ জহি যাবলৈ ধৰিলে । ধনবৰে অভিমান কৰি ৰতনীক আকৌ উভতি আহিবলৈ কৈছে । কাৰণ ধনবৰ ভিকহুৰো ভিকহু । ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব । সেয়ে ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি নৈত জাপ দিছে । ধনবৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল । 

প্ৰশ্ন ২: ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে ?

উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা কাল্পনিক চৰিত্ৰ । ধনবৰ আৰু ৰতনী উভয়ে প্ৰায় ১৬ বছৰীয়া । ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত । মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল । সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে । ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে । এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল । ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে । সমগ্ৰ কবিতাটোতে এনে বিলাপৰ বৰ্ণনা আছে । ৰতনীয়ে ক্ষন্তেকৰ বাবে আহি বুকুৰ মাধুৰি লৈ ধনবৰৰ হৃদয় শূণ্য কৰি মনত শোকৰ সৃষ্টি কৰি গুচি গ’ল । ধনবৰে বিলাপ কৰি কৈছে যে তেওঁ ভিকহুৰো ভিকহু । ৰতনীৰ বাবে অশেষ কষ্ট ত্যাগ কৰিবলৈও ধনবৰ প্ৰস্তুত হৈছে । ৰতনী নোহোৱাত ধনবৰেক কান্দিছে । ৰতনীৰ বেজাৰ ধনবৰে সহিব পৰা নাই । সেয়েহে, বিলাপৰ মাজেৰে ধনবৰে নিজৰ সুপ্ত বেদনাৰ প্ৰকাশ কৰিছে । 

 
 

প্ৰশ্ন ৩: ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা । 

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা । ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ধনশিৰিমুখত । মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল । সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে । ধনবৰে ৰতনীৰ নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে । এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি গ’ল । ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে । ৰতনী যোৱাৰ পাছত ধনবৰৰ বুকু উদং হৈ পৰিল । ৰতনী অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল । সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল । ধনবৰৰ আত্মজাহে পৃথিবীত শোকৰ বিননি এৰি থৈ গ’ল । 

প্ৰশ্ন ৪: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক)     গজাতে উৰিল ঐ গঙাৰে চিলনী, 

 

                বালিতে উৰিল ঐ ঘোঁৰা, 

            সেন্দুৰী টিঙতে বহি উটি গ’লে 

                 ৰতনী ধনাইৰ পৰা ।

উত্তৰঃ উদ্ধৃতকবিতাফাঁকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

কবিয়ে উদ্ধৃতিটোৰ মাজেৰে ধনাইৰ পৰা ৰতনীয়ে দূৰলৈ যোৱাৰ কথা ব্যক্ত কৰিছে । 

ৰতনীৰ বিচ্ছেদ ধনাইয়ে সহ্য কৰিব পৰা নাই । ৰতনী নোহোৱাত ধনাইৰ জীৱন নোহোৱা যেন হৈ পৰিছে । ব্ৰহ্মপুত্ৰত কাক লৈ যাব ধনবৰে, সেয়া বিচাৰি উলিয়াব পৰা নাই । ৰতনীৰ পুৰণি স্মৃতিয়ে ধনবৰৰ মনত দোলা দি আছে । ধনবৰে ৰতনীক পাহৰিব পৰা নাই । ৰতনী ধনাইৰ পৰা বহু দূৰলৈ উটি গৈছে বুলি কবি বেজবৰুৱাই উল্লেখ কৰিছে । 

 

(খ) ফুটুকাৰ তলতে যখিনি ছোৱালী 

             টুক্ টুক্ চাপৰি বায়,

        ধনাইৰে ছাঁতে ৰতনী নাই ঐ, 

             কোনে তাৰ মুখলৈ চায় । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

ৰতনী নোহোৱাত ধনবৰৰ মুখত ছাঁ সদৃশ সেতা পৰি যোৱাৰ বৰ্ণনা কবিয়ে দিছে । লুইতৰ শিহু পোৱালিৰ দৰে ৰতনী আকস্মিকভাৱে নোহোৱা হ’ল । ৰতনীৰ মাক-দেউতাকে তাইক লগত লৈ গ’ল । ব্ৰহ্মপুত্ৰৰ বালিচৰত বালিমাহী চৰাইৰ সৈতে ধনবৰে বিনাই আছে । ফুটুকাৰ ফেন স্থায়ী নহয় । ঠিক ফুটুকাৰ ফেনৰ দৰে হঠাতে জীৱনলৈ ৰতনী সোমাই আহি নোহোৱা হ’ল । ধনাইৰ লগত আজিৰ ৰতনী নাই । দুয়োয়ে ইটো-সিটোৰ ছাঁৰ দৰে আছিল । কিন্তু আজি ৰতনী নোহোৱাত ধনবৰৰ মুখত ৰতনীৰ ছাঁ নাই । ধনবৰৰ মুখমণ্ডলত ছাঁসদৃশ বিষাদে আৱৰি ৰাখিছে ।