বিয়াৰ প্ৰেজেন্ট – চৈয়দ আব্দুল মালিক
পাঠ: ১
দ্বিতীয় গোট -চুটি গল্প
(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ?
উত্তৰঃ পৰশমণি ।
প্ৰশ্ন ২: কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ।
প্ৰশ্ন ৩: চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী নাম লিখা ।
প্ৰশ্ন ৪: জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি ?
উত্তৰঃ ‘ৰূপতীৰ্থৰ যাত্রী ।
প্ৰশ্ন ৫: ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ?
উত্তৰঃ বিনীতা ।
(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩)
প্ৰশ্ন ১: “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তাৰে নোহোৱানে’?”- কোনে, কাক কথাষাৰ সুধিছিল ?
উত্তৰঃ এই কথাষাৰ বিনীতাৰ দেউতাক কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল ।
প্ৰশ্ন ২: নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল ?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল ।
প্ৰশ্ন ৩: নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল ?
উত্তৰঃ নাজিয়াই টাউনত তাইৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল । তেওঁ সৰু ছোৱালী বিনীতাৰ অসুখ হোৱা বাবে হস্পিতাললৈ আনিছিল যদিও পইচাৰ টনা-টনি হোৱাত গাঁৱলৈ গৈ পইচা অলপ যোগাৰ কৰাৰ কথা ভাবিছিল । কিন্তু বাটতে নাজিয়াক লগ পোৱাত নাজিয়াই বিনীতাৰ অৱস্থাৰ কথা শুনি বিয়াখনলৈ নগৈ সেই পইচাখিনিৰে বিনীতাক সহায় কৰিবলৈ হস্পিতাললৈ গৈছিল ।
প্ৰশ্ন ৪: কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে ?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পালে । তেওঁ সৰু ছোৱালীজনী বিনীতাৰ অসুখৰ বাবে চৰকাৰী হস্পিতালত আনিছিল যদিও হঠাৎ অপাৰেচন কৰিব লগা হোৱাত পইচা অলপ যোগাৰ কৰিবলৈ হতাশ মনেৰে গাঁৱলৈ যাবলৈ ওলাইছিল । কিন্তু নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ বিপদৰ কথা শুনি বিয়ালৈ নগৈ টকা এশ দি অপাৰেচন কৰাবলৈ কৈছিল । আৰু এনেকৈয়ে কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ পইচা পাইছিল ।
প্ৰশ্ন ৫: “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”- ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ ‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু তেওঁৰ স্বামীৰ কথা কোৱা হৈছে ।
(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫)
প্ৰশ্ন ১: কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল ?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পোৱাত কনকেশ্বৰ ঠাকুৰে নিজেই আহি নাজিয়াক মাত লগাইছিল । নাজিয়াইও একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই কি কাৰণত টাউনলৈ আহিলে সকলো কথা কনকেশ্বৰ ঠাকুৰৰ পৰা জানিব পাৰিলে । কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি হতাশ হোৱা পৰিস্থিতিতেই নাজিয়াই তেওঁলোকৰ পৰিয়াললৈ আশাৰ কিৰণ হৈ আহিছিল ।
প্ৰশ্ন ২: নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল ?
উত্তৰঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যাবলৈ মন আছিল । আনহাতে চকুত লগা এটা উপহাৰ দিয়াৰো প্ৰৱল হেঁপাহ আছিল । কিন্তু নাজিয়াৰ পৰিয়ালটোৱে আৰ্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খুজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া হয় । সেইকাৰণে আৰ্থিক অনাটনৰ বাবে নাজিয়াই অকলে বিয়ালৈ গৈছিল ।
প্ৰশ্ন ৩: কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল ?
উত্তৰঃ আৰ্থিক অনাটনৰ জুৰুলা নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত যাবলৈ কিবাকৈ টকা অলপ যোগাৰ কৰিছিল যদিও টাউনলৈ গৈ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰিছিল । সেইকাৰণে নাজিয়াই তাইৰ হাতত থকা টকা অলপ দি সহায় কৰাৰ বাবে বিয়ালৈ যাব নোৱাৰিলে ।
প্ৰশ্ন ৪: বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বর্ণনা কৰা ।
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ বুলি টাউনলৈ গৈ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে । কনকেশ্বৰ ঠাকুৰে সৰুজনী ছোৱালী বিনীতাৰ অসুখৰ বাবে হস্পিতালত ভৰ্তি কৰিছিল । ডাক্তৰে তাইক আজিয়েই অপাৰেচন কৰিবলৈ কৈছে আৰু দুৰ্বল হোৱা বাবে তেজো কেইবটলমান দিব লাগিব । কিন্তু আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰে টকা-পইচাৰ যোগাৰ কৰিবলৈ গাঁৱলৈ যাব বুলি বাছ আস্থানলৈ যাওঁতে নাজিয়াক লগ পালে । নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে । আৰু এনেদৰে নাজিয়াৰ সহায়ৰ বাবে বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল আৰু বিনীতাও সুস্থ হৈ উঠিল ।
প্ৰশ্ন ৫: ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ চৈয়দ আব্দুল মালিকদেৱৰ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত নাজিয়া চৰিত্ৰটিৰ যোগেদি মানৱতাবোধ প্ৰকাশ পাইছে ।
মানৱতাবোধ মানে আমি ইজনে সিজনক বিপদৰ সময়ত কৰা সহায় । মানৱতাবোধত কেতিয়াও প্ৰতিদান থাকিব নালাগে । বিনা প্ৰতিদানত সহায় আগবঢ়োৱাটোৱেই প্ৰকৃত মানৱতাবোধ ।