মোৰ মাতৃমোখ দৰ্শন

অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মুল্যাংক-১)

 
 

(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ কৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।

(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?

 

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।

(গ) বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে কৰ পৰা ক’লৈ যাত্রা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।
 

(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেবী আৰু সৰু জীয়েক আছিল।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।

 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে-‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰু চিকৰপতি নিকৰপতি’।

(চ) ‘মোৰ মাতৃমুখ দর্শন’ কোন শ্রেণীৰ ৰচনা?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’, আত্মজীৱন-কথা অর্থাৎ আত্মজীৱনীমূলক আৰু ভ্রমণ কাহিনীমূলক শ্রেণীৰ ৰচনা ।

 

(ছ) লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?

 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ ‘জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন’(General Assembly’s Institution) পৰা বি. এ. ডিগ্রী লাভ কৰে ৷

(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম- কদমকলি ।

(ঝ) ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র কোন?

 
উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র হ’ল- ভগৱান শ্রী কৃষ্ণ ।

(ঞ) লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল । তেওঁ তাত বাৰ্ড কোম্পানিৰ ফার্মৰ ‘মেনেজাৰ’ৰ পদত কাম কৰিছিল ।    

(ট) ‘জোনাকি’ আলোচনা পোন প্রথমে কেতিয়া প্রকাশ হৈছিল?

উত্তৰঃ ‘জোনাকি’ আলোচনা পোন প্রথমে ১৮৮৯ চনত প্রকাশ হৈছিল?

(ঠ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা  কবিতাপুথিখনৰ নাম কি?

 
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা  কবিতাপুথিখনৰ নাম ‘কদমকলি’।

(ড) লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম ‘পদুমকুঁৱৰী’।

(ঢ) ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক কোন?

উত্তৰঃ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক লক্ষ্মীনাথ বেজৰুৱা ।

(ণ)লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল।     

 
 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ।

(ত) লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?

(থ) অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়?

উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায় ।

(দ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম ‘জোনাকী’ ।

(ধ) ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে বেজবৰুৱাৰ দেশমাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে ।

(ন) প্রবসুৱা লেখকে কর্মসূত্রে কোন ঠাইত আছিলগৈ?

 

উত্তৰঃ প্রবসুৱা লেখকে কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত আছিলগৈ ।

(প) বেজবৰুৱাৰ কিমান বছৰৰ পাছত ‘মাতৃমুখ’ দর্শন হৈছিল?

উত্তৰঃবেজবৰুৱাৰ ডেৰকুৰি-দুকুৰি বছৰৰ পাছত ‘মাতৃমুখ’ দর্শন হৈছিল ।

(ফ) বেজবৰুৱাই ‘মাতৃমুখ দর্শনৰ বাবে কেতিয়া অসমলৈ যাত্রা কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে বেজবৰুৱাই ‘মাতৃমুখ দর্শনৰ বাবে  অসমলৈ যাত্রা কৰিছিল ।

(ব) কবীৰ কোন আছিল?

 
উত্তৰঃ কবীৰ বাৰানসীৰ এজন কবি-সাহিত্যিক তথা ধর্মসাধক আছিল । তেখেত ৰামানন্দৰ মন্ত্রশিষ্য আছিল ।

(ভ) সন্নিপাত মানে কি?

উত্তৰঃ সন্নিপাত মানে ভীষণ জ্বৰ ।

(ম) ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত?

উত্তৰঃ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১ মাইল দূৰত অৱস্থিত ।

(য) কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল ।

(ৰ) বৃষভ কি?

উত্তৰঃ বৃষভ হৈছে শিৱৰ বাহন- ষাড় গৰু ।

(ল) নন্দী-ভৃংগী কোন?

উত্তৰঃ নন্দী-ভৃংগী হৈছে শিৱৰ শিষ্য ।

(শ) পার্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা চলাইছিল?

উত্তৰঃ পার্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা চলাইছিল ।

 
 

(ষ) হাহা হুহু কোন?

উত্তৰঃ হাহা হুহু ব্রহ্মাৰ মানস পুত্র । যি দুজনক পার্বতীয়ে মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল ।

(স) ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল ।

 

উত্তৰঃ শ্রী মতী যোগদা দেৱীৰ ।

(হ) Comedy of Errors গ্রন্থৰ প্রণেতা কোন?

উত্তৰঃ Comedy of Errors গ্রন্থৰ প্রণেতা হ’ল- শ্বেক্সপীয়েৰ (Shakespeare) ।

(ড়) Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল?

উত্তৰঃ Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *