আঘোণৰ কুঁৱলী – কেশৱ মহন্ত
পাঠ: ৬
নিৰ্বাচিত পদ্য
অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )
প্রশ্ন ১.কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ কবি কেশৱ মহন্তই ‘মােৰ যে কিমান হেঁপাহ’ গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।
প্রশ্ন ২.কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা ।
উত্তৰঃ কেশৱ মহন্তৰ গীতৰ পুথিখন হৈছে ‘মােৰ যে কিমান হেঁপাহ’ ।
প্রশ্ন ৩.‘পছােৱা’আলােচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ?
প্রশ্ন ৪.কেশৱ মহন্তই কোনখন আললাচনীত প্রথমতেকবি হিচাপে আত্মপ্রকাশ কৰিছিল ?
উত্তৰঃ ‘জয়ন্তী’ৰ পাতত কেশৱ মহন্তই কবি হিচাপে আত্মপ্রকাশ কৰে ৷
প্রশ্ন ৫.‘আঘােণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘ সেউতী কোন ?
উত্তৰঃ সেউতী কবিৰ কল্পনাৰ প্ৰেয়সী, এগৰাকী দাৱনী ।
চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩ )
প্রশ্ন ১.‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হল—
( ক ) কবিতাসমূহ সাম্যবাদী তথা প্রগতিশীল ভাবধাৰাৰ ।
( খ ) ‘ জয়ন্তী’ৰ কবিতাসমূহত কৃষক , শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ লােকৰ সুখ – দুখ আৰু সংগ্ৰামৰ প্রতিচ্ছবি প্রকাশ পায় ।
প্রশ্ন ২.অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যােগােৱা তিনিখন আলােচনীৰ নাম লিখা ।
উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্রকৃতাৰ্থত কুৰি শতিকাৰ ছল্লিছৰ দশকত । এই যুগসৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্রেশ্বৰ ভট্টাচার্য দ্বাৰা সম্পাদিত ‘জয়ন্তী’ আলােচনীয়ে । জয়ন্তী’ৰ পৰৱৰ্তী কালত প্রকাশ পােৱা হেম বৰুৱা সম্পাদিত পছােৱা’ আৰু ড ° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ৰামধেনু’আলােচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয় ।
প্রশ্ন ৩.কেশৱ মহন্তৰ দুখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতাপুথি হ’ল— আমাৰ পৃথিৱী আৰু
‘আগন্তুক ।
প্রশ্ন ৪.‘আঘােণৰ পথাৰত কাম আৰু কাম’— কবিয়ে আঘােণৰ পথাৰত থকা কি কাম’ৰ বিষয়ে ইংগিত কৰিছে ?
উত্তৰঃ আঘােণৰ পথাৰত দাৱনীসকলৰ ব্যস্ততাৰ কথা ক’বলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে ।
আঘােণৰ পথাৰ সােণালী ধানেৰে উপচি পৰে । আঘােণৰ এই সােণবৰণীয়া ধাননি পথাৰ আঘােণৰ কুঁৱলীয়ে চকুৰে নমনা কৰি ঢাকি ধৰিলেও দাৱনীসকলৰ তাত কৰিবলগীয়া কাম আছে । এই কুঁৱলীৰ মাজতেই দাৱনীসকলে লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কাচিৰে কেকেকৈ কাটে , খিখিকৈ হাঁহি হাঁহি তৰা – জৰীৰে ডাঙৰি বান্ধে । আঘােণৰ কুঁৱলীয়ে পথাৰ ঢাকি ধৰি থাকিলেও আঘােণৰ পথাৰত কাম পূর্ণোদ্যমে চলি থাকে , পথাৰত দাৱনীৰ কামেই কাম ।
প্রশ্ন ৫.‘উৰুলি ’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অর্থ লিখা ।
উত্তৰঃ ‘উৰুলি’ৰ অৰ্থ শুভ কার্যত তিৰােতাসকলে মুখেৰে কৰা ধ্বনি বিশেষ আৰু ৰাগি’ৰ অর্থ— নিচা , মাদকতা ।
দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )
প্রশ্ন ১.আঘােণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা ।
উত্তৰঃ আঘােণৰ সােণবৰণীয়া ধাননি পথাৰত ৰূপহী দাৱনীজাকে খিলখিলকৈ হাঁহি মাতি ধান দাবলৈ ধৰিছে । এই কথা গম পাই কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীজনীও সেই দাৱনীজাকত আছে নেকি চাবলৈ বিচাৰিছিল যদিও আঘােণৰ কুঁৱলীয়ে চকুৰে মণিব নােৱাৰাকৈ ঢাকি ধৰা ধাননি পথাৰ , দাৱনীজাক একোকেই কবিয়ে দেখা নাপালে । ইতিমধ্যে সেই কুঁৱলীৰ মাজেৰেই মন চঞ্চল কৰা কলৰৱ ধ্বনি কৰি বন – হাঁহ এজাক ক’ৰবাৰ বিললৈ আকাশেৰে উৰি গুচি গ’ল । তাকে দেখি তেওঁৰ প্রাণ – প্রিয়াক বিচাৰি যােৱা মনটোৱেও বন – হাঁহৰ দৰে উৰি উৰি যেন বন শেষ কৰিলে ; কিন্তু সেউতীক বিচাৰি নাপালে ; সেউতীক বিচাৰি যােৱা বাটবােৰ যেন আঘােণৰ কুঁৱলীয়ে ভেটা দি ধৰিছে ।
প্রশ্ন ২.আঘােণৰ পথাৰৰ মন পৰশা চিত্র আঘােণৰ কুঁৱলীত কেনেদৰে প্রকাশ পাইছে পাইছে আলােচনা কৰা ।
উত্তৰঃ ‘আঘােণৰ কুঁৱলী’ কবিতাত গীতিকাৰ , কবি কেশৱ মহন্তই আঘােণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকন কৰিছে । কবিতাটিত আঘােণৰ পথাৰৰ সােণবৰণীয়া ধাননিৰ মনােমােহা পৰিৱেশৰ মাজত নিৰ্ভজ প্ৰেমৰ সন্ধান আৰু আঘােণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবােধ তাৰাে সহজ – সৰল প্রকাশ ঘটিছে ।
আঘােণৰ পথাৰ সােণবৰণীয়া ধানেৰে উপচি পৰি অতি মনােমােহা হৈ পৰিছে । দাৱনীয়ে মূৰত আকর্ষণীয় খােপা বান্ধি হাতত কাচি লৈ লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কেকেকৈ কাটিব লাগিছে , যেন দাৱনীয়ে মূৰ তুলি চাবলৈকে সময় পােৱা নাই । কিন্তু এনে সুন্দৰ পৰিৱেশকো আঘােণৰ কুঁৱলীয়ে ঢাকি ধৰি একো নমনা কৰি আমনি কৰিছে । তথাপিতাে দাৱনীসকলৰ প্রাণ চঞ্চল হাঁহি – খিকিন্দালিয়ে পৰিৱেশত মধুৰতা ঢালিছে ।
আঘােণৰ কুঁৱলীয়ে নেদেখাকৈ ঢাকি ধৰি আমনি নকৰাহেঁতেন ‘ অলপ দূৰৰ পৰা নােচোৱাৰ ভাও ধৰি ’ কবিয়ে তেওঁৰ প্ৰেয়সী সেউতী সেই দাৱনীসকলৰ মাজত আছিল নেকি হয়তাে চাব পাৰিলেহেঁতেন । তথাপি কবিয়ে ভাবিছে তামােলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমী দাঁতেৰে হাঁহি হাঁহি ডাঙৰি বন্ধাৰ লগ বিচাৰি আনন্দতে ‘ যাঃ ‘ বুলি ঠেলা মৰা তেওঁৰ সেই সেউতীজনী কিজানিবা তাত আছেই তাৰ গম ল’ব নােৱাৰিনে ! কিন্তু এই সকলােতে আমনি কৰিছে আঘােণৰ কুঁৱলীয়ে ঢাকি ধৰি একোকে নমনা কৰি ।
আঘােণৰ এই মন পৰশা পৰিৱেশৰ মাজতেই আকাশেৰে জাকি মাৰি বন – হাঁহ উৰি কোনােবা বিললৈকে গুচি যায়গৈ । সিহঁতৰ কলৰৱ ধ্বনিয়ে আকাশত উৰুলি ৰাগি তােলে । লগে লগে কবিয়েও মন – হাঁহ খেদি খেদি বন শেষ কৰিও সিহঁতক লগ ধৰিব নােৱাৰে ; কাৰণ আঘােণৰ কুঁৱলী ঢাকি ধৰি একোকে নমনা কৰি ৰাখিছে ; কুঁৱলীয়ে বাট ভেটি ধৰিছে ।
আঘােণৰ কুঁৱলীত আঘােণৰ ধাননি লুকাল , দাৱনী লুকাল আৰু সেই দাৱনীসকলৰ লগতে কবিৰ সেউতীজনীও হেৰাল ; মাথােন থাকি গ’ল সেউতীৰ লগত ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা – জৰীকেইডাল ।
প্রশ্ন ৩.আঘােণৰ কুঁৱলী’শীর্ষক কবিতাটিত সহজ – সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা ।
উত্তৰঃ ‘আঘােণৰ কুঁৱলী’ কেশৱ মহন্তৰ এটি মনােৰম কবিতা । এই কবিতাটিৰ মাজেৰে আঘােণৰ সােণবৰণীয়া পথাৰৰ মন পৰশা পৰিৱেশ দাঙি ধৰাৰ লগতে এটি সহজ – সৰল নিভাজ প্ৰেমৰ চিত্রও অংকিত কৰিছে ।
আঘােণৰ কুঁৱলীয়ে একো নমনাকৈ সােণবৰণীয়া ধাননি পথাৰ আৰু ধাননি পথাৰত মুঠি মুঠি ধান কাচিৰে কাটি হাঁহি – খিকিন্দালি কৰি থকা সুন্দৰকৈ তুলি বন্ধা খােপাৰে শুৱনি দাৱনীহঁতক ঢাকি ধৰি থাকিলেও কবিয়ে তাৰ মাজতেই তেওঁৰ মৰমৰ প্রেম – প্রিয়া সেউতীক বিচাৰি চাব বিচাৰিছে ; কিন্তু তেনে কার্যত কবিক আঘােণৰ কুঁৱলী একো নমনা কৰি ঢাকি ধৰি বৰকৈ আমনি কৰিছে । কবিৰ প্রেয়সী সেউতীয়েও ধান কাটিবলৈ আহে ; তেওঁকেই লগ বিচাৰি তৰা জৰীৰে ডাঙৰি বান্ধিবলৈ আহে , — “ যাঃ ‘ বুলি তেওঁক ঠেলা মাৰি খিখিকৈ হাঁহে । আঘােণৰ কুঁৱলীৰ মাজতে ধান দাই থকা দাৱনীসকলৰ মাজত সেউতী আহিছে নেকি অলপ দূৰত ৰৈ নােচোৱাৰ ভাও ধৰি চাবলৈকো কবিয়ে পৰা নাই , আঘােণৰ কুঁৱলীয়ে তেওঁক আমনি কৰিছে । ইয়াৰ মাজতে সেউতীক তেওঁৰ কথা কৈছিল নে নাই — এই কথাও কবিয়ে বৌৱেকক সুধিছে । কবিৰ মন বিষাদেৰে ভৰি পৰিছে , এই কাৰণেই আঘােণৰ কুঁৱলীৰ মাজত তেওঁ প্রিয়া সেউতী হেৰাই গ’ল ; থাকিল মাথোঁ সেউতীৰে ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা – জৰীকেইডালহে ।
প্রশ্ন ৪.আঘােণৰ কুঁৱলীত কবিৰ অন্তৰ বিষাদবােধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ ‘আঘঘাণৰ কুঁৱলী’ কবিতাটিত আঘােণৰ সােণবৰণীয়া ধাননি পথাৰৰ মনােমােহা পৰিৱেশ অংকনৰ মাজতে সহজ – সৰল প্ৰেমৰ চিত্র এটিও চিত্রিত হৈছে আৰু সেই প্রেমৰ চিত্ৰত এটি বিষাদবােধধা প্রকাশ পাইছে ।
আঘােণৰ কুঁৱলীয়ে ধাননি পথাৰ চকুৰে নমনা কৰি ঢাকি ধৰিছে । তাৰ মাজতে সুন্দৰী গাভৰু দাৱনীহঁতে হাঁহি – খিকিন্দালিৰে কাচিৰে মুঠি মুঠি ধান কাটিছে । এইসকল দাৱনীৰ মাজতে কবিৰ প্রেয়সী সেউতীজনীও আছে নেকি গম ল’বলৈ , অলপ দূৰৰ পৰা নােচোৱাৰ ভাও ধৰি চাবলৈও কবিয়ে বৰ অসুবিধা পাইছে , কিয়নাে আঘােণৰ কুঁৱলীয়ে সােণবৰণীয়া ধাননি পথাৰকে নহয় দাৱনীসকলকো ঢাকি ধৰি চকুৰে নমনা কৰি ৰাখিছে ।
কবিয়ে তথাপি গম ল’বলৈ চেষ্টা কৰিছে তামােলৰ পিকেৰে ওঁঠ দুখনি বােলাই ডালিমী দাঁতেৰে খিলখিকৈ হাঁহি তেওঁৰ সৈতে ডাঙৰি বান্ধিবলৈ অহা , অভিমানত যাঃ ‘ বুলি তেওঁ ঠেলা মাৰি হাঁহি আঁতৰি যােৱা তেওঁৰ প্ৰাণ – প্রিয়া সেউতীজনী হয়তাে নিশ্চয় আছে । কিন্তু ইমান চেষ্টা কৰা সত্ত্বেও কবিয়ে সেউতীজনীৰ কোনাে সন্ধানেই নাপালে ; চকুৰে সেউতীজনী নেদেখিলে । কাৰণ আঘােণৰ কুঁৱলীত ধাননি লুকাল , তেওঁৰ প্রাণ – প্রিয়াজনীও হেৰাল । মৰমৰ সেউতীজনীৰে ডাঙৰি বান্ধিবলৈ বৰ আশাৰে অনা তৰা জৰী তেওঁলােকৰ হাততে থাকি গ’ল । তেওঁ আৰু সেউতীজনীক লগনাপালে , নেদেখিলে । প্রাণ প্রিয়া সেউতীজনীক নেদেখি , লগ নাপাই কবিৰ মন বিষাদেৰে ভৰি পৰিল ।
প্রশ্ন ৫.প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা
( ক ) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি ডাঙৰি ডাঙৰি,
কাম আছে
আঘোণৰ পথাৰত কাম আৰু কাম ।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্কৰ প্রসংগ ব্যক্ত কৰিছে ।
আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে । দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল- তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে । সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি এই কবিতাংশত অভিহিত কৰিছে ।
( খ ) ‘আঘোণৰ আকাশেদি কোনোবা বিললে
মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল ।
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আরু ৰাগি ।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশৰ পৰিস্ফূৰ্ট হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷
আঘোণৰ পথাৰত আকাশৰ পৰা এক উরুলিৰ ৰাগি বিদ্যমান হয় । কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে । কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূৰ্ট হৈ আছে ।
( গ ) আঘোণৰ কুঁৱলীত ধাননী লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল ।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন । মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন ।
আঘোণৰ বাটটো কুৱলীৰ ঢকা । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল ।
এইদৰে কবিয়ে উল্লেখ কৰিছে যে কুঁৱলীৰ বাবে ধাননী লুকালে, দাৱনী ঢাকিলে, সেউতী হেৰালে আৰু ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল ।