আনন্দৰাম বৰুৱা

পাঠ: ৩

প্ৰথম গোট – গদ্য

অতি চমু প্রশ্ন মূল্যাংকঃ ১

(ক) উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল । 

(খ) উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন কি?

 

উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন হ’ল- ‘কথা-গুৰু চৰিত’ ।

(গ) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল ?

অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকলপ দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

 

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি মেক্স মূলাৰে বিস্ময় মানিছিল ।

(ঘ) ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি?

উত্তৰঃ ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হ’ল- জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয় ।

 

(ঙ) আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা ক’ত উল্লেখ কৰিছে ?

অথবাঃ আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা মহাবীৰ চৰিত গ্ৰন্থত উল্লেখ কৰিছে ।  

 

(চ) আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি?

 

উত্তৰঃ আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হ’ল- অমৰকোষ ।

(ছ) আনন্দৰাম বৰুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম কি?

উত্তৰঃ আনন্দৰাম বৰুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম হ’ল- উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ৷

(জ) অর্থ লিখাঃ

উপৰিস্থসকল, প্রকৃষ্ট, অনিয়া-অনি, ক্ষণজন্মা

উত্তৰঃ

শব্দঅর্থ
উপৰিস্থসকলজ্যেষ্ঠসকল
প্রকৃষ্টউত্তম, শ্রেষ্ঠ
অনিয়া-অনিপৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা
ক্ষণজন্মাঅতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান

(ঝ) কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?

উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্রন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব ৷

(ঞ) ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল ?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সূদূৰ ইউৰেপলৈ গৈছিল।

(ট) আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷

(ঠ) আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল?

উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল ৷

(ড) আনন্দৰামে কামরূপৰ ভাওনাৰ কথা ক’ত উল্লেখ কৰিছে ?

অথবাঃ আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰামে ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ।  

(ঢ) কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল?

উত্তৰঃ আনন্দৰাম সদায় একাগ্র আছিল ৷ একাগ্রতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল ৷  

(ণ) ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?

উত্তৰঃ পথ দুৰ্গম হোৱা বাবে ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল ৷

(ত) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উওৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল ।

(থ) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃআনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কৰ্ম আছিল । তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ । 

(দ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?

 

উত্তৰঃ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল।

(ধ) আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰনে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?

উত্তৰঃ ‘প্ৰাগজ্যোতিষপুৰ সম্ভম্’ বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।

(ন) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

(প) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিত বিস্ময় মানিছিল?

অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা ।   

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমূলাৰে বিস্ময় মানিছিল ।

অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম-মেক্সমূলাৰ  ।

(ফ) ‘কথা গুৰু চৰিত’ কোনে সম্পাদনা কৰিছিল?

উত্তৰঃউপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ‘কথা গুৰু চৰিত’ সম্পাদনা কৰিছিল ।

(ব) ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন?

উত্তৰঃ ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া হ’ল- আনন্দৰাম বৰুৱা ।

(ভ) আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল ।

(ম) মানুহৰ সাৰ বস্তু কি?

উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে- জ্ঞান ।

(য) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰনি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম ক?

উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য ।

(ৰ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কোন চনত, কোন স্থানত অনুস্থিত হৈছিল?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি সপ্তত্ৰিংশ ১৯৭০ চনৰ ধিংত অনুস্থিত হৈছিল ।

(ল) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?

উত্তৰঃ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।

চমু প্রশ্ন মূল্যাংকঃ ২

(ক) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন কি কি?

উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন হ’ল- (১)ভক্তি বিবেক আৰু (২) কথা সাহিত্য ।

(খ) উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত, ধিঙত অনুষ্ঠিত হৈছিল ।

(গ) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে ?

উত্তৰঃ আনন্দৰাম অসমৰে এখনি সৰু গাঁৱত জন্মিছিল । আন অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল । কিন্ত তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল । ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে ।

(ঘ) আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্রহণ কৰিব পাৰোঁ – পাঠটিৰ সহায়ত বুজাই লিখা ।

উত্তৰঃ  আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি সদায় অনুকৰণ কৰিবলগীয়া । গতিকে, পথ দেখাওঁতে রূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে । প্রকৃততে, এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।

(ঙ) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া?

অথবাঃ আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া । নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আন আদৰ্শবোৰ সদায় আমি অনুকৰন কৰা উচিত ।

(চ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ?

উত্তৰঃ ভাৰতত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ।

(ছ) কেনেধৰনৰ/কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

Ans- দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু জানকীৰামৰ ভ্রাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ।   

(জ) আনন্দৰাম বৰুৱাই প্রাগজ্যোতিষপুৰ সম্পৰ্কে কি বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ?

অথবাঃ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ – বুজাই লিখা ।

উত্তৰঃ আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল, সেইদৰে আছিল দেশভক্তও অৰ্থাৎ 

‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ । তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল।‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ।তেওঁ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামরূপৰ কথা উল্লেখ কৰিছে।তেওঁ নিজ দেশৰ কথা য’তেই সুবিধা পাইছে ত’তেই উন্নেখ কৰিছে ।এনেবোৰ কথাৰ দ্বাৰা আনন্দৰাম বৰুৱাৰ দেশপ্ৰেমৰ উমান পাব পাৰি ।

(ঝ) কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজ কৰ্মক্ষেএৰে অসমীয়াৰ সকলো কৰ্মক্ষেত্রৰে মূল দুৱাৰ মুকলি কৰি দিয়া  আৰু নৱযুগৰ আৰম্ভণি কৰি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব অৰ্থাৎ সদায় পূজা পাব ।  

(ঞ) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস/সাহ কৰা নাছিল?

উত্তৰঃ পথ দুৰ্গম আৰু জাত যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল।