বৰগীত – মাধৱদেৱ
পাঠ: ১
নিৰ্বাচিত পদ্য
অতি চমু প্রশ্নৰ উত্তৰ ( মূলাংক -১ )
প্রশ্ন ১.মাধৱ দেৱৰ জন্ম কত হৈছিল ?
উত্তৰঃ উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত ।
প্রশ্ন ২. শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?
উত্তৰঃ মণিকাঞ্চন সংযােগ বুলি অভিহিত কৰা হয় ।
প্রশ্ন ৩. কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?
উত্তৰঃ মাধৱদেৱ বিৰচিত নামঘোষা ’ গ্রন্থক ।
প্রশ্ন ৪. মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰঃ ১৫৭ টা ।
প্রশ্ন ৫. “ উঠৰে উঠ বাপু গােপালহে ” বৰগীতটো কি ৰাগত বন্ধা ?
উত্তৰঃ ‘কৌ’ৰাগত বন্ধা ।
চমু প্রশ্নৰ উত্তৰ (মূলাংক -২/৩ )
প্রশ্ন ১. বৰগীত কাক বােলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হৈছে । বৰগীতৰ বিষয়বস্তু ছয়টা ভাগত ভগাব পাৰি । ভাগসমূহ হ’ল লীলা , বিহ , বিৰক্তি , পৰমাৰ্থ , চোৰ , চাতুৰি ।
প্রশ্ন ২. ড ° বাণীকান্ত কাকতিয়ে বৰগীতক কিয় Noble Numbers বুলি কৈছে ?
উত্তৰঃ বৰগীতৰ ৰাগ , তাল , সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰি ড ° বাণীকান্ত কাকতিয়ে বৰগীতক Noble Numbers- বুলি কৈছে ।
প্রশ্ন ৩. মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কি ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হ’ল বাৎসল্য ভাব প্রকাশ । তেওঁ সমগ্র বৰগীতত শিশু শ্রীকৃষ্ণই প্রাধান্য লাভ কৰিছে । সেই কাৰণেই ড ° বাণীকান্ত কাকতিয়ে “ বাসল্য । প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সর্বহ বুলি কৈছে । ভাষাৰ ফালৰ পৰাও মাধৱদেৱৰ বৰগীতৰ ভীষা জনজীৱনৰ ভাষাৰ বেছি ওচৰ চপা । মাধৱদেৱৰ বৰগীতত ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ শানান ক্রিয়া – কলাপৰ মনােমুগ্ধ বর্ণনাই বৰগীতসমূহক এক বিশেষত্ব প্রদান কৰিছে ।
প্রশ্ন ৪. “ সব পুৰুষৰ শিৰৰ ভূষণ ” বুলি কোনে , কাক , কিয় কৈছে ?
উত্তৰঃ “ সৰ্বপুৰুষৰ শিৰৰ ভূষণ ” বুলি পৰমভক্ত মাধৱদেৱে শিশু কৃষ্ণক কৈছে । ভগৱান কৃষ্ণই মানৱৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈ যশােদাৰ ঘৰত লালিত – পালিত হৈ নানান ক্রিয়া লিপেৰে তেওঁ মহিমা প্রকাশ কৰিছে । তেৱেঁই ঈশ্বৰ , ভগৱান , সকলােৰে আদি – অন্তক শ্রেষ্ঠ পুৰুষ । সেই কাৰণেই শিশু কৃষ্ণ হলেও সকলাে পুৰুষৰে অর্থাৎ সকলাে লােকৰে শিৰৰ অলংকাৰ স্বৰূপ।
প্রশ্ন ৫.‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে – সিদ্ধ মণিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা ।
উত্তৰঃ সিদ্ধ মুণি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগবান কৃষ্ণক বিচাৰি নাপায়, প্রেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰিছে । মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্রভাৱ বুলি উল্লেখ কৰিছে ।
প্রশ্ন ৬. মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত কৰিব পাৰি ?
উত্তৰঃ মহাৰাষ্ট্রৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত তুলনা কৰিব পাৰি ।
দীঘলীয়া প্ৰশ্নৰ উত্তৰ (মূল্যাংক ৪/৫
প্রশ্ন ১. মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা ।
উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি শ্রী কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফূট হৈছে ।
যশোদাই শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে । সকলো পুৰুষৰ শিৰৰ ভূষণ হ’ল কৃষ্ণ । যশোদাই ‘মোৰ পুত্র’ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত লৈ বাৰে বাৰে চুমা খাইছে আৰু আনন্দত নিমৰ্জিত হৈছে ।
মাধৱদেৱৰ এইদৰে মাতৃ-পুত্রৰ মধুৰ সম্পর্কৰ বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে । সিদ্ধ মুনি আরু ঋষিসকলে বহু ধ্যান আৰু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগবানক ভক্তিৰ বলত যশোদাই পুত্রৰূপে লাভ কৰি স্নেহ কৰিব পাৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।
প্রশ্ন ২.বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা ।
উত্তৰঃ বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত ফুটি উঠিছে । পুৱা শুই উঠি মাতৃ যশোদাই পুত্র শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে । যশোদাই কৃষ্ণক মৰমতে বাপু, কমল-নয়ন, প্রাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে । সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আৰু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে । সিদ্ধ মুনি, ঋষিমুনি সকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্রৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে ।
এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক মাতৃস্নেহেৰে আকোৱালী লৈছে ।
প্রশ্ন ৩.বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ মাধ্যমেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপটো সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে । শ্রী কৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনা কৰিছে । তাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ কৰি কোলাত লৈ মৰম কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।
ইয়াৰ জৰিয়তে, ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে । এইদরে ইফালে পুত্রৰূপী মানৱীয় ৰূপ আৰু সিদ্ধ মুনি আৰু ঋষিসকলৰ উপমাৰ মাধ্যমেৰে ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে ।
প্রশ্ন ৪.বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ নামৰ কবিতাটোৰ জৰিয়তে ভক্তিৰ প্রকাশ হৃদয়স্পৰ্শী ৰূপত ফুটি উঠিছে ।
বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ বৰ্ণনা কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রকাশ কৰিছে । কাৰণ, যুগে যুগে সিদ্ধমুনি, ঋষিমুনি আদিসবে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায় । সেইজনাকে, পৰম ভক্তিৰ বলত যশোদাই পুত্রৰূপে লাভ কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।
প্রশ্ন ৫. প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
( ক ) ‘ত্রিজগত পতি ভকতি মিলিল
মুৰুখ মাধৱে বোলে ।
উত্তৰঃ প্রশ্নোদ্ধৃত ব্যাখ্যা ফাকি শ্রী শ্রী মাধৱদেৱর দ্বাৰা বিৰচিত বৰগীত ‘উঠৰে উঠ বাপু গোপাল হে’- ৰ পৰা তুলি অনা হৈছে ।
বৰগীতটোৰ জৰিয়তে ‘ত্রিজগতৰ যি অধিকাৰী ভগবান, শ্রী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে মূৰুখ বুলি প্রসংগ ক্রমে উল্লেখ কৰিছে ।
এই কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো শ্রী কৃষ্ণক বিচাৰি নাপায় । আনহাতে, যশোদাই সেইজন শ্রীকৃষ্ণক পৰম ভক্তিৰ বলত পুত্রৰূপে লাভ কৰিছে আৰু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য হৈছে । মাধৱদেৱে উল্লেখ কৰিছে যে মহা মহা সিদ্ধ মুনি আৰু ঋষিবৃন্দই যাক ধ্যান-ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আৰু লীলা-মাহাত্ম্য বুজিব পৰা নাই । সেই সন্দৰ্ভত আৰু প্রসংগত মাধৱে নিজকে ‘মুৰুখ’ বুলি প্রতিপন্ন কৰি তেওঁ কৃষ্ণৰ মাহাত্ম্য প্রকাশ কৰাত নিজকে হ্রেয় প্রতিপন্ন কৰিছে । ।
প্রশ্ন ৬.( খ ) উঠৰে বাপু গােপাল হে নিশি পৰভাত ভৈল ।
কমল নয়ন , বুলি ঘনে ঘন , যশােৱা ডাকিতে লৈল ।
উত্তৰঃ উদ্ধৃত বৰগীতৰ পদফাকি মাধৱদেৱ বিৰচিত “ উঠৰে উঠ বাপু গােপালহে বৰগীতটিৰ অন্তৰ্গত ।
মহাপুৰুষ মাধৱদেৱৰ বৰগীত ‘ উঠৰে উঠ বাপু গােপালহে’ৰ জৰিয়তে যশােদাৰ মাতৃ স্নেহ সুন্দৰভাৱে প্রকাশ পাইছে । শিশু সকল ৰাতিপুৱা দেৰীলৈকে শুই থাকিলে সাধাৰণতে চেনেহী মাতৃসকলে শিশুটিক জগালে সি ওৰা অর্থাৎ ওজৰ পাতিব পাৰে বুলি ভাবি অতি মৰমেৰে সােণটি , বাপু , মইনাটো ইত্যাদি নানান মৰমৰ সম্বােধনৰে টোপনিৰ পৰা জগাই , কোলাত লৈ আনে আৰু চকু – মুখ ধুৱাই কিবা খাবলৈ দিয়ে । এয়া সন্তান প্রতি মাতৃৰ আকুল স্নেহ । মাতৃৰ সেই অকৃত্রিম স্নেহ এই বৰগীতটিতাে প্রকাশ পাইছে । যশােদাই শুই থকা পুত্র কৃষ্ণক শুই উঠিবলৈ মৰমেৰে বাপু , কমলনয়ন , প্রাণধন আদি বুলি সম্বােধন কৰি জগাইছে ।